পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈষ্ণৱামৃত।

যোড়ে বোলো শুনিয়োক সৰ্ব্বলোক। আগে শাস্ত্ৰ চাই পাছে নিন্দিবাহা মোক॥ যদি অৰ্থ নুবুঝা তথাপি আছে কাম। যেন তেন মতে মাত্ৰ হৌক কৃষ্ণ নাম॥ ৮॥ শুনিয়োক সভাসদ আত অনন্তৰ। যিমতে সম্বাদ ভৈল কৃষ্ণ অৰ্জুনৰ। অৰ্জুনে সোধন্ত কৰি কৃষ্ণক প্ৰণতি। ছেদিয়ো সংশয় মোৰ ত্ৰিজগতপতি॥ ৯॥ যদি ভূত্য হেন মোক মানা কৃপাময়। তোমাত শৰণ মোৰ কহিয়ো নিশ্চয়॥ ভকতৰ কেনে ঠান কেনে বা লক্ষণ। কহিয়ো সুগম কৰি নাথ নাৰায়ণ॥ ১০॥ কোন কৰ্ম্ম ভকতৰ পাৱে কেনে গতি। কোন বা গতিক পাৱে ভকতে সম্প্ৰতি॥ কাক বা কৰিবে পূজা জপিবেক কাক। কহিয়োক প্ৰভু আবে নিস্তাৰা আমাক॥ ১১॥ হেন শুনি অৰ্জুনক বোলে নাৰায়ণ। উঠা উঠা সখি শুনা স্থিৰ কৰি মন। গুহ্যতো পৰম গুহ্য মহাধৰ্ম্মচয়। কৰিবোঁ বেকত তাক শুনা ধনঞ্জয়॥ ১২॥ আত পৰে মোক্ষপথ নাহি আন সখি।