পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৩
বৈষ্ণৱামৃত।

আবে মোৰ ইচ্ছা যাই॥ ভকতৰ অৱশেষ মোৰ জীৱ প্ৰাণ। তাক যিটো তেজে মোৰ বধৰ সমান॥ ৯৮॥ হেন শুনি মহাভয় ভৈলা পাণ্ডুসুত। কি কথা কহিলা সখি শুনন্তে অদ্ভুত॥ কোটি ব্ৰহ্মাণ্ডৰ তুমি নাথ নাৰায়ণ। সেৱকৰ শেষ বাঞ্ছা কৰা কি কাৰণ॥ ৯৯॥ হেন শুনি পুনৰপি মাতিলন্ত হৰি। ছেদিবোঁ সংশয় সখি শুনা মন কৰি॥ যিহেতু ভকতে মুক্তিপদক না দৰি। মোক ভজি নামমাত্ৰ ধৰে নিষ্ঠ কৰি॥ ১০০॥ এতেকে ভক্তক দেখোঁ মোত শ্ৰেষ্ঠতৰ। দাস চাৰি মিত্ৰ বুলিবাক লাগে ডৰ॥ ভকতৰ শেষ খাইলে কিছু দোষ নাই। সত্যে সত্যে কহোঁ সখি তোমাত বুঝাই॥ ১০১॥ নকৰিবা শঙ্কা সখি বাক্যত আমাৰ। ভকতৰ শেষ চৈধ্য ভুবনতে সাৰ॥ পূৰ্ব্বে নাৰদৰ আগে কৈলোঁ যিটো তত্ত্ব। সেহি কথা কহোঁ সখি তোমাৰ আগত॥ ১০২॥ পড়িয়া অৰ্জ্জুনে ধৰি কৃষ্ণৰ চৰণে। পুছন্ত