সমললৈ যাওক

পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
বৈষ্ণৱামৃত।

বোলোঁ মিছা নোহে মোৰ বাক॥ ১৪১॥ মোৰ নাম তেজি অন্য কৰ্ম্মে অভিলাষ। নাই তাৰ গতি সিটো ভৈল সৰ্ব্বনাশ॥ নখণ্ডে পাতক তাৰ নপাৱে মুকুতি। মোৰেসে সম্মত সখি জানিবা সম্প্ৰতি॥ ১৪২॥ নিশেষ ধৰ্ম্মক কৰা মোত দিয়া মন। কহিলোঁ তোমাত এই ভক্তিৰ লক্ষণ। দেৱতো অধিক শ্ৰেষ্ঠ জানিবাহা মোক। যিহেতু ব্যাপকৰূপে পালোহোঁ ত্ৰিলোক॥ ১৪৩॥ সমস্তে ধৰ্ম্মক তেজি মোৰ লৈবা নাম। কদাচিতো মৰন্তে নকৰা আন কাম॥ সমস্তে পাতক একে তিলে যাইবে ক্ষয়। যেন পদ্মপত্ৰে জল নথাকয় ৰৈই॥ ১৪৪॥ জীৱন্তে সদায়ে চিন্তে নামক আমাৰ। মোহোৰ নামত একমতি ভৈল যাৰ॥ সমস্তে পাতক এড়াই যাইবে মোৰ স্থান। সত্যে সত্যে বোলোঁ সখি লৈবাহা প্ৰমাণ॥ ১৪৫॥ চাণ্ডালো হোৱয় যদি মোত পৰায়ণ। বেদবেত্তা বিপ্ৰতো অধিক সিটো জন॥ বেদগৰ্ব্বী