এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জুৰণি ৷
দীঘলীয়া খাল বাট গাঁৱৰ মাজত,
বাৰিষা উপচি বয় নই যখাৱত।
চোতালৰ পানী বই পানীপাত-ধাৰে,
খাল-নই ভৰে গই ফেনে-ফোটোকাৰে।
উলাহত বাল্যভাৱে হিয়াক ঢৌৱাই,
তিৰবিৰ কৰি বয় প্ৰত্যেক সিৰায়।
পানীৰ সোঁত চাই ভাব-সোঁত মোৰ,
মন-প্ৰাণ উচটাই ললে পাক যোৰ।
পটুৱাৰ ভুৰ বাৰি যাওঁ ভটীয়াই,
নাও বুৰি ৰং পাওঁ, পানী বঁতিয়াই।
সংসাৰৰ ভৰানাৱে ভৰি দিয়া পাচে,
এতিয়া দেখিছোঁ তাৰ সোৱঁৰণী আছে।
পাকত পৰিলে নাও কাৰোঁ কাওবাও,
হুমুনীয়া কাঢ়ি স্মৰোঁ সেই বুৰ-নাও।
জয়ে জয়ে ফৰমুটি, চিঠি-সামৰণি;
সমিধান আশা কৰি আছোঁ ক্ষণ গণি।
এদিন দুদিন হল ক্ৰমে তিন দিন,
সমিধান, ফৰমুটি, নাই একো চিন্।
বাজিল বিষম প্ৰাণে আশঙ্কাৰ শেল,
বাটলই চকু থিৰ, ধৰি দেহা তেল।
৬৯৩