পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈষ্ণৱামৃত।

তোমাতে সে কহোঁ কিছু গোপ্যক না ৰাখি॥ তুমি সে পৰম ভক্ত মোৰ ধনঞ্জয়। কহিবোঁ তোমাত আজি ভক্তি ধৰ্ম্মচয়॥ ১৩॥ মহা মহা জ্ঞানীগণে না জানে যাহাক। তোমাত কহিবোঁ হেন অপূৰ্ব্ব কথাক॥ মোৰ কথা বিনে তান আন মতি নাই। মোকে নমস্কাৰ কৰে ভকতে সদাই॥ ১৪॥ এক তিল মনে মোক হৃদয়ে নেড়য়। মোক ব্যতিৰেকে আনদেৱ নুপূজয়॥ মোহোৰ কথাত মাত্ৰ ৰতি সৰ্ব্বক্ষণ। মোৰ কথা বিনে আন নকৰে শ্ৰৱণ॥ ১৫॥ মোৰ নাম কীৰ্ত্তন সততে ফুৰে গাই। মঞিবিনে ভকতৰ প্ৰিয় আন নাই। বৈষ্ণৱ জনৰ সখি হোৱে যেন গতি। ব্ৰহ্মা লক্ষ্মী মহেশ্বৰো নাপাৱে সম্প্ৰতি॥ ১৬॥ অগ্নি বায়ু চন্দ্ৰ সূৰ্য্য কুবেৰ বৰুণ। সিসবে নাপাৱে মোক কহিলোঁ অৰ্জ্জুন॥ বৈষ্ণৱৰ যেন গতি জানা ধনঞ্জয়। যোগীয়ো না পাৱে তাক কহিলোঁ নিশ্চয়॥ ১৭॥ ইন্দ্ৰ আদিকৰি দেৱে না পাৱে সিথান। সিসবো