পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈষ্ণৱামৃত।

ৰতঘাৱ মাৰে অস্ত্ৰ ধৰি॥ ভকতক ভজিলে সংসাৰ সুখ তৰি। আন একো পুণ্যে নোহে ভকতক সৰি॥ ৩৩॥ ভকতত পৰে মোৰ নাহিকে বান্ধৱ। ভকত জনৰ প্ৰিয় মঞি সে মাধৱ॥ চৰাচৰ কেহো নোহে ভকতৰ সম। ভক্তৰ সেৱাত ভক্তি হোৱয় উত্তম॥ ৩৪॥ বেষ্ণৱে সে তপ জপ জানা সংসাৰৰ। বৈষ্ণৱ পৰমধ্যান গুৰু শ্ৰেষ্ঠতৰ॥ পৰম দুৰ্ল্লভ ভৈল ভক্তৰ সঙ্গত। কৰিবা সংঞ্জাত সখি মোহোৰ বাক্যত॥ ৩৫॥ সৰ্ব্বদায়ে ভকতে মোহোৰ গুণগায়। চাৰিয়ো যুগত শ্ৰেষ্ঠ নাম সমুদায়॥ মোৰ নাম বিন ভকতৰ নাহি ধন। চাৰিয়ো যুগত শ্ৰেষ্ঠ মোহোৰ কীৰ্ত্তন॥ ৩৬॥ মোৰ নাম পৰায়ণ হুয়া সৰ্ব্বক্ষণ। অত্যন্ত নিবীড় কৰি মোত দিয়া মন॥ তপ ধৰ্ম্ম দান ব্ৰত নকৰিয়া আশ। মোহোৰ নামত কৰে সুদৃঢ় বিশ্বাস॥ ৩৭॥ দুৰ্ল্লভ বৈষ্ণৱ জ্ঞান জানা ধনঞ্জয়। দুৰ্ল্লভ বৈষ্ণৱ জ্ঞান জানিবা নিশ্চয়॥