পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
বৈষ্ণৱামৃত।

তাহাৰ॥ ১২৬॥ মোৰ নাম গুণমাত্ৰ লৈবে একমন। অপ্ৰয়াসে মোক পাবে বুলিলোঁ বচন॥ মুখে লৈলে ইহাৰ ফলৰ সীমা নাই। কোটি পুৰুষক লৈয়া বৈকুণ্ঠক যাই॥ ১২৭॥ হেন জানি মোহোৰ নামত দিয়া মন। মোহোৰ নামত সখি কৰিয়ো যতন॥ নাম বিনে জগতৰ নাহি আন গতি। কহিবোঁ লক্ষণ সখি জানিবা সম্প্ৰতি॥ ১২৮॥ মোৰ নাম কৰ্ম্মযুক্ত যেন শ্ৰেষ্ঠতৰ। কহিলোহোঁ আনে নজানয় সাৰতৰ॥ নাম ধৰ্ম্ম কৰিলেসে মোৰ পথে যাই। নামক তেজিলে একোমতে গতি নাই॥ ১২৯॥ নাম বিনে আনমতে নাহিকে নিস্তাৰ। কেন মতে হুইবে সিটো সংসাৰৰ পাৰ॥ নামেসে মোহোৰ ভক্তি জানিবা সম্প্ৰতি, নাম বিনে কালত কাহাৰো নাই গতি॥ ১৩০॥ সাফল জন্মিল সিটো তাৰ লৈলে নাম। তপ ব্ৰত দান ধৰ্ম্মে কৰে কোন কাম। নামেসে সবাৰো বীজ জানিবা নিশ্চয়।