পৃষ্ঠা:জুৰণি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জুৰণি
৭১৬(ছ)
 
লগৰে অকল।

বিষয়-জঞ্জালে পোৱা পৰিয়াল মাজে,
আলাপ আলচে ভৰ সংসাৰ-সভাত,
গৰে কামত লগা মানৱ সমাজে
আজৰি নাপায় লেশ কৰ্ত্তব্য সধাত।
সাহিত্য, সমাজ, ধৰ্ম্ম, ৰাজনীতি লই,
কত আলোচন, কত আন্দোলন ঘোৰ,—
নিছিগা ধাৰেৰে বোৱা প্ৰবাহিত নই;
এফেৰিও নাই ছেগ অকলে ৰবৰ।
তাচ-পাশা, খেল-নাচ, হাঁহি-ধেমালিৰে
মত্ত লৰা, ডেকা, বুঢ়া আতি উলাহিত;
গান-বাদ্য, ভাবভঙ্গী, হাই-উৰুমিৰে
সংসাৰৰ মাজভাগ জোঁৱাৰে প্লাবিত।
তাৰোমাজে কোনোবাটি লগৰে অকল,
জনতাৰ মাজে থাকি নিজানৰ জ্ঞান।
অকলে নিৰৱে হাঁহে, ভাবত বিকল,
কিবা খেল, কিবা মেল, কিবা নাচ-গান।

⸺○⸺


অকলে লগত।

নিজান নিটাল, নাই প্ৰাণীৰ সঞ্চাৰ,
সংসাৰী লগৰী যত, বহু নিলগত,
নুশুনি আৰাৱ-ৰাৱ জীৱিকা-বেহাৰ;—
নিজম প্ৰকৃতি জীৱ বহু ভাগৰত।