পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
বৈষ্ণৱামৃত।

নাপাৱে তত্ত্ব আছে মহাজ্ঞান॥ বৈষ্ণৱে ভুঞ্জিবে যেন সুখ বিপৰীত। চৰাচৰ লোকে নাপাৱয় কদাচিত॥ ১৮॥ তপ ধৰ্ম্ম কৰিয়া নাপাৱে সেহি গতি। বেদ শাস্ত্ৰ পঢ়ি মোক নাজানে সম্প্ৰতি॥ সাঙ্খ্যযোগ কৰ্ম্মযোগ বহুতব জ্ঞান। দান ব্ৰত কৰে কোটি কোটি তীৰ্থ স্নান॥ ১৯॥ তথাপিতো কেহো জনে, নাপাৱে মুকুতি। নিশ্চয়ে কহিলোঁ সখি বেদৰ যুগুতি। কৃতাঞ্জলি কৰিয়া পুছন্ত ধনঞ্জয়। বৈষ্ণৱ লক্ষণ মোত কৈয়ো কৃপাময়॥ ২০॥ ভকতৰ মহিমাক শুনিবাৰ মন। কহিয়ো সুগম কৰি নাথ নাৰায়ণ॥ হেন শুনি কৃষ্ণে তাঙ্ক দিলন্ত উত্তৰ। পুছিলাহা তত্ত্ব আবে সমস্তে শাস্ত্ৰৰ॥ ২১॥ আশ্চৰ্য্য দুৰ্ল্লভ কথা সংসাৰতে সাৰ। সমস্তে কহিবোঁ সখি তোমাত প্ৰচাৰ। মোৰনাম সদা স্মৰে ভক্ততত্ত্ব পৰে। মোৰৰূপ সদা ধ্যান কৰে যিটো নৰে॥ ২২॥ মোক সুমৰন্তে পুলকিত কলেৱৰ। ভক্তৰ লক্ষণ