পৃষ্ঠা:গদা-পৰ্ব্ব.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২১ )

এহি বুলি মাধৱে অনেক প্ৰশংসিলা।
মহাৰথিগণে ভীম বাহুক পূজিলা॥ ১০৪॥
আগৰ চন্দনে মালা দিলন্ত ব্ৰাহ্মণে।
উৰুলিৰ জোকাৰ দিলন্ত কন্যাগণে॥
যুধিষ্ঠিৰ প্ৰভৃতি আছন্ত যত ৰাজা।
প্ৰশংসা বচনে কৰিলন্ত বহু পূজা॥ ১০৫॥
সবাৰে সন্মত লৈয়া আশীৰ্ব্বাদ জল।
অষ্টগুণে প্ৰাণ দশগুণে তেজ বল॥
চাহিতে নপাৰি প্ৰকাশয় বৃকোদৰ।
পূৰ্ণিমাক লাগি যেন বাঢ়ে শশধৰ॥ ১০৬॥
যেন দধিছিৰ তেজে বজ্ৰ কৰি সাৰ।
বৃত্তাসুৰ বধক ধাইলন্ত পুৰন্দৰ॥
গৰ্জ্জিবে লাগিলা বীৰে বিক্ৰম বচনে।
শুনা ভাৰতৰ পদ সভাসদগণে॥ ১০৭॥
পৃথিবী উপৰে তীৰ্থ আছে যত মান।
সবাহাবে ফল পাৱে পুষ্কৰত স্নান॥
ভাৰত শ্ৰবণে ফল পাৱে ততোধিক।
দুষ্কৰ পুস্কৰ স্নান কৰি মৰে কিক॥ ১০৮॥
হেন জানি সাৱধানে শুনা সবে নৰ।
গদা পৰ্ব্ব হৰি কথা পদ ভাৰতৰ।
কবিৰাজ মিশ্ৰ কহে সংক্ষেপ কৰিয়া।
ৰাম ৰাম বুলি যায়ো সংসাৰ তৰিয়া॥ ১০৯॥