এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৫)
দুয়ো গদা পাটীয়া কোবক অন্তৰাই।
তাৰ ঘৰিসনে গৈলা অগনি বঝাই॥ ২২৮ ॥
পাচে চিদ্ৰ পায়া ভীমে কোবেক বৈসাইল।
ডেৱ দিয়া দুৰ্য্যোধন তেখনে এৰাইল॥
মত্ত সিংহ দুই যেন নাদে আসৰিষ।
পঙ্ক লাগি দুয়ে যেন দুতয় মহিষ॥ ২২৯ ॥
তেজে তোল বোল দুই আৰক্ত আকাৰ।
বসন্ত কালত যেন দুই গাছ মন্দাৰ॥
পবন সঞ্চাৰে দুৰ্য্যোধনে তুলি গদা।
ভীমৰ গাৱত কোপে প্ৰহাৰিলা তদা॥ ২৩০ ॥
বিপৰীত ছোটে ভীম পাক ফুৰি ফুৰি।
গদাক পাটীয়া ৰৈলা পুটীয়া ঠুটৰি॥
আশকত দেখি দুৰ্য্যোধনে আছে ৰই।
সেহি বেলা ভীমে এক কোব দিলা গই॥ ২৩১ ॥
অসাৱধানত কোব পৰিল বিফলে।
মাংস চিণ্ডি গৈল তেজ বহৱে বোম্বালে॥
ৰুধিৰ মলছি দুৰ্য্যোধনে কৰে দৰ্প।
যেন লাঠি পায়া ফোঁকাৰয় নাগসৰ্প॥ ২৩২ ॥
ভীমসেনে বোলে দুৰ্য্যোধন ক্ৰুৰমতি।
কিনো আজি দাৰুণৰ বিপোল শকতি॥
সেহিক্ষণে দুৰ্য্যোধনে গদাৰ মণ্ডল।
চিদ্ৰ পায়া হানিলা ভীমৰ বক্ষস্থল॥ ২৩৩ ॥