পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
বৈষ্ণৱামৃত।

নামযুক্ত জন মোৰ প্ৰিয় অতিশয়। হেন জানি নামযুক্ত হোৱা ধনঞ্জয়॥ ১৫১॥ আলস্য এড়িয়া যদি ভকত সকলে। মোৰ নাম কীৰ্ত্তন কৰয় অবিকলে। তাহাৰ লগত মঞিথাকোঁ সৰ্বক্ষণ॥ সত্যে সত্যে সত্যে সখি বুলিলোঁ বচন॥ ১৫২॥ সেহি ভক্ত বিনে নাহি পৰম নিৰ্গুণ। মোহোত কৰিয়া তাক মানিবা অৰ্জ্জুন॥ সত্য কৰি কহোঁ শুনা সখি ধনঞ্জয়। ভকতত পৰে মোৰ বন্ধু নাহিকয়॥ ১৫৩॥ আনত বিশ্বাস তুমি নকৰিবা মনে! মোৰ নাম গুহ্যকথা শুনিবা যতনে॥ শ্ৰদ্ধাভাৱে আমাক মানিবা ভাল কৰি। গুহ্য কথা নাম সখি লৈবা যত্ন কৰি॥ ১৫৪॥ এহিমানে মাত্ৰ সখি কৰিবাহা সাৰ। মোত ভিন্ন অন্য নোহে যত চৰাচৰ॥ সকলো ঘটত আত্মাৰূপে আছোঁ ৰৈই। আবে জানি সাৱধান হোৱা ধনঞ্জয়॥ ১৫৫॥ গুৰুক প্ৰণাম কৰোঁ মঞি বাৰশত। গুপ্ত কথা নাম মানে কহি অছোঁ যত॥ তোমাৰ চৰণে মন ৰহোক