পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
বৈষ্ণৱামৃত।

গুণগাৱে জানিবা আৰু সৰ্ব্বথা॥ ১১৯॥ সবে ধৰ্ম্ম কৰ্ম্ম, এড়িলেক মৰ্ম্ম, নামত ভকতি কাম। জীৱন্তে ভুকুতি, মৰিলে মুকুতি, দিৱয় জানিবা নাম॥ আনক তেজিয়া, নামত ভজিয়া, মোক মাত্ৰ কৰে ৰতি। তপ ধৰ্ম্ম নাম, নামে তীৰ্থ স্নান, বিচাৰি সুমৰা গতি॥ ১২০॥ শুনা সৰ্ব্ব জন, এড়ি আন মন, নামত দিয়োক চিত্ত। নাম বিনে গতি, নাহিকে সম্প্ৰতি, দুৰ্ঘোৰ ইটো কলিত॥ ইটো মন্দকাল, নাহি আত ভাল, দুষ্ট কলিকাল প্ৰজা। শাস্ত্ৰৰ প্ৰমাণ, জানা নাহি আন, নামেসে ধৰ্ম্মৰ ৰাজা॥ ১২১॥ মহিমা নামৰ, নজানি পামৰ, আন কৰ্ম্ম কৰি মৰে। হুয়া সেৱা চোৰ, সিটো পাতকীৰ নাহিকে নিস্তাৰ আৰে॥ প্ৰভুৰ মুখৰ, হেন কথা শুনি, লৈলেকে কৃষ্ণৰ নাম। ভাৰত ভূমিত, আত পৰে হিত, নাহিকে নিস্তাৰ কাম॥ ১২২॥ পুত্ৰ দৰশনে, মায়া আৱৰণে, সোপন সম জীৱন। কেতিক্ষণে কলি, ধৰে একে তিলে, নামত