সমললৈ যাওক

পৃষ্ঠা:জুৰণি.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জুৰণি
 

ভাবিলোঁ সিটীৰ হাঁয়, নিকৰুণ চিত,
নুবুজি কৰিলে জানো হিতে বিপৰীত!
থাকোঁতে ইদৰে হাঁয়, দোৱা-ভজা হই,
জীয়া ভাবে আঁকি “পালোঁ” পঠালে বান্ধই :—
প্ৰথমে ফুলাই 'প'ৰে এপাহী পদুম
'া' কাৰে আকুল-কৰা দিলে তাত গুণ;
‘ো' কাৰে সাবটি ধৰি 'ল'ৰে কৰি লয়,
মিলনৰ (৺) দিলে ফোঁট, প্ৰেম ভাষাময়।


ৰামায়ণ।

ৰাম নউ ওপজোঁতে ৰামৰ কাহিনী,
বাল্মীকি-নিজৰা ফুটি বলে পূণ্য নদী।
আদি ভাগে ৰঘুকুল, মাজে জনকৰ
ৰাজৰ্ষি তপস্যা ফলে তৰে বংশধৰ;
শেহ ভাগে ৰাৱণৰ পূৰ্ব্বকৰ্ম্ম ফলে,
সবংশে উচন কৰি গতি উদ্ধাৰিলে।
সামৰণি সমুখত হই তিনি ধাৰা,—
ভাৰ্য্যা, পুত্ৰ, ভ্ৰাতৃপ্ৰেম,—সংসাৰৰ মায়া
তিনটি নিছিগা ধাৰে বই তিনি নই,
ঢৌৱালে মোহৰ ভেলা পিচ যুগলই।
সাগৰ-সঙ্গম বেলা ৰাশিভেটা ভেদি,
আপোন হেৰাই মজে ভোল মহানদী।

বইছে, ব'বও কত যুগ-যুগান্তৰ,
আকৰ্ষণী সোঁতে টানি প্ৰাণ জগতৰ।

৬৯৪