পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
বৈষ্ণৱামৃত।

যিটো পুত্ৰ ভাৰ্য্যা ধন। মোক ভৃত্য কৰি কিনিলেক সিটো জন॥ ৪৮॥ নিষ্ঠা কষ্ট ব্ৰত কৰি নপাৱয় লোক। ভকতিৰ বলে ভৃত্য কৰি পাৱে মোক॥ যিথানত নথাকয় ভকত আমাৰ। যিথান শ্মশান সম জানিবা তাহাৰ॥ ৪৯॥ যি দেশত মোৰ ভক্তে নানাচে নাগায়। জীৱন্তে নৰকভুঞ্জে তৈব প্ৰজাচয়॥ মোৰ ভকতৰ সখি নলৈবা বিচাৰ। ব্ৰাহ্মণ চণ্ডাল আদি সবে একাকাৰ॥ ৫০॥ দেৱতো অধিক কৰি মান্য কৰোঁ তাক। যিহেতু চণ্ডাল হুয়া জানিলে আমাক॥ দেৱৰ পতন আছে ভোগৰ কাৰণে। ভক্তৰ পতন নাই ইতিনি ভূবনে॥ ৫১॥ ইন্দ্ৰপদ কোন বস্তু ভকতৰ আগে। পুণ্য ক্ষয় ভৈলে পুনঃ পড়িবাক লাগে॥ লোভ মোহ কাম ক্ৰোধ কৰি পৰিহাৰ। মোৰ ভকতিত মাত্ৰ ৰতি ভৈল যাৰ॥ ৫২॥ সেহি সে পৰম মোৰ বান্ধৱ নিপুণ। সত্য কৰি বোলোঁ মঞি জানিবা অৰ্জুন॥ মোৰ ভকতক যিটো