এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জুৰণি
বেজাৰৰ বোজা।
পুত্ৰৰ বিয়োগ শোক কি যে অকথন,
পিতৃ-মাতৃৰ মনত আতি অসহন।
পোহনীয়া পখী এটি গল উৰি কেনি;
বৰাগী প্ৰাণত দুখ আতি অসহনী।
বুঢ়ীটীৰ কঁঠা শিয়া হেৰাল বেজীটি।
বেজাৰত ঠাই নাই, অসহনী অতি!
—০—
চকু-লো।
মনযোৱা দুখপাচি হিয়াত মেলাই,
ভাবনাৰ পিহনাৰে পিহি বিয়পাই,
সোৱঁৰণী পানীচলু চিপে চিপে ঢালি,
চকুৰ কোনক পাতি কৰমৰ থালি,
দীৰ্ঘ হুমুনীয়া ঢউ তুলি হৃদয়ৰ,
দুধাৰি চকু-লো বয়,—মুকলি অন্তৰ।
—০—
বুজনি।
সৰল সহানুভূতি বন্ধু বিলাপত
বুজাওঁ কতনা মেলি হিয়া-ভাগৱত;
কত যুক্তি বুজনিৰ, আৰ্হি পটন্তৰ,
মেলি ভাবোঁ, কৰোঁ চেঁচা তাপিত অন্তৰ।
৬৯৮