পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
বৈষ্ণৱামৃত।

বুলিলন্ত কৃপাময়। পুছিলা পৰম মুকুতিৰ পথ চয়॥ দুৰ্ল্লভ দুৰ্ল্লভ ইটো পৰম বিচাৰ। কৰিবোঁ তোমাত আজি সমস্তে প্ৰচাৰ॥ ৯৩॥ বিষ্ণুক নিবেদি অন্ন ভূঞ্জে যিটো জন। সত্যে সত্যে কহো নাই পুনৰাগমন॥ পৰম গতিক পাৱে জানিবা নিশ্চয়। যিটো জনে অন্ন ভেদাভেদ নকৰয়॥ ৯৪॥ মোৰ অন্ন ভক্তি কৰি ভূঞ্জে যিটো জন। গুৰুমুখে বুঝিবেক লক্ষণ কাৰণ॥ মহা দয়া কৰি তাক ভকতিক দেওঁ। সৰ্ব্বপাপ হত কৰি মোৰ স্থানে নেওঁ॥ ৯৫॥ আৰু কথা কহোঁ সখি নকৰা সংশয়। তাতো কৰি শ্ৰেষ্ঠ ভকতৰ শেষ চয়॥ মঞি কহোঁ সত্য কৰি সখি ধনঞ্জয়। পবিত্ৰ হোৱয় সিটো নাহিকে সংশয়॥ ৯৬॥ অৱশেষ অন্ন ভক্তে কৰিবে ভোজন। তাৰ অৱশেষ সখি ভুঞ্জে যিটো জন॥ মোৰ মুখে কতেক বৰ্ণাইবোঁ তান গুণ। সত্যে সত্যে কহো সখি জানিবা অৰ্জ্জুন॥ ৯৭॥ ভক্তৰ শেষত পৰে মোৰ শ্ৰেষ্ঠ নাই। তাক ভূঞ্জিবাক