পৃষ্ঠা:জুৰণি.pdf/৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭১৬(ঞ)
জুৰণি।
 

যুক্তিৰ ধৰম সাৰ মন-পতিউৱা,—
প্ৰত্যক্ষ প্ৰমাণ তাৰ দিবলই নাই;
নাপালে সন্ধান সেই পূৰী নো কেনুৱা,
কেনেকই বোলোঁ ‘ভাল'?—কোৱাঁ মোৰ ভাই।

⸺○⸺


নেদেখা-জন।

ত্ৰিভুবন-ভুবন-ভূবন-লাখকোটী,
ত্ৰিজগত-জগত-জগত-অধিপতি;
সৃষ্টি-স্থিতি-প্ৰলয়ৰ নিগূঢ় কাৰণ,
কোটী ব্ৰহ্মাণ্ডৰ স্বামী মাথোঁ একেজন।
কৰ্ম্ম আছে, কৰ্ত্তা নাই,—মানৱী চকুত—
নিদৰ্শন বৰ্ত্তমান-ভবিষ্যত-ভূত;—
বিদ্যমান চিন্‌-চাব আকাশে পাতালে
চামে-চামে দৃশ্যমান দিব্যদৃষ্টে চালে।
মানৱ গায়ক জিনি কীট্‌-পখী-নদী,
ভজন গাওঁতা আছে,—চিন্তি চোৱাঁ যদি,—
পৱনৰ আৰতি মৰ্মস্পৰ্শী স্বৰে
হৃদয় গহ্বৰ ভেজি বিয়াকুল কৰে!
বাহিৰে-ভিতৰে ভৰা,—কাৰ কীৰ্ত্তি কৰ্ম্ম?
মুক্তিমাৰ্গ পোহৰায়,—কাৰ পুণ্য ধৰ্ম্ম?
কাৰ হিয়া, কাৰ প্ৰাণ, কোন্ সি সুজন?
ক'ৰ তেওঁ, থিতে ক'ত?—নেদেখা সিজন।

⸺○⸺