জুৰণি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জুৰণি
লেখক পদ্মনাথ গোহাঞিবৰুৱা
ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক
[  ]

জুৰণি।


সাহিত্যিক পেঞ্চনাৰ,
ৰায়বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱা, এম, আৰ, এ, এচ,
ৰচিত।

“গোহাঞি বৰুৱাৰ এইটি মউ-চাক। অসমীয়াই ইয়াৰপৰা আনন্দেৰে
মৌ পান কৰক। গোহাঞি বৰুৱাৰ ভাষা বিতোপন; পাঠ সুশোভন;
ব্যাখ্যা সুগম; প্ৰণালী সুঠাম।”—শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা।



দ্বিতীয় তাঙৰণ।



তেজপুৰ, অসম।
১৮৬০ শক।

লীলা-এজেঞ্চিৰপৰা
গ্ৰন্থকাৰৰ দ্বাৰাই প্ৰকাশিত।

বেচ,—খনে ১৲ এটকা

[  ]
 


কলিকতা,
৮৫নং অপৰ চাৰকুলাৰ ৰোড, “ভাৰত-মিহিৰ যন্ত্ৰত,”
শ্ৰীযুগলচৰণ দাসৰ দ্বাৰাই মুদ্ৰিত।


 

[  ]

উছৰ্গা।
●–⏺—●


মোৰ
অৰ্ধাঙ্গিনীৰ প্ৰথম অৰ্দ্ধেকৰ অকাল-বিয়োগত, বিধাতাৰ বিধান অনুসৰি,
যি দ্বিতীয় অৰ্দ্ধেকৰ মধুমিলনে জুৰণি-অনুপান-দানেৰে সন্তাপৰ
উতলা তাপ মাৰ-নিয়াইছিল,
আৰু
যি মোৰ মৌ-চাক যেন ভৰপুৰ সংসাৰৰ প্ৰসূতী হৈ
শান্তিলতাপাতেৰে মোক আৱৰি ৰাখিছে,
সেই
প্ৰিয়তমা দ্বিতীয়া ভাৰ্য্যা।
শ্ৰীমতী হীৰাৱতী দেৱীৰ
শীতলা বুকুত সন্তৰ্পণে
“জুৰণি”
সাঁচি থোৱা হল।
—○—

ৰচোঁতা।

[  ]
১। পাতনি।

 “জুৰণি” ওলাব বুলি কেতিয়াবাই আগ-জাননী দিয়া হৈছিল। সাংসাৰিক লীলা-চক্ৰত পাক-ঘূৰণি খাই অলপ জিৰাওঁতে হে পলম হল। সেই বাবে ৰাইজৰ ওচৰত ক্ষমা-প্ৰাৰ্থী হলোঁ।

 সংসাৰৰ বহাগী জহত চেঁচনি বিচাৰি পিয়া ঢোকাচাৰেক জুৰ অনুপানৰ অকণি অকণি বিৰিঙনি মাথোন ‘জুৰণিৰ পাতত ওলমি ৰৈছে। ৰাইজৰ কৰুণ ব্যৱহাৰত আহিলে, সি তাতে অক্ষমৰূপে ৰব বুলি আশা কৰা যায়। ইতি

তেজপুৰ, অসম।
২০ ভাদ, ১৮২২ শক।
নিবেদক,
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা
 
[  ]
২। পাতনি।

 প্ৰথম ভাঙৰণৰ “জুৰণি” গ্ৰাহকে তৃপ্তিৰে সৈতে পান কৰি কেতিয়াবাই ওৰ পেলালে। আজৰিৰ অভাৱত তাৰ দ্বিতীয় তাঙৰণ ভালেমান দিনলৈকে উলিয়াব পৰা নহৈছিল। পিচে, এতিয়া কলিকতা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ কৃপাত “জুৰণি” বি-এ মহলাৰ পাঠ্য নিৰ্ধাৰিত হোৱাৰ আলমত, অনতিপলমে ইয়াৰ নতুন তাঙৰণ উলিয়াবলৈ খৰধৰ কৰা হৈছে। এই বাৰ আৰু টোপাচাৰেক আৰক সঁফুৰাত ভৰাই দি, তাত মৌৰ মাত্ৰা চৰাই দিয়া গৈছে। ইয়াৰ পাচৰ বাৰত আকৌ আৰু টোপাচাৰেক চৰাই দিয়া যাব।

“পদ্মকুটীৰ”,তেজপুৰ, অসম।
১৬ ভাদ, ১৮৬০ শক।
ৰচোঁতা।
 
জুৰণি (page 6 crop).jpg

[  ]
সূচী।
বিষয়।
কবিতা
কবি
মন
কল্পনা
প্ৰকৃতি
ৰূপ
বাঁহী
গীত
কাপ
মহী
প্ৰথম
আদি-অন্ত
আদহীয়া
ব্ৰহ্মপুত্ৰ
মেঘাই
পুৰণি অসম
পটুৱাৰ ভুৰ
"পালোঁ"
ৰামায়ণ
গুণাভিৰাম
অসম আৰু বঙাল দেশ
উৰ্ম্মিলা
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
পিঠি।
৬৮১
৬৮১
৬৮২
৬৮৩
৬৮৪
৬৮৪
৬৮৫
৬৮৬
৬৮৭
৬৮৭
৬৮৮
৬৮৯
৬৯০
৬৯০
৬৯১
৬৯২
৬৯৩
৬৯৩
৬৯৪
৬৯৫
৬৯৬
[  ]
বিষয়।
ঈৰ্ষা
বিপদৰ কাৰণ
বেজাৰৰ বোজা
চকু-লো
বুজনি
জুৰণি
পৰ
মৰণ ভাতি
পাচত
নেদেখাত
বুজন কালত
আশ্বাস আৰু বিশ্বাস
মিঠা আৰু তিতা
ক্ষণে বন মাতে
নিৰাশ
কেঁচা আৰু পকা
ডাঙৰীয়া
আশাৰ নিবৃত্তি
পদুম আৰু গোলাপ
বিবস্ত্ৰা
অসহ্য বেদনা
সাধুৰ পৰীক্ষা
নিলাজী
মহতৰ ৰিজনি
প্ৰকৃত দুখ
সৰু আৰু বৰ
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
পিঠি।
৬৯৭
৬৯৭
৬৯৮
৬৯৮
৬৯৮
৬৯৯
৬৯৯
৬৯৯
৭০০
৭০০
৭০০
৭০১
৭০১
৭০১
৭০২
৭০২
৭০২
৭০২
৭০৩
৭০৩
৭০৩
৭০৪
৭০৪
৭০৪
৭০৪
৭০৫
[  ]
বিষয়।
নিৰ্জীৱৰ জীৱ
যথাৰ্থ বল
ঘূণত গুণ
অপকাৰে উপকাৰ মাতে
পৰস্পৰ উপকাৰী
শকতৰ বিপদ
গৃহিণী
ভাৰ্য্যা
"বাৰু"
মোহ
বান্দৰী
ছবি
আনন্দৰ সীমা
মধুপুৰী
প্ৰকৃত অনুভৱ
বনগুটি
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
পিঠি।
৭০৫
৭০৫
৭০৬
৭০৬
৭০৬
৭০৬
৭০৭
৭০৭
৭০৭
৭০৮
৭০৮
৭০৮
৭০৮
৭০৯
৭০৯
৭০৯
অকণি।
বিজুলী
জিৰণি
সলনি
নুমলীয়া
অতি ক্ষুদ্ৰ
মহতৰ ক্ষমতা
আদৰ
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
৭১০
৭১০
৭১০
৭১০
৭১০
৭১১
৭১১
[ ১০ ]
বিষয়।
দুখীয়াৰ দান
ক্ষুদ্ৰৰ শক্তি
টকা আৰু কড়ি
সৰু-বৰ
ক্ষণ
সৰুটি
কঠুৱাত কোমলতা
মূল-শক্তি
ক্ষুদ্ৰ পাক
পথাৰ
চেঁচনি
বিদায়
শেষ
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
পিঠি।
৭১১
৭১১
৭১১
৭১২
৭১২
৭১২
৭১২
৭১২
৭১৩
৭১৩
৭১৩
৭১৩
৭১৩
ওপৰঞ্চি।
লগাই-দিয়া
উপৰি-আলাপ
পুনশ্চ
বঁটা
অন্ত
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
৭১৪
৭১৪
৭১৪
৭১৫
৭১৫
উপৰি-ওপৰঞ্চি।
জুৰণি
মাতৃ মোৰ
আইদেউ-'আইকণ'
...
...
...
...
...
...
...
...
...
৭১৬
৭১৬ (ক)
৭১৬ (খ)
[ ১১ ]
বিষয়।
হেমচন্দ্ৰ গোস্বামী
হৰিনাথ গগৈদেৱ
ৰোহিণীকান্ত হাতীবৰুৱা
মাণিকচন্দ্ৰ বৰুৱা
লুকুৱা হাঁহি
সোণৰ সংসাৰ
লগৰে অকল
অকলে লগত
উষা-হৰণ
জীৱন-সন্ধিয়া
নেদেখা-জন
কবি ৰবীন্দ্ৰনাথ
লক্ষ্মীনাথ বেজবৰুৱা
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
পিঠি।
৭১৬ (খ)
৭১৬ (গ)
৭১৬ (ঘ)
৭১৬ (ঘ)
৭১৬ (ঙ)
৭১৬ (চ)
৭১৬ (ছ)
৭১৬ (ছ)
৭১৬ (জ)
৭১৬ (ঝ)
৭১৬ (ঞ)
৭১৬ (ট)
৭১৬ (ঠ)
মোখনী।
নাৰায়ণী সন্দিকৈ
কমলাকান্ত বৰুৱা
সত্যনাথ বৰা
কমলাকান্ত ভট্টাচাৰ্য্য
...
...
...
...
...
...
...
...
...
...
...
...
৭১৬ (ড)
৭১৬ (ঢ)
৭১৬ (ণ)
৭১৬ (ত)

 শোধন—৬৮৭ পৃষ্ঠাত মহি নহৈ মহী হ'ব; ৬৯৩, ৬৯৬, ৬৯৮ পৃষ্ঠাত হুমুনীয়া নহৈ হুমুনিয়া হ'ব।

[ ১৩ ]
 
জুৰণি (page 13 crop).jpg
জুৰণি।
 

[ ১৫ ]
কবিতা।

সহস্ৰ চকুৰে দেখা কত কি গুণি,
ফুটাব নোৱাৰি ভাব, টোকে চকু-পানী
কত কাল নীলাকাশে!—আগ্নেয় কুসুম
সূৰুয বুকুত লই, জ্বলে চতুৰ্গুণ।
অৰ্থভৰা হাঁহি মাৰি ফুল-কুৱঁৰীয়ে
চিপিয়াই কৰলই পুনু এৰি দিয়ে!
ৰূপহী জোনায়ে দেহি, কত প্ৰেম ভাৰ
সঙ্কেতে বুজাই ভাহে,—কথাৰ অভাৱ।
সন্ধিয়াৰ ৰঙা বেলি আপুনি তপত,
বিচ্ছেদ পোৰণি ভাপ নহয় বেকত!
কুল্‌ কুল্‌ নই বয় কত কি বিনাই,
নুবুজি নেসোধে কেৱেঁ কি তাৰ বিলায়।

নসহি কবিতা-ৰাণী, জড় জগতত
দিলেহি বুজনি সুৰ অব্যক্ত ভাবত।

⸺⬗⏺⬖⸺


কবি।

চোৱাঁ সখি, আহে কৰি নীৰলে নীৰৱে,
বননিৰ মাজবাটে নিমগন ভাৱে।
নিজম বীণাৰ সুৰ—নিজৰে জুৰণি—
আপুনি ব্যাকুল শুনি। তাৰে প্ৰতিধ্বনি

[ ১৬ ]

বাজিছে নীৰৱে ৰই, প্ৰতি ফুল কাণে,
উলাহ সঙ্গীত সুৰ ঢালি প্ৰতি প্ৰাণে।
প্ৰণয়ী আমাৰ কবি আৰে আগুৱাই,
আটাইটি মজোঁ ফুল, আগমনী চাই।
আৰু সৌ বুঢ়া গছ, জটাধাৰী বয়,
সিৰিলি-পতীয়া কায়া শাল, এজাৰৰ,
আহঁত উদাস যোগী, নাহৰ, কদম,
সবাৰো গুচিব হাঁয়, দুখভৰা ভ্ৰম;—

সৰাৱে পাঙিছোঁ আমি, মনমোহা ছবি,
ভাঙি কম মনোভাব, আহে সৌৱা কবি।

⸺⬗⏺⬖⸺


মন।

বিশাল কৰ্ম্মৰ থলি, বিভাগ অশেষ,
অনন্ত আতমা গাত দেহা মহাদেশ।
প্ৰণা সৱ ইন্দ্ৰিয়াদি প্ৰতি ভাগে ভাগে,
আপোন ব্যৱসা ধৰি, কৰ্ম্ম ফল মাগে।
কাম, ক্ৰোধ, লোভ, মোহ, মাৎসৰ্য্য, মদ,
অসীম ক্ষমতাশালী ছয় পাৰিষদ;
মহা মন্ত্ৰে দীক্ষা লই ৰাজ্য শাসনত,
আগে ভাগে দিয়ে বল, নিজ অভিমত।
সবাৰো উপৰি ৰজা স্বেচ্ছাচাৰী মন,
অখণ্ড প্ৰতাপে শালে দেহা কাম্যধন।

[ ১৭ ]

পাৰিষদ প্ৰেৰণাত, কেতিযাবা নিজে,
মনোমত কাৰ্য্য কৰি সংসাৰত মজে।

দেহেশ্বৰ মানৱাত্মা—ৰাজ-ৰাজেশ্বৰ,
মনকো দমকি শাসে দেহা নিৰন্তৰ।

—🙪⏺🙪—


কল্পনা।

মনৰ অধীন প্ৰজা চকু বাহিৰত,
সীমাবন্ধা শক্তি তাৰ, আতি যথাৱত।
বাহ্যিক জগত জুৰি সৌন্দৰ্য্য যি ফেৰি,
পূজেহি প্ৰভুৰ পাৰ তাকে আগ কৰি।
আৰু দুটি দিব্য চকু, গাতে লাগি থকা,
পচাৰতে ত্ৰিভুবন একচিত্ৰে অঁকা।
আজন্মে মনক সেৱি পায় প্ৰতিদান,
বিষাদত শান্তি লাভ সাগৰ সমান;
দুৰাশাত পিয়ে পানী ভেদি মৰীচিকা,
অভাৱত সম্ভোগৰ পূৰ্ণ প্ৰহেলিকা।
অন্তৰ বাহিৰ আৰু নভৰা ভাগৰ,
নিতে ন ন পূজা দিয়ে দীপ্তি সৌন্দৰ্য্যৰ!

কল্পনা সি জুৰি চকু, বিশ্বৰাজ্য ঘূৰে।
সৃষ্টি মাজে দেহেশ্বৰে তাকে পিন্ধি ফুৰে।

[ ১৮ ]
প্ৰকৃতি।

শান্তিৰ মলয়া বলি প্ৰাণ জুৰ কৰে,
শীতল বৰণে তাৰ জগত সামৰে;
অশান্তি ৰদৰ তাপ লাগিলে হিয়াত,
চাটিফুটি মন-প্ৰাণ, নাই তত্‌‌‌‌ গাত;
মানৱ হিয়াত এনে প্ৰতিবিম্ব কাৰ,
নাচে কোন্ দাপোনত মহিমা অপাৰ?
দেখি ৰূপ আপোনাৰ মজে মুগ্ধ নৰ,
নকৰে অকণি মন ৰূপ দাপোনৰ!
ভাবুক কৰিয়ে চকু ঘনে পিৰিকাই,
ছয়াঁটিৰ আদি ৰূপ দিয়ে উদিয়াই;—
অনুকৃতি ভিন্‌ ৰূপ নৰ-প্ৰকৃতিৰ,
আদি আৰ্হি সতে মিলে বাজত সৃষ্টিৰ।

ক্ষণে জুৰ, ক্ষণে ঘোৰ, ক্ষন্তেকে প্ৰলয়,
নোপোৱাঁ বিমুগ্ধ নৰে প্ৰকৃতি আশই।

⸺✽✽✽⸺


ৰূপ।

ৰঙা, মুগা, সেউজীয়া,—ফুল, গছ, পাত;
বগা, ক'লা, গোৰা, শাঁও—জীৱ অসংখ্যাত;
আৰু কত ভিন্‌ ৰূপ প্ৰতি জীৱটিৰ,
ভিন্‌ ভিন্ অনুকৃতি আত্ম-প্ৰকৃতিৰ,

[ ১৯ ]

মানৱ চকুত পৰে তিল তিল কৰি,
তথাপি বলিয়া নৰ জেউতি বিচাৰি!
বাহ্যিক চকুৰে দেখা ওপৰে ওপৰে,
ক্ষন্তেকীয়া শোভা তাৰ চাওঁতেই হৰে!
প্ৰকৃত সৌন্দৰ্য্য-ধাৰ তলে তলে বয়,
ভাবুক চকুত ৰেখ ঠৰে ঠৰে বয়;—
বিচিত্ৰ ওৰণী ভেদি প্ৰকৃতিৰ মায়া,
বিৰিঙ্গি ওপঙ্গি ফুৰে সৌন্দৰ্য্যৰ ছাঁয়া।

চকু-ৰোৱা মন-মোহা তত্ত্বগ্ৰাহী শোভা,
কবিৰ হিয়াত মাথোঁ জ্বলে পুণ্য প্ৰভা।


বাঁহী।

যি বাঁহী সুৰত পমা গোকুলৰ ৰাণী,
বংশীধাৰী পিচ-ধৰা ষোল শ গোপিণী;
যি সুৰে হৃদয় পশি মুগ্ধ সংসাৰীৰ,
বৈৰাগ্য ভাবত কৰে উদাস অস্থিৰ;
তাপিত বিৰহী প্ৰাণ যি সুৰে উদ্ধাৰি,
কল্পনা ৰথত তুলি সাজে বংশীধাৰী;
খৰতৰ ধাৰে যোৱা প্ৰেমনদী হাঁয়,
যি সুৰে বলিয়া কৰি উভতি বোৱায়।

[ ২০ ]

গভীৰ তপস্যা মগ্ন যোগিৱৰ ধ্যান,
শূন্যত লুকায় শুনি যি বাঁহীৰ তান;
নৰঘাতী ৰাক্ষসিনী নিহয়া পাষাণী,
উদ্দেশ্য পাহৰে শুনি যি বাঁহী ৰাগিণী;—

কোনে কয় অচেতন, পৰ-মুখ বায়ু,
আজীৱন জীয়া বাঁহী, সৃষ্টি পৰমায়ু।

জুৰণি (page 20 crop).jpg
গীত।

সংসাৰৰ ভগা-ছিগা কৰ্ক্কৰীয়া কথা,
নীৰস, গুটীয়া, নোহে ইটে সিটে নথা।
হিয়া-ছেপা প্ৰেমৰস, সুৱগা সমান,—
তাল, মান, সুৰ, লয়, ৰাগিণী মহান্,
পঞ্চামৃতে সানি তাক কৰে সুললিত,
হলিগলি তাৰে আঁটি ইটিক সিটিত।
আখইফুটীয়া কথা আবেগত পমি,
নিছিগা ধাৰেৰে বয় পঞ্চম ৰাগিণী;
হৃদয় নিজৰা ফুটি বই অহা জুৰি,
ৰাজত কোবাল নই ক্ষুদ্ৰ এৰি এৰি।
নিৰগুণ নিৰাকাৰ পূৰ্ণব্ৰহ্ম নাম,
ভকতি সোঁতত ভাহে এৰি পূন্য ধাম।

মানৱৰ কণ্ঠ এদি আহে স্বৰ্গ চুমি,
দেৱতা বিহাৰ থলি গীত মৰ্ত্ত্য-ভূমি।

জুৰণি (page 20 crop).jpg
[ ২১ ]
কাপ।

সৰি পৰা হাঁহপাখি বিলৰ দাঁতিত,
আছিল নিষ্কৰ্ম্মা পৰি বননি পাটীত;
নাছিল চেতনা তাৰ, জাঁপখোৱা মুখ,
পিপাসাত দগ্ধ প্ৰাণ কৰে ঢুক্‌ ঢুক্‌।
গুণগ্ৰাহী নৰে তাৰ বুলি অন্তৰ্গুণ,
সযতনে আনি তাত দিলে ভাষগুণ।
জাঁপযোৱা মুখ ছিৰি দিলে জীপ্‌-পানী,
ভাবৰ নিশ্বাস টানি হল জীয়া প্ৰাণী।
উপকাৰী গুণ লই কৃতজ্ঞ অন্তৰে,
পান কৰি কালকূট অমৃত উগাৰে;
যাৰ হাতে পালে প্ৰাণ তাৰে বংশধৰ,
নিজে মৰি কৰে তাক মৰিও-অমৰ ।

ময়াপী ভাবৰ ধৰি উৰণীয়া পাখি,
জ্বলন্ত কীৰিতি আঁকে অমৰত্ব মাখি।

জুৰণি (page 20 crop).jpg


মহি।

নিফুঁট হিয়াৰ ভাৰ, বৰণ বিহীন,
শূন্যত মিলেহি আজি, মাৰ যায় চিন্‌;
ক্ষন্তেকীয়া প্ৰাণ-বায়ু বাজলই আহি,
অনন্ত বায়ুত মিলি যায় কেনি ভাহি।

[ ২২ ]

অগণন লীলা-খেলা,—সম্পদ, অপায়,
ক্ষুদ্ৰ ক্ষুদ্ৰ পানী-ফোঁট, উঠে আৰু নাই;
দুদিনীয়া সংসাৰৰ সম্ভোগ, বিলাস,
মৃত্যুৰ পাচত চিন্‌ সমূলি বিনাশ;
ভাবৰ চিনাকি হেতু আঁচে-ধৰা কথা,
জীৱনৰ কীৰ্ত্তিচিন, প্ৰাণ সতে গঁথা,
সংসাৰৰ মহামেলা, মৰত প্ৰবাস,
সম্পদ, অপায়, আৰু সম্ভোগ, বিলাস;

সবাৰো অক্ষয় চিন্ আঁকিবৰ গুণে,
মহি সৃষ্টি মৰতত স্বৰগ ৰহণে।


প্ৰথম।

শিশুৰ প্ৰথম বুলি, আধাফুটা ভাব—
শুনি গুচে জননীৰ সন্তাপ অভাৱ;
নেদেখা মিলন পাচে পোনে দেখা-দেখি;
আধাকোৱা দুটি কথা আবেগত লেখি;
বছৰৰ পোন্‌-দিনা কালপাতনিত;
প্ৰথম নতুন ভাৰ ঋতু সলনিত;
বতৰৰ পকা ফল পোন্‌-প্ৰথমত;
পোনতে প্ৰণাম শিকা গুৰু চৰণত;
প্ৰথম পৰ্ব্বত দেখা, নদী উত্‌‌‌‌পতি,,
নিজৰা-নিসৃত জুৰি, বেঁকা-বেঁকি গতি;

[ ২৩ ]

বিৰণিৰ গছতল,প্ৰথম প্ৰবাস,
প্ৰথম স্বাধীন ভাৱে পুণ্য গৃহবাস;
সৰুৰে পাতনিত না এটি সুখ,
ভুজোমানে বাঢ়ে স্পৃহা, নকৰেহে মুখ।


আদি-অন্ত।

ওলাওঁতে ৰঙা বেলি, পৰোঁতে ৰাঙলি;
ওপজোঁতে জোন-বিৰি, মৰোঁতে এবেলি;
আহোঁতে সাদৰী মাত, বিদায়ত সেই,
একে বান্ধে আলিঙ্গন অহা-যোৱা যেই;
জোৰোঁতে আগ্ৰহ যেনে ব্যগ্ৰ সামৰোঁতে,
নেদেখা, নোপোৱা সুখ বিৰিঙ্গে দুয়োতে;
আগলি বতৰ ফল ধৰে হেঁপাহেৰে,
শেহনি যি কিটি হাঁয়, ৰাখে যতনেৰে;
সন্ধিয়াৰ আদি-তৰা, প্ৰণাম জাননী,
পুৱাৰ আদিকা এটি বিদায় মাগনি;
প্ৰথম সম্বন্ধ বান্ধ, সুৱগা মিহলি,
অন্তিম সংসাৰ মায়া, নেৰোৱা কুৱঁলি;

ধানৰ আদিতে ধান, ফলে পুনু ধান;
আদি-অন্ত,জন্ম-মৃত্যু উভয়ে সমান।

জুৰণি (page 20 crop).jpg
[ ২৪ ]
আদহীয়া ৷

যৌৱনত পূৰ্ণ হিয়া, পূৰ্ণ আবেগত,
ফুলি উঠি দক্‌মক্‌; পূৰ্ণ উলাহত
পাতিছিল ফুলবাৰী, ফুলিছিল ফুল,
সুগন্ধত মল্‌মল্‌, প্ৰাণ বিয়াকুল।
বসন্তৰ মৃদু বাত ভাব উৰুৱাই,
ফুলৰেণু সতে হাঁয়, জগত বুৰাই
মেলিছিল চউপাশে মত্ত আনন্দৰ,
আপোন পাহৰা ভাতি ভৰ দুপৰৰ।
নাই আৰু পূৰ্ণভাব, টুটিল আবেগ,
ফুলনিৰ সেই ক্ষণ, প্ৰাণ-কৰ্হা ছেগ;
আনন্দৰ পাৰে উঠি বুকুত ফুৰণি
সুৱঁৰি পূৰ্ব্বৰ ৰাগী পাইছোঁ জিৰণি।

আবেলিৰ চেঁচনিত বহিছোঁ এতিয়া,
যৌৱনৰ হিয়া টুটি হলোঁ আদহীয়া।


ব্ৰহ্মপুত্ৰ ৷

মানসৰ গৰ্ব্ভ এৰি ব্ৰহ্মকুণ্ড ঘূৰি,
কটালাঁ কতনা যুগ পাথেয় বিচাৰি।
সাগৰ উজেশি পাচে কৰিলাঁ প্ৰয়াণ,
কত কাল ঘূৰি-পাকি মিলয়-মিলন।

[ ২৫ ]

কত যুগ একে দৰে লই পূজাভাগ,
শোধাইছাঁ বই-পৰা পুণ্য ব্ৰহ্মবাগ।
কতা সৃষ্টিৰ কথা, উঠন পতন,
কতনা বুৰঞ্জী যুগ বুকুত মগন।
আতিকে পুৰণি তুমি বৃদ্ধ যোগিবৰ,
তথাপি লৰাটি সদা, 'পুত্ৰ' নামধৰ।
কতবাৰ যৌৱনৰ ভুগিছাঁ বিলাস,
বছৰে বছৰে ঘূৰি বাৰিষা উলাহ।

যি বলে ধৰিছাঁ ৰাখি অমৰ যৌৱন,
নিছিগা ভক্তিৰ সোঁত জ্বলন্ত প্ৰমাণ।


মেঘাই ।

ই চুবুৰি উঠি গই সি চুবুৰিলই
পাতে এক বৰগাওঁ সুৰুঙা নথই ।
নিমিষে বিয়পি নাই,—নিৰ্ম্মল আকাশ—
কাষৰত সাজে গই দিব্য পানীগছ।
ৰদৰ তাপত পুনু কায়া কোমলাই,
শিমলুৰ তুলা উৰে আকাশ ঘনাই।
সন্ধিয়া বেলিকা সানি সেন্দুৰি ৰহণ,
চালি-ধৰা ম'ৰা হই হৰে প্ৰাণ-মন।
প্ৰেম-ৰস পৰিপূৰ্ণ পাতিলে বাদল,
ভাবত বিভোল হই বিৰহী পাগল।

[ ২৬ ]

কৰুণ ৰসত পমা নিস্বাৰ্থ প্ৰেমিক,
পৰৰ ব্যথাত ব্যথা পায় অতিৰিক।

অযাচিতে উৰি যায়, বিচাৰি বেগাই
সিপাৰৰ বিৰহীক, কটকী মেঘাই।


পুৰণি অসম।

অসম বিক্ৰম হেতু আহোম ৰজাৰ,
“অসম” সি জাতি নাম জগতে প্ৰচাৰ।
ৰজাৰ খিতাপ পিন্ধি ৰাজ্য বিভূষিত,
ৰাজ নামে ৰাজ্য নাম প্ৰথা প্ৰচলিত।
স্বাধীন নিচান তাৰ উৰিছিল শিৰে,
অখণ্ড প্ৰতাপ চিন্‌ চাৰিটি দুৱাৰে।
বিষয়াৰ বংশধৰে ৰাজ প্ৰসাদৰ,
উপাধি পাগুৰি মাৰে বংশ-গৌৰৱৰ।
আজিও বাঢ়িছে তাৰ আদৰ অভাৱ
নাই ৰজা, গুচা নাই উপাধি প্ৰভাৱ।
বিতোপন বাট, খাট, দেউল, মন্দিৰে
অক্ষয় কীৰিতি চিন্ জগতে প্ৰচাৰে।

থাকোঁতে সৌভাগ্য ভাগ নেভাবিলে হাঁয় ,
সুৱঁৰি এতিয়া কান্দে অসমীয়া ভাই!

জুৰণি (page 20 crop).jpg
[ ২৭ ]
পটুৱাৰ ভুৰ।

দীঘলীয়া খাল বাট গাঁৱৰ মাজত,
বাৰিষা উপচি বয় নই যখাৱত।
চোতালৰ পানী বই পানীপাত-ধাৰে,
খাল-নই ভৰে গই ফেনে-ফোটোকাৰে।
উলাহত বাল্যভাৱে হিয়াক ঢৌৱাই,
তিৰবিৰ কৰি বয় প্ৰত্যেক সিৰায়।
পানীৰ সোঁত চাই ভাব-সোঁত মোৰ,
মন-প্ৰাণ উচটাই ললে পাক যোৰ।
পটুৱাৰ ভুৰ বাৰি যাওঁ ভটীয়াই,
নাও বুৰি ৰং পাওঁ, পানী বঁতিয়াই।
সংসাৰৰ ভৰানাৱে ভৰি দিয়া পাচে,
এতিয়া দেখিছোঁ তাৰ সোৱঁৰণী আছে।

পাকত পৰিলে নাও কাৰোঁ কাওবাও,
হুমুনীয়া কাঢ়ি স্মৰোঁ সেই বুৰ-নাও।


“পালো”।

জয়ে জয়ে ফৰমুটি, চিঠি-সামৰণি;
সমিধান আশা কৰি আছোঁ ক্ষণ গণি।
এদিন দুদিন হল ক্ৰমে তিন দিন,
সমিধান, ফৰমুটি, নাই একো চিন্‌।
বাজিল বিষম প্ৰাণে আশঙ্কাৰ শেল,
বাটল‌ই চকু থিৰ, ধৰি দেহা তেল।

[ ২৮ ]

ভাবিলোঁ সিটীৰ হাঁয়, নিকৰুণ চিত,
নুবুজি কৰিলে জানো হিতে বিপৰীত!
থাকোঁতে ইদৰে হাঁয়, দোৱা-ভজা হই,
জীয়া ভাবে আঁকি “পালোঁ” পঠালে বান্ধই :—
প্ৰথমে ফুলাই 'প'ৰে এপাহী পদুম
'া' কাৰে আকুল-কৰা দিলে তাত গুণ;
‘ো' কাৰে সাবটি ধৰি 'ল'ৰে কৰি লয়,
মিলনৰ (৺) দিলে ফোঁট, প্ৰেম ভাষাময়।


ৰামায়ণ।

ৰাম নউ ওপজোঁতে ৰামৰ কাহিনী,
বাল্মীকি-নিজৰা ফুটি বলে পূণ্য নদী।
আদি ভাগে ৰঘুকুল, মাজে জনকৰ
ৰাজৰ্ষি তপস্যা ফলে তৰে বংশধৰ;
শেহ ভাগে ৰাৱণৰ পূৰ্ব্বকৰ্ম্ম ফলে,
সবংশে উচন কৰি গতি উদ্ধাৰিলে।
সামৰণি সমুখত হই তিনি ধাৰা,—
ভাৰ্য্যা, পুত্ৰ, ভ্ৰাতৃপ্ৰেম,—সংসাৰৰ মায়া
তিনটি নিছিগা ধাৰে বই তিনি নই,
ঢৌৱালে মোহৰ ভেলা পিচ যুগলই।
সাগৰ-সঙ্গম বেলা ৰাশিভেটা ভেদি,
আপোন হেৰাই মজে ভোল মহানদী।

বইছে, ব'বও কত যুগ-যুগান্তৰ,
আকৰ্ষণী সোঁতে টানি প্ৰাণ জগতৰ।

[ ২৯ ]
গুণাভিৰাম।

গুণৰ মুৰলীধাৰী গুণ-অভিৰাম ,
এৰাবাৰী অসমত গাই জাতি নাম,
নিস্তেজ, নিৰ্গুণী, নিৰ্জ্জু অসমীয়া চাই,
আগুৱালাঁ দুটি খোজ বাট দেখুৱাই।
তিতালাৱে ছাটি ধৰা এৰা-ঘৰ-ভেঁটি,
চিকনাই উলিয়ালাঁ পুৰণি কীৰিতি।
বুৰঞ্জীত আঁক পাৰি গণি পূৰ্ব্ব কাম,
নুমাব লগীয়া কত উদ্ধাৰিলা নাম;
‘অসম-বন্ধু’ চাকিটি ধৰি এটি হাতে,
দেশী ভাই হাত ধৰি উন্নতিৰ বাটে,
ধৰিসাঁ গহীন খোজ কৰি আলোচনা,
চকু-গজা হল ডেকা গুচি দিন-কণা।

গুণৰ নোলোৱা গুণ অগুণকাৰী জাতি
স্মৃতিতো এতিয়া নানে তৱ গুণ-ভাতি।

⸺০⸺

অসম আৰু বঙাল দেশ।

কোন্ সৰু কোন্ বৰ, দুই বাই-ভনী,
অসম বঙাল দুয়ো যুঁজে কাল গণি।
অসম যুক্তিৰ বলে বয়সত বৰ,
উঠন যেতিয়া তেওঁ, অস্থি বঙালৰ,

[ ৩০ ]

সাগৰৰ তলি এৰি পোনে জন্ম নিয়ে,—
'নৱদ্বীপ' ‘মালদহ' নামে সাক্ষী দিয়ে।
অসম যেতিয়া মহা কাব্য ৰচনাত,
বঙাল ফুটাই কথা কব নজনাত।
অসম জুৰুলা যেবে ভাটী বয়সত,
পূৰ্ণ তেজে বঙ্গে আহি কয় অসমত,—
অস্তিত্ব তোমাৰ নাই, মোৰে মূল-ফুটা,
ধৰাহি জীৱন মোতে পৰজীবী লতা।

বুৰঞ্জী বুকুত ধৰা হিমাদ্ৰি, সাগৰে,
সুমৰি পুৰণি সত্য হুমুনীয়া এৰে!

←ʘʘ→



উৰ্মিলা।


নিৰ্মল নাম-গোন্ধে প্ৰাণ কোমলাই,
ফুলনিৰ এচুকত মুখ আমোলাই,
ফুলি ফুলি এটি পাহী কাব্য কাননত,
হৰিছিল কবি প্ৰাণ থাকি নিজানত।
সৰ্ব্বগুণে বিভূষিতা অতুলনা সীতা।
আৰু দুটি ৰূপৱতী জনক-দুহিতা;
কৌশল্যা, কৈকেয়ী, সৰু সুমিত্ৰা সুন্দৰী,
সৌভাগ্য কিৰীটি পিন্ধা তিনি পটেশ্বৰী।

[ ৩১ ]

সাবিত্ৰী, দ্ৰৌপদী, দময়ন্তী, জয়মতী;
ৰম্ভা, মন্দোদদী, তৰা, সতী, শীলাৱতী।
সৰমা, ৰুক্মিণী, উষা, কত নাৰী-ফুল,
প্ৰকাশ্যে ফুলাই নৰ কৰিলে আকুল।

সুচতুৰ স্বৰ্গীকবি, স্বৰ্গৰ কাৰণে,
উৰ্মিলা পাহিটী থলে অৰ্দ্ধেক গোপনে।

←ʘʘ→



ঈৰ্ষা।


তলে তলে কলিটিয়ে উলাহত নাচে,
টিপে-টাপে পাহিটীত আক্ষেপ প্ৰকাশে
“চোৱাঁচো বাইটী হেৰা, কি ভাগ্য তোমাৰ,
সুগন্ধি জেউতি মেলি আনন্দ অপাৰ?”
ফুলে কয়,—“বেলি নাই, ফুলিবাঁ কালত,
ৰূপ, গোন্ধ যাব জহি নহবাঁ বিতত!”

—০—



বিপদৰ কাৰণ।


মনে মনে পাঙিছিল, বৰ সাৱধানে,
কোন্ পাকে আছে চাব বিপদ গোপনে।
সমুখত জোকালেহি দিলে উৰুৱাই।
পিচত আলচা দেখি, নিলে হোঁহকাই।
ই হাতে সি হাতে থকা, নিলগতে ৰ'ল।
‘ভয় নাই তাৰ এটি,—সেয়ে কাল হল।

—০—

[ ৩২ ]

বেজাৰৰ বোজা।


পুত্ৰৰ বিয়োগ শোক কি যে অকথন,
পিতৃ-মাতৃৰ মনত আতি অসহন।
পোহনীয়া পখী এটি গল উৰি কেনি;
বৰাগী প্ৰাণত দুখ আতি অসহনী।
বুঢ়ীটীৰ কঁঠা শিয়া হেৰাল বেজীটি।
বেজাৰত ঠাই নাই, অসহনী অতি!

—০—


চকু-লো।


মনযোৱা দুখপাচি হিয়াত মেলাই,
ভাবনাৰ পিহনাৰে পিহি বিয়পাই,
সোৱঁৰণী পানীচলু চিপে চিপে ঢালি,
চকুৰ কোনক পাতি কৰমৰ থালি,
দীৰ্ঘ হুমুনীয়া ঢউ তুলি হৃদয়ৰ,
দুধাৰি চকু-লো বয়,—মুকলি অন্তৰ।

—০—


বুজনি।


সৰল সহানুভূতি বন্ধু বিলাপত
বুজাওঁ কতনা মেলি হিয়া-ভাগৱত;
কত যুক্তি বুজনিৰ, আৰ্হি পটন্তৰ,
মেলি ভাবোঁ, কৰোঁ চেঁচা তাপিত অন্তৰ।

[ ৩৩ ]

নিজক যেতিয়া হাঁয়, আপদে নেৰায়,
নেমানি বুজনি ভেটা, চকু-লো বেগায়।

—০—
দূৰণি।


দূৰণিত জোনবাই শুৱনী গাভৰু;
কৌশলে চপাই ধৰে,—লঠামূৰা লাৰু!
দূৰৈৰ পৰ্বত দেখোঁ, নিমজ শীতল;
ওচৰত,—জোপা, গছ, খলা-বমা থল।
আৰু যত দূৰণিত সৌন্দৰ্য্যৰ ভাতি,
হাতত পৰিলে আহি গাত-লগা মাটি।

—০—
পৰ।


কোন্ নো বুকৰ বাৰু, কোন্ বা নিলগ?
আটাইতে দেখোঁচোন দুতলীয়া-ঠগ।
পুৱাৰ কোমল বেলি বুকুৰ বান্ধই
দুপৰত ঘোৰ মুৰ্ত্তি, কাল-শত্ৰু হই!
সন্ধিয়া মিচিকি মাৰি দুখ পাহৰায়;
নিমিষে আনন্দ হৰে আন্ধাৰ ঘটাই।

—০—
মৰণ-ভাতি।


পুৱাত উষাৰ সন্ধিয়া দিনৰ হাঁহি;
এৰোঁতে ব্ৰজ্বক শ্যামৰ মোহিনী বাঁহী;

[ ৩৪ ]

সুমাবৰ আগলিত চাকিৰ কঁপনি।
এৰোঁতে জীৱনে দেহা চকু-পিৰিকনি।
বিদায়ৰ পিচলই বেঁকা চাহনিটি;
জেউতিৰ জালি কাটি আছে ফুটি ফুটি।

—০—
পাচত।


ছয়াঁ চাই ৰং পোৱা মধু বয়সত,
পাঙিছিলোঁ, বৰ হলে, নানো অভ্যাসত।
এতিয়া দেখিছোঁ দেখোঁ, তাতেই হে ধৰোঁ;
দেহা গল, আছে ছয়াঁ, স্মৃতি পূজা কৰোঁ।

—০—
নেদেখাত।


দেখি থকা চিনা ৰূপ আছিল আগতে,
লগা নাই এনে দৰে, মন-প্ৰাণ সতে!
ৰিণিকি ৰিণিকি দেখা দূৰণিত আগে,
আহে আন, সিটি ৰূপ দেখোঁ দেখোঁ লাগে।

—০—
বুজন কালত।


জোনৰ তুলসী-ছাঁত মৃগ-পহু-চৰা,
চাইছিলোঁ হেঁপাহেৰে মন-প্ৰাণ-হৰা;

[ ৩৫ ]

এতিয়া কলিৰ দেখোঁ দিব্য চকুযোৰে,
আন্ধাৰ গাঁতত নি একো নাই কৰে।

⸺০⸺
আশ্বাস আৰু বিশ্বাস।


বিচাৰি নেপাই পাচে, মঙ্গলতী মুখে।
‘ওচৰতে আছে’ শুনি বহিলোঁহি সুখে।
আশ্বসেত সনা মউ হল বিষময়,
নিঠুৰ সত্যৰ মুখে আশাহত হই!

⸺০⸺
মিঠা আৰু তিতা।


মিঠাই সঁহাৰি কয়, “তিতা হে তিতা,
অৰুচি, ঘৃণিত, ত্যাজ্য, তোৰে সতে মিতা।”
প্ৰত্যুত্তৰ তিতা’কায়ে দিলে গহীনাই−
“মোকে স্মৰি মাথো তোক চিনে মোৰ ভাই।”

⸺০⸺
ক্ষণে বন মাতে।


তাহানিয়ে ডাৱৰীয়া ভৰদুপৰত,
বাজিছিল এটি বাঁহী উদাস সুৰত।
বাঁহী নাই, আছে আজি বতৰ সমান,
বাজে একে সুৰ, মাতে সিক্ষণৰ কাম।

[ ৩৬ ]

নিৰাশ।


বাজমনে কয়, আৰু নলওঁ বাতৰি,
অৱশ শৰীৰ মন বৃথা চেষ্টা কৰি!
ভিতৰি মনৰ মনে গুণে গুৰ্ গুৰ্
দুনাই বিচাৰি জানো পাওঁ কিবা ওৰ?

⸺০⸺
কেঁচা আৰু পকা।


অকালত শৰীৰৰ ভগন পতন
দেখি, নিন্দে নিয়তীৰ নিয়ম বন্ধন।
পকি−জহি হাৰ−ছাল, পূৰ্ণ হলে কাল,
এৰিব নোৱাৰি দেহা নিদায় কপাল!

⸺০⸺
ডাঙৰীয়া


ডাঙৰ দীঘল দেখোঁ তাল-তামোলত
আপোন শোভাৰ হেতু দুটিমান পাত
ছঁয়া নাই জিৰণিৰ,−বাজে প্ৰাণে ব্যাথা,-
আশা কৰা ফল পোৱা নিলগৰ কথা।

⸺০⸺
আশাৰ নিবৃত্তি।


"পাম নে নেপাম" ভাবে ঘুৰি−পাকি চায়,
আশাৰ চাকিটি যেন ঘনে ধিমিকায়;

[ ৩৭ ]

সঁচাকে' যেতিয়া সিটি উলটি আহিল,
পূৰ্ণ তেজে জ্বলি চাকি নুমায়ে থাকিল।

⸺○⸺
পদুম আৰু গোলাপ।

পদুম গোলাপ দুয়ো লগালে বিবাদ,—
কোন্ ৰাণী, কোন্ দাসী?— বিষম প্ৰমাদ
ভাবুক কবিয়ে ভাবি খণ্ডালে অপায়,
হিয়াত দেখাই ধৰি দুহাত জঁপাই।

⸺○⸺
বিৱস্ত্ৰা।

সুগন্ধি সৌৰভ আৰু সৌন্দৰ্য্য সমল,
আঁচলেৰে ঢাকি ভোল কলি উতপল।
ফুলি পৰা ফুল পাহী,—গুপ্ত গুণ মেলি,—
বসন পেলাই হয় লাজে খেলি-মেলি!

⸺○⸺
অসহ্য বেদনা।

আটাইকে সহা যায়; মুৰ কামোৰণি,
পানী-গা-জ্বৰ আদি আতি অসহনী।
আহিলে কঁপনি জ্বৰ, বাত, শূল, আন,
একে দৰে অসজনী, একে ভাৱে টান।

⸺○⸺
[ ৩৮ ]
সাধুৰ পৰীক্ষা।

কমাওঁতে সোণ-বালি কত ছলা-জৰা,
কত ভাপে উতলনি কত তাপে পোৰা;
আৰু কত গঢ়া-পিটা, নাৰীৰ সমল;—
যতকে লাঞ্ছিত সোণ ততেকে উজ্জ্বল।

⸺○⸺
নিলাজী।

চোওঁতেই যায় মুদ্‌ জাপিকটা পাত,
লাজতেই পৰে জঁয় গাত দিলে হাত।
আদৰ্শ লাজুকী পোনা নাৰী-গুণে আৰু,
তথাপি নিলাজী নাম কোনে দিলে বাৰু!

⸺○⸺
মহতৰ ৰিজনি।

‘চন্দ্ৰতো কলঙ্ক আছে, আমি কোন্ ছাৰ!'
বুলি ঢাকি পাতলায় পাপ আপোনাৰ।
চন্দ্ৰই একেটি দোষ জগতে দেখাই
দুনাই নকৰা চিন্ নীৰৱে বুজায়।

⸺○⸺
প্ৰকৃত দুখ।

দৰিদ্ৰৰ খেদ আতি, নাই অৰ্থ-বল,
ধনীৰ ৰাখোঁতে ধন অশান্তি কেৱল।

[ ৩৯ ]

পাক খোৱাত বাজে নেলাগে, নেভাবে;
সভ্যতাই কেতিয়াবা চায় ঈৰ্ষাভাৱে!

⸺○⸺
সৰু আৰু বৰ।

জোনে কয় হাঁহি মাৰি, “ক্ষুদ্ৰ তই তৰা,
দেখ্‌চোন, কেনে মই উজ্বলিছোঁ ধৰা।”
তৰাই সম্ভাষে,—“আমি আতিকই সৰু,
আপোন দীপ্তিৰে নিতে সৃষ্টি শোভা কৰোঁ।

⸺○⸺
নিৰ্জ্জীৱৰ জীৱ।

সময়ে সমান ভাৱে আহে আৰু যায়,
অগণন কৰে কাম, গা নেদেখায়।
ঘৰীৰ একেটা কাম,—সময় দেখায়,
টক্ টক্ টক্ সদা, জীৱন্ত বোলায়!

⸺○⸺
যথাৰ্থ বল।

ঘোঁৰাৰ বেগত বাগী, বেগী নাম পাওঁ,
পৰৰ যশস্যা পিন্ধি গৌৰৱ বঢ়াওঁ!—
মোক যা বেগায় কোনে, নেভাবিলাঁ বাগি!
নিৰ্দ্দোষী ঘোঁৰাক কিয় কৰাঁ লাজ-ভাগী!

[ ৪০ ]
ঘূণত গুণ।

ভৰিত লাগিলে বোকা, ছি-ছি-ছা-ছা কৰি,
এছাৰত গাঁথি-ছিঙ্গা, নেৰেমানে সৰি;
বাটৰ বোকাক বাৰু পেলালাঁ ঘিণাই,
পথাৰৰ বোকা কিয়, মাটি কোমলাই?

⸺○⸺
অপকাৰে উপকাৰ মাতে।

নুবুজোঁ, ঈশ্বৰে কিয় কৰিলে সৃজন,
ৰাতিও আমনি কৰা মহ অবুজন!
বুজোঁ মই, মহে কয়, সাধোঁ উপকাৰ,
জহত চেঁচনি বিছ মাতোঁ বাৰম্বাৰ।

⸺○⸺
পৰম্পৰ উপকাৰী।

গছে বোলে, “লতা তোৰ জীৱনৰ খুটী
নহলে জীৱন মোৰ, কিযে তোৰ গতি।”
লতাই নীৰৱে কয়—পাই আতি ব্যথা,—
“নহলে লতাৰ পাত ৰ'দে মাৰে লেঠা।"

⸺○⸺
শকতৰ বিপদ।

দিনত ভুবৰি বন খছকাত মৰে,
ৰাতি হলে মূৰ তুলি পুনু ঠন্‌ ধৰে।

[ ৪১ ]

পৰিল উভলি যদি বৰ গছ গুৰি,
দাঙ্গিব নোৱাৰে মূৰ, নুঠে আৰু ঘুৰি!

⸺○⸺
গৃহিণী।

আৰ্জ্জিলাঁ যতেকমানে ধন-বস্তুবোৰ,
আছিলাঁ সাবটি তাক কৰি মোৰ মোৰ;
ন-অৰ্জ্জা এটীয়ে পাচে ললে আহি কাঢ়ি,
গিৰিসাই মোৰ বুলি থলেহি সামৰি।

⸺○⸺
ভাৰ্য্যা।

যত্নত মাতৃৰ সমা, ৰঙত ভনিটি,
সঙ্গত বিশ্বাসী বন্ধু, ভক্তিত সন্ততি,
সম্ভোগত সহভুগী; কোন্ সিটী বাৰু?—
অৰ্ধাঙ্গিনী প্ৰিয়ভাৰ্য্যা,— হব কোন্ আৰু?

⸺○⸺
বাৰু।

কতনা যতন হাঁয়, কত চিপিয়নি,
সই-লোৱা “বাৰু” কম নে নকম গুণি।
আধা কই নিৰুত্তৰ, তলমূৰে চোৱা,—
মৌনেৰে সন্মতি তাৰ ফুটাই নোকোৱা।

⸺○⸺
[ ৪২ ]
ৰোহ।

আনন্দৰ ওপচনি মিলন সোঁতৰ,
কেতিয়াবা পাৰ ভাঙ্গি কৰে অথন্তৰ।
ভেটা দি মাতে, ৰোহিনীয়ে পাতে ৰোহ,
ওফোন্দ-মিলত প্ৰণয়ৰ বাঢ়ে মোহ!

⸺○⸺
বান্দৰী।

বান্দৰীৰ বাওঁহাতে বাছি কেনে খায়!
সভ্যতাৰ খৰিকাই সৌন্দৰ্য্য ডুবায়।
ইতৰৰ স্বভাৱত আদিৰূপ তাহে,
মানুহৰ দেখি ধুন্‌ প্ৰকৃতিয়ে হাঁহে।

⸺○⸺
ছবি।

চউপাশে গছ, লতা, বন, ফুল কত;
দেৱতাৰ অনুৰূপী, নাৰী যত;
প্ৰতিপদে মানুহক এক্ষন্তেক নেৰে,
তথাপি অসুখী নৰে ছবি আঁকি মৰে।

⸺○⸺
আনন্দৰ সীমা।

চুপতিৰ বা পালে আছে ঠন্ ধৰি,
চেনেহৰ লেতুসেতু কুমলীয়া ঠাৰি;

[ ৪৩ ]

কথাত শিপাই কথা বাঢ়ে ৰঘুমলা,
আনন্দৰ কুঁহি ঠাৰি কৰে সি জুৰুলা।

⸺○⸺
মধুপুৰী।

গুণ্‌ গুণ্‌ গুণে মন, উৰি ঘূৰি চায়,—
মনোমত কত পায় জিৰণিৰ ঠাই!
আহিল উলটি পাচে বিশ্বৰাজ্য ঘূৰি,
স্বদেশৰ দৰে নাই পুণ্য মধুপুৰী।

⸺○⸺
প্ৰকৃত অনুভৱ।

প্ৰাণে প্ৰাণে আশা কৰা অভাৱৰ গুটী,
নাইনে পাবলই,—হিয়াৰ ধাউতি;
পাঙিছিল কত ভোগ, পূৰ হলে আশা,—
ছাতিলে গুটীৰে হিয়া;— পূৰ্ব্ব ভাব মিছা।

⸺○⸺
বনগুটী।

কাছুতিত লাগি ধৰি কৰে সি আমনি,
ভালপোৱা নাই তাৰ উদ্দেশ্য কৰি।—
প্ৰাণ দি মিলন ৰাখোঁ, স্বভাৱেই মোৰ,
নীচ মই বনগুটী , প্ৰেম-পুৰী-চোৰ!

⸺○⸺
[ ৪৪ ]
অকণি।

বিজুলী।—
বেঁকা এটি ৰেখা মাথোঁ, লয় ক্ষন্তেকত;
সৃষ্টিৰ সৌন্দৰ্য্য জিনে প্ৰতি ভমকত!

⸺○⸺

জিৰণি।—
ৰ'দৰ তাপৰ ঢল, অসহনি গাত,
জগতৰ শান্তি বন্ধা এজুপি ছঁয়াত।

⸺○⸺

সলনি।—
বিৰহৰ টান ছেপা দিনে শতবাৰ,
মিলনৰ আলিঙ্গন মুঠে' এটি বাৰ।

⸺○⸺

নুমলীয়া।—
বতৰৰ পকা ফল হেজাৰ সম্ভোগ,
নুমমীয়া একোটিত আতি আপুৰুগ

⸺○⸺

অতি ক্ষুদ্ৰ।—
পানীৰ অকণি ফোঁট, বৃষ্টিৰ কাৰণ;
পিতৃ বুলি মানে আৰু সাগৰ প্ৰধান।

⸺○⸺
[ ৪৫ ]

মহতৰ ক্ষমতা।—
বালিচাহী এটি পৰে হাতীৰ কাণত,
প্ৰতিকাৰ নাই তাৰ, বেদনা প্ৰাণত।

⸺○⸺

আদৰ।—
প্ৰকাণ্ড আকাৰে কত সৃষ্টি ভৰপূৰ;
সোণ-বালি বাছনিত কিয় তলমূৰ?

⸺○⸺

দুখীয়াৰ দান।—
ৰজাৰ অপাৰ শক্তি, লাখ হীৰা দান,
দুখীয়াৰ চৰা গান, একেমুঠি ধান।

⸺○⸺

ক্ষুদ্ৰৰ শক্তি।—
বৰ নৈৰ অহঙ্কাৰ,—গাওঁ-বন ভাঙে;
জুৰিটিৰ সমসোঁতে পাথৰকো খানে।

⸺○⸺

টকা আৰু কড়ি।—
টকাই কড়িক নিন্দে, বুলি কণা-কড়ি;
কড়িয়ে দুখিত তাৰে, টকা থাকে পৰি।

⸺○⸺
[ ৪৬ ]

সৰু-বৰ।—
পশুৰাজ বন্দী হাঁয়, জৰীৰ জালত;
নিগনিৰ ক্ষুদ্ৰ দাঁতে উদ্ধাৰে কালত।

⸺○⸺

ক্ষণ।—
দিনটো সম্পদে যায়, ক্ষণটো নাযায়;
ক্ষন্তেক ছেগত ধৰে বিপদে মেৰাই।

⸺○⸺

সৰুটি।—
ভোঁহৰক ধৰে ভেটি, সুৰুঙা নেপায়,
বেজী-আগে পায় বাট কঁঠাক ভেদাই।

⸺○⸺

কচুৱাত কোমলতা।—
ছাগৰ ডেডনি চোকা, অসুখ আমনি
ম'হৰ নাকনি মাত, মৰম বুজনি।

⸺○⸺

মূল-শক্তি।—
অকাই পাই বেঁতে ৰাখে জোৰা আটি
নহলে নিসিজে কাম ক্ষুদ্ৰ মোচোৰাটি।

⸺○⸺
[ ৪৭ ]

ক্ষুদ্ৰ পাক।—
যুগ, বৰ্ষ, মাহ, দিনে কালৈকো নৰয়;
মিনিটৰ টিপনিত সেও হই ৰয়।

⸺○⸺

পথাৰ।—
বিশাল পথাৰ জুৰি মুঠে' ধান-খেতি।
হিয়াৰ ওপৰে গজে ব্ৰহ্মাণ্ডৰ গুটি।

⸺○⸺

চেঁচনি।—
ক্ৰোধৰ অগনি বাণে চকু চমকায়;
মৰমৰ মিঠা মতে হিয়া কোমলায়।

⸺○⸺

বিদায়।—
'আহোঁ' বোলা সমিধান, বিদায় বচন;—
আবেগে বুজাই কয়, পুনৰ মিলন।

⸺○⸺

শেষ।—
'শেষ' নামে সামৰণ সাধনাৰ কাম;—
তাতে হে জনম পুনু 'আৰম্ভণ' নাম।

⸺○⸺

শেষ

⸺○⸺
[ ৪৮ ]
ওপৰঞ্চি।
⸺○⸺

লগাই-দিয়া।—
সংসাৰহাটৰ ভাও যেনে চৰাচৰি,
ওপৰঞ্চি টানি ধৰা তেনে বঢ়াবঢ়ি;
বেহায় যি লাখ টকা, আঁজলি ঘূৰায়;
সিকীয়া বেহাই টানে কড়া, ক্ৰান্তি পাই?

⸺○⸺

উপৰি-আলাপ।—
ভালেদিন পাচে দেখা, দীৰ্ঘ আলাপন
নহওঁতে এজনৰ, আনে আৰম্ভণ;
সংসাৰী উদ্দেশ্যে টনা বিদায়ৰ মল,
ওপৰঞ্চি আলাপত ঘূৰি নিমগন!

⸺○⸺

পুনশ্চ।—
হিয়াৰ ঠিহনি ভাব বাজত মেলাই,
পত্ৰৰ দুপিঠি জুৰি কাপেৰে চলায়;
নুফুটিল তথাপিতো হিয়াভৰা ভাব,
'পুনশ্চ' নহলমানে লিখা টীকা-চাব।

⸺○⸺
[ ৪৯ ]

বঁটা।—
লেকেটীয়া খাটনিৰ বৃত্তিভোগী প্ৰাণ,
জিৰণি নেদেখা দিন কটাই প্ৰস্থান।
দুই কামৰ নাম নসহে প্ৰাণত;—
এফেৰি বঁটাই তাকো সধায় পাকত।

⸺○⸺

অন্ত।—
'অন্ত' নামে সামৰণ হাতৰ সকাম,
চকু-মনে বান্ধে সীমা নাই বুলি আন;—
অনন্ত আশাই দেখে নেদেখা দেশত,
দুৰ-দুৰৈ হোৱা কিবা অলেখ লেখত।


[ ৫০ ]
উপৰি-ওপৰঞ্চি।
জুৰণি।

নিমাতী প্ৰকৃতি জুৰি জড়জগতত,
অব্যক্ত ভাবৰ হকে মুকলি দুৱাৰ;—
সজীৱ কবিতা সৃষ্টি ভাবুক প্ৰাণত,
নিৰ্জ্জীৱ কল্পনা কৰি জীৱ-সমিচাৰ।
প্ৰমত্ত প্ৰেমিকে পতা ৰূপহী ফুলনি
মহা উলাহত ফুলে জক্‌মক্‌ কৰি;
পৰাণ উন্মাদ তাৰ ভবিষ্য নগণি,
কবিতাৰ আঁচলত আবেগেৰে ধৰি।
সপোন ৰাজ্যৰ সেই সৌন্দৰ্যৰ পাহি
লেৰেলি মৰহি যায় বিৰহ তাপত;
নসহি মানিনী পাচে পুনৰপি আহি
সন্তৰ্পণে ফুলচাকি পিন্ধেহি থোপাত!—
প্ৰেমৰ অমিয়া চুহি,—কল্পতৰু জিনি,—
বিৰহ-পোৰণি মাৰে পিয়াই জুৰণি।

—○—
[ ৫১ ]
মাতৃ মোৰ।

জনম-জঠৰধাতৃ আই-মাতৃ মোৰ,
স্তনদাতৃ জীৱনৰ জীপ্‌ প্ৰদায়িনী;
পৃথিবীত মানৱীৰ প্ৰথমা মুখানি
প্ৰথম দৰ্শনে যাৰ, হল প্ৰাণ জুৰ।
মৰতত স্বৰগৰ স্নেহ উপভোগ,
জয়ে-জয়ে যাৰপৰা লাভ সংসাৰত;
পীয়ুসীয়া হিয়া চুমি জন্ম-ভাগৰত,
জুৰণি অমৃত পান, প্ৰথম সম্ভোগ;
যাৰ স’তে চাৰিচকু পোনে মিলা-প্ৰীতি,
—জগতীৰে কথা পতা চকুৱে-চকুৱে,—
সংসাৰৰ সুখ-দুখ, গুপ্ত ৰীতি-নীতি,
মায়া-মোহ, বিকাশিলে নিমাতীৰ ৰাৱে,
সেই মোৰ মায়াময়ী চেনেহী প্ৰসূতী;—
নমো নমো মাতৃ মোৰ নমোঁ তৱ পাৱে।

⸺○⸺
আইদেউ ‘আইকণ’।

মাতৃ-অনুকৃতি মোৰ প্ৰাণৰ ভনীটি,
আছিলাঁ জিলিকি, আই, 'সূৰ্য্য'-পোহৰত;
দাম্পত্যৰ ফললাভ পুত্ৰ-কন্যা দুটি;—
হেৰাল দুয়োটি হাঁয়, ঘোৰ অকালত।

[ ৫২ ]

আদৰ্শ গৃহিণী হই গৃহস্থী কৰম
চম্ভালি পৰোক্ষভাৱে থাপিলাঁ কৃতিত্ব;
সযত্নে পালন কৰি ভাৰ্য্যাৰ ধৰম,—
নাৰীৰ পৰম ৰত্ন অমূল্য সতীত্ব।
নহওঁতে বেলাভাটী; 'সূৰ্য্য'ৰ কিৰণে।
সংসাৰ জোনাক কৰি থাকোতে আদৰি,
আচম্বিতে আঁৰ কৰি ধৰিলে মৰণে।
আছোঁতে সতেজে দুয়ো দিনমান ঘূৰি;
অন্তৰ্দ্ধান অকালত নিয়তী-নিয়মে,
পতিপুত্ৰ নাতি-পুতি ঘৰ-বাৰী এৰি।

⸺○⸺


হেমচন্দ্ৰ গোস্বামী।

চনেট্‌ চানেকি আঁচি পোন্‌-প্ৰথমতে,
‘প্ৰকৃতিৰ চো-ঘৰ' চাই ‘পিত্‌‌‌‌-পিত্‌‌‌‌',
অসমীয়া সাহিত্যৰ ভঁৰালত থিত্‌‌‌‌
নতুন সম্ভাৰ এটি কৰিলাঁ লাচতে।
‘চানেকি' সংগ্ৰহ কৰি জাতি-সাহিত্যৰ
অসম সমল স'তে সতিনী থলত
বন্ধালাঁ যি ওখ দৌল ‘বিশ্ব’-মণ্ডপত,
চৰাব গৌৰৱ তৱ যুগ-যুগান্তৰ।

[ ৫৩ ]

‘কাকুতি’ তোমাৰ শুনি, প্ৰেমিকাৰ প্ৰতি,
‘বিজুলী বুকুত দেখি’ সেই ‘সোণলতা’,
নপমি নোৱাৰে,—যাৰ সুকৰুণ মতি।—
প্ৰতি পদে প্ৰতিভাত হোৱা কোমলতা;
বুৰঞ্জী-ভোমোৰা তুমি, পুৰণিত ৰতি,
সাধিলাঁ তাৰেই দেৱ মৰ্ত্য অমৰতা।

⸺○⸺


হৰিনাথ গগৈদেৱ।

আজীৱন লগৰীয়া হৰিনামী জন,
শৈশৱ, যৌৱন আৰু আদহীয়া প্ৰাণে;—
কোনো বা লগৰী, কোনো পাত্ৰ পুত্ৰসম,
কোনো বা নমস্য জন 'হৰি'-ৰূপী নামে।
জোঁৱাই জেউতি মোৰ ‘মাজিউ' সোণাই
হৰিনাথ গগৈদেৱ,—সোণালী বৰণ,—
বুকু জুৰ্‌ কৰি মোৰ আছোঁতে শুৱাই
নিদয়া নিয়তী আহি কৰিলে হৰণ!
বীৰ্য্যৰ প্ৰতিভা আৰু ধৈৰ্য্যৰ ধৰণী,
একাধাৰে সুলক্ষিত সুঠাম দেহত;
বাজত বীৰেন্দ্ৰ, ঘৰত ‘দুবৰি'-মণি;
সৰ্ব্বগুণাকৰ পুত্ৰ আজ্ঞাপালনত।
দেহা লই ৰূপ থই হৰি নিলে হৰি,
জীৱন্ততে মৰা মোক দিনকণা কৰি!

⸺○⸺
[ ৫৪ ]
ৰোহিণীকান্ত হাতীবৰুৱা।

ৰোহিণী নক্ষত্ৰ যেন ভাদ-অষ্টমীৰ,
জনমিলাঁ অসমত দেশভক্ত হই;
কৰিলাঁ প্ৰফুল্ল আহি ‘পদুম কুটীৰ',
দুদিনীয়া আলহীৰ ৰেহ-ৰূপ লই।
'স্বদেশ-হিতৈষী' নাম ৰই-বই যায়;—
গুপুত বাসনা মোৰ হল ধাৱমান
পাবলই পুত্ৰৰূপে,—তৃতীয় জোৱাঁই;—
পূৰ্ণ হল মনোৰথ, ললাঁ কন্যাদান।
কিন্তু, হাঁয়, নহওঁতে দুটি বৰ্ষ পূৰ,
সগৰ্ভা কুমাৰী ভাৰ্য্যা কৰি জীয়াবাঁৰী,
নিকৰুণ কালে আহি কৰিলে যে চুৰ,
সেউজীয়া অসমক কৰি এৰাবাৰী!
বিনায় সদৌৱে ধৰি সুমৰণ সুৰ,
তোমাক হৰিব দেখি অসম আন্ধাৰি!

⸺○⸺


মাণিকচন্দ্ৰ বৰুৱা।

সবাৰে উপৰি শ্ৰেষ্ঠ মণি-উপহাৰ
মাণিক, আপুনি তুমি। কি আছে আমাৰ,
উপহাৰ নামে ধৰোঁ তোমাৰ নামত,
ৰত্নৰ আকৰ মোৰ ৰম্য অসমত?

[ ৫৫ ]

আপোনাৰ কৰ্ম্মবীজ ৰুপিলাঁ আপুনি,
গছ হই ফুলে ফুলে শোভে সি ধৰণী;
গোন্ধত আমোলমোল, ফল উপভোগে
ঋণী কৰি জাতি ভাই থব যুগে-যুগে।
স্বাৰ্থত ‘স্বদেশ' কিন্তু ধৰ্ম্ম-ৰীতি যাৰ,
নোৱাৰে গুটাব সিটে ঋণ-উপকাৰ;—
আপোন পাহৰি যদি পাৰে সুমৰিব,
মূল এৰি সুদ-অংশ পাৰে বা শুজিব?
কৃতজ্ঞতা, জাতিভাব, গুণপূজা-ৰীতি,
নাই যদি কৰমত,—ৰ'ব ক'ত স্মৃতি।

⸺○⸺


লুকুৱা হাঁহি।

প্ৰকৃতিৰ ফুলি-উঠা বুকু উদিয়াই,
আধা আলো আধা ছাঁত জেউতিৰ খনি
প্ৰাণভৰি চাওঁ হাঁয়, বাৰজঙলাই,
চিক্‌মিক্‌ ৰূপলীলা, বৈদ্যুতিক মণি!
সমুখীয়া তিৰিপিতি নপৰোঁতে ওৰ,
এগলীয়া মনমোহা দীপ্তি দেখা পাওঁ;
সিগলীয়া জেউতিত সৌন্দৰ্য্যৰ ভৰ,
চকামকা ৰূপ চাই পমিয়েই যাওঁ!
পাকে পাকে ধৰা পৰে বেঁকা চাহনিটি,
মন-প্ৰাণ কাঢ়ি নিয়ে চকু-পচাৰতে;

[ ৫৬ ]

মিচিকি মিচিকি কঁপা বিম্ব-ওঁঠ দুটি,
কওঁ কওঁ কওঁ কথা, বুজাই ভাবতে!
কত শোভা লুকায়িত ঢোপা কলিটিত,
ফুলোঁ ফুলোঁ পাহীটিৰ লুকুৱা হাঁহিত।

⸺○⸺


সোণৰ সংসাৰ।

নল মৰে গাজ উঠে, জীয়ায় জাৰণি,
চন্ পৰা বননিৰ জেউতি চৰায়;
উলাহত পাহমেলা কুঁহি ঠাল-ঠানি
বাঢ়ি নিতে আশে-পাশে জোপাটি পূৰায়।
জীৱনৰ আদিছোৱা—শুদা লীলা-খেলা—
মাৰ গল যেবে ঘটি ৰূপান্তৰ তাৰ
নুশুকাল নলমূল, মৰি সেই বেলা,
পোনা-পোখা মেলি পুনু পুৰঠ্‌, সংসাৰ।
বাঢ়ে যেন বল তাৰ, অঙ্গবৃদ্ধি স’তে,
বাঢ়ি নিতে দাম্পত্যৰ পৱিত্ৰ সম্ভোগ;
জ্ঞাতি, জাতি, জন্মভূমি, ধৰা সমম্বিতে,
সম্বন্ধ চৰাই যেন ভুজোঁ নৰভোগ।—
বাঞ্ছা, হাঁয়, এই ভোগ নহওঁতে পাৰ,
পাৰ হওঁ পূৰ কৰি সোণৰ সংসাৰ।

⸺○⸺
[ ৫৭ ]
লগৰে অকল।

বিষয়-জঞ্জালে পোৱা পৰিয়াল মাজে,
আলাপ আলচে ভৰ সংসাৰ-সভাত,
গৰে কামত লগা মানৱ সমাজে
আজৰি নাপায় লেশ কৰ্ত্তব্য সধাত।
সাহিত্য, সমাজ, ধৰ্ম্ম, ৰাজনীতি লই,
কত আলোচন, কত আন্দোলন ঘোৰ,—
নিছিগা ধাৰেৰে বোৱা প্ৰবাহিত নই;
এফেৰিও নাই ছেগ অকলে ৰবৰ।
তাচ-পাশা, খেল-নাচ, হাঁহি-ধেমালিৰে
মত্ত লৰা, ডেকা, বুঢ়া আতি উলাহিত;
গান-বাদ্য, ভাবভঙ্গী, হাই-উৰুমিৰে
সংসাৰৰ মাজভাগ জোঁৱাৰে প্লাবিত।
তাৰোমাজে কোনোবাটি লগৰে অকল,
জনতাৰ মাজে থাকি নিজানৰ জ্ঞান।
অকলে নিৰৱে হাঁহে, ভাবত বিকল,
কিবা খেল, কিবা মেল, কিবা নাচ-গান।

⸺○⸺


অকলে লগত।

নিজান নিটাল, নাই প্ৰাণীৰ সঞ্চাৰ,
সংসাৰী লগৰী যত, বহু নিলগত,
নুশুনি আৰাৱ-ৰাৱ জীৱিকা-বেহাৰ;—
নিজম প্ৰকৃতি জীৱ বহু ভাগৰত।

[ ৫৮ ]

উঠা-পৰা হঁহা-কন্দা জীৱন-যুঁজৰ,
অশান্তিৰ নাই চিন্ ভৰ-দুপৰীয়া;
নাই কোনো লগৰীয়া কথা পাতিবৰ,
বিৰহী পৰাণ এটি অকলশৰীয়া!
আলাপত নাই ৰাপ্‌, বিলাস-নজনা,
সমাজৰ মাজ হই জীৱন্তে নোপোৱা,
নিবোকা চামোন সিটি, সততে বিমনা,
সঙ্গত্যাগী ৰঙ্গহীন সংসাৰ বেহোৱা,
আছে কোনো মুগ্ধপ্ৰাণ চিন্তালগৰীয়া,
সাবটি সাহিত্যচৰ্চ্চা উন্নতি কল্পত,
জীৱন উছৰ্গা কৰি ভৱ-ভাৱৰীয়া,—
জিৰাবৰ ছেগ নাই,—অকলে লগত।

⸺○⸺


উষা-হৰণ।

জুৰণি জেউতি মেলি পূব আকাশত,
অনিৰুদ্ধ-ৰবি-কায়া উজ্বলি উষাই
কোমল লাৱণ্য প্ৰভা পুৱঁতী মুখত
ধৰোঁতেই লয় পায় জীৱন জুৰাই।
কোমলে কোমল নিলি কুমলীয়া বেলি,
প্ৰেমৰ আবেগ মেলি যেই ধৰা দিলে,
হিয়াত হিয়াৰে দেহি চাওঁতেই মিলি,
উষাৰ কোমল কায়া হৰিয়েই নিলে!

[ ৫৯ ]

কাৰ কায়, কাৰ ছাঁয়া, হেৰাল চিনাকি,
দুটি কায়া একাকাৰ,—দৈৱিক মিলন—
যৌৱনত দক্‌মক্‌,— -থৌকিবাথৌকি—
পূবত মিলিত যোৰা পছিমে শয়ন।
সংসাৰ-সুখৰপৰা কৰোক বঞ্চিত ,
গুচোক সৃষ্টিৰ লীলা, মায়াৰ ঢাকোন,
মিলে যদি এনে সুখ,—অমৰবাঞ্ছিত—
পৱিত্ৰ মিলন মাজে সুখৰ মৰণ!

⸺○⸺


জীবন-সন্ধিয়া।

সমনীয়া লগৰীয়া, হেৰা 'ৰাজখোৱা'।
আত্মাই আত্মাক শুনে দেহদুৰ্গ ভেদি;—
তোমাৰ 'সন্ধিয়া গীত' নিলগত গোৱা,
গোৱাৰ আগেয়ে মই শুনোঁ কেনিবাদি।
মিলিছে তোমাৰে স'তে মোৰ সান্ধ্যগীত,
নাপাই বিচাৰি মনে সিপুৰীয়া পান,
মানৱী চকুৰে চাই,—চাই পিত্‌‌‌‌-পিত্‌‌‌‌—
যুক্তিৰ বুজনি মাথোঁ;—নাই একো আন!
আছোঁ বাৰু দুয়ো আজি ধৰাতে উমলি,
চেমনীয়া কাল ধৰি একে সমলেৰে;
কাইলই দেহী গুচি যাম কেনি চলি,
নাভাবিবাঁ, জানিছা নে সঁচা প্ৰমাণেৰে?

[ ৬০ ]

যুক্তিৰ ধৰম সাৰ মন-পতিউৱা,—
প্ৰত্যক্ষ প্ৰমাণ তাৰ দিবলই নাই;
নাপালে সন্ধান সেই পূৰী নো কেনুৱা,
কেনেকই বোলোঁ ‘ভাল'?—কোৱাঁ মোৰ ভাই।

⸺○⸺


নেদেখা-জন।

ত্ৰিভুবন-ভুবন-ভূবন-লাখকোটী,
ত্ৰিজগত-জগত-জগত-অধিপতি;
সৃষ্টি-স্থিতি-প্ৰলয়ৰ নিগূঢ় কাৰণ,
কোটী ব্ৰহ্মাণ্ডৰ স্বামী মাথোঁ একেজন।
কৰ্ম্ম আছে, কৰ্ত্তা নাই,—মানৱী চকুত—
নিদৰ্শন বৰ্ত্তমান-ভবিষ্যত-ভূত;—
বিদ্যমান চিন্‌-চাব আকাশে পাতালে
চামে-চামে দৃশ্যমান দিব্যদৃষ্টে চালে।
মানৱ গায়ক জিনি কীট্‌-পখী-নদী,
ভজন গাওঁতা আছে,—চিন্তি চোৱাঁ যদি,—
পৱনৰ আৰতি মৰ্মস্পৰ্শী স্বৰে
হৃদয় গহ্বৰ ভেজি বিয়াকুল কৰে!
বাহিৰে-ভিতৰে ভৰা,—কাৰ কীৰ্ত্তি কৰ্ম্ম?
মুক্তিমাৰ্গ পোহৰায়,—কাৰ পুণ্য ধৰ্ম্ম?
কাৰ হিয়া, কাৰ প্ৰাণ, কোন্ সি সুজন?
ক'ৰ তেওঁ, থিতে ক'ত?—নেদেখা সিজন।

⸺○⸺
[ ৬১ ]
কবি ৰবীন্দ্ৰনাথ।

ৰবীন্দ্ৰ কবীন্দ্ৰ আজি অমৰ সভাত,
'বাল্মীকি প্ৰতিভা' প্ৰভা প্ৰকাশি ধৰাত;
কালিদাস-পূজাভাগ সম্ভোগি জীৱন্তে
পুষ্প-অৰ্ঘ্য পৃথিবীৰ লভি অযাচিতে।
সাদৰৰ 'ৰবি বাবু’—ভাৰতবিদিত—
প্ৰতিভা প্ৰভাৰ গুণে পৃথিবী পূজিত;
‘সুমেৰু কুমেৰু' চুঁচি—'কণক আঁচল’—
‘স্তন’-ৰত্ন তাহানিয়ে কৰিলাঁ দখল।
থলাঁ কিবা, ৰল কিবা, কিবা বাকী আৰু?
কিহেৰে আদৰি তৱ যোগ্য মান ধৰোঁ!
অকণি ‘কণিকা আৰু 'ক্ষণিকা' ঠগত,
তোমাৰে চানেকি চাই ৰচা নিলগত,
‘জুৰণি’ আঁজলি ধৰি আছোঁ পাতি হিয়া,
লোৱাঁহি আসন ৰবি!—জীৱন-সন্ধিয়া;—
লাখ টকা ‘নবেলৰ’ বঁটা পূৰণত,
কড়া-ক্ৰান্তি যোগ মাথোঁ এই ওলগত!

⸺○⸺
[ ৬২ ]
লক্ষ্মীনাথ বেজবৰুৱা।

কান্দো-কান্দো মন-প্ৰাণ কান্দন ওলাই নাহে,
শোকাশ্ৰু উপচি পৰি, চকু-লো নিজৰি আহে!
ঘনে-ঘন নিশ্বাসত ভগা-বুকু ভাগি যায়;
দীঘলীয়া হুমুনিয়া’—অৰ্থ তাৰ অন্ত নাই!
মৰ্ম্মথল মষিমূৰ কৰি কিহে অসাঠন
কৰে আতি বিচাটন দগ্ধ দেহ-প্ৰাণ-মন!
নেদেখাত দেখি থকা প্ৰিয়তম লগৰীয়া,
সহধৰ্ম্মী সহযোগী সহকৰ্ম্মী সমনীয়া,
তনুত্যাগী হল বুলি বিজুলী-বাতৰি আহে;
অকলশৰীয়া ভেলা মোৰ বিষাদত ভাহে!
নামানে যে মনে মোৰ নাহে প্ৰাণে পতিয়ন,
খুহুটীয়া 'ৰসৰাজ’ স্বৰ্গী হোৱা বিজ্ঞাপন;
ৰাজ-বেজ বৰুৱাক মাৰে কোনে, সাধ্য কাৰ?
মৰিও অমৰ তেওঁ লেখনীৰে আপোনাৰ;
'অসমীয়া ভাষা' নাম আছেমানে জগতত,
'কৃপাবৰ' লক্ষ্মীনাথ অমৰ ই মৰতত।

সমাপ্ত।
[ ৬৩ ]
মোখনী।
নাৰায়ণী সন্দিকৈ।

গোহাঞিবৰুৱা-বংশজিলিকনি-জ্যোতি
—আছোঁতে উজ্বলি সন্দিকই বংশধৰ—
‘সোণফেৰি'!—নুমলীয়া প্ৰাণৰ ভনীটি!—
নিলগি সিপাৰ হলি নীল আকাশৰ।
‘বিনামেঘে বজ্ৰাঘাত',—'কান্ত’ৰ বুকত;
পুত্ৰ-কন্যা, নাতি-পুতি, অগ্ৰজৰ প্ৰাণ,
ঠৰ্‌মৰ্‌, খাই পৰে হই মৰ্ম্মাহত;—
জ্ঞাতি, জাতি, গুণগ্ৰাহী সৱো মৃয়মান্।
'নাৰায়ণী-সন্দিকই-মঠ্‌'—স্মৃতিচিন্‌—
থাকিল ৰখীয়া, আই! কীৰ্ত্তিৰাশি তোৰ
অনুকৃতি চিত্ৰস’তে—বিস্মৃতিবিহীন—
সহোদৰা স্নেহ আৰু অন্তৰত মোৰ।
সধৱা জীৱাত্মা তৱ পৰমাত্মালীন;—
নাই, হাঁয়, সমিধান এই চকুলোৰ!

⸺○⸺
[ ৬৪ ]
কমলাকান্ত বৰুৱা।

পিতৃ-অনুকৃতি মুখ,—'সূৰ্য তনয়',
মাতৃ-অনুকৃতি ওঁঠ,—'আইকণ’ ভনী;
তোৰো এটি ভনী স’তে পুত্ৰ-কন্যাদ্বয়
কৰি লাভ বিমোহিত জনক-জননী।
এৰি গল ভনীটিয়ে, অকালত সৰি,
ৰই গলি 'মইনা'টি টোপা থুপিটিত;
একেটি সন্তান তোকে আঁকোৱালি ধৰি,
সন্তাপিত পিতৃ-মাতৃ আতি হৰষিত।
কানসমনীয়া ডেকা হলি যেবে তই,
‘হাকিম’ বিষয়া-বাব,—পিতৃৰ সমান—
বাছনিত কৰি লাভ, যোগ্যতৰ হই,
ৰাখিলি সুদৃঢ় কৰি বংশৰ সুনাম।
আছোঁতে কুটুম্বে চাই তোৰ যশই,
আচম্বিতে অন্ত তোৰ তনুটি সুঠাম।

⸺○⸺
[ ৬৫ ]
সত্যনাথ বৰা।

সত্যকই সত্যনাথ সাহিত্য-সেৱক,
মাতৃভাষা-মজিয়াত পীৰা পাৰি লিখা
নিমজ নিভাঁজ ঠগে' জাতীয় লেখক;—
স্বদেশীয়া দাপোনত আত্মৰূপ দেখা।
ভাবত গভীৰ সুৰ, ভাষাত ঘৰুৱা,
বাজত সৰল সাজ, ভিতৰি জটিল;
প্ৰাচ্য-পছিমীয়া ঠাঁচ্‌, বিষয় সাৰুৱা,
চিন্তা-আলোচন নোহে অকণো কুটিল।
সাহিত্য-কঠীয়াতলি 'উষা’-'জোনাকী'ৰ
সেউজীয়া পথাৰত গ্ৰন্থ-ৰোৱা ৰই,
নদনবদন শস্য আই অসমীৰ,
ভৰালাঁ ভঁৰাল তুমি আদৰুৱাকই।
পাঙিছিলাঁ আৰু যিবা নেদেখা কালিৰ,
লগতেই লয় পালে অকালত অই!

⸺○⸺
[ ৬৬ ]
কমলাকান্ত ভট্টাচাৰ্য্য।

‘অগ্নি-কবি’ নামে তুমি অসম-বিদিত,
‘চিন্তানল’ চিতকাষে বহি যোগিবৰ।
গণি গণি পূৰ্ব্বকীৰ্ত্তি আঁখি উন্মিলিত,
হিয়াত উতলা ভাব তাপিত প্ৰাণৰ!
ৰিঙিয়াই চউপাশে—ভৈয়ামে পৰ্ব্বতে,—
তুলিছিলা প্ৰতিধ্বনি জাতি উটঙ্গাই;
এলাহ-টোপনি ভাঙ্গি, নিন্দাবাণী স’তে,
ভ্ৰমি বহু কীৰ্ত্তিস্থল,—নুশুই-নেখাই!
অভিজ্ঞানবিশাৰদ,—দাৰ্শনিক কবি,
আছিলাঁ বিতৰি আৰু মৌলিক চিন্তাৰ
প্ৰখৰ ময়ুখ মথি,—সন্ধিয়াৰ ৰবি,—
আত্মতত্ত্ব পৰমাৰ্থ জ্ঞানৰ বিস্তাৰ।
আছোঁতে চৌৰাশী বৰ্ষ নিবোকীয়া ছবি,
টুপুৰাই মাৰি বুৰ পালাঁগৈ সিপাৰ।

মোখনী সম্‌পূৰণ।


কমতাপুৰ ধ্বংস কাব্য (page 3 crop).jpg


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)