গদা-পৰ্ব্ব

ৱিকিউৎসৰ পৰা
(গদা পৰ্ব্বৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
[  ]

অসমীয়া মহাভাৰত।

গদা-পৰ্ব্ব।



কবি ৺ৰাজমিশ্ৰৰ ভনিত।


এতিয়া
শ্ৰীখগেন্দ্ৰনাথ দাস শিক্ষকৰ দ্বাৰা
প্ৰকাশিত।


উত্তৰ লক্ষীম্‌পুৰ
বাঁহপাতী স্কুল।


শঁক ১৮২৫ ভাদ্ৰ।


বেচ ৷৶৹ আনা মাথোন।

[  ]
পাতনি।

 অসমীয়া মহাভাৰত “গদাপৰ্ব্ব” নামক এই পুথিখনি প্ৰকাশ কৰা গল। যি খনি পুথিৰ পৰা ইয়াক তুলিলো, সেইখনি পুথি একে বাৰেই বৰ্ণাশুদ্ধিৰে ভৰা। যেই কি নহওক দ্বিতীয় এখন পুথিয়ো পোৱা নগল। আৰু নকল কৰা পুথিখনি ঠায়ে ঠায়ে অগ্নি-ডাঙ্গৰীয়ায়ে। সংশোধন কৰিছিল। নোহোৱাত যেনিবা “কণা মোমাই- কে ভাল” বুলি কোনো মতে নষ্টোদ্ধাৰ কৰা গল। অতএব ইয়াত যে অনেক দোষ হৈছে তাক কবৰ সকাম নাই। সুহৃদয় পাঠক মহোদয় সকলে দোষৰ ভাগ অকল মোৰ গাতে নেপেলায়, তেওঁলোকেও অলপ গাপাটী লব। পৰমেশ্বৰে কৰিলে ভবিষ্যত লৈয়ো সেই খুট বিলাক গুছাম বুলি মনত থলোঁ। আৰু আমি এতিয়া পুথিত থকা শব্দ প্ৰায়ে লৰ চৰ কৰা নাই। যেনে শব্দ তেনেই আছে।

 কিন্তু দুখৰ বিষয় যে আজিলৈকে আমাৰ দেশৰ মহাভাৰতাদি পুথি পোহৰলৈ নোলাল। আমাৰ ভাষাৰ পৌৰাণীক মহাপুৰুষ সকলে লেখা যেনে—“মহাভাৰত, ৰামায়ণ, ভাগৱত” আদি পুথি নাইকীয়া নহয়। কিন্তু এতিয়া এলেহোৱা অসমীয়াৰ হাতত পড়ি সেই বিলাক হৈয়ো নোহোৱা হৈছে। ইয়াৰ ঘাই কাৰণ এলাহ
[  ] কিন্তু আমাৰ এতিয়াও দাডাঙ্গিবৰ সময় আছে। আমি লাগিলে যে নহব এনে নহয়, কেৱল জানিব লাগে যে, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, আৰু শুই থকা সিংহৰ মুখতো টোপ নপৰে। যদি ভদ্ৰমণ্ডলি সকলৰ পৰা উৎসাহ পাওঁ তেন্তে আগলৈ মহাভাৰতৰ অন্যান্য পৰ্ব্ব আৰু অন্য ধৰ্ম্ম পুথি পোহৰলৈ উলিয়াম বুলি আগ বাঢ়িছোঁ। কিমান কৃতকাৰ্য্য হব পাৰোঁ, তাক ঈশ্বৰেহে জানে।

 এই পুথিত গ্ৰন্থ কৰ্ত্তাৰ নামৰ বাহিৰে আৰু একো উল্লেশ কৰা নাই। এঠাইত “ৰাজমিশ্ৰ”, এঠাইত “কবিচন্দ্ৰ” এঠাইত দ্বিজোপনিষদ বুলি লেখা আছে। আমাৰ বোধেৰে “ভীষ্ম পৰ্ব্বৰ" পাতনিত কোৱামতে এইখনি পুথিৰো পদ “ৰাম সৰস্বতী” য়েই কৰি ছিল। তেঁওৰ গুণত মুগ্ধ হৈ ৰাজা প্ৰজা সকলোৱে গুণানো- সৰি একোটা নাম দিছিল। তাৰ প্ৰমাণ “বৰ্ণপৰ্ব্ব- বঘাসুৰ বধ, কুলাচল বধ, পুষ্পহৰণ” ইত্যাদিত পোৱা যায়। আমিয়ো অল্প বুদ্ধিৰে যিপাৰি লোঁ আৰু যি জানি জোঁ তাকে ৰাইজৰ আগত দেখাই ছোঁ। যদি কোনো সদাশয় মহাত্মাই এই মীমাংসাৰ কিবা ভুল দেখায়, তেন্তে কৃতজ্ঞতা প্ৰকাশ কৰিম।

 
উত্তৰ লক্ষীম্‌পুৰ
ঘিলামৰা
শ্ৰীখগেন্দ্ৰনাথ দাস।

[  ]
 

অসমীয়া মহাভাৰত

গদা-পৰ্ব্ব


 

শ্ৰীশ্ৰীকৃষ্ণয়ে নমঃ।

নাৰায়ণং নমস্কৃত নৰৈঞ্চব নৰোত্তমং।
দেবীং সৰস্বতৈঞ্চব ব্যাসং তত্ত্বোজয় মুদীৰয়েৎ॥

 

পদ।

জয় জয় কৃষ্ণ ভকতৰ ভয় হাৰি।
সন্তষ পালক অধৰ্ম্মৰ অন্ত কাৰি॥
ধৰ্ম্মৰাজা যুধিষ্ঠিৰ ভীষ্মক জনক।
ধৰ্ম্মৰ পালক পাটীলেক আসম্বাক॥ ১ ॥
কংশ, জৰাসন্ধ, শিশুপাল, দুৰ্য্যোধন।
দন্তবক্ৰ মহীপাল কৰিলন্ত চন্ন।
জীন ভৈল নিজ হাতে অসুৰ সংহৰি।
পাচে হৰিলন্ত ভাৰ বাঘ জৰি ধৰি॥ ২ ॥

[  ]

যুধিষ্ঠিৰ মহাৰাজা হৰিত ভকত।
দুনাই ৰাজ্য পাইল মাধৱৰ প্ৰসাদত॥
এক ৰথে সসাগৰা পৃথিবী জিনিল।
ৰাজসূয় যজ্ঞ কৰি বিষ্ণুক যজিল॥ ৩ ॥
অধৰ্ম্ম কৌৰৱ বহিলেক অৱশেষ।
শিশুপাল বধিয়া গুণন্ত হৃষিকেশ॥
মায়ায়ে মুহিত ভৈল ৰাজা দুৰ্য্যোধন।
মহালাজ ভৈল তিতি বসন ভূষণ॥ ৪ ॥
গৃহে গৈয়া শকুনিৰ হাতে জিনি পাশ।
ৰাজ্য কাঢ়ি লৈয়া পঠাই; আলছিয়া কাজ॥
মাধৱক পঠায়; মাগিল অৰ্দ্ধ ৰাজ্য।
পাঞ্চ গ্ৰাম মাগিলন্ত গোত্ৰ হত্যা কাজ॥ ৫ ॥
তথাপি নিদিলা দুৰ্যোধন মহাশয়।
“কৃষ্ণক সম্বোধি বুলিলন্ত ধনঞ্জয়॥” (১)
ভিক্ষা মাগি খাইবো হেন বুলিলা বচন।
গীতাত স্বধৰ্ম্ম কহিল সনাতন॥ ৬ ॥
আৰম্ভিলা যুদ্ধ মাধৱৰ অনুমতি।
প্ৰথমত পৰিলেক ভীষ্ম সেনাপতি॥
পাচৰ যুদ্ধত দ্ৰোৰ্ণ পৰিল নিশ্চয়।
পাচে কৰ্ণ সেনাপতি গৈল যমালয়॥ ৭ ॥

[  ]

অনন্তৰে শৈল্য সেনাপতি যুগ্ধ দিলা।
সসৈন্য সহিতে ৰাজা যমঘৰে নিলা॥
হস্তি ঘোঁৰা পদাতি সকলে কৈলা হত।
চাৰি মহাৰথি মাত্ৰ এৰাইল ৰণত॥ ৮ ॥
কৃপ, কৃতবৰ্ম্মা, অশ্বত্থামা, দুৰ্যোধন।
ৰণ হাৰি চাৰিয়ো ভৈলন্ত দুখমন॥
মহামন দুখে দুৰ্য্যোধন নৃপবৰ।
ৰহিলন্ত গৈয়া দ্বৈপায়ন সৰোবৰ॥ ৯ ॥
যদি পাণ্ডৱৰ হাত পাৰোঁ এবাইবাক।
তপ কৰি আৰাধিবো শঙ্কৰ গোঁসাইক॥
স্ত্ৰীৰ ক্ৰন্দ শুনি নাথাকো নগৰে।
এহি বুলি গৈলা দ্বৈপায়ন সৰোবৰে॥ ১০ ॥
শুনিয়োক “কথা জন্মিজয় নৃপবৰ”।
যেন মতে ৰণজয় ভৈলা পাণ্ডৱৰ॥
সঞ্জয় বদতি ধৃতৰাষ্ট্ৰ নৃপবৰ।
সন্ধ্যাকালে ৰণ জয় ভৈলা পাণ্ডৱৰ॥ ১১ ॥
অষ্টাদশ দিনমান কৰি ঘোৰ ৰণ।
সন্ধ্যাকালে ভঙ্গ দিয়া গৈলা দুৰ্য্যোধন॥
হেন দেখি পাণ্ডৱে খেদন্তে যায় ধায়।
মহাৰথিগণ সমে নগৰ বেৰাই॥ ১২ ॥
ঢাক ঢোল জয়বাদ্য প্ৰজাৰ আস্ফাল।
হস্তি ঘোঁৰ চিহঁৰয় প্ৰজা কৰে ৰোল॥

[  ]

পসাৰী সমাৰী যোগনীয়া বৃত্তিয়াৰ।
বৈদ্যসমে, গঢ় গঢ়া যতেক কমাৰ॥ ১৩ ॥
বোজ বীৰা বান্ধে কতো কৰে ৰিঙ্গৰোৱা।
দদা খুড়া বাপ ভাই শীঘ্ৰে বাজ হোৱা॥
এতেকতে সবে দেখে আসে ভগনীয়া।
বোজা এৰি প্ৰাণ ৰাখি পলাই লৱাৰীয়া॥ ১৪ ॥
আৰাৱে কান্দয় শিশু হেম্বেলাৱে গাই।
কুকুৰে ভোকয় নিশি নিয়ম নপাই॥
কেহোঁজনী বোলে বাই পলাঁও আপোনে।
ময়ে যাব নোৱাৰোঁ শিশুক নিব কোনে॥ ১৫ ॥
ৰণত পৰিল স্বামী দেৱৰ জেঠাল।
কোথা যাইবো কোনে কৰিবেক প্ৰতিপাল॥
বিধৱাৰ পুত্ৰ তেসে আসা সৰ্ব্বকাল।
পুত্ৰসমে ইঠাইত মৰণৰ ভাল॥ ১৬ ॥
এহিমতে কান্দে কৌৰৱৰ নাৰীগণ।
ৰাজাৰ ওঁৱাৰি সবে স্ত্ৰীৰ উপসন্ন॥
নাহি দুৰ্য্যোধন ৰাজা গৈল কোন ঠাই।
চতুৰ্ভিত্তি গৈলে প্ৰজা বিচাৰিবে লাই॥ ১৭ ॥
নগৰ যে গ্ৰাম গিৰি গুহা নদী বন।
সবে ঠাই শুনিমাত্ৰ প্ৰজাৰ ক্ৰন্দন॥
কৃপ কৃতবৰ্ম্মা অশ্বত্থামা তিনি বীৰ।
প্ৰজাৰ ক্ৰন্দন শুনি নসহে শৰীৰ॥ ১৮ ॥

[  ]

বীৰহুয়া আমি পলায় থাকিলোহোঁকিক।
প্ৰজাৰ ক্ৰন্দনে আমা সাৰধিক ধিক॥
এহি বুলি ৰাজাৰ পাশক গৈলা চলি।
যৈত গদা ধৰি আছে দুৰ্য্যোধন বলী॥ ১৯ ॥
মহাবেগে কৰি বীৰে গদাৰ মণ্ডল।
তিনি প্ৰহৰৰ পথ অন্তৰাই জল॥
দুৰ্য্যোধন ৰাজাৰ গদাৰ লাগিপাক।
ফুৰিবে লাগিলা জল কুমাৰৰ চাক॥ ২০ ॥
পাক ছাপি যেতিক্ষণে চাপি আসে জল।
দুনাই আসি কৰে বীৰে গদাৰ মণ্ডল॥
এহিমতে জল মাঝে আছা দুৰ্য্যোধন।
দেৱসিদ্ধ মুনিৰ বিস্ময় দেখিমন॥ ২১ ॥
কৃপ কৃতবৰ্ম্মা অশ্বত্থামা তিনি বীৰ।
দুৰ্য্যোধন ৰাজাক মাতন্ত ধীৰে ধীৰ॥
শুনা গদা-পৰ্ব্ব পদ সন্তষিত মন।
ব্যাসৰ বচন ছয় অমৃত সমান ॥ ২২ ॥
কবিৰাজ মিশ্ৰে কহে মুকুতি উপায়।
বোলা ৰাম ৰাম আতপৰে গতি নাই॥ ২৩ ॥


[ ১০ ]
 

দুলৰী।

কৃপ নিগদতি, শুনা মহামতি,
কুৰুৰাজ দুৰ্য্যোধন।
আমি বিদ্যমানে, তোমাসাৰ স্থানে,
প্ৰবেশিলা বন্ধুগণ॥
স্ত্ৰী শিশুচয়, আৰাৱে কান্দয়,
তাক শুনি কেনে জীওঁ।
উঠা মহাশয়, নকৰিবা ভয়,
পুনৰপি যুদ্ধ দিওঁ॥ ২৪ ॥
বোলে দুৰ্য্যোধন, শুনা তিন জন,
অবৈৰ বান্ধৱ মোৰ।
ভীষ্ম দ্ৰোণ কৰ্ণে, আনো বীৰগণে,
কৰিলেক যুদ্ধ ঘোঁৰ॥
বিধিৰ বিপাকে, পাণ্ডৱে আমাক,
মাৰিয়া ৰাজ্য লৈলেক।
পাণ্ডৱগণক, জিনিবা ৰণত,
হেন বীৰ নভৈলেক॥ ২৫ ॥
ৰাখিবো জীৱন, আমি চাৰি জন,
শৰবিষে কাম্পে কায়।
যেহি হৌক ভাগ্যে, যুজিবাক লাগে,
থাকিয়ো ৰাতি জীৰাই॥

[ ১১ ]

শুনি গুৰু সুত, প্ৰতীজ্ঞা অদ্ভুত,
কৰিয়া বোলে বচন।
কৰি আছোঁ যত, যজ্ঞ তপ ব্ৰত,
সবে হোৱে মোৰ চন্ন॥ ২৬॥
যদি দুৰ্যোধন, উঠি কৰাৰণ,
নাহি মোৰ পাচভৰি।
জিনি ৰাজ্য পায়, শুনা মহাৰায়,
সমুখ সমৰ কৰি॥
শুনা সৰ্ব্বজন, এৰি আন মন,
ভাৰতৰ পদশুনি।
হিয়ে ৰূপ ধৰি, বোলা ৰাম হৰি,
তৰিৰা তেবে আপুনি॥ ২৭॥


 

পদ।

সঞ্জয় বদতি শুনা ব্যাসৰ নন্দন।
হেন কথা মাতে আছে ৰাজা দুৰ্য্যোধন॥
পশু মাৰি গৈল ব্যাধ জলপান মনে।
পাণ্ডৱ কাহিনি শুনি আছিলে শ্ৰবণে॥ ২৮॥
নিত্যে নিত্যে পশুমাৰি আনয় অনেক।
হেনকথা শুনি ব্যাধে গৈল নগৰক॥

[ ১২ ]

খুজি লুৰি পাগুৱে নপাইল দুৰ্য্যোধন।
“পাঞ্চ পাণ্ডৱৰ আতি ভৈল দুখ মন॥” ২৯॥
সেহিবেলা ভীমও কহিল ব্যাধ্যে কাৰ্য্য।
দুৰ্য্যোধন ৰাজা পলাই আছে জল মাজ॥
ব্যাধ মুখে শুনি ভৈলা হাৰিষ অপাৰ।
ব্যাধৰ কণ্ঠত পিন্ধাই লন্ত হেমহাৰ॥ ৩০॥
অদৰিদ্ৰ কৰিয়া দিলন্ত ৰত্নধন।
ৰাজাও জনাইলা যথা আছে দুৰ্য্যোধন॥
শুনি যুধিষ্ঠিৰৰ হৰিষ ভৈল মন।
মহাৰথিগণ সমে আসিলা তেখন॥ ৩১॥
অৰ্জ্জুন, নকুল, সহদেৱ ভীমসেন।
সোমক পাঞ্চাল দ’ল ধাইলা যম যেন॥
ধৃষ্টদ্যুন্ম্য, শিখণ্ডী, অপৰ যত ৰাজা।
যুদ্ধামন্যু, বিৰাট, সাত্যকি উত্ত মূজা॥ ৩২॥
মাধৱ প্ৰমুক্ষে আসিলন্ত যত বীৰ।
চত্তুৰঙ্গ দ’লে আসিলন্ত যুধিষ্ঠিৰ॥
হয় হস্তি থধ্বজ নচুৱায়ে দ্ৰণ্ড।
প্ৰজাৰ আৰাৱে বজাৱয় বাদ্য ভণ্ড॥ ৩৩॥
ঢাক, ঢোল, মৃদঙ্গ, বজাৱে কৰতাল।
মাদলি, উলি, ভবা, খুমছি, কাহাল॥
পল্লৱ, আনহ, ভেৰু, গোমোখ, ঝাঁজৰ।
বীণা, বেণু, অসংখ্য বজাৱে চাৰেংদাৰ॥ ৩৪॥

[ ১৩ ]

বীপঞ্চি বাৱয় সব মান্দল দোটুৰা।
শঙ্খ সিঙ্গা বায়া বঝাই নগৰৰ পৰা॥
পৰম প্ৰাৰম্ভে যুধিষ্ঠিৰ নৃপবৰ।
মহাবেগে পাইলা দ্বৈপায়ন সৰোবৰ॥ ৩৫॥
হেন দেখি কৃপ কৃতবৰ্ম্মা বুজি কাৰ্য্য।
অসাৱধানতে খেদি পাইলা ধৰ্ম্মৰাজ॥
কোন কৰ্ম্ম কৰোঁ অদেশিয়ো নৰেশ্বৰ।
দুৰ্য্যোধনে বোলে যায়ো বনৰ ভিতৰ॥ ৩৬॥
বট্ট মূলে ৰহিলা ৰাজাৰ ভিতি চাই।
হাঁহা দুৰ্য্যোধন ৰাজা কি ভৈল বিলাই॥
অসংখ্য নৃপতি যাক থাকে সেৱাকৰি।
দণ্ড চত্ৰ বিচিত্ৰ চামৰ কৰে ধৰি॥ ৩৭॥
যাৰ প্ৰতাপত হস্তি প্ৰমত্ত বাৰণ।
সিসে ৰাজা কিৰীটিয়ে চোৱে সিংহাসন॥
হেমদণ্ড ধৱল চামৰ কৰে ধৰি।
ৰাতি দিনে সেৱা কৰে অনেক সুন্দৰী॥ ৩৮॥
সুবৰ্ণ খাটত হুৱে যাহাৰ শয়ন।
সেৱা কৰি থাকে যাক ৰাজকন্যাগণ॥
মেৰু সমে খানা পৃথিবীৰ যত ৰাজা।
কোথা গৈল লক্ষ নৃপ কোটি কোটি প্ৰজা॥ ৩৯॥
গদা ব্যতিৰেকে আৰ একজনো নাই।
কিনো দুখী কৰি বিধি স্ৰজিলে বিলাই॥

[ ১৪ ]

বীৰত্ব কৰিয়া খেদি আসে পাণ্ডুগণ।
কোন ৰথি হৈবেবো সাৰথি হৈবে কোন॥ ৪০॥
হেন দুঃখ যানি মনে ৰৈলা তিনি বীৰ।
পাচে দুৰ্য্যোধনক দেখিল যুধিষ্ঠিৰ॥
কৌৰৱ ৰাজাৰ স্মৰি দাৰুণ কৰ্ম্মক।
মাতিবে লাগিলা ধৰ্ম্মে সম্বুধি কৃষ্ণক॥ ৪১॥
দেখিয়োক বল প্ৰভু কৌৰব ৰাজাৰ।
জলকে কৰিয়া স্থল আছে দুৰাচাৰ॥
গদাৰ পাত বেগে জল দূৰ কৰে।
তাত পলাই ৰহিলন্ত প্ৰাণৰ কাতৰে॥ ৪২॥
পলোৱা জনক খেদি মাৰিবাক দোষ।
দেখি ধৰ্ম্ম নৃপতি কৰন্ত অসন্তোষ॥
মাধৱে বোল দদা শুনা ধৰ্ম্মৰাজ।
নাজানাহা ধৰ্ম্ম কৰিবাহা কোন কাজ॥ ৪৩॥
প্ৰবৰ্ত্তি পথত বেদে কহে হেন কাজ।
ৰাজা নেমাৰিলে নুহি অকণ্টক ৰাজ॥
পৰম অধৰ্ম্মি দুৰ্যোধন দুৰাচাৰ।
অধৰ্ম্ম প্ৰবৃত্তি ভৈল অধৰ্ম্ম আছাৰ॥ ৪৪॥
হেলিলেক পিতৃ মাতৃ গুৰুজন বাক।
মনে মহা শ্ৰেষ্ঠ মানিলেক আপোনাক॥
নীতিক এৰিয়া বাক্য বুলিল ডাঙ্গৰ।
পিতামহ গুৰু বন্ধু মৰাইল সোদৰ॥ ৪৫॥

[ ১৫ ]

সপোনাৰ কাৰ্য্যে মৰাই সকল জগত।
প্ৰাণৰ কাৰে পৰি আছয় জলত॥
ইহাক মাৰিলে অন্যায়ত নাহি দোষ।
হেন জানি ৰাজা মনে এৰা অসন্তোষ॥ ৪৬॥
অন্যায় কৰি হৰি জিনাইলা দেৱক।
কপটে দৈত্যক মাৰি ভুঞ্জাইল ত্ৰৈলোক॥
ছলে বলে শত্ৰুনাশ কৰিবাক লাগে।
নৃপতিৰ শত্ৰুশেষ থৈবাক নালাগে॥ ৪৭॥
যদি ধৰ্ম্ম চাৰি তুমি নকৰাহা ৰণ।
তপ কৰি শৰীৰ এৰিব দুৰ্য্যোধন॥
গুৰুবধ জ্ঞাতিবধ প্ৰাণী কৈলাহত।
তাৰ প্ৰায়শ্চিত্ত কিবা কৰিবা বলত॥ ৪৮॥
বনবাসে আছিলাহা শাক আলু খাই।
ৰজা ভৈলে যজ্ঞদানে এৰাইবে পায়॥
যেন একনাৰী স্বামী সঙ্গে মৰে যায়।
চিতাহন্তে আধাপোৰা হুয়া পলাই যায়॥ ৪৯॥
তাইক দেখি সৰ্ব্বজনে বোলা হৰি হৰি।
ইমত তুমিয়ে হৈবা, আবে ক্ষেমা কৰি॥
কৃষ্ণৰ বচনে ধৰ্ম্মে সংশয় এৰিল।
মহা ক্ৰোধমনে সৰোবৰক বেঢ়িল॥ ৫০॥
কুৰু নৃপতিৰ ঘোৰ কৰ্ম্মক সুমৰি।
মাতিবে লাগিল যুধিষ্ঠিৰে কোপ কৰি॥

[ ১৬ ]

শুন শুন পাপি দুৰ্য্যোধন দুৰাচাৰ।
জলত পশিলি কেনে এৰি ৰাজ্যভাৰ॥ ৫১॥
পাঞ্চগ্ৰাম মাগিয়া পঠাইলোঁ মাধৱক।
নেদো বুলি যুজিয়া মৰাইলি বান্ধৱক॥
শুঁচী অগ্ৰে ভেদিবাক নেদিলাহা ভূমি।
এবে কেনে জলমাজে লোকাইলাহা তুমি॥ ৫২॥
ধিক ধিক তোহোৰ জীৱন অকাৰণ।
বীৰহুয়া এৰি কেনে প্ৰতিজ্ঞা বচন॥
সবকে মৰায়া জীৱে, নিন্দিত জীৱন।
দেশে দেশে শুনিয়া হাসিবে ৰাজাগণ॥ ৫৩॥
নিৰ্ম্মল যশস্যা তোৰ পুৰুষ খিয়াতি।
তাক কেনে এৰিলি বৰ্ব্বৰ পশুজাতি॥
দুৰ্য্যোধন বদতি শুনিয়ে যুধিষ্ঠিৰ।
অকাৰণে নিন্দস বীৰক হুয়া বীৰ॥ ৫৪॥
ৰণত ভৈলোহোঁ শ্ৰান্ত পৰাজিত বলে।
হয় হস্তি ৰথ মোৰ সেৱক সকলে॥
সেৱক বিনাই বিশ্ৰামত সুখ নাই।
সিকাৰণে জলমাঝে আছোঁহো লোকাই॥ ৫৫॥
যি বুলিলা বীৰ যশে ঢাকিল ধৰণী।
কুৰুকুলে জাত দুৰ্য্যোধন অগ্ৰগণি॥
পুৰুষ খিয়াতি সত্যবাদী বীৰসাৰ।
ই সব বচনে দদা কৰোঁ নমস্কাৰ॥ ৫৬॥

[ ১৭ ]

পৰ সেৱা নকৰোঁ নোবোলোঁ চাটুবাক।
ভৃত্যু হুয়া সেৱা মই কৰিবোহো কাক॥
মহামানি দুৰ্য্যোধন জগততে ৰাগী।
পলাই বাক লাগি মোৰ নাহি কয় বাগী॥ ৫৭॥
যুধিষ্টিৰে বোলে জানো তুমি মহামানি।
কুৰুক্ষেত্ৰ স্থানত নাহিকে একে প্ৰাণী॥
পুৰুষ পৰিল, আছে যত সেৱকিনী।
বহু ৰাজকন্যা আছে তোমাৰ ঘৰিণী॥ ৫৮॥
বিশ্ৰামক লাগি স্থান নাপাইলাহা ঘৰ।
অৰণ্যত পশি প্ৰবেশিলা জল বৰ॥
দুৰ্য্যোধনে বোলে আৰ আছে অভিপ্ৰায়।
ই কথা তোমাৰ মন্দ নেবোলো ককাই॥ ৫৯॥
যি কালত ভাৰতৰ যুদ্ধ আৰম্ভিলোঁ।
স্ত্ৰীৰ পৰশ সেৱা তৈসানী এৰিলোঁ॥
বিধৱাৰ পুৰি ভৈল আমাৰ নগৰ।
ক্ৰন্দন নুশুনি এথা আইলোঁ সৰোবৰ॥ ৬০॥
একেশ্বৰ ভৈলোঁ ৰথ পদাতি বৰ্জ্জিত।
তুমি যুধিষ্ঠিৰ বহু যুথপে সহিত॥
মাৰি সবে বীৰ, ৰাজ্য পাইলাহা সকলে।
অৰণ্য জলত তপ কৰিবোঁ একলে॥ ৬১॥
হেন শুনি যুধিষ্ঠিৰে মাতে ক্ৰোধ কৰি।
শুনিয়ে ভাৰত ডাকি বোলা হৰি হৰি॥ ৬২॥

[ ১৮ ]

দুলৰী।

যুধিষ্ঠিৰ ৰায়, কোপে কাম্পে কায়,
 বোলে শুন দুৰ্য্যোধন।
লোকে হাসিবাৰ, বাক্য দুৰাচাৰ।
 বোলস কিয় এখন॥
আঙ্গুলেক ভূমি, নেদো বুলি তুমি,
 প্ৰতীজ্ঞা কৰিলি বৰে।
কামোৰ ভেজাই, শিলা ধিলা পায়,
 তাককি শৃগালে এৰে॥ ৬৩॥
মহা বৈৰী সঞ্চি, নিজ ৰাজ্য বঞ্ছি,
 কৰিলি তই অন্যায়।
গুণি চোৱা মনে, দেখিবো আপোনে,
 পলাইলে আৰু নেৰাই॥
শকুনি কৰ্ণৰ,  ছুঙ্গি হিত কৰ,
 কাঢ়ি ৰাজ্য লৈলি মোৰ।
মই খেদি পাশ, গৈলোঁ বনবাস,
 দ্ৰৌপদী কি শত্ৰু তোৰ॥ ৬৪॥

[ ১৯ ]

ঝুমুৰী।

কেশত ধৰি টানি।  ৰাজ সমাজক আনি॥
আথানত লাঠি হানি।  নাঙ্গটাইলা বস্ত্ৰখানি॥ ৬৫॥
কদৰ্থিয়া আমাসাক।  উৰুত বৈসালি তাঙ্ক॥
বন্দিহুয়া সত্যজৰি।  চাই আছিলোঁ দুখ কৰি॥ ৬৬॥
ঘৰেক সাজিয়ালাৰ।  আমাৰ চিন্তিবে মাৰ॥
তাতে থৈয়া দিলি জুই।  ঘুমতিত আছোঁ শুই॥ ৬৭॥
বিষক খোৱালি ছলে।  বান্ধিয়া পেলাইলি জলে॥
আনো দুখ দিলি যত।  সুমৰি নপাওঁ অন্ত॥ ৬৮॥
আজি তাৰ শুজো মান।  কদৰ্থিয়া লৈবোঁ প্ৰাণ॥
যেন সৰ্পে ভয় পায়।  গৰ্ত্তত প্ৰবেশে যায়॥ ৬৯॥
জাগ দিয়া গাঁত খানি।  যেন দুষ্টে মাৰে প্ৰাণী॥
বিশেষত উপকাৰ।  কহোঁ শুন দুৰাচাৰ॥ ৭০॥
সবাহাৰে দ্ৰোহ কৰি।  গুৰু ভ্ৰাতৃ পুত্ৰমাৰি॥
মিত্ৰ বন্ধু কৰাই নাশ।  আপুনি জীবাক চাস॥ ৭১॥
সৰ্ব্ব ধৰ্ম্ম ভৈল নাশ।  নৰকত হৈব বাস॥
বীনাছ মৰণ ঐত।  তোৰ গতি আছে কৈত॥ ৭২॥
জানি ধৰ্ম্ম বাক্য সাৰ।  ওলাই আস দুৰাচাৰ॥
বোলে দুৰ্য্যোধন বীৰ।  শুনা দদা যুধিষ্ঠিৰ॥ ৭৩॥
যি বুলিলা ধৰ্ম্মবাক।  কোনে নো কৰাৱে আক॥
ভীষ্ম, ভগদত্ত, দ্ৰোৰ্ণ।  কৰ্ণ সম হুইবে কোন॥ ৭৪॥

[ ২০ ]

ই সবৰ মহাশোকে।  অন্তৰে পীড়য় মোকে।
আনো মিত্ৰ জ্ঞাতিকুল।  সবে ভৈল নিৰমূল॥ ৭৫॥
বিধি মোৰ ভৈল বাম।  থৈয়া যাইবে লাগে নাম।
আছিল উদয় বিধি।  ভুঞ্জিলোঁ সকলে সিদ্ধি॥ ৭৬॥
হস্তিনা পুৰৰ মাজ।  জম্বু দ্বীপ হেন ৰাজ॥
পাশা খেলাই জিনি পাইলোঁ।  তেহ্ৰয় বৎসৰ খাইলোঁ ৭৭
কৰিলোঁ বিস্তৰ ভোগ।  যত বস্তু দেৱ যোগ্য॥
আসাস্বত মৃত্যু লোক।  সুখ দুখ ভয় শোক॥ ৭৮॥
সবাৰে মাৰিব লাগে।  কিন্তু আমি যাইবো আগে॥
শুন শুদ্ধ বুধ নৰ।  পদ মহা ভাৰতৰ॥ ৭৯॥
কৃষ্ণৰ চৰণে মন।  নাচাৰিবা অনুক্ষণ॥
চাৰা ভাষ ভুষ কাম।  ডাকিবোলা ৰাম ৰাম॥ ৮০॥

পদ।

সময় বদতি শুনিয়োক কুৰুৰায়।
তযু পুত্ৰে কহি হেন মন্ত্ৰ অভিপ্ৰায়॥
বোলে শুনিয়োক যুধিষ্ঠিৰ নৃপবৰ।
নাহ মোৰ সুত ৰথ সেনা ধনুৰ্দ্ধৰ॥ ৮১॥
যুদ্ধৰ সম্ভাৰ মোৰ সবে ভৈল হত।
গদা গোট আছে মাত্ৰ কেৱলে হাতত॥

[ ২১ ]

অনিয়ম যুদ্ধ এৰি ধৰ্ম্ম কৰা সাৰ।
গদা যুদ্ধে ভঙ্গ আজি তোমাৰ আমাৰ॥ ৮২॥
কেশৱ সাত্যকি তোমা সাৰ পাঞ্চো ভাই।
একো একো কৰি আজি মাৰিবো কোবাই॥
আজি সভা পতি ছাই থাকা কৌতুহল।
দুৰ্য্যোধন ৰাজাৰ দেখিয়ে বাহুবল॥ ৮৩॥
শুনি হাসি যুধিষ্ঠিৰে বুলিলা বচন।
আজি দেখোঁ ধাৰ্মিষ্ঠ ভৈলাহা দুৰ্য্যোধন॥
অভিমন্যু পুত্ৰ মোৰ একেশ্বৰে পায়।
পশু হেন বেঢ়ি সবে মাৰিলি কোবায়॥ ৮৪॥
তথাপি কৰিবো আজি নিয়ম সমৰ।
আপোন ইচ্ছায়ে তই যাক লাগেব॥
একক ভঙ্গাইলে ভঙ্গ হৈবেক আমাৰ।
পুনৰপি হস্তিনাত ভুঞ্জ ৰাজ্য ভাৰ॥ ৮৫॥
হেন শুনি কোপে হৰি মাতে অল্প কৰি।
কিনো ধৰ্ম্ম নন্দন অজলা হৰি হৰি॥
নজানিয়া সীমা বন্ধ কৰা কিসলাই।
নতু হাবি আস পাশ আলুকচু খাই॥ ৮৬॥
যদি দুৰ্য্যোধনে বোলে বৰিলোঁ তোমাক।
গদা যুদ্ধে তুমি কি সমান হোৱাতাক॥
ধনঞ্জয়, নকুল, সাত্যকি, সহদেৱ।
গদা যুদ্ধে তাক আন সমনোহে কেৱ॥ ৮৭॥

[ ২২ ]

ভীমসেনে কিছু শিকি আছে মাত্ৰ গদা।
তূল্য পৰাক্ৰম দুইৰো জানা ৰাজাতদা॥
কিন্তু বনবাস দুখে ভীম ক্লেশ ভাৱ।
মহ ভোগ ভুঞ্জি দুৰ্য্যোধন পুষ্ট গাৱ॥ ৮৮॥
সঞ্জয় বদতি শুনা অম্বিকা তনয়।
পুনু দুৰ্য্যোধনে যুধিষ্ঠিৰক মাতয়॥
শুনিয়োক দদা যুধিষ্ঠিৰ ধৰ্ম্মৰাজ।
অল্প বলী বীৰক যুজিবে মোৰ লাজ॥ ৮৯॥
নকুল সহদেৱ পাঞ্চালৰ পুত্ৰগণ।
গদা পাকে উৰুৱাইবো যেন তৃণ বন॥
একে লগে গদা শিকি আছোঁ ভীমসনে।
দৃঢ় মুষ্টি প্ৰহাৰ মণ্ডল গদা শ্ৰমে॥ ৯০॥
ভীমক যুজিবো আজি দেখা বাহুবল।
পাচে সংহৰিবো পাণ্ডু পাঞ্চালৰ দল॥
গদা যুদ্ধে পাণ্ডৱক মোৰ কোন ভয়।
যাৰ গদা যুদ্ধ দেখি দেৱৰৰ বিস্ময়॥ ৯১॥
যুধিষ্ঠিৰে বোলে সাধু সাধু দুৰ্য্যোধন।
অক্ষৌহিণী সেনাক একলে দিলি মন॥
তোৰ বীৰ যশস্যা থাকিল মহীতলে।
ভীমসমে গদা যুদ্ধ কৰ বাহুবলে॥ ৯২॥
অজাত শত্ৰুৰ বাক্য শুনি সেহিতাল।
শালে যেন জলত কৰিলা উৰুস্ফাল॥

[ ২৩ ]

সত্য যুদ্ধে যশ থৈবে মনে কৰি জপ।
ফল পাৰিবাক যেন উঠিল কচ্ছপ॥ ৯৩॥
ৰজাৰ লোহাৰ গদা তুলি কৰি আগ।
জল হন্তে উঠি আসে যেন মত্ত নাগ।
চত্ৰৈ সম সুন্দৰ বিপুল ভূজ তাৰ।
স্থানে স্থানে প্ৰকাশে বত্ৰিশ অলঙ্কাৰ॥ ৯৪॥
কৈল্যাস পৰ্বত যেন জ্বলে দুৰ্য্যোধন।
অলঙ্কাৰ সব জ্বলে ৰত্ন মণিগণ॥
গদা ধৰি আসে বীৰ অদ্ভুত বিক্ৰমে।
দেখি ৰাজা সবে বোলে হেৰা পাইলে যমে॥ ৯৫॥
স্থিৰ হোৱা বুলিয়া আশ্বাসে বীৰগণ।
তথাপি ভয়ত প্ৰজা প্ৰবেশয় বন॥
কথমপি স্থিৰ ভৈলা মহা ৰথিগণ।
সবাৰৰ মাজত ঠিউ ভৈলা দুৰ্য্যোধন॥ ৯৬॥
কৰে গদা ধৰি বীৰে যিদিশক চাই।
তল মুণ্ড কৰি প্ৰজা পাচ গুছি যাই।
গদা ধৰি উৰ্দ্ধক ঝঙ্কাৰে দুই ভুজ।
চাহিৰে নপাৰি যেন মধ্যাহ্ণৰ সূৰ্য্য॥ ৯৭॥
মাধৱে বোলন্ত শুনা ৰাজা যুধিষ্ঠিৰ।
আক গদা ধৰি যুজিবেক কোন বীৰ॥
এক ভীমসেন বিনে আৰ কেহোঁ নাই।
যেহি দিকি চাৱে প্ৰজা ভাগিয়া পলায়॥ ৯৮॥

[ ২৪ ]

কৰে গদা ধৰি ধাৱে যেন দুই যম।
দানৱ মানৱ দেৱ তাতে নাহি সম॥
মাধৱৰ বচনক ভীম সেনে শুনি।
পৰম উৎসৱে বাজ ভৈলন্ত আপুনি॥ ৯৯॥
নকৰিবা ভয় প্ৰভু জগত নিবাস।
কৌৰৱৰ অন্তক আছোঁহো তযু দাস॥
যাৰ কক্ষত নষ্ট হুবে চৰাচৰ।
আপুনি সহায় যাৰ হেন গদাধৰ॥ ১০০॥
আজি মোৰ বীৰত্ব দেখিয়ো বাসুদেৱ।
মাৰোঁ দুৰ্য্যোধনক ৰাখন্তা নাহি কেৱ॥
হেৰা আসি পাইলোঁ দেখা গদাক উধায়।
ভীমৰ গদাৰ যশ কহে ঠাই ঠাই॥ ১০১॥
ধনুৰ্দ্ধৰ ধনঞ্জয় গদাধৰ ভীম।।
বধিলোঁহো জটাসুৰ ৰাক্ষস হিড়ীম্ব॥
বক কীচকক বধিলোঁহো জৰাসন্ধ।
আজি দুৰ্য্যোধনৰ কৰোঁহো সীমাবন্ধ॥ ১০২॥
এহি বুলি গদা ধৰি ভীম মহাবল।
ঠিৱ ভৈল বিক্ৰমে যেহেন হিমাচল॥
হেন দেখি জয় জয় কৰে সৰ্ব্বজন।
সাধু সাধু বুলি প্ৰশংসিলা ৰাজাগণ॥ ১০৩॥
ধন্য ভীমসেন বীৰ বংশৰ উদ্ধাৰ।
সাধিয়া দিয়োক জেষ্ট ভাইৰ ৰাজ্যভাৰ॥

[ ২৫ ]

এহি বুলি মাধৱে অনেক প্ৰশংসিলা।
মহাৰথিগণে ভীম বাহুক পূজিলা॥ ১০৪॥
আগৰ চন্দনে মালা দিলন্ত ব্ৰাহ্মণে।
উৰুলিৰ জোকাৰ দিলন্ত কন্যাগণে॥
যুধিষ্ঠিৰ প্ৰভৃতি আছন্ত যত ৰাজা।
প্ৰশংসা বচনে কৰিলন্ত বহু পূজা॥ ১০৫॥
সবাৰে সন্মত লৈয়া আশীৰ্ব্বাদ জল।
অষ্টগুণে প্ৰাণ দশগুণে তেজ বল॥
চাহিতে নপাৰি প্ৰকাশয় বৃকোদৰ।
পূৰ্ণিমাক লাগি যেন বাঢ়ে শশধৰ॥ ১০৬॥
যেন দধিছিৰ তেজে বজ্ৰ কৰি সাৰ।
বৃত্তাসুৰ বধক ধাইলন্ত পুৰন্দৰ॥
গৰ্জ্জিবে লাগিলা বীৰে বিক্ৰম বচনে।
শুনা ভাৰতৰ পদ সভাসদগণে॥ ১০৭॥
পৃথিবী উপৰে তীৰ্থ আছে যত মান।
সবাহাবে ফল পাৱে পুষ্কৰত স্নান॥
ভাৰত শ্ৰবণে ফল পাৱে ততোধিক।
দুষ্কৰ পুস্কৰ স্নান কৰি মৰে কিক॥ ১০৮॥
হেন জানি সাৱধানে শুনা সবে নৰ।
গদা পৰ্ব্ব হৰি কথা পদ ভাৰতৰ।
কবিৰাজ মিশ্ৰ কহে সংক্ষেপ কৰিয়া।
ৰাম ৰাম বুলি যায়ো সংসাৰ তৰিয়া॥ ১০৯॥

[ ২৬ ]

ঝুনা।

মহা কোপে ভীমে বোলে বচন।
শুনৰে কুলাঙ্গাৰ দুৰ্য্যোধন॥
কুলক নাশ কৰি, একেশ্বৰ।
কিশক পশিলি পাণী ভিতৰ॥ ১১০॥
সৰ্ব্বকালে সাঞ্চ আমাৰ বৈৰি।
কিমতে ক্ষেমিবো তাক সুমৰি॥
যো গৃহ দাহ বিহ খোৱাইলি।
ৰজস্বলা কালে ধৰি পাঞ্চালী॥ ১১১॥
বস্ত্ৰ কাঢ়ি লই বৈসালি কোলে।
আজি তাৰ মান সুজো সকলে॥
দুৰ্য্যোধনে বোলে শুন থুবুৰা।
কিসক অকাৰণে গৰ্ব কৰা॥ ১১২॥
আজিৰ যুদ্ধে যদি ৰহে প্ৰাণ।
কৰিবি পাচে হেন অভিমান॥
অন্যায়ে নসাধস যদি জয়।
ন্যায় যুদ্ধে কৰোঁ তোৰ প্ৰলয়॥ ১১৩॥
এহি বুলি ৰাজা গৈলন্ত ধায়।
আনো ৰাজা প্ৰজা আছে চাই॥
যুধিষ্ঠিৰ মোক্ষে আছা আবৰি।
শুনিয়ো ভাৰত ঘুষিয়ো হৰি॥ ১১৪॥

[ ২৭ ]

পদ।

সঞ্জয় বদতি শুনিয়োক অনোপাম।
সেহি বেলা তথাত প্ৰবেশ হলি ৰাম॥
চন্দ্ৰ যেন প্ৰকাশয় মুখে অল্প হাঁসি।
পৰম ঈশ্বৰ ৰাম মহা তীৰ্থবাসী॥ ১১৫॥
যুধিষ্ঠিৰ আদি ৰাজা আনো বীৰগণ।
প্ৰণাম কৰিয়া বল ভদ্ৰৰ চৰণ॥
কিসক আসিলা প্ৰভু কৰোঁ কোন কাৰ্য্য।
বলভদ্ৰে বোলে শুনিয়োক ধৰ্ম্মৰাজ॥ ১১৬॥
কুৰু পাণ্ডৱৰ শুনি যুদ্ধৰ কাহিনি।
মিত্ৰত বিৰোদ্ধ ভৈল হেন মনে গুণি॥
পুত্ৰতো অধিক শিষ্য কুৰু পাণ্ডুগণ।
কাৰ ভিতি হুয়া কাক কৰিবোহে ৰণ॥ ১১৭॥
এহি মনে গুণি মই মহা দুখ কৰি।
পুষ্যা নক্ষত্ৰত আইলোঁ গৃহ পৰিহৰি॥
প্ৰথমত স্বৰ্গ হন্তে গঙ্গা যৈত নামে।
তৈকে চলি গৈলোঁ তীৰ্থ সেৰিবাৰ কামে॥ ১১৮॥
কৌশিক, যে সৰায়ু, প্ৰয়াগ, গোদাবৰী।
কাশী, বিন্দু, সৰোবৰ, প্ৰটিচী, কাবেৰী॥
সৰায়ু, সুভী, পুষ্প বিশাল গোমতী।
গণ্ডকী, নৰ্ম্মদা, গঁয়া গঙ্গা ভাগিৰথী॥ ১১৯॥

[ ২৮ ]

পয়োসিনী, তাম্ৰপন্নি, যমুনা, নৰ্ম্মদা।
ব্ৰহ্মপুত্ৰ, প্ৰয়োশ্বিনী, কমলা, কামুদা॥
বাৰাণসী, গোদাবৰী, পুষ্প ৰণোমতী।
সবাকো স্নানিয়া আসি পাইলো সৰস্বতী॥ ১২০॥
পৰম প্ৰভাৱ যাৰ মহা পাপ হৰ।
ব্ৰহ্মশাপ এৰাইল যাহাত নিশাকৰ॥
এহি কথা শুনিয়া পুছন্ত জন্মিজয়।
কি মতে এৰাইল শাপ কহিয়ো নিশ্চয়॥ ১২১॥
বৈশম্পায়ণ বদতি শুনিয়ো জন্মিজয়।
সাতাইশ দুহিতা পাইল দক্ষ মহাশয়॥
চন্দ্ৰক দিলন্ত বিহা সমস্তে সুন্দৰী।
ৰোহিণীৰ ৰূপ শ্ৰেষ্ঠ সমস্তত কৰি॥ ১২২॥
নয়নে নিলয় তান কমলৰ পাশি।
পূৰ্ণ চন্দ্ৰ মণ্ডল নিন্দয় তান হাসি॥
নাসা তিল ফুল দন্ত মুকুতাৰ কান্তি।
কৰ্ণত কুণ্ডল হিয়ে শোভে হাৰ পান্তি॥ ১২৩॥
বহল হৃদয় তালফল স্তন ভাৰ।
ক্ষীণ মধ্য দেহ দেখি ডম্বৰু আকাৰ॥
মোলা নৰ পাৱ বাহু উৰু কৰি কৰ।
সুদীৰ্ঘ আঙ্গুলি নখ চন্দ্ৰ সম সৰ॥ ১২৪॥
চৰণ কমল গতি হংস যেন যায়।
প্ৰতি খোজে তেজ ফুটি পৰিল পৰায়॥

[ ২৯ ]

ভ্ৰুব যোগ দেখিয়া কটাক্ষ ৰঙ্গ মনে।
আপোনাৰ শৰচাপ থাপিলা মদনে॥ ১২৫॥
লৱনো পুতলী যেন দেখি কাম জ্বলে।
হেন মনে কৰে যে আলিঙ্গি লৈবো কোলে॥
যেহি অঙ্গে দৃষ্টি পৰে থাকে তাকে চায়।
মহামুনিগণো যাক দেখি মোহ যায়॥ ১২৬॥
সব কন্যা মধ্যে তাঙ্ক দেখিয়া সুন্দৰ।
মোহ হুয়া সম্বোধি মাতন্ত শশধৰ॥
অপ্ৰয়াসে প্ৰাণেশ্বৰী কৰাঁ আলিঙ্গন।
কোলাত বসিয়া কৰা বদন চুম্বন॥ ১২৭॥
তোৰ ৰূপ দেখি মোক পীড়ে ৰতিকান্ত।
স্তনযোগ মধ্যে বান্ধি কৰিয়োক শান্ত॥
হেন শুনি ৰোহিণী কটাক্ষ হাস্য কৰি।
মৃণাল সদৃশ দুই বাহু মেলি ধৰি॥ ১২৮॥
চন্দ্ৰো ধৰি বাহু মেলি স্তন জাণ্টি হিয়ে।
গাধ আলিঙ্গনে মুখে মুখে চুম্ব দিয়ে॥
দশন অধৰে পীড়ি মধু পিয়ে বসি।
চক্ষু মুদি থাকে বসি হৃদয় সন্তষি॥ ১২৯॥
খনোহৃদি নিল গায়া স্তন মৰ্দ্দে কৰে।
দুনাই মুখ চায়া দুয়ো আলিঙ্গিয়া ধৰে॥
কৰ্পূৰ তাম্বুল সঞ্চৰিল মুখে মুখে।
মহামন সন্তুষি থাকন্ত কাম সুখে॥ ১৩০॥

[ ৩০ ]

চন্দ্ৰক যে সুন্দৰী কোমল ভুজবলে॥
আঙ্কোৱালী মুখ চায়া থাকে কৌতুহলে॥
লাজ এৰি চন্দ্ৰমুখী চুম্বয় বদন।
বাত্তুল পৰায় বালা কামে মোহে মন॥ ১৩১ ॥
কুসুম শৰ্য্যাত ক্ৰীড়া কৰি দুইজন।
ঘৰ্ম্মজল বাজ হুয়া তিতিল বসন॥
ক্ৰীড়া অৱসানে নমি স্বামীক সুন্দৰী।
বিচিত্ৰ অনলে ঘৰ্ম্মজল বাজ কৰি॥ ১৩২ ॥
অমৃতৰ পানে বঢ়াইলন্ত গাৱে বল।
সুগন্ধিত জলে দেহা কৰিলা নিৰ্ম্মল॥
এহি মতে ক্ৰীড়ন্ত মনৰ অধিপতি।
ৰোহিণীত ৰৈলা, এৰি সমস্তে যুৱতী॥ ১৩৩ ॥
হেন দেখি দক্ষৰ মনত মহাতাপ।
ক্ষয় ৰোগ হৌক বুলি দক্ষে দিলা শাপ॥
এহি ব্ৰহ্মশাপে ক্ষয় ভৈলা নিশাকৰ।
হেন দেখি মনত অসুখ ত্ৰিদিশৰ॥ ১৩৪ ॥
সবে হস্তে গৈয়া পাচে দক্ষক পূজিলা।
তাসম্বাক চাই দক্ষে বচন বুলিলা॥
আপোনাৰ পাপে হেন চন্দ্ৰৰ বিলায়।
দুখ দিলে পৰক আপুনি দুখ পায়॥ ১৩৫ ॥
সৰে জীউ দিলো হো সুন্দৰ দেখি আগে।
সবাহানে স্বামী ভোগ কৰিবাক লাগে॥

[ ৩১ ]

সবে জীৱ এৰিলেক এগুটীক পাই।
তাতে সে দিলোঁহো শাপ হেনয় বিলায়॥ ১৩৬ ॥
দুখ দিলে পৰক আপুনি দুখ পায়।
পূৰ্ব্বৰ বচন এৰিবাক নোজোৱাই।
তোমাসাক চান্তেত ভো কিছু কৰোঁ ভাল॥
সবে কন্যা সমানে কৰোক প্ৰতিপাল॥ ১৩৭॥
পঞ্চদশ দিনে কলাক্ষয় বৃদ্ধি হৌক।
দুয়ো বাক্য সত্য হোক জগতে দেখোক॥
সৰস্বতী স্নানিলে গুছুক ক্লেশবিষ।
শুনিয়া চন্দ্ৰৰ ভৈলা পৰম হৰিষ॥ ১৩৮ ॥
সৰস্বতী স্নানি ভৈলা নিৰ্ম্মল আভাষ।
সেহি দিনা হন্তে নাম থাকিল প্ৰভাষ॥
যত মহাপাপ তান বতাসতে হৰে।
বিধিৱতে স্নানিলে মুকুতি পাৱে নৰে॥ ১৩৯ ॥
মাধৱৰ প্ৰিয়া জগমাতা বাঘেশ্বৰী।
জগত তাৰিতে মহাতীৰ্থ ৰূপ ধৰি॥
মাঘৰ পূৰ্ণিমা দিনা ষাৰ জল পানে।
ব্ৰত বিধি অনুসৰি সৰ্ব্বশাস্ত্ৰ জানে॥ ১৪০ ॥
হেন সৰস্বতী পুষ্প অতি যে পুষ্কৰ।
বিলম্ব লক্ষণ যে গন্ধৰ্ব্বতীৰ্থ সাৰ॥
সৰস্বতী মোক্ষতীৰ্থ ইসব কৰিলোঁ।
পাচে মৈত্ৰেৱৰ আশ্ৰমত প্ৰবেশিলো॥ ১৪১ ॥

[ ৩২ ]

বলভদ্ৰতীৰ্থ স্থান সংক্ষেপে কহিলোঁ।
পদ বাহুল্যক ডৰে আৰু নিলিখিলোঁ॥
বৈশম্পায়ণ বদতি শুনিয়ো জন্মিজয়।
ইসব বৃত্তান্ত কথা কহন্ত সঞ্জয়॥ ১৪২ ॥
শুনি ধৃতৰাষ্ট্ৰ ৰাজা পুনু পুছে কাৰ্য্য।
কহিলন্ত ৰামে শুনিলন্ত ধৰ্ম্মৰাজ॥
পাচে ৰামে যাক যেন বুলিলন্ত বাণী।
ভীম দুৰ্য্যোধনৰ যে যুদ্ধৰ কাহিনি॥ ১৪৩ ॥
সঞ্জয় বদতি ৰামে কহি হেন কাজ।
সম্বুধি বোলন্ত শুনিয়োক ধৰ্ম্মৰাজ॥
সৰস্বতী বিধিৱতে স্নান দান কৰি।
মৈত্ৰেয় আশ্ৰমে গৈলোঁ মন্যু পৰিহৰি॥ ১৪৪॥
ভাৰত পয়াৰ শুনা সভাসদগণ।
জল বুদ্‌বুদ্ যেন অথিৰ জীৱন॥
কবি চন্দ্ৰ বোলে যদি হিতকথা ধৰা।
ৰাম ৰাম বোলা তেবে ভৱনদী তৰা॥ ১৪৫ ॥

লেছাৰী।

বলোভদ্ৰ দেৱ নিগদতি,  শুনা যুধিষ্ঠিৰ মহামতি,
  মৈত্ৰেয় আশ্ৰমে নাৰদক লাগ পায়।

[ ৩৩ ]

নমস্কাৰ কৰি চৰণত,   কুৰু পাণ্ডৱৰ কথা যত,
  যুদ্ধৰ কাহিনি পুছিলো হো তাস্ক চায়॥
নাৰদে কহিলা কথা যত,  ভীষ্ম, দ্ৰোণ, কৰ্ণ, শৈল্য হত,
  ভুৰিশ্ৰবা, ভগদত্ত, জয়দ্ৰথ হত।
সেনা অষ্টাদশ অক্ষৌহিণী,  সবাকে মাৰিলা ৰণে জিনি,
  কুৰুনৃপতিৰ ভাই হত উন্নশত॥ ১৪৬ ॥
শোকে দুখে কুৰু নৃপবৰ,  গৈলা দ্বৈপায়ণ সৰোবৰ,
  নিন্দা বাণী তাঙ্ক বুলিলন্ত যুধিষ্ঠিৰ।
দুয্যোধন ৰাজা মহামানি,  সি কি সহিবেক নিন্দাবাণী,
  ঘোৰ গদা ধৰি সমৰ কৰিব বীৰ॥
গদাযুদ্ধে ভীম দুৰ্য্যোধন,  বেঢ়ি আছে ৰাজা প্ৰজাগণ,
  শিষ্যৰ সমৰ চাহিয়োক হলিৰাম।
নাৰদৰ বাক্য শিৰে ধৰি,  বিপ্ৰ সব নমস্কাৰ কৰি,
  আসিলোঁ শিষ্যৰ যুদ্ধ চাহিবাৰ কাম॥ ১৪৭ ॥
শুনি যুধিষ্ঠিৰ আদি ৰাজা,  পাঞ্চাল পাণ্ডৱ আদি প্ৰজা,
  বলোভদ্ৰ পাৱে প্ৰণাম কৰিলা বেঢ়ি।
যত আছে মহাৰথিগণ,  ভীমসেন ৰাজা দুৰ্য্যোধন,
  ৰামৰ চৰণে প্ৰণামিলা ৰণ এৰি॥
মহাৰথিগণে বোলে ৰাম,  কৈয়ো দুইহন্তৰ গুণগ্ৰাম,
  কোন কেন বীৰ কাৰ হৈবে ভঙ্গ জয়।
ৰামে বোলে দুয়ো একে সম,  শিক্ষাধিক একে পৰাক্ৰম,
  নিয়ম যুদ্ধত দুয়ো ভঙ্গ নুহি কয়॥ ১৪৮ ॥

[ ৩৪ ]

জানি যুধিষ্ঠিৰ শুনাবাক,  সমস্ত পঞ্চক বোলে যাক,
  তাক লাগি চলা দুইক যুদ্ধ কৰাইবাক।
তথা দেহা এৰে জিবাজনে,  সপ্তস্বৰ্গ পাৱে সেহিক্ষণে,
  মহাঋষিগণে কহিছন্ত মোক আক॥
বলোৰ বচন শিৰে ধৰি   উঠিলন্ত গিৰিসিত কৰি,
  সমস্ত পঞ্চকে পাতিল গৈয়া সমাজ।
শুনিয়োক সভাসদগণে,  ৰাম ৰাম বোলা ঘনে ঘনে,
  ভাবত কাহিনি কহে মিশ্ৰ কবিৰাজ॥ ১৪৯ ॥

পদ।

সঞ্জয় বদতি ধৃতৰাষ্ট্ৰ মহাৰায়।
সমস্ত পঞ্চকে যুধিষ্ঠিৰ চলি যায়॥
পঞ্চ শব্দ বজাৱয় প্ৰজা কৰে ৰোল।
তম্বুল শবদে নুশুনিয় মাত বোল॥ ১৫০ ॥
অসংখ্যাত ৰাজা প্ৰজা যান্ত চতুঃপাশে।
তাহাৰ মাজত দুৰ্য্যোধন ৰাজা আসে॥
নাহি ভয়ভিত যেন মত্ত গজ ৰায়।
কৈল্যাস পৰ্ব্বত যেন গদাক উচ্চায়॥ ১৫১ ॥
সমস্ত পঞ্চক গৈয়া পাইলা সামৰাজ।
তথাত পাতিলা গৈয়া বহল সমাজ॥

[ ৩৫ ]

দক্ষিণ দিশত সৰস্বতী নদী তীৰ।
সমাজ পাতিয়া ৰৈলা যত ৰাজা বীৰ॥ ১৫২ ॥
দুৰ্য্যোধনে মাত ভীমসেন আইস বুলি।
ভীমে ধাই গৈলা উপৰক গদা তুলি॥
তেজয় আটাশ যেন দুই মত্ত সিংহ।
প্ৰহাৰয় গদা ঘনে ঘনে দেই ৰিঙ্গ॥ ১৫৩ ॥
গদাৰ মণ্ডল কৰে ভীম দুৰ্য্যোধন।
চতুঃপাশে বেঢ়ি আছে ৰাজা প্ৰজাগণ॥
জয় ভীমসেন বুলি চৌপাশে আবৰে।
ধনুক টঙ্কাৰি আৰণত ছাটি মাৰে॥ ১৫৪ ॥
সত্ৰুসেনা মাজে দুৰ্য্য়োধন একেশ্বৰ।
ইন্দ্ৰ বৃত্তাসুৰে যেন বালি সুগ্ৰীৱৰ॥
ৰামৰাৱণৰ যেন বালি সুগ্ৰীৱৰ।
ভীম দুৰ্য্যোধন যুদ্ধ সেহি পটন্তৰ॥ ১৫৫।
ভীমে বোলে দুৰ্য্যোধন শুন দুৰাচাৰ।
অকাৰণে ৰাজ্য কাঢ়ি লৈলিহি আমাৰ॥
কুলক্ষয়ঙ্কাৰী কুলাঙ্গাৰ ধুমকেতু।
গুৰু পিতামহ মৰি গৈল তোৰ হেতু॥ ১৫৬ ॥
তা সম্বাৰ সদবুদ্ধি নধৰিলি তই।
তোৰ যম কাল ভৈল শকুনি মমাই॥
নীতিক এৰিলি বাক্য গুৰু গৌৰৱৰ।
শত্ৰুৰ মধ্যত আবে পশু হেন মৰ॥ ১৫৭ ॥

[ ৩৬ ]

অবৈৰক বৈ, শান্তি ভুঞ্জ তাৰ ফল।
আজি ৰাজ্যভাৰ এৰি যম ঘৰে চল॥
দুৰ্য্যোধনে বোলে শুন থুবুৰা দুৰ্জ্জন।
সমোখ সমৰে মোক নিন্দ অকাৰণ॥ ১৫৮ ॥
ৰাজ্যৰ নিমিত্তে যুদ্ধ ক্ষেত্ৰিয় জাতিৰ।
নিদাৰুণ কৰ্ম্ম ইটো নিৰ্ম্মাণ বিধিৰ॥
তাক নিন্দা বিকৰ্থনা কৰে যিবানৰ।
অকাৰণে লপে যিটো বুলিয়া বৰ্ব্বৰ॥ ১৫৯ ॥
বজ্ৰসম জটায়ু, সম্পাতি, বালিৰায়।
দেৱাসুৰৰ যুদ্ধ কৰে ৰাজ্য কেসেলাই॥
ক্ষেত্ৰিয় জাতিৰ ধৰ্ম্ম বিহিত বেদৰ।
তাহাক নেমানি কেনে, লপস বৰ্ব্বৰ॥ ১৬০ ॥
জয়তি পাণ্ডৱ পাঞ্চুভাইৰ একে তিৰী।
ৰাক্ষসী পতিত তই পাতকৰ গিৰি॥
যদি ভয় পায় কৰে সমোখ সমৰ।
আগে খৰ্ব্ব বোলে পাচে কৰয় কাতৰ॥ ১৬১ ॥
তাক নিন্দা বিকৰ্থনা কৰে সবে নৰ।
অকাৰণে লপে যিটো বুলিয়া ইতৰ॥
বজ্ৰসম গদা ধৰি আছোঁ তোক চাই।
তই হেন বীৰ শতেককো ভয় নাই॥ ১৬২ ॥
যদি বল আছে গাৱে দৰশ বিক্ৰম।
নুহি অকাৰণে কিয় লপ নৰাধম॥

[ ৩৭ ]

নোহো বক, কীচক, হিড়ীম্ব, জৰাসন্ধ।
মই দুৰ্য্যোধন ৰাজা পাৰোঁ তোৰ কন্ধ॥ ১৬৩ ॥
কৌৰক ৰাজাৰ হেন শুনিয়া বচন।
মহাক্ৰোধে বুলিবে লাগিলা ভীমসেন॥
শুন অৰে দুৰাচাৰ দুষ্ট কুলাঙ্গাৰ।
কোন যুদ্ধে ৰাজ্য কাঢ়ি লৈলিহি আমাৰ॥ ১৬৪ ॥
আজন্ম প্ৰভৃতি দুষ্ট কৰিলিহি যত।
তাৰ প্ৰতিফল দিবো আজি সমৰত॥
দুৰ্য্যোধনে বোলে পাপি শুনৰে থুবুড়া।
যুদ্ধ বিনে গৰ্ব্ব কেন কৰস বৰ্ব্বৰ॥ ১৬৫ ॥
দুৰ্য্যোধন নৃপতিৰ শুনিয়া বচন।
উচিত জানিয়া প্ৰশংসিল ৰাজাগণ॥
পাচে দুয়ো বীৰে গদা তুলি একবাৰ।
দুয়ো মহাক্ৰোধে দুই গাৱত প্ৰহাৰ॥ ১৬৬ ॥
গদাক পাটীয়া দুইৰো দুয়ো কোব ধৰে।
দুইকো দুই গদা প্ৰহায় ঠাট্‌ কৰে॥
অগনি বজাৱে গদা পৰিয়া গদাত।
বজ্ৰৰ ওপৰে যেন পৰে বজ্ৰপাত॥ ১৬৭ ॥
দুইৰ দুই গদাক ফুৰাৱে চক্ৰাকাৰে।
চিদ্ৰ পাইলে দুয়ো দুহান্তক কোব মাৰে॥
পৃথিবী উপৰে হেন বীৰ নাহি আৰ।
কুৰু নৃপতিৰ মাৰ সহিবে গদাৰ॥ ১৬৮ ॥

[ ৩৮ ]

ভীম ব্যতিৰেকে পৃথিবীত বীৰ নাই।
যাৰ গাৱে পৰি গদা অগনি বজাই॥
জৰাসন্ধ, শৈল দুৰ্য্যোধন বিনে আৰ।
কোনে সহিবাক পাৰে ভীমৰ প্ৰহাৰ॥ ১৬৯ ॥
চৌষাষ্টি বাৰণ সমে ৰথ আকাশত।
ফুৰিবে লাগিছে যাৰ গদাৰ পাকত॥
ভীমৰ গদাৰ পাকে লাগিয়া বতাস।
চতুপাশে প্ৰজাগণ নপাৱে উদাস॥ ১৭০ ॥
গদাৰ প্ৰহাৰে যদি ভীম হোৱে ছাৰ।
চতুঃপাশে প্ৰজাগণে পাৰয় জোকাৰ॥
যদি দুৰ্য্যোধন ৰাজা বলে শ্ৰমে ছাৰ।
তাক দেখি সৰ্ব্বজনে কৰে হাঁহাঁকাৰ॥ ১৭১ ॥
কৌৰৱৰ ভিত্তি পাণ্ডৱক যুদ্ধ কৰি।
যিটো ৰাজা সবে পাণ্ডৱক আছে বৰি॥
কৌৰৱৰ শ্ৰম দেখি নিশ্বাস ফোঁকাৰে।
বোলে জানো বোৰে ভীমসেনে যুদ্ধ হাৰে॥ ১৭২ ॥
আকাশত গদাযুদ্ধ চাই দেৱগণ।
ধন্য বীৰ শিৰোমণি ভীম দুৰ্য্যোধন॥
জয় পৰাজয় যাৰ যশহুয়া ৰৈল।
যাৰ সম গদাযুদ্ধ পাচত নভৈল॥ ১৭৩ ॥
সেহি বেলা ভীমসেন বায়ুৰ কুমাৰ।
শুনিলা প্ৰশংসা বাণী দেৱ মনুষ্যৰ॥

[ ৩৯ ]

মণ্ডলত চিদ্ৰ পায়া গদাক উচ্চায়।
যেন ফেঁটি গোমে লাঙ্গলত কোব পাই॥ ১৭৪ ॥
চিদ্ৰ পাই মণ্ডলত গদা তুলি ধৰি।
দুৰ্য্যোধন মুণ্ডত মাৰিলা ঠাট্ কৰি॥
অগনি শোনিত কলা দুয়ো ভৈলা বাজ।
তমোময় দেখি কম্পি গৈলা কুৰুৰাজ॥ ১৭৫ ॥
বাম হাতে ভূমি ধৰি পুনশ্চ উঠিল।
পাণ্ডব সৈন্যত বৰ ৰোল উথলিল॥
পৰিল বুলিয়া বৰে দিলেক জোকাৰ।
ছাপৰি বজায় নাছিলেক বাৰম্বাৰ॥ ১৭৬ ॥
আগবাঢ়ি আৰণত ছাটি মাৰে উঠি।
ধনুক টঙ্কাৰি জঙ্কাৰয় দৃঢ়মুষ্ঠি॥
জিনিলোঁ বুলিয়া কে হোৱাবে হাততালি।
চাপৰি চাপৰি নাছে কতো হালি হালি॥ ১৭৭ ॥
ঢাক ঢোল তাল খোল বজাৱয় ৰঙ্গে।
জিনিলোঁ বুলিয়া কতো নাছে অঙ্গে ভঙ্গে॥
মুহূৰ্ত্তেক মানে পৰি আছে কুৰুৰায়।
পুনু উঠি গৈলা গদা উৰ্দ্ধক উধাই॥ ১৭৮ ॥
শুনা সভাসদ পদ মহাভাৰতৰ।
গদাপৰ্ব্ব হৰি কথা জয় পাণ্ডৱৰ॥
সংক্ষেপ কৰিয়া মই কৰোঁ নিবন্ধন।
শুনিয়োক কহো সংক্ষেপিবাৰ কাৰণ॥ ১৭৯ ॥

[ ৪০ ]

ভাৰত পুৰাণ কথা বহল বিস্তৰ।
কলিৰ শেষত অতি অল্পমতি নৰ॥
শুনিবে আজৰি নাই ভাগৱত গীতা।
ৰোগাৰিষ্ট দেহাতাতে বিষয়ৰ চিন্তা॥ ১৮০ ॥
অষ্টাদশ পুৰাণ ভাৰত শাস্ত্ৰ যত।
বহুকাল পঢ়ি শুনি জানে আৰ তত্ত্ব॥
আয়ু বেলা নপাৱে, শুনিবে আছে ৰঙ্গ।
তাতে সে সংক্ষেপি কলোঁ কথাৰ প্ৰসঙ্গ॥ ১৮১ ॥
শুনা ভাৰতৰ কহোঁ সাৰতত্ত্ব মৰ্ম্ম।
যদি প্ৰাণ যায় তাতো নেৰিবাহা ধৰ্ম্ম॥
ধৰ্ম্মক নেৰয় যিটো তাৰ বশ্য হৰি।
ধৰ্ম্মিষ্টক ৰাখা কৃষ্ণে অধৰ্ম্মিক মাৰি॥ ১৮২ ॥
অন্যায়ে ৰাখন্ত হৰি নিজ ভকতক।
ভকতবৎসল জানি ভজা মাধৱক॥
কহে কবিৰাজ মিশ্ৰে মাধৱৰ দাস।
বোলা ৰাম ৰাম পাপ হৌক সৰ্ব্বনাশ॥ ১৮৩ ॥

ছন্দ।

পাচে দুৰ্য্যোধন ভীমসেন।
চক্ৰাকাৰে ফুৰে যম যেন॥
দুইকো দুই হানে ছল পায়।
গদায়ে গদাক অন্তৰায়॥ ১৮৪ ॥

[ ৪১ ]

দুই যায় হুৰক অন্তৰি।
বেগে আসি হানে গদা ধৰি॥
ভঙ্গিভাৱে দেখাৱে প্ৰকত।
যেন নাছি ফুৰে দুই নট॥ ১৮৫ ॥
দুইকো দুই হানে ছেগ চাই।
দুইৰো শোনিত বহি যাই॥
তভো দুইৰো নাহি ভুৰুভঙ্গ।
বজ্ৰৰ সমান দুইৰো অঙ্গ॥ ১৮৬ ॥
পাচে চিদ্ৰ পায়া কুৰুৰায়।
হানিলা ভীমৰ কুক্ষি পাই॥
কৌৰৱৰ ছোট গুৰুত্বৰ।
সহি ৰৈল যেন গিৰিবৰ॥ ১৮৭ ॥
হেন দেখি ৰাজা প্ৰজা মানে।
ভীমক প্ৰশংসেহি থানে॥
ভীমে গদা হানিলা তেখন।
গদা পাটী লৈলা দুৰ্য্যোধন॥ ১৮৮ ॥
অগনি জ্বলিল ঠেকা লাগি।
দেখি প্ৰজা পলাই গৈল ভাগি॥
খনো দুই ফুৰে যেন গুঞ্জ।
যে হেন নিচিনি দুই সূৰ্য্য॥ ১৮৯ ॥
দুইকো দুই তাৰিলা অপাৰ।
গুৰুত্বৰ গদাৰ প্ৰহাৰ॥

[ ৪২ ]

ঠিৱ ভৈলা এৰি দুয়ো ৰণ।
দুইকো দুই কৰয় গৰ্জ্জন॥ ১৯০ ॥
দুয়ো বীৰ মধ্যে অনোপাম।
সভাসদে বোলা ৰাম ৰাম॥ ১৯১ ॥

পদ।

সঞ্জয় বদতি কথা শুনা নৰেশ্বৰ।
দুইৰো যুদ্ধ চাহে সিদ্ধমুনি নিৰন্তৰ॥
বিস্ময়ে কহন্ত কথা অন্যে অন্যে চাই।
কিনো অদ্ভুত যুদ্ধ ভঙ্গ জয় নাই॥ ১৯২ ॥
কেহো বোলে আজি এক হুইবে অথান্তৰ।
একেবাৰে দুয়ো মৰি যাইব যম ঘৰ॥
ধূলি ধূসৰিত তনু তেজে পঙ্কাকাৰ।
বসন্ত কালত যেন ফুলিল মন্দাৰ॥ ১৯৩ ॥
সম শিক্ষা পৰাক্ৰম নাহিকে দ্ৰুভঙ্গ।
এহি মতে কথা কৱে সবে চাৱে ৰঙ্গ॥
খনো আগবাঢ়ি ধৰে ভাব ভঙ্গি কৰি।
পুনৰূপি দুয়ো চলি যায় পাচ ভৰি॥ ১৯৪ ॥
আগবাঢ়ি পাচ গুছি দুই চিদ্ৰ চাই।
মৃত্যু সীমা কৰি দন্দ্ কৰে দুয়োভাই॥

[ ৪৩ ]

ভীমৰ কোষত কোব দিলেক বসাই।
তমোময় দেখি ভীম তবধ পৰায়॥ ১৯৫ ॥
গদাৰ প্ৰহাৰে ভৈল ব্যথিত শৰীৰ।
ঢলে পৰোঁ কৰি ভীম পুনু ভৈলা থিৰ॥
পূৰ্ব্বৱতে মণ্ডলত থিৰনোহে গাৱ।
ভ্ৰমন্তে ব্যথিত হুয়া নচলয় পাৱ॥ ১৯৬ ॥
পাচে একগোটা ভীমে কৰিলা প্ৰহৰ।
গদাপাটী লৈলা দুৰ্য্যোধন অনিৰ্ব্বাৰ॥
ঠাটকাৰ শবদে অগনি ভৈলা বাজ।
তাক ভয়ে পলাই সবে দেৱতা সমাজ॥ ১৯৭ ॥
ভূমিতো পৰিয়া কতো পৃথিবী আছাৰে।
মূত্ৰ পুৰিসক এৰিলেক হস্তি ঘোঁৰ॥
ভীমৰ প্ৰহাৰ এৰাই পাচে দুৰ্য্যোধন।
ফুৰি আসি ভীমক হানিলা সেহিক্ষণ॥ ১৯৮ ॥
গদাৰ প্ৰহাৰ ঘোৰ পায়া ভীমসেন।
সহি ৰহিলেক যেন, গিৰিবৰ যেন॥
হেন দেখি সুৰসিদ্ধ নৰ-বীৰগণে।
সাধু সাধু ভীম বুলি প্ৰশংসিল ঘনে॥ ১৯৯ ॥
কিনো বজ্ৰময় মহা শৰীৰ মাৰুতি।
এহি বুলি প্ৰশংসিয়া কৰিলন্ত স্তুতি॥
দুৰ্য্যোধন ৰাজা পুনুপাক ফুৰি যায়।
পাক ফুৰি গৈলা ভীমো গদাক উচ্চাই॥ ২০০ ॥

[ ৪৪ ]

মহা বেগে ভীমে গদা কৰিলা প্ৰহাৰ।
গদাপাটী লৈলা দুৰ্য্য়োধন বীৰসাৰ॥
কুৰুৰাজা সম বীৰ নাহি আন কেৱ।
মনুষ্যৰ বিস্ময় প্ৰশংসে সবে দেৱ॥ ২০১ ॥
ভীমৰ প্ৰহাৰ সহি কৰে ডেৱ জম্ফি।
পুনৰপি গদা তুলি লৈলা বীৰে হাম্ফি॥
থিৰ হৈয়ো ভীমসেন বোলে কুৰুৰাজ।
প্ৰহাৰিলা গদা বীৰে হৃদয়ৰ মাজ॥ ২০২ ॥
ফুৰি ফুৰি ভীম কথমপি ভৈলা থিৰ।
নাবে মুখে কাণে বাজ ভৈলেক ৰুধিৰ॥
হেন দেখি মহাৰথিগণো ভৈলা ভয়।
জানিলোঁ ভীমৰ আজি ভৈল পৰাজয়॥ ২০৩ ॥
কথমপি মাৰুতি আপোন ধৰ্ম্ম ৰাখি।
ৰুধিৰ মলচি দুনাই মেলিলন্ত আখি॥
সেহি তালে গদাপাটী গাৱ কৰি আঁৰ।
দুৰ্য্যোধন কুক্ষিত মাৰিলা একবাৰ॥ ২০৪ ॥
বিপৰীত ছোট পায়া ভৈলা আশকতি।
জানু পাৰি পৃথিবীত পৰিলা নৃপতি॥
দেখি পাণ্ডৱৰ মহা উৎসৱ মিলিল।
শঙ্খ সিঙ্গা ৰাৱ কৰি দিশক পুৰিল॥ ২০৫ ॥
ৰণ জয় ভৈলোঁ বুলি কোবাৱে নিশান।
বাহু জম্ফি মাৰিয়া ডেৱতে লৱে প্ৰাণ॥

[ ৪৫ ]

পাণ্ডৱৰ কৌতুহল দেখি দুৰ্য্যোধনে।
পুনৰপি দাৰুণে উঠিলা কোপ মনে॥ ২০৬ ॥
গদা উপৰক তুলি অশেষ গৰ্জ্জায়।
দেখিয়া পাণ্ডৱে বোলে মিলিল প্ৰলয়॥
উপৰক গদা তুলি তেজয় ফোঁকাৰ।
ভীমৰ ললাটে ছোটে কৰিলা প্ৰহাৰ॥ ২০৭ ॥
বিপৰীত সন্ধান লভিয়া বৃকোদৰ।
সহি থাকিলন্ত যেন বিন্ধ্য গিৰিবৰ॥
কুম্ভস্থল ভাগিয়া ৰুধিৰ বহি যায়।
ৰক্ত বস্ত্ৰ গাৱে যেন অধিকে সোহাই॥ ২০৮ ॥
প্ৰহাৰ সম্বৰি বীৰে মহা কোপে তদা।
দুৰ্য্যোধন গাৱত হানিলা কোপে গদা॥
মহা ছোটে পৰিলন্ত পৃথিবীত লাগি।
যেন শাল বৃক্ষ বতাসতে গৈলা ভাগি॥ ২০৯ ॥
কম্পি গৈলা পৃথিবী কম্পিলা কুৰুৰাজ।
সাধু ভীম বীৰ বুলি পূজিলা সমাজ॥
পুনৰপি দুৰ্য্যোধন লভিলা চেতন।
গদা ধৰি ভীমে ধাইলেক কোপমন॥ ২১০ ॥
যেন মহা মত্তসিংহ ধাইলা গদা তুলি।
ভীমৰ শৰীৰে হানিলেক হু বুলি॥
যেন ক্ৰৌঞ্চ গিৰিবৰ গৌৰীৰ তনয়।
ভূমিত পড়িল ভীম দেখি তমোময়॥ ২১১ ॥

[ ৪৬ ]

সকল শৰীৰ ঢাকি বহয় ৰুধীৰ।
শোভে পৃথিবীত পড়ি ভীমৰ শৰীৰ॥
আকাশত থাকিয় দেৱগণ প্ৰশংসিলা।
সাধু দুৰ্য্যোধন বুলি পুষ্প বৰিষিলা॥ ২১২ ॥
মনুষ্য সমাজ যত আছে যুদ্ধ চাই।
ভীমৰ দেখিয়া ভঙ্গ ৰাৱ চাৱ নাই॥
দুৰ্য্যোধন বৰ ভৈল হৰিষ অশেষ।
চাহিছা অৰ্জ্জুন যুধিষ্ঠিৰে হৃষিকেশ॥ ২১৩ ॥
অচেতন ভীম দেখি প্ৰহাৰ নকৰি।
চতুপাশে দুৰ্য্যোধনে নাছে ভঙ্গি কৰি॥
মূৰ্চ্চিত ভীমক দেখি ৰাজা যুধিষ্ঠিৰ।
অৰ্জ্জুন সহিতে ভৈলা বিকল শৰীৰ॥ ২১৪ ॥
কতো বেলি চেতন লভিয়া মহাবীৰ।
গদাত আলম্বি গাৱ কৰিলন্ত থিৰ॥
মুণ্ড গাৱে বহি যায় ৰুধিৰ বিয়াপি।
দুই হাতে তুকি চক্ষু মেলি কথমপি॥ ২১৫ ॥
দেখে দুৰ্য্যোধন ৰাজা ফুৰে চতুপাশে।
গদা ধৰি সমোখ ভৈলন্ত লাসে লাসে॥
ভীমৰ অৱস্থা দেখি ধনঞ্জয় বীৰ।
মাধৱৰ সমীপ চাপিলা ধীৰে ধীৰ॥ ২১৬ ॥
শুনা প্ৰাণ সখি ইষ্টদেৱ হৃষিকেশ।
কোন বুদ্ধি কৰোঁ আবে কৰিয়ো আদেশ॥

[ ৪৭ ]

সমৰত বলক্ষীণ ভৈলা ভীমসেন।
দুৰ্য্যোধন ৰাজা নাদে মত্তসিংহ যেন॥ ২১৭ ॥
ভীমক কৰিয়া পাচ ধাইলোঁ হন্তে আমি।
নিবন্ধ কৰিলা পূৰ্ব্বে যুধিষ্ঠিৰ স্বামী॥
এবে কেন হুইবে কহিয়োক প্ৰাণ সখি।
দাৰুণ যুদ্ধত কোন বীৰ চাৰ দেখি॥ ২১৮ ॥
বোলন্ত গোপালে শুনিয়োক গুড়াকেশ।
শুন নিজ ধৰ্ম্ম কহো হিত উপদেশ।
দুয়ো বীৰ শিৰোমণি যুদ্ধত বিশেষ।
একে গুৰু শিক্ষা শিষ্য তুল্যত নিশেষ॥ ২১৯ ॥
ধনুধৰ তুমি গদাধৰ ভীমসেন।
কৌৰৱৰ কৰ্ণ দুৰ্য্যোধন ৰাজাতেন॥
দগা যুদ্ধে কুশল দাৰুণ কুৰুবৰ।
সত্য যুদ্ধে জানা জয় নাহিকে ভীমৰ॥ ২২০ ॥
যথোচিত পৰিহৰি পূৰ্ব্বে দেৱৰাজ।
উপায়ে দৈত্যক ছলি কঢ়ি লৈলা ৰাজ॥
মালি মাল্যৱন্ত বৃত্তাসুৰ বলুপাক।
একেশ্বৰে ত্ৰিভুবন পাৰে জিনিবাক॥ ২২১ ॥
হেন বীৰ সবক জিনিয়া কূটৰণে।
আজিয়ো স্বৰ্গত ভোগ ভুঞ্জে দেৱগণে॥
ভীষ্ম, দ্ৰোণ, কৰ্ণ, ভুৰিশ্ৰৱা, ভগদত্ত।
আসম্বাক উপায়ে মৰাইলোঁ সমৰত॥ ২২২ ॥

[ ৪৮ ]

একেশ্বৰে হত বীৰ দুৰ্য্যোধন ৰাজ।
তাক সত্য কৰি যুজিবাৰ কোন কাজ॥
পিতামহ গুৰুভ্ৰাতৃ পুত্ৰক মৰাই।
পশু হেন প্ৰাণ ৰাখি একলে পলাই॥ ২২৩ ॥
জানি আছোঁ দুৰ্য্যোধন তাৰ পৰাক্ৰম।
সিকি দাৰুণক কৰি বচন নিয়ম॥
ধৰ্ম্ম যুধিষ্ঠিৰ অধৰ্ম্মত মতি নাই।
ধৰ্ম্ম তেসে মৰা পাণ্ডৱৰ পাঞ্চু ভাই॥ ২২৪ ॥
ধৰ্ম্ম যুদ্ধে ৰাজ্য জিনি লৈবা কুৰুৰাই।
পুনু বনে দুখ ভুঞ্জ শাক আলু খাই॥
পূৰ্ব্বে হেন বচন বুলি ভীমসেনে।
উৰুভঙ্গ কৰি তোক মাৰি বোহো ৰণে॥ ২৪৫
সেহি সত্য সাফলিয়া গদা তুলি ধৰি।
মাৰিয়োক দাৰুণক উৰু ভঙ্গ কৰি॥
মাধৱৰ বচন শুনিয়া ধনঞ্জয়।
যদি অনুচিত ফভো কৰিলা নিশ্চয়॥ ২২৬ ॥
ভীমক দেখায়া দিলা উৰুত ছাপৰ।
সুমৰি পাইলন্ত ভীমে বচন পূৰ্ব্বৰ॥
অৰ্জ্জুনৰ সঙ্কেতক জানি মনে গুনি।
অন্যায়ক গুনি ভীমে চিন্তিলা আপুনি॥ ২২৭ ॥
গদা ধৰি কৌৰৱক ক্ৰোধে গৈলা ধাই।
দেখি সাৱধান ভৈলা দুৰ্য্যোধন ৰায়॥

[ ৪৯ ]

দুয়ো গদা পাটীয়া কোবক অন্তৰাই।
তাৰ ঘৰিসনে গৈলা অগনি বঝাই॥ ২২৮ ॥
পাচে চিদ্ৰ পায়া ভীমে কোবেক বৈসাইল।
ডেৱ দিয়া দুৰ্য্যোধন তেখনে এৰাইল॥
মত্ত সিংহ দুই যেন নাদে আসৰিষ।
পঙ্ক লাগি দুয়ে যেন দুতয় মহিষ॥ ২২৯ ॥
তেজে তোল বোল দুই আৰক্ত আকাৰ।
বসন্ত কালত যেন দুই গাছ মন্দাৰ॥
পবন সঞ্চাৰে দুৰ্য্যোধনে তুলি গদা।
ভীমৰ গাৱত কোপে প্ৰহাৰিলা তদা॥ ২৩০ ॥
বিপৰীত ছোটে ভীম পাক ফুৰি ফুৰি।
গদাক পাটীয়া ৰৈলা পুটীয়া ঠুটৰি॥
আশকত দেখি দুৰ্য্যোধনে আছে ৰই।
সেহি বেলা ভীমে এক কোব দিলা গই॥ ২৩১ ॥
অসাৱধানত কোব পৰিল বিফলে।
মাংস চিণ্ডি গৈল তেজ বহৱে বোম্বালে॥
ৰুধিৰ মলছি দুৰ্য্যোধনে কৰে দৰ্প।
যেন লাঠি পায়া ফোঁকাৰয় নাগসৰ্প॥ ২৩২ ॥
ভীমসেনে বোলে দুৰ্য্যোধন ক্ৰুৰমতি।
কিনো আজি দাৰুণৰ বিপোল শকতি॥
সেহিক্ষণে দুৰ্য্যোধনে গদাৰ মণ্ডল।
চিদ্ৰ পায়া হানিলা ভীমৰ বক্ষস্থল॥ ২৩৩ ॥

[ ৫০ ]

মহাছোটে ভীমসেন দেখিলা তিমিৰ।
ফুৰি ফুৰি পৰিলেক চক্ষু ভৈলা থিৰ॥
দুৰ্য্যোধনে দেখি ভীম মৃতক পৰায়।
প্ৰহাৰ নকৰি থাকিলন্ত বাত চায়॥ ২৩৪॥
যাৱদেকে চেতন নলাভ পাণ্ডু সুত।
কেন মতে প্ৰহাৰ কৰিবা অযুগুত॥
কতো বেলি চেতন লভিয়া ভীমসেন।
চক্ষু মেলি গুনিবে লাগিলা মনে মন॥ ২৩৫॥
সথোচিত কৰিলে জীৱাৰ আশা নাই।
নোহে সম অগনিত পতঙ্গ পৰাই॥
মোহোৰ আগত ইটো মুষকৰ সম।
অজি দেখোঁ পাপিষ্ঠৰ দাৰুণ বিক্ৰম॥ ২৩৬॥
না জানো কাহাত বৰ পাইলে দুৰাচাৰ।
ন্যায় যুদ্ধে চন্ন হুৱে মোৰ অঙ্গীকাৰ॥
কৰিলা নিশ্চয় বীৰে ধৰ্ম্ম পৰিহৰি।
দুৰ্য্যোধন বধিবে উঠিলা গদা ধৰি॥ ২৩৭॥
বিপৰীত কোপমনে যান্ত শীঘ্ৰে ধাই।
দেখি সাজ ভৈলা দুৰ্য্যোধন মহাৰায়॥
শৰীৰ আৱৰি বীৰে ফুৰাৱে গদাক।
লক্ষিতে নাপাৰি যেন কুমাৰ চাক॥ ২৩৮॥
সমৰ নিয়ম হেন গদাৰ যুদ্ধত।
যতেক প্ৰহাৰ কৰে নাভিৰ ঊৰ্দ্ধত॥

[ ৫১ ]

হেনয় নিয়ম অনুসৰি কুৰুবৰে।
নাভিৰ উৰ্দ্ধত গদা পাটীল সমৰে॥২৪৯৷
ভীমে সিটো নিয়ম কৰিলা পৰিহৰা।
উৰুত দিলেক ঘোৰ গদাৰ প্ৰহাৰ॥
ইন্দ্ৰে যেন বজ্ৰ হানি পৰ্ব্বত ভেদিলা।
সেহি মতে দুৰ্য্যোধন উৰুক ভাঙ্গিলা॥ ২৪০৷
কৰি কৰ সম সুবলিত উৰু দুই।
যাক দেখি নাৰীগণে কামে মোহ হুই॥
হেন উৰু ভাঙ্গিলন্ত ভীমে কূট ৰণে।
গিৰিসিত কৰিয়া পড়িল দুৰ্য্যোধনে॥ ২৪১৷
তলবল কৰিয়া কম্পিল মহীতল।
সেহি বেলা অনেক মিলিল বিমঙ্গল॥
বৰিষয় শিলা তেজ দেখি ধূমাৰ্ন্নয়।
উঠি নাছিলেক কৌৰৱৰ মৰাশৱ॥ ২৪২৷
ৰুধিৰে ঢাকিলা তথা পুষ্কৰণী হ্ৰদ।
উলটী উলটী বহে যত নদী নদ॥
নাৰী সকলত ভৈল পুৰুষ আকাৰ।
পুৰুষত ভৈলা সবে যোনি স্তন ভাৰ॥ ২৪৩৷
অৰণ্যৰ পশু আসি গৃহে পশি মৰে।
বৃক্ষ সবে অকালত ফল পুষ্পধৰে॥
এহি মতে দেখে সবে অমঙ্গল চয়।
দেখিয়া সবাৰে মনে সুখ নল ভয়॥ ২৪৪৷

[ ৫২ ]

শুনা সভাসদ দেখা বীৰৰ অৱস্থা।
সংহৰয় কালে সামান্য কোন কথা॥
অযুত হস্তিৰ বল ৰাজা দুৰ্য্যোধন।
কালৰ হাতত এক তিলে ভৈল চন্ন॥ ২৪৫।
জানি মনে মদ অহঙ্কাৰ দূৰ কৰা।
এৱণ কীৰ্ত্তন কৰি সংসাৰক তৰা॥
কবিৰাজ মিশ্ৰে বোলে মোৰ এহি কাম।
তেবে সে মুকুতি ডাকি বোলা ৰাম ৰাম॥২২৬৷৷

____

ছবি।


সঞ্জয় বদতি ৰাজা, এহি মতে তযু পুত্ৰ,
 উৰু ভঙ্গ হুয়া আছে পড়ি।
পূবৰৰ সুমৰি কাৰ্য্য, যেন মহা সৰ্প ৰাজ,
 ভীমৰ গৈলেক কোপ চৰি॥
শুন অৰে দুৰাচাৰ, পাঞ্চালীক বৈসাইবাৰ,
 প্ৰতিকাৰ ভৈল এহিক্ষণে।
পাঞ্চ ভাইক নগনিয়া, ঝঙ্কাৰিলি চুড়ামণি,
 তাঙ্ক আজি ভাঙ্গিবো চৰণে॥ ২৪৭॥
এহি বুলি খেদি যায়,  বাম পাৱে লঠিয়াই,
 মুকুট পেলাইলা উফৰাই।

[ ৫৩ ]

তাল নহে বুলি তাক, যুধিষ্ঠিৰে দিলে হাক,
 মৰ্ম্মে তান নসহয় গাই॥
শুন ভীম মন্দ কাম, বংশৰো অনাইলি নাম,
 কিসক কৰিলি হেন কাৰ্য্য।
অন্যায়ে সাধিয়া জয়, সৰ্ব্বজনে দেখি চয়,
 উদ্ধাৰিলা আপোনাৰ ৰাজ্য॥২৪৮॥

____

ঝুমুৰী।

মহাবীৰ শিৰোমনি। নৃপতিৰ অগ্ৰগনি॥
সৰন্তে নেৰিল ধৰ্ম্ম।  আছৰিলি মন্দ কৰ্ম্ম॥২৪৯॥
তাক লাঠি দিলি পাৱে।  কিনো মৰ্ম্ম দিলি গাৱে॥
শুনি আছ কোন স্থানে।  মৃত্যকক কোনে হানে॥২৫০॥
তাৰ প্ৰহাৰত বীৰ।  মৰি চক্ষু কৰি থিৰ॥
পড়িছিলি অচেতনে।  যদি মাৰে দুৰ্য্যোধনে॥২৫১॥
তেবে কি জীৱন আছে।  কি কৰিলি হন্তে পাচে॥
দুৰ্য্যোধন মহাৰায়।  নমাৰিলে ধৰ্ম্ম চাই॥ ২৫২॥
অন্যায়ে সাধিয়া জয়।  লাঠি হান দুৰাশয়॥
দুৰ্য্যশ থাকিল ৰহি।  যাৱদে কে থাকে মহী॥২৫৩॥
জীৱন সাস্বত নোহে।  লোকতো বেদতো কহে॥
ধিক সুখ ৰাজ্য ভাৰ।  দুৰ্য্যশ থাকিল যাৰ॥ ২৫৪॥
এহি বুলি যুধিষ্ঠিৰ।  কান্দিলন্ত মহাবীৰ॥

[ ৫৪ ]

বুলিলন্ত দুখ মনে। হাঁহাঁ ভাই দুৰ্য্যোধনে॥২৫৫
কুবুদ্ধি ফলিল তোৰ। ৰাজ্য কাঢ়ি লৈলি মোৰ॥
মোক মহা দিলি দুখ। ভুঞ্জিলিহি ৰাজ্য সুখ॥২৫৬
ইটো ৰাজ্য নাটে কাক। ভাগেক নিদিলি তাক॥
মৰাই গুৰু পুত্ৰ ভাই। জলত পশিলি যায়॥ ২৫৭
তভো কোপ লগা মোক। মাতিলো বান্ধৱ তোক॥
নিয়ম সমৰ কৈলি। গতি লভি কীৰ্ত্তি থৈলি॥২৫৮
তোৰ শোকে নাৰীগণে। সপিবেক সৰ্ব্বক্ষণে॥
তোৰ দোষ দিলে মিচা। বিধাতাৰ হেন ইচ্ছা॥২৫৯॥
শুনিয়োক সভাসদ। ঝুমুৰি ভাৰত পদ॥
আনকাম পৰিহৰি। ডাকি বোলা হৰি হৰি॥২৬০

___


পদ।

বৈশম্পায়ণ বদতি শুনিয়া জন্মিজয়।
পুত্ৰৰ মৰণ শুনি অম্বিকা তনয়॥
মহা মৰ্ম্মে সঞ্জয়ক বুলিলা বচন।
বলোভদ্ৰে দেখি হেন অনিয়ম ৰণ॥২৬১।
ভীম দুৰ্য্যোধনক বা কাক কি বুলিল।
উৰু ভঙ্গ হুয়া দুৰ্য্যোধনে কি কৰিল॥
সঞ্জয় বদতি ৰামে দেখিয়া অন্যায়।
ভামক মাৰিবে যায় মুষল ভেজাই॥২৬২॥

[ ৫৫ ]

অৰে ভীমসেন পাপি ৰাক্ষস বিশাল।
অনিয়ম কৰিয়া উৰুত ছোট ঘাল॥
আমাৰ আগত কৰ ইমত অন্যায়।
তোৰ প্ৰাণ লৈবো আজি মুষল ভেজাই॥ ২৬৩॥
ৰামৰ আক্ৰান্ত বৰ দেখি বনমালি।
দুই হাতে সাবতি ধৰিলা অঙ্কোৱালি॥
মধুৰ বচনে হাসি বোলে নাৰায়ণ।
তুমি ক্ৰোধ কৰা দদা কিসৰ কাৰণ॥ ২৬৪॥
বেদৰ বচন হেন আছে সাৰত্বৰ।
সবাতো অধিক সত্য ধৰ্ম্ম পুৰুসৰ॥
পূৰ্ব্বে দ্ৰৌপদীক ইটো বসাইল উৰুত।
তৈতে ভীমে প্ৰতীজ্ঞা কৰিলা অদ্ভুত॥ ২৬৭॥
যিটো উৰু দ্ৰৌপদীক বসাইলে দেখাই।
আক মই ভাঙ্গিবোহো গদাৰে কোবাই॥
ইটো সত্য ৰাখিবাক নোৱাৰোহো যেবে।
যত পুন্য কৰোঁ সবে নষ্ট হৱে তেবে॥ ২৬৮॥
আৰু ব্ৰহ্মশাপ পায় আছে কুৰুৰাই।
যিকালত গৈলোঁ মই কৌৰৱৰ ঠাই॥
ব্ৰহ্ম পুত্ৰ মুখে সপ্ত ঋষি সেহি বেলা।
মোৰ লগে বসিলেক কৌৰৱৰ মেলা॥ ২৭৯॥
ইতিহাস কহিলেক দম্ভৰ চৰিত।
অৰ্দ্ধ ৰাজ্য বাঁটী ৰাজা দিয়া কৰা মিত্ৰ॥

[ ৫৬ ]

সিটো বচনক ইটো কৰি অনাদৰ।
হাসি মাৰিলেক পাচে উৰুত ছাপৰ॥ ২৭০॥
পাচে ঋষি সবে হেন আক দিল শাপ।
উৰু ভাঙ্গি ভীমে তোৰ খণ্ডোক প্ৰতাপ॥
সেহি ভীমে ভাঙ্গিলেক উৰু কৌৰৱৰ।
যিহেতু মাৰিল হাসি উৰুত ছাপৰ॥ ২৭১॥
দেৱতা গুৰুৰ পিতৃ ঋষিবাক্য এড়ি।
কৰ্ণ শকুনিৰ বাক্য দুষ্টে মনে ধৰি॥
এহি পাতকিক পাচে বেঢ়ি বন্ধুগণে।
যতেক কহিল তাক নলৈলেক মনে॥ ২৭২॥
ভীষ্ম, দ্ৰোৰ্ণ, বিদুৰ, সঞ্জয়, ধৃতৰাষ্ট্ৰ।
গান্ধাৰীৰো বাক্য এৰি বুকে দিলে কাষ্ঠ॥
আবে দেখিয়োক দদা কুৰুবীৰ বল।
পৰক কুবুদ্ধি কৰি যায় ৰসাতল॥ ২৭৩॥
শকুনি দিলেক হেন কুবুদ্ধি ইহাক।
আৰ আগে সিটো গৈলা যমৰ ঘৰক॥
কু বুদ্ধিক লৱে সুবুদ্ধিক পৰিহৰে।
আপোনাক আপুনি বধিলে সিটো নৰে॥ ২৭৪
ময় মত্ত দুষ্ট ইটো পৰম দুৰ্জ্জন।
তোমাৰে সে প্ৰিয় মাত্ৰ ৰাজা দুৰ্য্যোধন॥
অজাত সত্ৰুক ইটো বৈৰ বুদ্ধি কৰি।
পিতা ধৃতৰাষ্ট্ৰৰ বচন পৰিহৰি॥ ২৭৫॥

[ ৫৭ ]

সবাৰো অপ্ৰিয় ভৈল নকৰি বচন।
আপোনাৰ পাপে নষ্ট ভৈল দুৰ্য্যোধন॥
এহি বুলি জেষ্ঠক সাবতি দুই হাতে।
ধৰ্ম্ম ধৰ্ম্ম সুমৰি আদৰি হৰি মাতে॥২৭৬॥
যাহাৰ পৰশে সংসাৰৰ তাপ হৰে।
হেনকৰ পৰশ লভিলা হলধৰে॥
গুছিলেক তাপ কোপ শান্ত ভৈলা মন।
লাঙ্গল মুষল থৈয়া বুলিলা বচন॥ ২৭৭॥
ধিক্ক পুৰুষত বাহুবল ক্ষেত্ৰিয়ৰ।
ৰাজ্য লোভে কৰে যিটো অন্যায় সমৰ॥
বীৰ হুয়া নকৰয় দুৰ্য্যশক ভয়।
পৃথিবীত শুভন যশক নথকায়॥ ২৭৮॥
অথিৰ জীৱন প্ৰাণ কেতিক্ষণে যায়।
আৰ স্বাদ অৰ্থে কৰে অনেক অন্যায়॥
এহি বুলি বলোভদ্ৰে মনে দুখ কৰি।
কুৰু নৃপতিক হেন বচনে সাদৰি॥ ২৭৯॥
বৈৰ সব নষ্ট দুৰ্য্যোধন বীৰবৰ৷
পুৰুষ বিক্ৰম কৰি সমোখ সমৰ॥
সুধৰ্ম্ম ৰণত প্ৰাণ তেজিলা হৰিষে।
দুৰ্য্যোধন কীৰ্ত্তি প্ৰকাশোক দশোদিশে॥ ২৮০॥
সমস্ত পঞ্চক স্থানে এৰিলন্ত প্ৰাণ।
এহি পুণ্যে সপত স্বৰ্গত হৈবে স্থান॥

[ ৫৮ ]

এহি বুলি দ্বাৰকাক গৈলা হলধৰ।
পাণ্ডৱক নিন্দি কৌৰৱক দিয়া বৰ॥ ২৮১ ॥
ৰামৰ বচন শুনি লাজ নৃপবৰ।
ভ্ৰাতৃ শোকে দুৰ্য্যশে জানুত দিয়া শিৰ॥
প্ৰবোধন্ত কৃষ্ণে দদা এৰাইটো মৰ্ম্ম।
বিধিৰ নিৰ্ম্মাণ নিদাৰুণ ক্ষেত্ৰি ধৰ্ম্ম॥ ২৮২ ॥
বিধিৰ ভৈলে শত্ৰুক কৰয় প্ৰতীকাৰ।
হৰিষ কালত কেনে বিসাদ তোমাৰ।
যুধিষ্ঠিৰ বদতি শুনিয়ো নাৰায়ণ।
ভীমৰ দাৰুণ কৰ্ম্মে পোড়ে মোৰ মন॥ ২৮৩ ॥
আপোনাৰ ভাই আৰু পৃথিবীৰ ৰাজা।
উৰু ভঙ্গে পড়িল এড়িল যত প্ৰজা॥
তভো ভীমে দেখা তাক লাঠি হানে কিক।
কিনো নিদাৰুণ আমি প্ৰেততো অধিক॥ ২৮৪ ॥
যাতো মোৰ অৰ্থে ভীম পাইল বৰ দুখ।
সিকাৰণে ভীমৰ উলটি চাওঁ মুখ॥
ভীমে দেখিলন্ত কিছু ৰাজা শান্ত ভৈলা।
কৰ যোৰে ভীমে হেন বুলিবাক লৈলা॥ ২৮৫ ॥
জয় মহামানি যুধিষ্ঠিৰ ধৰ্ম্মৰাজ।
সত্ৰুক মাৰিলোঁ অকণ্টকা ভৈল ৰাজ॥
তোমাৰ বিৰোধে নষ্ট ভৈল পাপশালি।
ভুঞ্জিয়ো থিবী নিজ ধৰ্ম্ম প্ৰতিপালি॥ ২৮৬ ॥

[ ৫৯ ]

যি বুলিলা অন্যায়ে সাধিলা তই জয়।
কৌৰৱৰ কাৰ্য্য কেনে মনে নকৰয়॥
বিষদাহ অগ্নিদাহ যত ৰাজ্যভাৰ।
যাৰ আগে ভাৰ্য্যা ভ্ৰাতৃ নৰৈল তোমাৰ॥ ২৮৭॥
অভিমন্যু ভতিজাক সবে কুৰুগণে।
সমৰত বেঢ়িয়া ধৰিল ঘোৰ ৰণে॥
সিকালত যুদ্ধে জানো ধৰ্ম্ম নাহি কয়।
এবেসে জানিলো বৰ বচন সদয়॥ ২৮৮॥
ৰাজ্য লোভে মইলেক গুৰু বন্ধুগণ।
সিটোকিবা কৰিবেক শুনিয়ো বচন॥
সমাজে দ্ৰৌপদীক উৰুত বৈসাইল।
লঘু বাণী বুলি দুষ্টে উৰু দৰশাইল॥ ২৮৯॥
সেহি দিনা হন্তে মই কৈলো অঙ্গীকাৰ।
সেহি উৰু গদা কোবে ভাঙ্গিবে তাহাৰ॥
সেহি অঙ্গীকাৰ স্মৰি উৰুক ভাঙ্গিলোঁ।
অঙ্গীকাৰ পূৰ্ণ কৰি ধৰ্ম্মক সঞ্চিলোঁ॥ ২৯০॥
পাশ সভা মধ্যে তোমাসাক দাস বুলি।
অলঙ্কাৰ কাঢ়ি লৈলা বনে যাওক বুলি॥
সমাজতো হাসিলেক মুকুট ঝঙ্কাৰি।
আজি সেহি মান সুজিলো হো লাঠি মাৰি॥২৯১॥
হেন জানি মোক প্ৰভু ক্ষেমিয়ো আপুনি।
নিদাৰুণ ক্ষেত্ৰিজাতি চোৱা মনে গুনি॥

[ ৬০ ]

হেন শুনি ভীমক মাতিলা যুধিষ্ঠিৰ।
পালিলাহা সত্য ধন্য ধন্য মহাৰীৰ॥ ২৯২॥
কৃষ্ণৰ প্ৰসাদে জয় সাধিলা সকল।
তুমি মোৰ পৰম দক্ষিণ ভুজ বল॥
বৈৰক বধিয়া জয় সাধিলা সকল।
ৰাজমাতা কুণ্ডীৰো সাধিলা কৌতুহল॥ ২৯৩
ৰাজাৰ হৰিষ দেখি প্ৰজা কৌতুহল।
ৰণ জয় হুয়া বাদ্য বজাই বাক লৈল॥
পঞ্চম শবদে বাৱে কৰে জয় জয়।
জাৱে ছাপৰি কেহোঁ আনন্দে নাছয়॥ ২৯৪
ভীমক প্ৰশংসা কৰি বোলে ৰাজাগণ।
কিমতে বধিলা বীৰবৰ দুৰ্য্যোধন॥
যেতিক্ষণে জল হন্তে আমি ভৈলা ঠিৱ।
পলাই ৰাজা প্ৰজা সব উৰি গৈলা জীৱ॥ ২৯৫
যেতিক্ষণে যুজিবে আসিলে ক্ৰোধ কৰি।
আছোক যুজিবে প্ৰজা দেখি ডৰে মৰি॥
হেন শুনি হাসিয়া মাতিলা নাৰায়ণ।
পাপি দুৰ্য্যোধনৰ যে শুনিয়ো কাৰণ॥ ২৯৬
যৈসানি এড়িলে বীৰে গুৰু পিতৃবাক।
তৈসানি জানিবা বধিলেক আপোনাক॥
যেতিক্ষণে উৰু ভঙ্গ ভৈল দুৰ্য্যোধন।
ডোঙ্গা দিয়া উঠিয়া বসিল কোপমন॥ ২৯৭

[ ৬১ ]

কতো দুৰে পৃথিবীত পৰি মহাৰীৰ।
মহাকোপে দুৰ্য্যোধন কম্পয় শৰীৰ॥
মৃতক বাঘৰ যেন নঘলয় পাশ।
দুৰ্য্যোধন ৰাজাক দেখিয়া সবে ত্ৰাস॥ ২৯৮॥
তাক দেখি সবে প্ৰজা দূৰক পলায়।
কোপ মনে মাতিলন্ত মাধৱক চাই॥
ধিক্ক ধিক্ক কেশৱ হে শুনিয়ো বচন।
স্বধৰ্ম্মক এৰিয়া পাপত দিলা মন॥ ২৯৯॥
শুনিলে অৰ্জ্জুনে তযু মুখৰ উত্তৰ।
ভীমক দেখায়া দিলে উৰুত ছাপৰ॥
আমাক মাৰিলে ভীমে অনিয়ম ৰণে।
ধৰ্ম্মক এৰিলা তুমি মিত্ৰৰ কাৰণে॥ ৩০০॥
হেন শুনি নাৰায়ণে বুলিলা বচন।
কিছু দোষ নাই আত শুনা দুৰ্য্যোধন॥
দূত হুয়া গৈলোঁ মই ইহাক সুমৰি।
নেদিলিহি ৰাজ্য তই শুনা নিষ্ট কৰি॥ ৩০১॥
পাণ্ডৱৰ উচ্চাদ কৰিলি পিতৃৰাজ।
পাঞ্চালীক ৰিকৰ্থিলি ৰাজসভা মাজ॥
পাণ্ডৱৰ ৰাজ্য কাঢ়ি লৈলিহি সকলে।
অজাত শত্ৰুক ছলি কূট পাশ ছলে॥ ৩০২॥
বৃহস্পতি গুৰুৰ বচন শিৰে ধৰি।
কৰ্ণ শকুনিৰ তই বাক্য মনে কৰি॥

[ ৬২ ]

যি বুলিলি অধৰ্ম্ম কৰিলি দামোদৰ।
তই মাত্ৰ ধৰ্ম্মক কৰিলি ক্ষত্ৰিয়ৰ॥ ৩০৩॥
অভিমন্যু ভাগিনক একেশ্বৰে পায়।
মহাৰথিগণে পায় মাৰিলে অন্যায়॥
সপ্তৰথি বেঢ়ি ধৰি ৰণত মাৰিল।
তাত কিবা তাসম্বাৰ অন্যায় ঘটিল॥ ৩০৪॥
মোৰ দোষ দিয়া তুমি দুৰ্য্যোধন ৰায়।
ভাগিন মাৰিলি মোৰ কৰিয়া অন্যায়॥
গোবিন্দৰ বচন শুনিয়া কুৰুৰায়।
মৰণ সমান দুখে বুলিলা দুনাই॥ ৩০৫॥
শাস্ত্ৰ বেদ পুৰাণৰ জানে সবে মৰ্ম্ম।
উপজি কৰিলা ক্ষেত্ৰিয়ৰ মহা ধৰ্ম্ম॥
সমস্তে ধৰ্ম্মক বীৰে জানে ক্ষত্ৰিয়ৰ।
দেৱাসুৰ মনুষ্যৰ চাৰিয়ো জাতিৰ॥৩০৬॥
চম্বুৰণে মোহোক মাৰিলা অন্যায়।
তোমাৰ সমান নাই তিনিয়ো লোকত॥
সবে বোলে ধন্য ধন্য দেৱ নাৰায়ণ।
অন্যায়ে উৰুত মাৰিলাহা কি কাৰণ॥ ৩০৭॥
অধৰ্ম্মে আমাক মৰাইলাহা ছল কৰি।
তুমি পাপ ভুঞ্জিবা পাণ্ডৱে বশ কৰি॥
যদি কুবুধিৰ হোৱা তুমি সিকাৰণ।
তেবে তযু দেহা নদহিব হুতাশন॥ ৩০৮॥

[ ৬৩ ]

কৌৰৱৰ বচন শুনিয়া দামোদৰ।
উচিত জানিয়া দুনাই নেদিলা উত্তৰ॥
অধৰ কামুৰি বীৰে চাৱে আগ পাচ।
নোমাব কালত যেন জ্বলে দীপ গাছ॥ ৩০৯॥
দুৰ্য্যোধন ৰাজাৰ উচিত বাক্য শুনি।
আকাশত প্ৰশংসা কৰিলা সিদ্ধমুনি॥
সাধু সাধু দুৰ্য্যোধন কিনোবীৰ শ্ৰেষ্ট।
এহি বুলি পুষ্পবৃষ্টি কৰিলা শিৰত॥ ৩১০॥
দুন্দুম্ভি বজাৱে দেৱে মহা তুষ্টমনে।
ৰজাক প্ৰশংসি গৈলা আপোন ভবনে।
শুনিয়োক সৰ্ব্বজনে কৃষ্ণৰ চৰিত॥
ইসে তৰাইবাক পাৰে দুৰ্ঘোৰ কলিত॥ ৩১১॥
ভাৰত কাহিনি শুন সবে সভাসদ।
নাম হৰি বোলা সবে পাতক চাৰোক॥ ৩১২॥

দুলৰী।

সঞ্জয় বদতি,  শুনিয়ো নৃপতি,
 দেৱৰ প্ৰশংসা শুনি।
পাণ্ডৱ ৰাজাৰ,  শুনি হাঁহাঁকাৰ,
 আপোন কৰ্ম্মক গুণি॥

[ ৬৪ ]

কৰিয়া অন্যায়, বধিলোহো ভাই,
 ৰাজ্য লোভ সুখ আসে।
ধিক্ক বীৰ যশ, থাকিল কুযশ,
 শুনি চতুৰ্ভিতি হাসে॥ ৩১৩॥
ক্ৰন্দন আকাৰ, মুখ সবাকাৰ,
 দেখি.পাচে দেৱ হৰি।
মধুৰ বচনে, সবাকো তেখনে,
 প্ৰবোধন্ত বুধি কৰি॥
শুনা ৰাজাগণ, এৰা কষ্ট মন,
 আত দুখ নুজোৱাই।
যিটো দেৱগণে, প্ৰশংসে গগনে,
 তাৰাৰো কেনে অন্যায়॥ ৩১৪॥
সন্ধি বুধি কৰি, দৈত্যক সংহৰি,
 স্বৰ্গ ভুঞ্জে দেৱগণে।
তেজস্বীৰ কৰ্ম্ম, অধৰ্ম্মই ধৰ্ম্ম,
 বুলিয়া মানিবা মনে॥
নাহিকে সংশয়, পাতক দহয়,
 অগ্নিত যেন পতঙ্গ।
কৃষ্ণৰ বচনে, সবাহাৰো মনে,
 পুনু ভৈলা মহাৰঙ্গ॥ ৩১৫॥
আনন্দ বঢ়াই, কৃষ্ণ মুখ চাই,
 চলি গৈলা নিৰন্তৰ।

[ ৬৫ ]

ৰণ সিন্ধুপাৰ, সুজান কণ্টাৰ,
 প্ৰশংসে সবে কৃষ্ণক।
কৌৰৱ ৰাজাৰ, ৰত্নৰ ভণ্ডাৰ,
 যত ধন দাস দাসী।
মহাভয় মন, কৰন্ত ক্ৰন্দন,
 বুলিলা তাক আশ্বাসি॥৩১৬॥
আপোন মন্দিৰ; গৈলা যুধিষ্ঠিৰ,
 যৈত যুথ ঘৰ আছে।
মাহৰথিগণে, সবে ৰঙ্গ মনে,
 ৰথৰ নামিলা পাচে।।
মাধৱে বেলন্ত, নামা ধনঞ্জয়,
 মোক ৰথে পাচ কৰি।
অৰ্জ্জুন নামিল, অন্তৰ্দ্ধ্যান ভৈল,
 কপিধ্বজ পৰি হৰি॥ ৩১৭॥
গোবিন্দ নামিল, অগনি লাগিল,
 ৰথখান ভস্ম ভৈলা।
দেখি পাণ্ডৱৰ, কাম্পে কলেৱৰ,
 কৃষ্ণত শৰণ লৈলা॥
দ্বিজোপ নিশদ, কহোঁ নিসবদ,
 শুনা ভাৰতৰ পদ।
এড়ি আন কাম, বোলা ৰাম ৰাম,
 যত আছা সভাসদ॥ ৩১৮॥

[ ৬৬ ]

পদ ৷

সঞ্জয় বদতি শুনিয়োক ব্যাস সুত।
যুধিষ্ঠিৰ ৰাজা হেন দেখিয়া অদ্ভুত॥
কৃষ্ণত শৰণ লৈয়া কৰন্ত কাকুতি।
গোত্ৰহত্যা পাপ হন্তে কৰিয়ো মুকুতি॥ ৩১৯।
অৰ্জ্জুনৰ ৰথ ভস্ম ভৈলা সেহিক্ষণে।
নাহি ভয় বুলি আশ্বাসিল নাৰায়ণে॥
মোহৰ ভক্তৰ পাতকত ভয় নাই।
ইকথা শুনিলা আছে আন অভিপ্ৰায়॥ ৩২০।
ভীষ্ম দ্ৰোণ কৰ্ণ বীৰ দুৰ্জ্জয় দেৱৰ।
বায়ু বহ্ণি গন্ধপৰ্ব্ব মাৰিছে ব্ৰহ্মশৰ॥
তাসম্বাৰ শৰ ভস্ম ভৈলেক পূৰ্ব্বত।
মোহোৰ প্ৰভাৱে ৰাখিছিলোঁ সমৰত॥ ৩২১।
অৰ্জ্জুনক সি হেতু নমাইলোঁ জানা আগে।
মই নামিলে সে ৰথখান অগ্নি লাগে॥
শুনি যুধিষ্ঠিৰ ভয় ভৈলন্ত মনত।
সি সব বীৰৰ আগে আমি তৃণবত,॥ ৩২২।
কৃষ্ণৰ প্ৰসাদে সমৰত ভৈলোঁ জয়।
এহি বুলি মাধৱক সবে প্ৰশংসয়॥
বাৰে বাৰে ৰাখিছা সকলোঁ আপদত।
ইবাৰ ৰাখিয়ো প্ৰভু মাৱত বাপত॥ ৩২৩॥

[ ৬৭ ]

মাধৱে বোলন্ত শুনা ধৰ্ম্মৰ নন্দন।
পুনৰুপি অৰ্জ্জুন সহিতে হুইবে ৰণ॥
শুনি যুধিষ্ঠিৰে বোলে যুৰি যোৰহাত।
জয় জয় কৃষ্ণ লৈলোঁ শৰণ তোমাত॥ ৩২৪॥
তোমাৰ পৰম প্ৰিয় বীৰ ধনঞ্জয়।
আপুনি ৰাখিব তাঙ্ক কৃষ্ণ কৃপাময়॥
কেশৱ বদতি দদা এৰা উতপাত।
অৰ্জ্জুনৰ যত কাৰ্য্য লাগিল আমাত॥ ৩২৫॥
বৰ বৰ আপদতো কৰিবো ৰক্ষণ।
শুনি যুধিষ্ঠিৰৰ হৰিষ ভৈল মন॥
কৃষ্ণ নিগদতি শুনা ধৰ্ম্মর তনয়।
নগৰ প্ৰবেশ হুইবে আজি নালাগয়॥৩২৬॥
সবে ৰাজাগণ যাওক স্বকি স্বকি থান।
এহি মতে থাকিয়ো তোমাৰা পাঞ্চজন॥
হৰিৰ বচন শিৰে ধৰি যুধিষ্ঠিৰ।
পাঞ্চু ভাই তথাতে ৰহিলা নদীতীব॥ ৩২৭॥
কৃষ্ণক বোলন্ত যুধিষ্ঠিৰ মহাৰায়।
পুত্ৰ শোকে আমাক শপিবে বাপ আই॥
বাৰে বাৰে ৰাকিছা সকলে আপদত।
ৰাখিয়ো ৰাখিয়ো প্ৰভু মাৱত বাপত॥ ৩২৮॥
হস্তিনা পুৰক লাগি আপুনি যায়োক।
ধৃতৰাষ্ট্ৰ গান্ধাৰীক শান্ত কৰিয়োক॥

[ ৬৮ ]

ৰাজাৰ আদেশে আপোনাৰ ৰথে চৰি।
হস্তিনা পুৰক নাৰায়ণ গৈলা লৰি॥ ৩২৯॥
দুৰ্য্যোধন ৰাজাৰ আবাস প্ৰবেশি।
ধৃতৰাষ্ট্ৰ গান্ধাৰীক মাধৱে দেখিলা॥
বৃদ্ধ ৰাজা অন্ধকক কৰি নমস্কাৰ।
বুলিলন্ত যত দোষ ক্ষেমিয়ে আমাৰ॥ ৩৩০॥
কহিলন্ত নমস্কাৰ পাণ্ডৱগণৰ।
ৰণ জয় ভৈল পাঞ্চু পাণ্ডুৰ কুমৰ॥
মাধৱ বদতি ৰাজা শুনা সাৱধান।
ভুত ভবিষ্যত তুমি জান বৰ্ত্তমান॥ ৩৩১॥
যুধিষ্ঠিৰ ৰাজাৰো জানাহ যেন চিত।
গুৰু গৌৰৱত যেন ধৰ্ম্মত বিনীত॥
সসাগৰা বসুমতী লৈল দুৰ্য্যোধন।
দুখ ভুঞ্জি আপুনি ফুৰিলা বনে বন॥ ৩৩২॥
আমাক পঠাইলা, কৰি তোমাক প্ৰণাম।
অৰ্দ্ধ ৰাজ্য মাগিয়া নপাইলোঁ পাঞ্চ গ্ৰাম॥
দ্ৰোণ, ভীষ্ম, সঞ্জয়, বিদুৰ আদি কৰি।
তাসম্বাৰ বাক্য দুৰ্য্যোধনে অনাদৰি॥ ৩৩৩॥
মৃত্যু ভুণ্ড ৰোগ যেন ভৈল ধেনুৱাৰ।
কাকো নেমানিল দুৰ্য্যোধন অনিৰ্ব্বাৰ॥
ৰণ কৰি সত্ৰু জয় ভৈল ধৰ্ম্মৰাজ।
মই তোমাসাক বোলোঁ এক হিত বাজ॥ ৩৩৪॥

[ ৬৯ ]

কৌৰৱক সমোখ সমৰে ৰণ জিনি।
যুধিষ্ঠিৰ ৰাজা শোক কৰা ৰাত্ৰি দিনি॥
তোৰা দুই হন্তক স্মৰি সকলে শৰীৰ।
সৰ্ব্বক্ষণে জানুত থাকন্ত দিয়া শিৰ॥ ৩৩৫॥
পাণ্ডৱৰ দোষ তুমি নধৰিবা মনে।
যুধিষ্ঠিৰ সমৰাজা নাই ত্ৰিভুবনে॥
শুনিয়ে গান্ধাৰী আৱ তুমি ধৰ্ম্মশালী।
অধৰ্ম্মিক নাচাইলা ধৰ্ম্মক প্ৰতিপালি॥ ৩৩৬॥
তোমাতে বিজয় মাগিলেক কুৰুৰায়।
তথাপিতো তুমি কিছু নুবুলিলা আই॥
হেন সে লক্ষিলোঁ তুমি ধৰ্ম্মতে প্ৰবল।
মাৱহুয়া পুত্ৰকে নেদিলা সুমঙ্গল॥ ৩৩৭॥
হেন তুমি বচন বুলি ধৰ্ম্মময়।
যাত ধৰ্ম্ম আছে তুমি হুইবা ৰণজয়॥
তোমাৰ কি বচন বিফল হৱে মাৱ।
তুমি অনুমতি কৌৰৱৰ ভৈল শাৱ॥ ৩৩৮॥
যুধিষ্ঠিৰে ৰণ জিনি পাইলা বসুন্ধৰী।
হুয়োক প্ৰসন্ন মাৱ কোপ পৰিহৰি॥
কুন্তীতো অধিক কৰে তোমাত ভকতি।
হেন পাণ্ডৱক তুমি এৰা ক্ৰোধ মতি॥ ৩৩৯॥
বৈশম্পায়ণ বদতি শুনিয়ো জন্মিজয়।
ধৃতৰাষ্ট্ৰ গান্ধাৰীয়ে কৃষ্ণক বোলয়॥

[ ৭০ ]

শুনি গান্ধাৰীৰ বৰ কোপ ভৈলা মনে।
পুনু শান্ত ভৈলা শুনি কৃষ্ণৰ বচনে॥ ৩৪০॥
দেখিয়ে মাধৱ মোৰ কেনে কৰ্ম্মফল।
শত পুত্ৰে আশা নভৈলক পিগুজল॥
হাঁ হাঁ দুৰ্য্যোধন দুশাসন শত পুত্ৰ।
মোক আজি এৰি তুমি সব গৈলা কূল॥ ৩৪১
নভৈলেক আশা মোৰ এগুটী পুত্ৰত।
আঞ্চ আই বোলন্তা নাহিকে ইলোকত॥
কি কাৰণে জীওঁ মই আৰ অভাগিনী।
শত পুত্ৰ তুলি দুনাই ভৈলোঁ অপুত্ৰিনী॥ ৩৪২
কৈক গৈলা দুৰ্য্যোধন দুশাসন বাপ।
বৃদ্ধকালে হেন মোক দিলি হৃদি তাপ॥
হাক দিলোঁ মই তভো নুশুনিলি তাক।
তোৰা সে মৰিলি, যম নভৈলে আমাক॥ ৩৪৩
সবাকো হেলিয়া ভেলি আপুনি ডাঙ্গৰ।
হিত বোল নুশুনিলি গুৰু গৌৰৱৰ॥
একত্ৰে নেথাকি গৈলি মৰিবাক লাগি।
আছৰি আমৰি কৰি সবে নাছি বাগি॥ ৩৪৪
এহি মতে গান্ধাৰী কান্দন্ত মুঠি হানি।
বিকল হৃদয় ভৈলা দেখি চক্ৰপানী॥
মাধৱে বোলন্ত মাৱ পৰিহৰা চিন্তা।
নিজ কৰ্ম্মভাগে হেন ভৈলেক অৱস্থা॥ ৩৪৫

[ ৭১ ]

কৃষ্ণৰ বচনে শোক এড়িলা গান্ধাৰী।
মাধৱে বোলন্ত মাৱ শুনা বৰ নাৰী॥
উৰুভঙ্গ হুয়া আদেশিলা দুৰ্য্যোধন।
কৃপ, কৃতবৰ্ম্মা, অশ্বত্থামা তিনিজন॥ ৩৪৬॥
অপাণ্ডৱা কৰিবো বুলি সত্য কৰি।
গধুলিকা আসিয়াছে পাণ্ডৱ নগৰি॥
গান্ধাৰী বোলন্ত বৃদ্ধ অনাথ নৃপতি।
যুধিষ্ঠিৰ কৃষ্ণ বিনে আনি নাই গতি॥ ৩৪৭॥
হেন জানি কৃষ্ণ চলি যায়োক সকাল।
পাণ্ডৱক ৰাখি ৰাখা পুৰুষৰ জল॥
হেন শুনি নাৰায়ণ গৈলন্ত ত্বৰিত।
পাণ্ডৱত কহিলা যে হেন কথাবৃত॥ ৩৪৮॥
শুনি পাণ্ডৱৰ আনন্দৰ সীমা নাই।
কৰিলা প্ৰশংসা সাধু ত্ৰাহি যদুৰায়॥
অন্ধক নৃপতি বোলে কহিয়ো সঞ্জয়।
মহামানি দুৰ্য্যোধন দেৱতো দুৰ্জয়॥ ৩৪৯॥
মোহোৰ তনয় ত্ৰিজগতে যাক জানি।
সকলো শাস্ত্ৰত যাক লেখে তা অগ্ৰগণি॥
দেৱৰ দুৰ্জ্জয় পাণ্ডৱৰ পাঞ্চু ভাই।
মনুষ্যৰ অস্ত্ৰে তাঙ্ক ভঙ্গাইলা গদাই॥ ৩৫০॥
ভীমসেন গদাধৰ থাকে মৰি মৰি।
পাচে সে মাৰিলা তাক অনিয়ম কৰি॥

[ ৭২ ]

অযুত হস্তিৰ বল শৰীৰত যাৰ।
যাৰ কোপ দেখি ভয় উপজে প্ৰজাৰ॥ ৩৫১
জম্বুদ্বীপ পৃথিবীৰ নাথ অধিকাৰি।
লক্ষেক নৃপতি খাটিলেক জানু পাৰি॥
হেনয় ৰাজাক লাঠি মাৰিলেক শিৰে।
সিটো অপমান কেনে সহিলন্ত বীৰে॥ ৩৫২
যাক যি বুলিলা হেন শুনিবাক মন।
শুনি মন শান্ত হোক কহিয়ো এখন॥
সঞ্জয়ে কহন্ত শুনিয়োক মহাৰায়।
পাচে যেন ভৈলা তযু পুত্ৰৰ বিলাই॥ ৩৫৩
সমস্ত পঞ্চকে পৰি আছা উৰুভঙ্গে।
দশন অধৰ চৰ্ব্বি কম্পাৱয় খঙ্গে।
পৰিঘ সদৃশ বাহু ভূমিত পেলাই।
পাচে হেন বচন বুলিলা মহাৰায়॥ ৩৫৪॥
ভুৰিশ্ৰবা, কৰ্ণ, দ্ৰোণ, আৰু দেৱব্ৰত।
চাৰি অতিৰথিক বধিলা অন্যায়ত॥
মোহোকো কৰিয়া হত অনিয়ম ৰণে।
ইকি! আক শুনিবে ক্ষেত্ৰিয় ৰাজাগণে। ৩৫৫॥
সমৰ নিয়ম পৰি হৰি কৰি মন্দ।
কোননো পণ্ডিতে শুনি কৰিবে আনন্দ॥
ধিক্ক ভীমসেন মহা ক্ষেত্ৰি হুয়া জীৱে।
অনিয়মে মাৰি মোক শিৰে লাঠি দিয়ে ॥ ৩৫৬॥

[ ৭৩ ]

যিবা প্ৰজা যুদ্ধ চাই নগৰক যাই।
তাৰ মুখে বাৰ্ত্তা শুনিবেক বাপ আই॥
মিত্ৰ পুত্ৰ ভাই বন্ধু প্ৰজাক মাৰিলোঁ।
জম্বুদ্বীপে চক্ৰবৰ্ত্তি নৃপতি আছিলোঁ॥ ৩৫৭
মোত না খাটিল হেন নাই নৰেশ্বৰ।
পৃথিবীত ভোগ মই ভুঞ্জিলোঁ বিস্তৰ॥
ৰিপু নৃপতিক জিনি কৰিলো হোএক।
ব্ৰাহ্মণক দিলোঁদান পূজিলোঁ দেৱক॥ ৩৫৮
ক্ষেত্ৰিয় জাতিৰ নিজ ধৰ্ম্ম পৰি হৰি।
সমোখ সমৰে বীৰ ব্ৰতক আছৰি॥
ধৰ্ম্মক এৰিয়া দুৰাচাৰ পাণ্ডুগণে।
ধৰ্ম্মৱন্ত ৰাজাক মাৰিলা কূট ৰণে॥ ৩৫৯॥
সৰ্ব্বজনে দেখিল যেনয় ভৈল ৰণ।
তাক নিন্দি মোক প্ৰশংসিলা দেৱগণ॥
যদি বোলে অল্প আয়ু ভৈলেক আপোনে।
ইহাৰ সিদ্ধান্ত শুনা থিৰ কৰি মনে॥ ৩৬০।
পৃথু, পুৰু, ৰৱা গাধি, মান্ধাতা, সগৰ।
খট্টাঙ্গ, উত্ত্বানপাদ, ৰাম ৰঘুবৰ॥
পৃথিবীৰ পাত্ৰ ক্ষেত্ৰ শাস্ত্ৰত কহয়।
ভুঞ্জিলে ভুকুতি মৰি স্বৰ্গক চলয়॥ ৩৬১॥
যশ হেন পুষ্পক পিন্ধোক যত্ন কৰি।
অনিত্য জীৱন যায় আজি কালি মৰি॥

[ ৭৪ ]

যুদ্ধ বিনে মৰণ নিন্দিত ক্ষেত্ৰিয়ৰ।
সিকাৰণে মৰোঁ কৰি সমোখ সমৰ॥৩৬২॥
জিনিলে পাণ্ডৱে মোৰ কূটৰণ কৰি।
সিনো কত দিন ভুঞ্জিবেক বসুন্ধৰী॥
পাণ্ডৱে জিনিল নাম থাকিল আমাৰ।
গাৱে গাৱে একো পৰ্ব্ব ভৈল ভাৰতৰ॥ ৩৬৩॥
এহি বুলি তযু পুত্ৰ থাকিলন্ত তথা।
পিতৃমাতৃ আমাৰ শুনিবা এহি কথা॥
স্বধৰ্ম্ম জানিয়া হৃদয়ত দিয়া ঠাই।
অনাথ ভৈলেক মোৰ বৃদ্ধ বাপ আই॥ ৩৬৪॥
দুশীলা ভগিনী মোৰ জীবে কেন কৰি।
শত ভ্ৰাতৃ ভাৰ্য্যাৰ স্বামীয়ো গৈল মৰি॥
সবে কৰ্ম্মফল ভুঞ্জো কাৰো দোষ নাই।
এহি বুলি চিতত সবেও দিল ঠাই॥ ৩৬৫॥
এহি শুনি তথাতে আছয় দুৰ্য্যোধন।
বোলা ৰাম ৰাম সবে সভাসদগণ॥ ৩৬৬॥

⸺⸺

ছবি।

কৃপ কৃতবৰ্ম্মা দ্ৰোণী, লোকৰ মুখত শুনি,
সমৰ ভূমিত পশিলন্তে।
দেখিলন্ত পচে যায়, পড়ি আছে কুৰুৰায়,
পুৰন্দৰ যেন স্বৰ্গ হন্ত॥

[ ৭৫ ]

দেখি গুৰু তনয়ব, শোকে দহে কলেৱৰ,
কি ভৈল বিলাই কুৰুবাজ।
একাদশ অক্ষৌহিণী, সেনাবীৰ চূড়ামণি,
মহাবীৰ নৃপতি সমাজ॥ ৩৬৭ ॥
কোথা গৈল চক্ৰদণ্ড, দম্ভ তাপ বাদ্য ভণ্ড,
কোথা গৈল হয় হস্তি ৰথ।
চামৰে ঢোলন্তা নাই, ধূলি ধূসৰিত কায়,
উৰু ভঙ্গে ভৈলা ভূমিগত॥
তুমি আমি দুইজন, অস্ত্ৰ শিখি সৰ্ব্বক্ষণ,
শিশু ধৰি ফুৰোঁ কৌতুহলে।
আজিএৰি কৈক যাস, মোহোৰ ছেড়িয়া আশ,
এহি বুলি ধৰিলন্ত গলে॥ ৩৬৮ ॥
সেউতী পুষ্পৰ সম, হংস তুলি মনোৰম,
পাৰি থৱে হংসিনী সকলে।
উৰুত তুলিয়া ভৰি, জান্টে অল্প অল্প কৰি,
থাকো তুমি মন কৌতুহলে॥
আগৰ চন্দন কায়, শুভা কৰে সৰ্ব্বদায়,
উপৰত শ্বেত চত্ৰ তুলি।
কিনো ভৈল দৈবগতি, আজি হেন নৰপতি,
ভূমিত পড়িছা লাগি ধূলি॥ ৩৬৯ ॥


[ ৭৬ ]

লেছাৰী।

দুৰ্য্যোধন ৰাজা বোলে বাণী, শুনা গুৰু পুত্ৰ মহামানি,
মোহোৰ নিমিত্তে বাপ শোক নো জোৱাই।
সুখ ভোগ দুখ যত শোক, ভুঞ্জে দেখা আক সৰ্ব্বলোক
কলকৰ্ম্ম দৈবগতিয়ে আনি মিলাই॥
সসাগৰা পৃথিবীৰ ৰাজা, জম্বুদ্বীপ বাসী মোৰ প্ৰজা,
দেৱঋষি পিতৃ অতিথি অৰ্পি পূজিলোঁ।
কাল কৰ্ম্মে দিল যতদিন, ধৰিছিলোঁ মই ৰাজা চিহ্ণ,
দেৱতাৰ যোগ্য বিষ্টৰ ভোগ ভুঞ্জি্লোঁ॥ ৩৭০॥
বিধিৰ লিখিতা যাৰ যৈত, তাক এৰাইবাক পাৰে কৈত,
জন্ম মৃত্যু দুখ সুখ ভয় চিন্তা শোক।
যদি বেদশাস্ত্ৰ সত্য হয়, তেবে মোৰ নাহি কিছু ভয়,
চম্বুৰণে মোক প্ৰশংসিলে দেৱলোক॥
পুত্ৰ মিত্ৰ গুৰু পিতামহ, সমৰ কৰিলোঁ যাত গহ,
তা সম্বাৰ সঙ্গে চলি যাঁও স্বৰ্গলোক।
তুমি চিৰঞ্জীৱ থাকিবাহা, বৃদ্ধ পিতৃ মাতৃ পালিবাহা,
মোক প্ৰতি আবে কেঁহো নকৰিবা শোক॥৩৭১॥
এতেক বুলিয়া কুৰুৰায়, চক্ষুৰ লোতক বহি যায়,
মৌনে ৰহিলন্ত তিনিৰো মুখক চাই।
দেখি মহাবীৰ অশ্বত্থামা, নৃপতিৰ শোকে নাহি ক্ষমা,
কৰিলা শপত পুনু যুজিবাক লাই॥

[ ৭৭ ]

অন্যায়ে পিতৃক কৈল হত, তাতো নভৈলেক হেন মত,
তযু শোকে আজি যি মতে পোড়ে শৰীৰ।
সবে তপ ধৰ্ম্ম হোৱে চন্ন, যদি আজি ৰাত্ৰি জিনি ৰণ—
আনিবে নোৱাৰোঁ পঞ্চপাণ্ডৱৰ শিৰ॥ ৩৭২ ॥
তযু প্ৰিয় সাধি এহিক্ষণে, পাচে চলি যাইবো তপোবনে,
তোমাৰ হুইবেক যেন আছে প্ৰয়োজন।
থাকিয়োক দুৰ্য্যোধন ৰাজা, মাৰোঁ পাণ্ডু পাঞ্চালৰ প্ৰজা,
পাণ্ডৱৰ শিৰ কাটি আনো এতিক্ষণে॥
শুনিয়োক সভাসদ নৰ, পুন্য পদ মহাভাৰতৰ,
আন শাস্ত্ৰ সব নুহিকে আৰ উপমা।
হয় উপনিষদ্ সাৰ, আতপৰে মূল নাই আন,
বোলা জয় হৰি কৃষ্ণ বিষ্ণু ৰাম ৰাম॥ ৩৭৩ ॥


পদ।

সঞ্জয় বদতি কথা শুনা মহাশয়।
কৰিলা প্ৰতীজ্ঞা যেবে দ্ৰোৰ্ণৰ তনয়॥
হেন শুনি তযুপুত্ৰ ভৈল আনন্দিত।
আন্দোলেক দিয়া উঠি বসিলা মাটিত॥ ৩৭৪ ॥
কৃপক চাহিয়া হেন বুলিলন্ত বাণী।
এহিক্ষণে জলৰ কলস দিয়ে আনি॥

[ ৭৮ ]

মৰণ কালত তযু হাতে পাওঁ পাণী॥
শুনি কৃপে জল কলসেক দিলা আনি॥ ৩৭৫ ॥
চক্ষু মুখ প্ৰক্ষালিয়া বুলিলন্ত বাণী।
শুনিয়োক গুৰু পুত্ৰ গৌতম নন্দিনী॥
গুৰু দ্ৰোৰ্ণ সুত অশ্বত্থামা অতিৰথি।
অভিষেকী বীৰক পাটীয়ো সেনাপতি॥ ৩৭৬ ॥
ৰাজাৰ আদেশ শিৰে ধৰি দুয়োজনে।
বিধিৱতে সেনাপতি পাটীলা তেখনে॥
আসংশি শিৰত দিলা অভিষেকি জল।
ৰণ জয় হৈব হেন পাইল সুমঙ্গল॥ ৩৭৭ ॥
অশ্বত্থামা বীৰ অবিনাশি যে শৰীৰ।
সাগৰ গম্ভিৰ বীৰ গুণৰ মন্দিৰ॥
জয় বাদ্য মহা শঙ্খ নাদ কৰিলন্ত।
এহিমতে অশ্বত্থামা বীৰ চলিলন্ত॥ ৩৭৮ ॥
থাকিয়োক মহামানি ৰাজা দুৰ্য্যোধন।
তই শক্ৰ মাৰি জয় সাধিবা এখন॥
এহি বুলি পয়ান কৰিলা মহামানি।
যেন পশু বধিতে ধাইলন্ত শূলপানী॥ ৩৭৯ ॥
কৃপ কৃতবৰ্ম্মা দুয়ো তুল্যে ভৈলা সাজ।
কদলি বনক যেন ধাইল তিনি গজ॥
দুৰ্য্যোধন ৰাজা ৰহিলন্ত বাত চাই।
উৰু ভঙ্গে ৰুধিৰ লেপিত সৰ্ব্বকায়॥ ৩৮০ ॥

[ ৭৯ ]

যদ্যপি বেদনা কৰে সকলে শৰীৰ।
যাতো প্ৰাণ চাড়িয়া নাজাই মহাবীৰ॥
পূৰ্ব্বৰ লিখিতা হেন কৰ্ম্ম সে আছয়।
তাৰ প্ৰাণ নজাই যেবে ৰণ নোহে জয়॥ ৩৮১ ॥
জয় বাণী শুনিলে সে পড়িবে শৰীৰ।
ৰণত দুৰ্জ্জয় দুৰ্য্যোধন মহাবীৰ॥
এহি মানে গদাপৰ্ব্ব পদ সমাপতি।
শুনিয়োক সংক্ষেপে নৃপতি স্বৰ্গগতি॥ ৩৮২ ॥
কৃপ কৃতবৰ্ম্মা অশ্বত্থামা তিনিজন।
পাণ্ডৱগণৰ স্থান পাইলা সেহিক্ষণ॥
দ্বাৰত শঙ্কৰ আছে পাইলা দৰিশন।
স্তুতি নতি কৰি তাঙ্ক কৰাইলা প্ৰসন্ন॥ ৩৮৩ ॥
তান অনুমতি প্ৰবেশিলা প্ৰাঞ্চি ভেদি।
পাঞ্চাল সোমক সেনা পেলাইলেক ছেদি॥
তীক্ষ্ণ নখে ছেদিলেক ধৃষ্টদুন্ম্য শিৰ।
অস্ত্ৰহানি কাটিলন্ত আনো যত বীৰ॥ ৩৮৪ ॥
পাণ্ডৱৰ পাঞ্চো ভাই ৰৈলা নদীতীৰে।
পাঞ্চ পুত্ৰ পায়া শিৰ কাটি লৈলা বীৰে॥
পাঞ্চু পাণ্ডৱৰ শিৰ হেন মনে জানি।
জয় বাদ্য বজায়া লৰিলা মহামানি॥ ৩৮৫ ॥
নলা ছেদি লৈলা যেন পাণ্ডুটা কমল।
গাৱ ঢাকি পাঞ্চৰো বহবে যেন জল॥

[ ৮০ ]

অঙ্গ ভঙ্গ কৰিয়া নাছয় বাদ্য বায়।
দুৰ্য্যোধন ৰাজাৰ সমীপ পাইলা যায়॥ ৩৮৬ ॥
পাঞ্চালী পুত্ৰৰ শিৰ যোগাইলা তেখন।
মৰিল পাণ্ডৱ জানিলেক দুৰ্য্যোধন॥
ৰণ জয় হুয়া হাসিলেক কতোক্ষণে।
স্বৰ্গ হন্তে আসি বিমান তেতিক্ষণে॥ ৩৮৭ ॥
প্ৰাণ পৰিহৰি ৰাজা চড়ি বিমানত।
দুন্দুম্ভি বজায়া দেৱে প্ৰশংসে স্বৰ্গত॥
ধন্য মহামানি দুৰ্য্যোধন বীৰ ব্ৰত।
এহি মতে ৰাজা পাচে প্ৰবেশে স্বৰ্গত॥ ৩৮৮ ॥
এহি মতে পাশ হেতু মৰিল কৌৰৱ।
দুনাই পাণ্ডৱক ৰাজ্য দিলন্ত মাধৱ॥
জন্মিজয় বদতি শুনিয়ো মহামুনি।
কিবাহেতু পাশ শ্ৰমি ভৈলেক শকুনি॥ ৩৮৯ ॥
যেহি ঢালে ঢালে সেহি পড়ে ব্যৰ্থ নাই।
কহিয়োক গুৰু আৰ শুনো অভিপ্ৰায়॥
ঋষি নিগদতি ৰাজা শুনা পূৰ্ব্ব কাৰ্য্য।
গান্ধাৰক দেশত গান্ধাৰ মহাৰাজ॥ ৩৯০ ॥
গান্ধাৱতী, গন্ধৰ্ব্বী, তাহান দুইজায়া।
পুত্ৰবৰ সাধিলেক শঙ্কৰক পায়॥
দুই হন্তে লভি পুত্ৰ শতেক ষোড়শ॥
পৰম সুন্দৰী আৰু কন্যা চতুৰ্দ্দশ॥ ৩৯১ ॥

[ ৮১ ]

তেহ্ৰ জীৱ ষোল পুত্ৰ গন্ধৰ্ব্বী কন্যাৰ।
পৰম ধৰ্ম্মিষ্ট সবে গুণৰ মন্দিৰ॥
গান্ধাৱতী শতপুত্ৰ লভি এক কন্যা।
গান্ধাৰী নামত তিনি জগততে ধন্যা॥ ৩৯২ ॥
মহাশান্তী পতিব্ৰতা পৰম সুন্দৰী।
অন্ধক নৃপতি আনিলন্ত বিহা কৰি॥
সেহি গান্ধাৰীত ভৈল শতেক তনয়।
দুৰ্য্যোধন আদি কৰি পৰম দুৰ্জ্জয়॥ ৩৯৩ ॥
নামানয় পিতা মাতা গুৰু গৌৰৱক।
একদিন বুলিলেক গান্ধাৰী মাৱক॥
পাণ্ডৱক অপকাৰ কৰোঁ যত যত।
যৌগৃহ দাহ বিষদান শঙ্কতত॥ ৩৯৪ ॥
মাতোলৰ পুত্ৰ ৰাখে অনেক উপায়।
তোৰ ভ্ৰাতৃগণে মোক নভজে সদাই॥
এহি বুলি মন্দ দুৰ্য্যোধন দুৰাচাৰ।
শতেক মাতোল বন্দি কৈলা একেবাৰ॥ ৩৯৫ ॥
কাঠৰ শালত থৈয়া সবাকে দণ্ডিয়া।
শতেকৰ মাঝে দিয়ে ছাউল এসন্ধীয়া॥
শত শ্ৰাদ্ধি জেষ্ঠ ভাই পৰম শোভন।
সোদৰ সবক চাই বুলিলা বচন॥ ৩৯৬ ॥
অকৌৰৱা পৃথিবী কৰিবা যিবাজনে।
এহি ছাউল কঠা ভুঞ্জিয়োক সেহি জনে॥

[ ৮২ ]

শতেক সোদৰে মনে নামাতিলা গুনি।
সবাৰে কনিষ্ট উঠি মাতিলা শকুনি॥ ৩৯৭ ॥
মই কৰিবোহে পৃথ্বী কৌৰৱ বৰ্জ্জিত।
ইষ্টদেৱ আছে মোৰ শঙ্কৰ নীৰিত॥
এহি বুলি শকুনি ভুঞ্জিলা সেহি অন্ন।
অনাহাৰে শত ভাই তেজিল জীৱন॥ ৩৯৮ ॥
সাবাৰো শৰীৰ দিয়া, নীৰিতিক পূজি।
পাশাৰ যে জয়ক লৈলন্ত তান্তে খুজি॥
শতেকৰ অৱশেষ ৰহিলা আপুনি।
সি কাৰণে নাম তাৰ থাকিল শকুনি॥ ৩৯৯ ॥
শতে শ্ৰাদ্ধি দদাৰ বাহুৰ দুই হাৰে।
পাশা গুটী কটাইলন্ত কৌৰৱত আঁৰে॥
সি হেতু পাশাত যেহি ঢলন্ত শকুনি।
সেহি ঢালে নীৰিতিয়ে খেলন্ত আপুনি॥ ৪০০ ॥
পাশাত প্ৰমত্ত সিটো ভৈলা সেহি কাজে।
খেলিলন্ত তাক নাজানিয়া ধৰ্ম্মৰাজে॥
সি কাৰণে যুধিষ্ঠিৰে পাশা হাৰিলন্ত।
সভাৰ্য্যে সোদৰ বনবাস খপিলন্ত॥ ৪০১ ॥
ভাৰতৰ কথা শুনিয়োক বঙ্গ কৰি।
আন যত কথা চয় সবে পৰিহৰি॥
এহি মতে ইটো পৰ্ব্ব ভাৰত কাহিনী।
সভাসদে হৰি বোলা ৰাম কৃষ্ণ বানী॥ ৪০২ ॥

[ ৮৩ ]
 

দুলৰী।

নমোঁ কৃষ্ণ দেৱ, দণ্ডৱতে সেৱ,
কৰোঁ কোটিশতবাৰ।
তযু অনুমতি, ৰচিলোঁ সম্প্ৰতি,
ভাৰত ইটো পয়াৰ॥
সমৰ্পিলোঁ মনে, তোমাৰ চৰণে,
তুষ্ট হুয়ো মোক প্ৰতি।
নাই গতি আন, তযু পাৱে ধ্যান,
তুৱানামে মোৰ গতি॥ ৪০২ ॥
যিটো কৃপাময়, ছেদিলা সংশয়,
দেখায়া আপোন থান।
উপনিষদৰ, তন্ত্ৰ ৰহস্যৰ,
কৰি দিলা দিব্য জ্ঞান॥
দেৱতাৰ গতি, আশ্ৰয় সম্প্ৰতি,
গুৰুদেৱ মনুষ্যৰ।
দেৱ ঋষিগণ, কৰাই দৰিশন,
দিলাহা দিব্য অক্ষৰ॥ ৪০৪ ॥
উপনিষদৰ, তন্ত্ৰ ৰহস্যৰ,
পৰম গোপনী হেতু।
আলৌকিক জ্ঞান, মোক্ষৰ নিদান,
ঘোৰ সংসাৰৰ সেতু॥

[ ৮৪ ]

কিন্তু কলি মলে, ব্যাপিলে সকলে,
হৰিনামে ধ্বজকৰি।
নাহি ভক্তি জ্ঞান, মোক্ষৰ নিদান,
ফুৰে মাত্ৰ বেশ ধৰি॥ ৪০৫ ॥
অনম্ৰ অজ্ঞান, গুৰু শিষ্য মান—
নজানয় পুছিবাক।
তযু নিজ ধৰ্ম্ম, বেদতত্ব মৰ্ম্ম,
কি মতে দিবোহো তাক॥
তযু আজ্ঞা বানী, শাস্ত্ৰৰ কাহিনী,
কৈবাৰণ পাই পাত্ৰ।
কিন্তু বিপক্ষৰে, ভুত দয়া কৰে,
শাস্ত্ৰে নিবন্ধিলে মাত্ৰ॥ ৪০৬ ॥
গুৰু ঈশ্বৰৰ, নাহিকে অন্তৰ,
আকাশে পৱন সম।
আছয় একত্ৰে, দেখিয়ো সৰ্ব্বত্ৰে,
নেদেখে তাক অধম॥
তাহাৰ আগত, কহিবো কিমত,
ইটো মহা ছদ্ম জ্ঞান।
ৰহস্য বেদৰ, জ্ঞান তত পৰ,
মন্ত্ৰে সেতাৰ প্ৰমাণ॥ ৪০৭ ॥
নমোঁ হৃষিকেশ, জ্ঞান উপদেশ,
দিলা যিটো কৃপাকৰি।

[ ৮৫ ]

তোমাৰ অভয়, চৰণ দুতয়,
থাকোঁ যেন সদা স্মৰি॥
অনিত্য দেহৰ, ইন্দ্ৰিয় সঙ্গত,
ভোগ্যত আশক্ত মন।
মিলিব বৈৰাগ্য, নাহি মোৰ ভাগ্য,
কালে ধৰে যেতিক্ষণ॥ ৪০৮ ॥
ভজি তযু পাৱে, তব নাম নাৱে,
তৰিয়ো সংসাৰ ঘোৰ।
তুমি কৃপাময়, হুয়েক সদয়,
বাঞ্চাসিদ্ধি হোক মোৰ॥
দেহৰ লগত, দুখ সুখ যত,
ভুঞ্জিয়া নাপাও পাৰ।
মনোৰথ চয়, পুৰিয়ো নিশ্চয়,
সাধন্তে ভুঞ্জো নিকাৰ॥ ৪০৯ ॥
দেখা শিষ্টজন, কালৰ মহত্ত্ব,
ভৈলা কেন বিপৰীত।
ঘোৰ কলি মলে, ব্যাপিলে কেৱলে,
অসত্যত মাত্ৰ ৰতি॥
নুগুছে কপট, বেশ ধাৰি নট,
যেন ভৈল লোক চয়।
শিষ্যে আচাৰ্য্যক, ভাৰ্য্যায়ে স্বামীক,
বাপক পুত্ৰে ভাণ্ডয়॥ ৪১০ ॥

[ ৮৬ ]

ফল হিন তৰু, মন্ত্ৰ হিন গুৰু,
 শষ্য হিম বসুমতী।
মিত্ৰ স্নেহ হিন, দধি দুগ্ধ হিন,
 কালৰ হেন সে গতি॥
ইটো বাক্য চয়, “বেদৰ নিশ্চয়”,
 জানি সবে সভাসদ।
এৰা আন কাম,  “বোলা ৰাম ৰাম”,
 “চাড়িয়ো সবে আপদ”॥ ৪১১ ॥

হৰে কৃষ্ণ হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে।
হৰেৰাম হৰেৰাম, ৰাম ৰাম হৰে হৰে॥


গদাপৰ্ব্ব অন্ত।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )