পৃষ্ঠা:গদা-পৰ্ব্ব.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৫)

মণ্ডলত চিদ্ৰ পায়া গদাক উচ্চায়।
যেন ফেঁটি গোমে লাঙ্গলত কোব পাই॥ ১৭৪ ॥
চিদ্ৰ পাই মণ্ডলত গদা তুলি ধৰি।
দুৰ্য্যোধন মুণ্ডত মাৰিলা ঠাট্ কৰি॥
অগনি শোনিত কলা দুয়ো ভৈলা বাজ।
তমোময় দেখি কম্পি গৈলা কুৰুৰাজ॥ ১৭৫ ॥
বাম হাতে ভূমি ধৰি পুনশ্চ উঠিল।
পাণ্ডব সৈন্যত বৰ ৰোল উথলিল॥
পৰিল বুলিয়া বৰে দিলেক জোকাৰ।
ছাপৰি বজায় নাছিলেক বাৰম্বাৰ॥ ১৭৬ ॥
আগবাঢ়ি আৰণত ছাটি মাৰে উঠি।
ধনুক টঙ্কাৰি জঙ্কাৰয় দৃঢ়মুষ্ঠি॥
জিনিলোঁ বুলিয়া কে হোৱাবে হাততালি।
চাপৰি চাপৰি নাছে কতো হালি হালি॥ ১৭৭ ॥
ঢাক ঢোল তাল খোল বজাৱয় ৰঙ্গে।
জিনিলোঁ বুলিয়া কতো নাছে অঙ্গে ভঙ্গে॥
মুহূৰ্ত্তেক মানে পৰি আছে কুৰুৰায়।
পুনু উঠি গৈলা গদা উৰ্দ্ধক উধাই॥ ১৭৮ ॥
শুনা সভাসদ পদ মহাভাৰতৰ।
গদাপৰ্ব্ব হৰি কথা জয় পাণ্ডৱৰ॥
সংক্ষেপ কৰিয়া মই কৰোঁ নিবন্ধন।
শুনিয়োক কহো সংক্ষেপিবাৰ কাৰণ॥ ১৭৯ ॥