এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
বৈষ্ণৱামৃত।
পড়িয়া দুনাই অনেক যতনে॥ নমো নমো কৃষ্ণ প্ৰভু তুমি ভগৱন্ত। তোমাৰ মহিমা প্ৰভু কোনে পাৱে অন্ত॥ ১০৩॥ আৰু এক সংশয় ছেদিয়ো চক্ৰপাণি। সৰ্ব্বদা যে তোমাত শৰণ লৈলোঁ জানি॥ ভকতৰ কিবা গতি কহিয়োক হৰি। অভাগ্য বুলিয়া কাক কৈয়ো ভাল কৰি॥ ১০৪॥ মহতত্ত্ব কথা শুনোঁ তোমাৰ প্ৰসাদে। হেনবা নপাৱে মোক সংসাৰ আপদে॥ আক শুনিবাক ইচ্ছা আছয় মনৰ। যদি যোগ্য হওঁ মঞি তোমাৰ কিঙ্কৰ॥ ১০৫॥ কোন ভাগ্য অভাগ্য কহিয়ো জগন্নাথ। সহস্ৰ প্ৰণাম কৰোঁ দমাইয়া মাথ॥ মাধৱে বোলন্ত সখি কহোঁ গোপ্যগুণ। বৈৰাগ্য পৰম ভাগ্য জানিবা অৰ্জ্জুন॥ ১০৬॥ সদায়ে বৈৰাগ্য হৈব গৃহ শৰীৰিত। মোহোৰ নামক মাত্ৰ নেড়িবা মনত॥ নামত লৈলেক যিটো একান্তে শৰণ। তাৰ সম ভাগ্যৱন্ত নাহি ত্ৰিভুবন॥ ১০৭॥ শুনা সভাসদ নকৰিবা আন মন। আন ধৰ্ম্ম