পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
বৈষ্ণৱামৃত।

উপদেশ, তুষ্টহুয়ো জগতৰ স্বামী॥ তুমি বিনে নাহি আন, তুমি দেৱ সৰ্ব্বজান, ঈশ্বৰ পুৰুষ সৰ্ব্বসাখী। তোমাক নাজানি হৰি. মাতোঁ পৰিহাস কৰি, দিন দুপৰতে খাইলোঁ আখি॥ ৭০॥ অৰ্জ্জুনৰ বাক্য শুনি, মাধৱে মাতন্তগুণি, শুনা সখি মোহোৰ বচন। সংসাৰতে গুহ্যইটো, পুছিলাহা কথা যিটো, কহোঁ সখি স্থিৰ কৰি মন॥ শুনা সখি সাৰে সাৰ, ইটো নাম মহিমাৰ, ব্ৰহ্মা হৰে নাজানে বিচাৰ। তোমাকে সে দয়া কৰি, গুহ্যক প্ৰচাৰ কৰি, মহিমা কহিবে খোজোঁ তাৰ॥ ৭১॥ কৃষ্ণ বুলি যিটো নৰে, প্ৰাণ পৰিত্যাগ কৰে, নাহি তাৰ পুনৰাগমন। মোহোৰ থানক পাই, মোৰ সঙ্গে ৰহে যাই, সত্যে সত্যে বুলিলোঁ বচন॥ কহোঁ সখি সত্য কৰি, মোৰ কি তোমাত সৰি, আন বন্ধু আছে কোন জন। অশ্ৰদ্ধায়ে যিটো নৰে, দিবসত একবাৰ, কৃষ্ণনাম কৰয় স্মৰণ॥ ৭২॥ কি কহিবোঁ ভাগ্য তাৰ, দুৰ্গতি বিপদ যত, সবে