পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুলড়ী।

 হেন শুনি পাছে, বোলন্ত অৰ্জ্জুন, শুনিয়োক হৃষিকেশ। তোমাৰ নামৰ, ফল নিৰন্তৰ, কহিয়ো মোত নিঃশেষ॥ কৰ্ম্মৰ কি ফল, শুনা মহাবল, মোত কৈয়ো ভাল কৰি। তোমাৰ প্ৰসাদে, অতি অপ্ৰমাদে, যিমতে সংসাৰ তৰি॥ ১১৩॥ ইটো তত্ত্ব কথা, কহিয়ো সৰ্ব্বথা, শুনিবে ইচ্ছা আমাৰ। তুমি বিনে আন, কোনে সংসাৰক, কৰিবে পাৰে উদ্ধাৰ। হেন শুনি হাসি, দশন প্ৰকাশি, মাতিলন্ত দেৱহৰি। কহোঁ মহাবল, শুনা কৰ্ম্ম ফল, তুমি সাৱধান কৰি॥ ১১৪॥ কৰ্ম্মৰ সমান, নোহে মহাজ্ঞান, নপাইবেক ব্ৰত কৰি। কৰ্ম্মৰ সমান, নোহে মহাধ্যান, ফল নোহে ধৰ্ম্ম সৰি॥ সকল কি নৰে, তীৰ্থ ত্যাগ কৰে, সিয়ো নোহে কৰ্ম্ম সম। তিনিয়ো লোকত, আছে পুণ্য যত, সবাতে কৰ্ম্ম উত্তম॥ ১১৫॥ নাম সমে জ্ঞান, আমাক দেখয, পৰম ঈশ্বৰ অ মি