পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈষ্ণৱামৃত।

দুৰ্ল্লভ বৈষ্ণৱজ্ঞান সংসাৰত সাৰ। দুৰ্ল্লভ কীৰ্ত্তন মোৰ কৰিবোঁ প্ৰচাৰ॥ ৩৮॥ মোৰ ভকতক যিটো কৰে নাম দান। সপ্তদ্বীপা ভূমিদানে নুহিকে সমান। ভূমিদানে ভোগভৃঞ্জি হৈবেক পতন। নামদানে অপতন মোক্ষৰ সাধন॥ ৩৯॥ পুনৰপি সখি মঞি কহোঁ নিষ্ঠ কৰি। সংসাৰত নাহি ধৰ্ম্ম মোৰ নাম সৰি॥ তপে ধৰ্ম্মে দানে ব্ৰতে দুখ দেই আতি। হেন জানি নামক নেড়িবা দিনে ৰাতি॥ ৪০॥ শ্ৰদ্ধায়ে হেলায়ে যিটো মোৰ ভক্তগণ। যদ্যপি কৰয় মোৰ নামক স্মৰণ॥ তথাপি সদায়ে ভ্ৰমো তাহাৰ লগত। নপড়ে সিজন আৰ সংসাৰ তাপত॥ ৪১॥ সিজন যথাকে যাই তথা যাঁও সখি। চাৰি অস্ত্ৰধৰি পাছে পাছে ফুৰোঁ ৰাখি। পাঞ্চ বিধ মুক্তি ফুৰে তাঙ্কস্তুতি কৰি। মোকলৈয়ো বাপ তোক থাকোঁ সেৱা কৰি॥ ৪২॥ মুকুতিক বাঞ্ছা পুনঃ নকৰে ভকত। তথাপি কাতৰ কৰে হুয়া অনুগত॥ তোমাৰ প্ৰসাদে হোক আমাৰ