এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গোহাঞিবৰুৱা-বংশজিলিকনি-জ্যোতি
—আছোঁতে উজ্বলি সন্দিকই বংশধৰ—
‘সোণফেৰি'!—নুমলীয়া প্ৰাণৰ ভনীটি!—
নিলগি সিপাৰ হলি নীল আকাশৰ।
‘বিনামেঘে বজ্ৰাঘাত',—'কান্ত’ৰ বুকত;
পুত্ৰ-কন্যা, নাতি-পুতি, অগ্ৰজৰ প্ৰাণ,
ঠৰ্মৰ্, খাই পৰে হই মৰ্ম্মাহত;—
জ্ঞাতি, জাতি, গুণগ্ৰাহী সৱো মৃয়মান্।
'নাৰায়ণী-সন্দিকই-মঠ্'—স্মৃতিচিন্—
থাকিল ৰখীয়া, আই! কীৰ্ত্তিৰাশি তোৰ
অনুকৃতি চিত্ৰস’তে—বিস্মৃতিবিহীন—
সহোদৰা স্নেহ আৰু অন্তৰত মোৰ।
সধৱা জীৱাত্মা তৱ পৰমাত্মালীন;—
নাই, হাঁয়, সমিধান এই চকুলোৰ!