এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰি পৰা হাঁহপাখি বিলৰ দাঁতিত,
আছিল নিষ্কৰ্ম্মা পৰি বননি পাটীত;
নাছিল চেতনা তাৰ, জাঁপখোৱা মুখ,
পিপাসাত দগ্ধ প্ৰাণ কৰে ঢুক্ ঢুক্।
গুণগ্ৰাহী নৰে তাৰ বুলি অন্তৰ্গুণ,
সযতনে আনি তাত দিলে ভাষগুণ।
জাঁপযোৱা মুখ ছিৰি দিলে জীপ্-পানী,
ভাবৰ নিশ্বাস টানি হল জীয়া প্ৰাণী।
উপকাৰী গুণ লই কৃতজ্ঞ অন্তৰে,
পান কৰি কালকূট অমৃত উগাৰে;
যাৰ হাতে পালে প্ৰাণ তাৰে বংশধৰ,
নিজে মৰি কৰে তাক মৰিও-অমৰ ।
ময়াপী ভাবৰ ধৰি উৰণীয়া পাখি,
জ্বলন্ত কীৰিতি আঁকে অমৰত্ব মাখি।
নিফুঁট হিয়াৰ ভাৰ, বৰণ বিহীন,
শূন্যত মিলেহি আজি, মাৰ যায় চিন্;
ক্ষন্তেকীয়া প্ৰাণ-বায়ু বাজলই আহি,
অনন্ত বায়ুত মিলি যায় কেনি ভাহি।
৬৮৭