পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০
বৈষ্ণৱামৃত।

নিবাস। অন্তৰ নকৰা প্ৰভু ভৈলো নিজ দাস॥ ৪৩॥ ভকতৰ মুখে ব্ৰহ্মা থাকন্ত সাক্ষাত। আপুনিয়ো সৰ্ব্বদায়ে থাকোঁ হোঁ হিয়াত॥ নাভিত থাকন্ত হৰ জানা মহামতি। চৰণে গন্ধৰ্ব্ব উৰু কিন্নৰ সম্প্ৰতি॥ ৪৪॥ ভকতক দেখি যিটো নকৰে ভকতি। মোত মাত্ৰ ভকতি কৰয় দৃঢ়মতি॥ তাতপৰে শত্ৰু আৰ মোৰ কেহো নাই। ভকতক নিন্দিমোৰ বুকে মাৰে ঘাই॥ ৪৫॥ মোক নিন্দা কৰে যদি সহিবাক পাৰোঁ। ভকতৰ নিন্দতি সন্তাপে সখি মৰোঁ॥ মোৰ দ্ৰোহী ভৈলে ভক্তে ৰাখিতে শকত। ভকত দ্ৰোহীক মঞি নোৱাৰোঁ ৰাখিত॥ ৪৬॥ নৰকত থাকিবেক কোটি কল্পমান। নাহিকে নিস্তাৰ তাৰ কৈলো বিদ্যমান॥ লোভ মোহ কাম ক্ৰোধ দুগুণে বাঢ়য়। মোৰ নাম বন্ধু বুলি সিটো নাজানয়॥ ৪৭॥ তাৰ সম মূঢ় সখি নাহি একজন। সত্যে সত্যে তিনি সত্যে বুলিলোঁ বচন। মোক ভজি তেজে