পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
বৈষ্ণৱামৃত।

তক নিন্দিলে পতন কৰে তাকে॥ ৮২॥ কালৰূপী হুয়া ধৰোঁ নৰকে পেলাই। ভকতক নিন্দিলে জানিবা গতি নাই মোক যদি নিন্দা কৰে সহিবাক পাৰোঁ। ভকতৰ নিন্দাত সন্তাপে সখি মৰোঁ॥ ৮৩॥ যদি তোলোঁ নৰকৰ পৰা নিলগাই। প্ৰেতৰ লগত কিঞ্চিতেকো গতি নাই॥ অকাৰণে নিন্দা কৰি অধোগতি যাই। নিন্দক জনৰ কিঞ্চিতেকো ফল নাই॥ ৮৪॥ জন্মে জন্মে থাকিবে বিষ্ঠাৰ পলু হুই। মোহোৰ বচন কদাচিতো মিছানুই॥ নাৰদৰ আগত কহিলোঁ এহি শাস্ত্ৰ। মোৰ ভকতক একচিত্তে ভজা মাত্ৰ॥ ৮৫॥ ভকতক ভজিলে পাইবেক মোৰ স্থান। কহিলোঁ পৰম সখি নিষ্ঠে তত্ত্ব জ্ঞান॥ ভকতেসে জানে তত্ত্ব মোহোৰ নামৰ। সমস্ত পুণ্যৰ জানা ভক্তেসে ঈশ্বৰ॥ ৮৬॥ হেন জানি ভকতক নিন্দা নকৰিবা। বৈষ্ণৱক বিষ্ণু বুলি দঢ়ায়া ধৰিবা॥ যদি বিষ্ণু বুলি নপাৰাহা মানিবাক। তথাপিতো নিন্দা বাণী নুবুলিবা