পৃষ্ঠা:গদা-পৰ্ব্ব.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২)

যুধিষ্ঠিৰ মহাৰাজা হৰিত ভকত।
দুনাই ৰাজ্য পাইল মাধৱৰ প্ৰসাদত॥
এক ৰথে সসাগৰা পৃথিবী জিনিল।
ৰাজসূয় যজ্ঞ কৰি বিষ্ণুক যজিল॥ ৩ ॥
অধৰ্ম্ম কৌৰৱ বহিলেক অৱশেষ।
শিশুপাল বধিয়া গুণন্ত হৃষিকেশ॥
মায়ায়ে মুহিত ভৈল ৰাজা দুৰ্য্যোধন।
মহালাজ ভৈল তিতি বসন ভূষণ॥ ৪ ॥
গৃহে গৈয়া শকুনিৰ হাতে জিনি পাশ।
ৰাজ্য কাঢ়ি লৈয়া পঠাই; আলছিয়া কাজ॥
মাধৱক পঠায়; মাগিল অৰ্দ্ধ ৰাজ্য।
পাঞ্চ গ্ৰাম মাগিলন্ত গোত্ৰ হত্যা কাজ॥ ৫ ॥
তথাপি নিদিলা দুৰ্যোধন মহাশয়।
“কৃষ্ণক সম্বোধি বুলিলন্ত ধনঞ্জয়॥” (১)
ভিক্ষা মাগি খাইবো হেন বুলিলা বচন।
গীতাত স্বধৰ্ম্ম কহিল সনাতন॥ ৬ ॥
আৰম্ভিলা যুদ্ধ মাধৱৰ অনুমতি।
প্ৰথমত পৰিলেক ভীষ্ম সেনাপতি॥
পাচৰ যুদ্ধত দ্ৰোৰ্ণ পৰিল নিশ্চয়।
পাচে কৰ্ণ সেনাপতি গৈল যমালয়॥ ৭ ॥


 (১) এই সাৰি পুথিত নাই, সময়ত অন্য পুথিও নেপোৱাত ভাব ৰাখি পদ পূৰ্ণ কৰি দিয়া হৈছে। প্ৰকাশক।