পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
বৈষ্ণৱামৃত।

তাক॥ ৮৭॥ যাৰ যেন পাপেবন্ধ হোৱে যিটো জন। আপোনাৰ পুণ্যে হুইবে আপুনি তৰণ। অপৰ ধৰ্ম্মক নিন্দি অধোগতি যাই। নিন্দক জনৰ কিঞ্চিতেকো গতি নাই॥ ৮৮॥ চাৰি বেদ চৈধ শাস্ত্ৰ জানে যিটো জন। আন দেৱ মানি মোত নিদিৱয় মন॥ সিটো নাৰকীয়ো নানা পথে নৰ্কে যাই। হেন জানি ভজা সখি ভক্তিমন্ত চাই॥ ৮৯॥ শুনি অৰ্জ্জুনৰ আতি আনন্দ হৃদয়। প্ৰণাম কৰিয়া পুনৰপি বিনাৱয়॥ ভক্তৰ বান্ধৱ তুমি প্ৰভু কৃপাময়। ইহেন কৃষ্ণক কিয় নভজি মৰয়॥ ৯০॥ হুয়োক সদয় মোক দিয়ো দৰিশন। তুমি বিনে কোনে কৰে সংসাৰ তাৰণ॥ তোমাক নিবেদি অন্নভুঞ্জে যিটো জন। তাৰ কোণ গতি হুইবে কৈয়ো নাৰায়ণ॥ ৯১॥ তাৰ অৱশেষ খাইলে হোৱে কেন গতি। তাক শুনিবাক প্ৰতি মোৰ যাই মতি॥ তুমি বিনে সংসাৰ তাৰন্তা আছে কোন। জানিয়া তোমাৰ পাৱে পশিলোঁ শৱণ॥ ৯২॥ শুনি অৰ্জ্জুনক