এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
বৈষ্ণৱামৃত।
ভজে একমনে। মোত শ্ৰেষ্ঠ কৰি মানি পূজয় চৰণে॥ ৫৩॥ গুৰু মানি শুশ্ৰূষা কৰয় ভাল মতে। মোৰ গুপ্ত কথা লৱে ভকতৰ হন্তে॥ সেহিসে জানিবা সখি কিনিলেক মোক। এক মনে যত্ন কৰি যি জানে গুৰুক॥ ৫৪॥ গুৰু বিনে সংসাৰত কোনে দিবে দান। মূলমন্ত্ৰ পঞ্চতত্ত্ব গুৰুৰ লক্ষণ॥ গুৰু তুষ্ট ভৈলে তুষ্ট ত্ৰিজগত হয়। চৰাচৰ জগতৰ গুৰু সে আশ্ৰয়॥ ৫৫॥ হেনয় গুৰু এ যদি দিলে ব্ৰহ্মজ্ঞান। তাত পৰে আন কোনে সাধিবে কল্যাণ॥ একবাৰ গুৰু মনে লাগাইলেক কষ্ট। যতেক কৰিল মানে সবে ভৈল ভ্ৰষ্ট॥ ৫৬॥ কদাচিত সিটো জনে নপাৱে মুকুতি। সত্যে সত্যে কহোঁ সখি বেদৰ যুগুতি॥ মঞি ৰুষ্ট ভৈলে গুৰু পাৰে তাৰিবাক। গুৰু কষ্ট ভৈলে নপাৰোঁ হোঁ ৰাখিবাক॥ ৫৭॥ গুৰুত বিমুখ হুয়া অধোগতি যাই। কোটি কোটি কল্পতো তাহাৰ গতি নাই॥ গুৰুদ্ৰোহী পাপিষ্ঠৰ শুনা কেনে