কালিকা পুৰাণ বা হৰ-গৌৰীৰ বিবাহ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
কালিকা পুৰাণ (page 1 crop).jpg

কালিকা পুৰাণ
বা
হৰ-গৌৰীৰ বিবাহ।

**চতুৰ্থ তাঙৰণ**

প্ৰকাশক—

দত্ত বৰুৱা
নলবাৰী—কামৰূপ, (অসম)
১৯৫২ চন

বেচ— ॥৵৹ অনা মাত্ৰ।

[  ]
 

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ

কালিকা পুৰাণ

হৰ-গৗৰীৰ বিবাহ

নাৰায়ণং নমস্কৃত্য নৰঞ্চৈব নৰোত্তমং।
দেবীং সৰস্বতীং ব্যাসং ততো জয়মুদীৰয়েৎ॥

পদ।

বৈশম্পায়ন কহে জন্মেজয়ৰ আগত।
হৰ-গৌৰী বিবাহৰ ভৈলা যেন মত॥
তাৰকাত হন্তে দেৱগণে ডৰ পাই।
ব্ৰহ্মাৰ আগত দুখ নিবেদিলা যাই॥ ১
তাৰকাই অমৰাৱতী কৰিলেক নষ্ট।
বাৰে বাৰে আমাক দিয়া আছে কষ্ট॥
হেন জানি বিধি কৰিয়োক প্ৰতিকাৰ।
যাৱে নতু নষ্ট হোৱে সংসাৰ তোমাৰ॥ ২
ব্ৰাহ্মায়ে বোলন্ত শুনিয়োক দেৱগণ।
সংসাৰত তাৰকাক মাৰে, কোন জন॥

[  ]

শিৱৰ বৰত বল বাঢ়িল অশেষ।
সেহিসে কাৰণে সবে পাই আছো ক্লেশ॥ ৩
শিৱৰ পুত্ৰৰ হাতে আছয় মৰণ।
হেন জানি লৈয়ো সবে শিৱত শৰণ॥
সমস্তে বৃত্তান্ত শিৱস্থানে কহিযোক।
পুত্ৰ জন্ম হৌক শিৱে কন্যা বিবাহোক॥ ৪
তেবেসে তাৰকা তান হাতে যাইবো মৰি।
এহিসে কহিলে মই নিষ্ঠে নিষ্ঠ কৰি॥
কহিলো সমস্তে কথা আবে তোমাসাত।
শীঘ্ৰে কহিযোক যাই শিৱৰ আগত॥ ৫
হেন শুনি দেৱগণ শিৱত কহিলা।
তান বাক্য শুনি শিৱে বচন বুলিলা॥
শুনা দেৱগণ মই কন্যা কৈত পাম।
নাই ভাই বন্ধু মোৰ কাহাক পঠাম॥ ৬
হেন জানি মই এৰি আছো গৃহবাস।
নকৰো বিবাহ মই থাকিবো উদাস॥
হেন শুনি দেৱগণে বোলে স্তুতি বাণী।
ব্ৰহ্মাৰ আদেশে প্ৰভু আসিয়াছো আমি॥ ৭
ভাল চাই এক গুটি কন্যা বিবাহোক।
তিনিও লোকত অতি যশস্য ৰহোক॥

[  ]

ব্ৰহ্মাৰ বচন শুনি মনে ভাবি চাই।
বোলন্ত দিয়োক এক কন্যা ভাল চাই॥ ৮
কৈত আছে ভাল কন্যা সুধিবা ব্ৰহ্মাত।
সুধি পুছি খুজিবাহা কহিবা আমাত॥
দেৱগণে বোলে প্ৰভু শুনিয়ো সম্প্ৰতি।
হেমন্তৰ ঘৰে কন্যা আছস্ত পাৰ্ব্বতী॥ ৯
ৰূপে গুণে অনিন্দিতা সিটো মহাধন্যা।
ব্ৰহ্মায়ে বোলন্ত বিবাহোক সেহি কন্যা॥
শুনি মহাদেৱে হাসি বুলিলন্ত বাণী।
বিবাহ কৰোহো তেন্তে সেহি কন্যা খানি॥ ১০
তাত হন্তে তেবে মোৰ পুত্ৰ উপজিব।
তেবেদে তাৰকাসুৰ বিনাশ হইব॥
শুনি ৰঙ্গে দেৱগণে কৰিলা বিদায়।
ব্ৰহ্মাৰ আগত সবে কহিলন্ত যাই॥ ১১
শুনি ব্ৰহ্মা তেতিক্ষণে আনি নাৰদক।
সত্বৰে যায়োক বাপু হেমৱন্ত ঘৰক॥
সবাৰো বচন ৰাখি তাহাৰ জীউক।
মহাৰঙ্গ মনে বিহা দিয়োক শিৱক॥ ১২
পিতৃৰ বচন শুনি নাৰদ গৈলন্ত।
আকাশ গমনে গই পাইলা হেমৱন্ত॥

[  ]

ঘৰত ৰহিলা ঋষিৰাজে জান দিলা।
শুনি হেমৱন্তে আসি আগবাঢ়ি নিলা॥ ১৩
আসনে বৈসায়া ৰাজা পাৰ ধুৱাইলন্ত।
সেহি পাদোদক ৰাজা শিৰত লৈলন্ত॥
গন্ধ পুষ্প ধূপ দিয়া ঋষিক পূজিলা।
হাসি হাসি গিৰিৰাজে ঋষিত পুছিলা॥১৪
কিবা প্ৰয়োজনে আসিয়াছা ঋষিৰাজ।
নাৰদে বোলন্ত শুনিয়োক গিৰিৰাজ॥
শুনিলো জন্মিল কন্যা তোমাৰ ঘৰত।
ব্ৰহ্মাদেৱে লভিবাক পঠাইলা তোমাত॥ ১৫
বোলে যিটো কন্যা জন্মি আছয় ঘৰত।
সেই কন্যা খানি বিহা দিয়োক শিৱত॥
শুনি হেমৱন্তে বুলিলন্ত ভাল ভাল।
শিৱ জগতৰ গুৰু জীৱ সৰ্ব্বকাল॥ ১৬
অলপ বয়স কন্যা আতি অল্পমতি।
তানে আতি শুচি মনে যাকে মানে প্ৰীতি॥
যদি জীয়ে ভাল দেখে তাইৰ স্বামী ভাল।
ভস্ম অঙ্গে বিভূষিত গাৱ সৰ্ব্বকাল॥ ১৭
মাথাত আছয় জটা গলে মুণ্ডমালা।
ত্ৰিশূল ডম্বৰু হাতে পিন্ধে বাঘছাল॥

[  ]

হেনয় লক্ষণ দেখি ভয় নকৰয়।
জানিবা শিৱত দিবো কহিলো নিশ্চয়॥ ১৮
হেন শুনি ঋষিৰাজে আশীৰ্ব্বাদ কৰি।
দেৱীৰ মন্দিৰে গৈল তেতিক্ষণে চলি॥
বিৰল স্থানত গৈয়া দেৱীক দেখিলা।
কৰযোৰ কৰি ঋষিৰাজে প্ৰণামিলা॥ ১৯
শুনিয়োক জগত জননী মহামায়া।
আমাসাক প্ৰতি কিছু কৰিয়োক দয়া॥
তুমি জগতৰ মাৱ জগত ঈশ্বৰী।
তুমি লক্ষ্মী সৰস্বতী তুমি জগন্ময়ী॥ ২০
তোমাৰ কটাক্ষে হোৱে জগত সংসাৰ।
এতেকে তোমাক কৰো শত নমস্কাৰ।
ব্ৰহ্মাৰ আদেশে দেৱগণ আছে যত।
তোমাক বিবাহ দিবে হৰত সম্মত॥ ২১
হেন বাক্য শুনি দেৱী হাসি মুচুকাই।
ঋষিৰ আগত কথা কহিলা বুজাই॥
শুনা ঋষিৰাজ মই নোহো স্বতন্তৰী।
পিতৃৰ অধীন মই বালিকা কুমাৰী॥ ২২
পিতৃ যদি দিম বুলি কহিয়া আছয়।
ভজিবো শিৱক মই বুলিলো নিশ্চয়॥

[  ]

ব্ৰহ্মাৰ আগত তুমি জান দিয়া যাই।
শিৱসে মোহোৰ স্বামী জানিবা নিশ্চয়॥ ২৩
এহি বুলি মৌনভাৱ হুইয়া ৰহিল।
মহাৰঙ্গে ঋষিৰাজ তেখনে চলিলা॥
ব্ৰহ্মাৰ আগত ঋষিৰাজে কহিলন্ত।
শুনিয়া ব্ৰহ্মাৰ মনে আনন্দ মিলন্ত॥ ২৪
পুনৰপি ব্ৰহ্মা বোলে শুনিয়ো পুতাই।
মহেশ্বৰ আগে তুমি কহিয়োক যায়॥
শুনি ঋষিৰাজে তেতিক্ষণে চলি গৈলা।
মহেশৰ আগে সব বুজাই কহিলা॥ ২৫
ব্ৰহ্মাদেৱে তবু পাশে পঠাইলন্ত মোক।
হেমৱন্তৰ কন্যা খানি বিবাহ কৰোক॥
ৰূপে লহ্মী স্বৰস্বতী নোহে সমসৰ।
বদন প্ৰকাশে যেন পূৰ্ণ শশধৰ॥ ২৬
তোমাৰেসে মনোমত হৈবে সিটো জীয়া।
হেন জানি সেহি কন্যা কৰিয়োক বিয়া॥
ভাল ভাল বুলি সবে প্ৰশংসা কৰিলা।
নমস্কাৰ কৰি ঋষিৰাজ চলি গৈলা॥ ২৭
পাছে নন্দী ভৃঙ্গীক যে মাতিয়া আনিলা।
ঠগিত কৰিয়া গুৱা-পাণ অনি দিলা।

[  ]

বোলে চলিয়োক দূত হেমৱন্ত ঠাই।
তাহান আগত কথা কহিয়োক যাই॥ ২৮
আমাক দিয়োক বিহা তাহান কন্যাক।
ব্ৰহ্মা আদি দেৱগণে প্ৰশংসয় যাক॥
শুনি নন্দী ভৃঙ্গী তেতিক্ষণে চলি গৈলা।
হেমৱন্তক দেখি দুয়ো প্ৰণাম কৰিলা॥ ২৯
গুৱা-পাণ ঠগিখান আগ বঢ়াই দিলা।
মহাদেৱে কন্যা খোজে বুলিয়া কহিলা॥
হেমৱন্তে গুৱা-পাণ ভিতৰক নিলা।
মেনকাৰ আগে তাৰ কিছু আনি দিলা॥ ৩০
মেনকা বোলয় ইটো কৈৰ গুৱা-পাণ।
কোনে কন্যা খুজিবাক আসে মোৰ স্থান॥
বোলে গিৰৰািজে কন্যা শিৱক দিলন্ত।
চাৰি দিন বাজে শিৱে বিহা কৰিৱন্ত॥ ৩১
শুনিয়া মেনকা দেৱী শিহৰি উঠিল।
হেমন্তক নিন্দা বাণী বুলিবে লাগিল॥
নজানানে তুমি মই কেনে জনী মাক।
আছোক পাবাক ভাত নাপায় মাতক॥ ৩২
সমস্তে জানয় মই মাক নোহো ভাল।
তোমাৰ সহিতে নিতে লাগে খৰিয়াল॥

[ ১০ ]

ঐ আই মই কিবা শুনিলোহো কাণে।
দৰিদ্ৰ গোটৰ সিটো ৰাখে গুৱা-পাণে॥ ৩৩
ত্ৰিভুৱন মাজে সিটো জোৱাই নাপাই।
নাঙ্গঠাক দেই জীক দুই চক্ষু খাই॥
এহি বুলি মেনকাই পিতিলা ধপলা।
ছিৰাছিৰ হুই গৈল কটিৰ মেখলা॥ ৩৪
শুনিয়ো কুটিয়া বুঢ়া কি কাজ কৰিলি।
পাৰ্ব্বতী জীক তই জুইত পুৰি খালি॥
নাই খেতি বাতি সিটো সদা মাগি খায়।
শুনিয়াছো পগলাৰ ঘৰ বাৰী নাই॥ ৩৫
চাউল ভাতৰ তাৰ নাই ব্যৱহাৰ।
সদায় কৰয ভাঙ্গ ধতুৰা আহাৰ॥
নাহিকয় সোণ ৰূপ বস্তু নাহি ভাল।
গলত মুণ্ডৰ মালা কটিত বাঘছাল॥ ৩৬
নাহিকে মনুষ্য সঙ্গ ভূত প্ৰেতগণ।
শ্মশানশালাত নিতে কৰয ভ্ৰমণ॥
নাহি তান পিতল কাহৰ লোটা বাটি।
শুতিবাক নাহিকে তাহাৰ খাট পাটি॥ ৩৭
নাঙ্গঠা ভাঙ্গুৱা তাৰ নাহি লাজ কাজ
নাঙ্গঠে আসিব সিটো আমাৰ সমাজ॥

[ ১১ ]

মহা কামাতুৰ হুয়া আসিবেক খেদি।
পলাইবেক সুন্দৰী তাহাক লাগ নেদি॥ ৩৮
এহি বুলি মেনকাই কৰে তিৰস্কাৰ।
শুনি হেমৱন্তে ভৈল বিশ্ৰুতি আকাৰ॥
মনত গুণন্ত মই কি কাম কৰিলো।
মেনকা নুসুধিয়া জোঁৱাই কৰিলো॥ ৩৯
এহি বুলি উঠিলন্ত ৰাজা সমাজৰ।
থোস মোস কৰি যাই পশিলা ভিতৰ॥
হুমুনিয়া ছাৰি ৰাজা বসলন্ত যাই।
মেনকায়ো আসিলা ৰাজাৰ সাৰি পাই॥ ৪০
মেনকাৰ শুনি ৰাজা অনেক কুবাক্য।
একো নামাতিয়া ৰাজা স্তম্ভিয়া ৰৈলেক॥
মেনকা বোলয় শুনিয়োক গিৰিৰাজ।
বৰ খুজি নপাইলাহা ত্ৰিভুৱন মাজ॥ ৪১
কোনোবা তপসী তাৰ গাৰে ফঁটা কানি।
গুৱাপাণ আনি আছে কাঠৰ ঠগি খানি॥
হেনয় দৰিদ্ৰ পিতলৰ ঠগি নাই।
কেনমতে বিয়া দিবা স্নেহৰ জীয়াই॥৪২
ভঙ্গুৱাত বিহা জীক নিদিবো সমুলি।
একে কাজে লাগে তাক ভাঙ্গ তিনি ডুলি॥

[ ১২ ]

তিনি চাৰি পুৰা লাগে ধতুৰাৰ গুটি।
ইহাক সুমৰি মোৰ প্ৰাণ যায় ফুটি॥ ৪৩
হৰি হৰি গিৰিৰাজ দুই চক্ষু খালা।
তপসী গোটক বৰ জোঁৱাই খুজি পালা॥
সমুদ্ৰত জাম্পো কিম্বা কৰো বিষ পান।
যদি জীক দিব লাগে তপসীক দান॥ ৪৪
আলৌলোৱা জী মোৰ কান্দি ভাত খায়।
ভাঙ্গ খুন্দা ডাঙ্গ দেখি মৰিব ডৰাই॥
কিমতে দিবেক ঢেকি কিমতে জাৰিব।
ভাঙ্গৰ গুৰি নাপাই শিৱে কিলায়ে মাৰিব॥ ৪৫
কিমতে চালিব ভাঙ্গ কেহো নিশিকালে।
হেন দৰিদ্ৰক তুমি জোঁৱাই পাইলে॥
ওচৰ চাপিলে সৰ্পে তুলিবেক ফেট।
ভয়তে নুহিবে গৌৰী জোঁৱাইৰ ভেট॥৪৬
এহিমতে মেনকাই কৰে তিৰস্কাৰ।
শুনি হেমৱন্তে ভৈল বিজ্ঞান আকাৰ॥
বুলি মাতি মেনকাক কিছু শান্ত কৈলা।
লাহে লাহে ৰাজা তাঙ্ক বুজাইবে লৈলা॥ ৪৭
অনেক যুগুতি দেখাই বুলিবে লাগিলা।
তথাপি মেনকা ভাল মুখে নমাতিলা॥

[ ১৩ ]

বুলিলন্ত জোঁৱাই যদি আসে আমি চাওঁ।
তেবেসে দিবোক কন্যা যদি ভাল পাওঁ॥৪৮
সেহি বাক্য শুনি হেমৱন্তে ৰঙ্গ ভৈলা।
তেতিক্ষণে গৈয়া নন্দী ভৃঙ্গীত কহিলা॥
আসোক জোঁৱাই দেখিবাক মন ভৈল।
শুনি নন্দী ভৃঙ্গী তেতিক্ষণে চলি গৈল॥ ৪৯
কহিলা শিৱৰ আগে নমস্কাৰ কৰি।
চলিবাক লাগে প্ৰভু হেমৱন্ত পুৰী॥
দেখিবাক লাগি তাসম্বাৰ মন ভৈলা।
বিলম্ব নকৰি প্ৰভু তৈকে লাগি চলা॥ ৫০
শুনি মহাৰঙ্গে শিৱ উঠি তাৱক্ষণে।
ভাল ভাল বুলি মাথা জোকাৰয় ঘনে॥
বেতাল ভৈৰৱগণ আছয় যতেক।
বীৰ সাজে কাছি পাৰি সবে চলিয়োক।৫১
এহি বুলি শিৱ সমস্তকে আদেশিলা।
আপুনিও বীৰকাচে কাচিবাক লৈলা॥
বিভূতি আনিয়ে মণ্ডিলন্ত শৰীৰত।
ভোকন্দিৰ টোনাখন শোভয় গলত॥ ৫২
কটিত বাঘৰ ছাল বান্ধিলন্ত টানি।
তহিতে শোভয় নব হস্তৰ কিঙ্কিণী॥

[ ১৪ ]

আপাদলম্বিত গলে লৰে মুণ্ডমালা।
ককালত বান্ধে দীৰ্ঘ সৰ্পৰ মেখলা। ৫৩
গলত গুলিয়া শোতে ফেট বাকৰাজ।
জণ্টাত তুলিয়া বান্ধিলন্ত নাগৰাজ॥
কৰ্ণত কুণ্ডল দিলা সৰ্প মনোনীত।
আউল জাউল সৰ্প কেশৰ মাজত॥৫৪
চিকা মৰলীয়া ভৈলা হাতৰ কঙ্কণ।
ইন্দ্ৰজিত সৰ্প ভৈল বাহুৰ ভূষণ॥
বনস্পতি সৰ্প ভৈলা কপালৰ জেঠি।
ললাট ওপৰে স্থান দিল মাটিফেটী॥৫৫
হাতৰ বলয় ভৈল ক্ষুদ্ৰ নাগগণ।
ৰুদ্ৰাক্ষ স্বৰূপ ভৈল সৰ্প অগণন॥
সকচুৰ ভৈল হাৰ হৃদয়ে সুন্দৰ।
শাকিনী নূপুৰ ভৈলা জানিবা পাৱৰ॥৫৬
এহি ৰূপে ভৈলা সব সৰ্প অলঙ্কাৰ।
ভস্মে বিভূষিত কায় আতি চমৎকাৰ॥
মাথে সুৰেশ্বৰী গঙ্গা কৰন্ত প্ৰকাশ।
কপালত অৰ্দ্ধচন্দ্ৰ কৰন্ত বিকাশ॥ ৫৭
ত্ৰিশূল ডম্বৰু শোভা কৰে চাৰি হাতে।
পিণাক ধনুক বৰাভয় যে তহিতে॥

[ ১৫ ]

স্ফটিক পৰ্ব্বত যেন কাজলৰ ফোঁট।
কণ্ঠত প্ৰকাশে বিষ নামে কালকূট॥৫৮
বৃষভক পিন্ধাইলা বহু অলঙ্কাৰ।
গলে শোভে সৰ্পময় মুকুতাৰ হাৰ॥
সুৱৰ্ণৰ ঘণ্টাচয় আৰিলা গলত।
ৰুণঝুন ৰাৱ কৰে নূপুৰ পাৱত॥৫৯
পিঠিত তুলিয়া তান গাদিক বান্ধিলা।
নানা অস্ত্ৰ শস্ত্ৰ আনি তহিতে ৰাখিলা॥
এহিমতে বৃষভক সজাই আনি লৈলা।
আগে পাছে যাই ভূতে যোগান ধৰিলা॥৬০
আকাশত দেৱগণে পুষ্পবৃষ্টি কৰে।
মহা ভয়ঙ্কৰ বেশ ধৰিলা শঙ্কৰে॥
অনন্তৰে শিৱে পাইলা হেমৱন্ত ৰাজ্য।
আসিলন্ত জোঁৱাই জানিলন্ত গিৰিৰাজ॥৬১
পূজিলন্ত ৰাজা পাছে বিধি ব্যৱহাৰে।
পূজা অন্তে দণ্ডৱত ভৈলা বাৰে বাৰে॥
শুনা সভাসদ ইটো কিনো অদভুত।
জগতৰ গুৰু শিৱ তান হেন ৰূপ॥৬২
অভেদ শৰীৰ হোৱা ব্ৰহ্মা বিষ্ণু হৰ।
তথাপিও ভিন্ন ভাৱ কৰে অজ্ঞানৰ॥

[ ১৬ ]

সৃজন পালন আৰো সংহাৰ কাৰণ।
ভিন্ন ৰূপে প্ৰকাশ হুয়া ভিন্ন ভিন্ন॥৬৩
হেন জানি সৰ্বজনে অন্য কাৰ্য্য এৰি।
শিৱ বিষ্ণু বুলি সবে বোলা হৰি হৰি॥

⸺-⸺ ০*০ ⸺-⸺


ঝুণা

মেনকা আসিয়া জোঁৱাই দেখি।
বিস্ময় মানিয়া মুদিলা আখি॥
দেখিলো কিনো অতি অদভুত।
মনুষ্য আকাৰ পিশাচ গোট॥৬৪
এহি বুলি দেবী ভিতৰে গৈলা।
জোঁৱাই শিৱক নিন্দিবে লৈলা॥
আইৰে আই মই কিবা দেখিলো।
জোঁৱাইক দেখিয়ে তবধ ভৈলো॥৬৫
যেনে শুনিছিলো দেখোহো তেনে।
এনুৱাক জোঁৱাই বুলিব কোনে॥
আইৰে আই মই কি কাম কৰিলো।
পাৰ্ব্বতী জীক মই জুইত পুৰি খালো॥৬৬

[ ১৭ ]

কি কৰিবো মই কিবা উপায়।
ৰাক্ষসৰ সঙ্গে নাথাকো ময়॥
এৰিলোহো ঘৰ এৰিলো পৈ।
ফুৰিবোহো মাত্ৰ বাতুল হুই॥৬৭
পই হন্তে মোৰ নাহিক সুখ।
নেওচা কেওচা নাচাওঁ তাৰ মুখ॥
পাৰ্ব্বতী জীয়াৰ নভৈল ঘৰ।
বাপেকে আনিছে কুঠিয়া বৰ॥৬৮
এনে পিশাচৰে ঘৰ নহয়।
কিমতে থাকিব সাপসব লই।
নাজানি ঘৰত নাই কাপোৰ।
সিহেতু লৱন্ত সাপৰ মেৰ॥৬৯
নাহিকে ঘৰে চুৰিয়া ভাল।
সিকাৰণে পিন্ধে বাঘৰ ছাল॥
নাহি একো ৰূপ সোণৰ মাল।
সিহেতু পিন্ধিছে মুণ্ডৰ মাল॥৭০
নাহিকে ঘোৰা হাতী একো যান।
বৃষভত উঠি আসে ই থান॥
দেখিয়েই চিনিলো দৰিদ্ৰৰ চিন।
স্বভাৱ দেখিয়া লাগয় ঘিণ॥৭১

[ ১৮ ]

কিমতে ওচৰ চাপিবে আই।
ফেটী সাপে জানো মাৰিবে খাই॥
শাখিনী সাপে মেলিবে ফেট।
ওচৰ চাপিতেই মাৰিব খোট॥৭২
কিমতে নখাই থাকিব ভাত।
কিমতে লৈবে বাঘছাল গাত॥
বাঘচাল নোমে গাত বিন্ধিব।
কিমতে গলত সৰ্প বান্ধিব॥৭৩
হেনয় দৰিদ্ৰক দিলে জীক।
কণা হেমৱন্ত জীৱন ধিক্॥
হেমৱন্ত ৰাজা নামৰ কিক।
হেন জোঁৱাই পালা ধিক ধিক॥৭৪
এহি ৰূপে বহু বিকৰ্থনা কৰি।
হেমৱন্তক ভৎৰ্সে মেনকা সুন্দৰী॥
বৰ্ণিবে লাগিল অনেক ভাৱে।
নকৈলো পদ বিস্তৰৰ ভয়ে॥৭৫
শুনা সৰ্ব্বজন শিৱৰ চৰিত্ৰ।
জগতকে যিটো কৰে পৱিত্ৰ॥
জানিবা কলিত নামেসে সাৰ।
হৰি হৰি বুলি তৰা সংসাৰ॥৭৬

[ ১৯ ]

দুলড়ী

হৰি হৰি বিধি   নকৰিলা সিদ্ধি
  মোহোৰ মন বাঞ্চিত।
পাৰ্ব্বতীৰ যোগ্য   বৰক নিদিয়া
  সপিলা কাল মুখত॥৭৭
ইটো মিছা বাপ   যেন ঢোৰা সাপ
 নাহিকে মনত তাপ।
দশ মাস গৰ্ভ   ভাৰক বহিয়া
  মই পাওঁ যত তাপ॥৭৮
অকাৰণে তোক   দুখ কৰি মই
  তুলিলো পাৰ্ব্বতী আই।
ইসব দুখক   সুমৰন্তে মোৰ
  শোকে প্ৰাণ ফুটি যাই॥৭৯
সুৱৰ্ণৰ খাটে   শুতি থাকা আই
  দাসীয়ে চামৰ ধৰে।
সুৱৰ্ণ কঙ্কণ   হাতত জ্বলয়
  কণ্ঠে সাত সৰি জ্বলে॥৮০
মৰক কুণ্ডল   কৰে জল মল
  পাৱত নূপুৰ জ্বলে।
দশ আঙ্গুলিত   সোণাৰ আঙ্গুঠি
  হীৰা গলপতা গলে॥৮১

[ ২০ ]

হেন সব দ্ৰব্য   পৰিহৰি আই
  বহু দুখ পাবা ভাত।
আন দ্ৰব্য তাৰ   নাহিকে গৃহত
  বাঘছাল মাত্ৰ গাত॥৮২
নাহি ধন ধান   শুদা ঘৰ খান
  ভাঙ্গ ধতুৰাৰ চাঙ্গ।
ভাঙ্গ জৰা চলা   আছে ডলা কুলা
  আৰু ভাঙ্গ খুন্দা ডাঙ্গ॥৮৩
ভাঙ্গৰ সম্বল   মাত্ৰ আছে ঘৰে
  অন্য কিছু বস্তু নাই।
খাইবাৰ হেতু   নাই চিৰা পিঠা
  সদাই ভাঙ্গকে খাই॥৮৪
চাউল ভাতৰ   নাই ব্যৱহাৰ
  ভাঙ্গকে ঘুটিয়া খায়।
ভাঙ্গ ঘুটিবাক   নপাৰয় যদি
  মাৰিবে ডাঙ্গে কোবাই॥৮৫
ইসব দুখক   সুমৰিয়া মোৰ
  শোক শেলে প্ৰাণ যাই।
বিলাপ কৰিয়া   কান্দন্তে কান্দন্তে
  ভৈলন্ত বিশ্ৰুতি প্ৰায়॥৮৬

[ ২১ ]

দেখি নৰ-নাৰী   সবে চাপি ধৰি
 দাসীগণ আছে যত।
সবে নানা ভাবে   অনেক প্ৰকাৰে
  বুজাৱয় মেনকাক॥৮৭
শুনিয়া মেনকা   মাৰিয়া জোকাৰ
  সবাকো বুলিলা বাণী।
কাহাৰো কথাক   নুশুনয় দেবী
  নাখাৱন্ত ভাত পানী॥ ৮৮
সবাৰো দুখক   দেখিয়া পাৰ্ব্বতী
  মনত অসুখ আতি।
ভাবি চিন্তি মনে   মোহোৰ নিমিত্তে
  আছে আই কান্দি-কাতি॥৮৯
এহিমতে ভাবি   আসিলন্ত চাপি
  তেতিক্ষণে শীঘ্ৰ কৰি।
প্ৰণাম কৰিয়া   কহিবে লাগিলা
  দুই চৰণত ধৰি॥৯০

পদ

বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
মাৱৰ চৰণ ধৰি পাৰ্ব্বতী বোলয়॥
শুনিয়োক মাৱ তুমি সবাতো বিদিত।
মোহোৰ নিমিত্তে শোক কৰা অনুচিত॥ ৯১

[ ২২ ]

কন্যা ভৈলে দিব লাগে চাই যোগ্য বৰ।
পুত্ৰ ভৈলে পৰ কন্যা আনিবেক ঘৰ।
অৱশ্যে আমাক পিতা পৰে দিবে দান।
বেদৰ নিয়ম এই বিধিৰ নিৰ্ম্মাণ॥৯২
হেন জানি আই তুমি পৰিহৰা শোক।
যৈতে পিতা দিব খোজে তৈতে দিয়া মোক॥
যিটো পূৰ্ব্বে লিখা আছে মোৰ কপালত।
সেহি হৈব যদি পিতা বাধয়ো তাহাত॥৯৩
হেন জানি আই তুমি নকৰিবা শোক।
যাক মোৰ ভাগ্যে আছে পাইবো তাহাক॥
মোহোৰ নিমিত্তে আই শোক পৰিহৰা।
হেন জানি আই তুমি মন কষ্ট এৰা॥৯৪
পাৰ্ব্বতীৰ কথা শুনি মেনকা সুন্দৰী।
সমস্ত শৰীৰ তান আসিল শিয়ৰি॥
জানিলোহো আই তোৰ মনৰ বাঞ্চিত।
দৰা দেখি আই তোৰ উত্ৰাৱল চিত্ত॥৯৫
বাৰু তই যাইবি দেখিবোহো তোৰ সুখ।
ভাঙ্গ খুন্দা টাঙ্গোনেৰে ভাঙ্গিবেক মুখ॥
মাসেকত এক সাজ নাপাইবি ভাত।
সাপৰ পিন্ধিবি বাঘছাল লৈবি গাত॥৯৬

[ ২৩ ]

মই হিয়া ধাতুৰোহো সবে অকাৰণ।
পাগলাক দেখিয়া তোৰ বৰ গৈছে মন॥
ভঙ্গুৱাক দেখিয়া তোহোৰ গৈছে ইচ্ছা।
মই যে বেজাৰ কৰো সবে কথা মিছা॥৯৭
হেন বাক্য যেতিক্ষণে পাৰ্ব্বতী শুনিল।
লাজ পাই তেতিক্ষণে ভিতৰ পশিল॥
ভিতৰৰ কথা আবে এহিমানে থওঁ।
বাহিৰৰ কথা যত শুনা তাকে কওঁ॥৯৮
পাদ্য অৰ্ঘ দিয়া ৰাজা শিৱক তুষিলা।
ৰাজাৰ ভক্তিত শিৱ আনন্দিত ভৈলা॥
হাসি হাসি শিৱে পাছে ৰাজাত পুছিলা।
বিবাহৰ দিন বাৰ কিবা স্থিৰ কৈল॥৯৯
আৰু কিবা দ্ৰব্য লাগিবেক বিবাহত।
তাহাৰ স্থিৰতা কৰি কহিও আমাত।
হেমৱন্তে বোলে প্ৰভু নাহিকে উপায়।
আছন্ত মেনকা দেবী শোকতে শুকাই॥১০০
তোমাৰ ৰূপক দেখি আছন্ত ভয়ত।
মাতিলেও মোক ভাল মুখে নেদে মাত॥
হেন জানি আজি প্ৰভু ৰহিও ইঠাই।
মেনকাক চাওঁ মই বঢ়াই বুজাই॥১০১

[ ২৪ ]

বিবাহ দিৱয় যদি মেনকাই জীক।
তেতিয়া কৰিয়া দিম বস্তু-বাৰি ঠিক॥
এহি বুলি পাছে ৰাজা উঠি সমাজৰ।
মনে গুণি চিন্তি গই পশিলা ভিতৰ॥১০২
ওচৰ চপিয়া ৰাজা লগাইলেক মাত।
মেনকাৰ গাৱে পৰে যেন বজ্ৰপাত॥
জানিয়াছো বাপে জীয়ে যিবা লাগে কৰা।
হেন বুলি হেমৱন্তক মাৰিলা জোকোৰা॥১০৩
তুমিও পাইলা খুজি পগলা জোৱাই।
জীয়েও যাবৰ মনে আছে বাট চাই॥
বাপে জীয়ে আলচিয়া কৰা যেই ইচ্ছা।
মই হিয়া ধাকুৰোহো অকাৰণ মিছা॥১০৪
হেমৱন্তে বোলে সতী কোৱা অকাৰণ।
ঈশ্বৰক কৰা তুমি মনুষ্যৰ জ্ঞান॥
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি অৱতাৰ।
হৰিবাক লাগি পৃথিবীৰ মহাভাৰ॥১০৫
ব্ৰহ্মাই সৃজন কৰে বিষ্ণুয়ে পালয়।
ৰুদ্ৰ ৰূপ ধৰি শিৱে সংহাৰ কৰয়॥
হেন ঈশ্বৰক কৰা মনুষ্যৰ জ্ঞান।
নাহিকয় দুষ্টা তিৰী তোমাৰ সমান॥১৬০

[ ২৫ ]

এহিৰূপে হেমৱন্ত অনেক বুলিলা।
শুনি তান বাক্য মেনকাৰ জ্ঞান ভৈলা॥
বুলিলাহা যদি স্বামী কহিল স্বৰূপ।
দেখিবাক ইচ্ছা তান কোন নিজ ৰূপ॥১০৭
যদিহে আমাক নিজ ৰূপ দৰশাই।
তেবে দিবো মোৰ কন্যা কহিলো নিশ্চয়॥
শুনি হেমৱন্তে শিৱ পাশে চলি যাই।
মেনকাৰ কথা সব কহিলা বুজাই॥১০৮
বুলিলন্ত হৰে শাশু আসোক ইঠাই।
নিজৰূপ মোৰ তেবে দিবোহো দেখাই॥
শুনি হেমৱন্ত ৰাজা গৈয়া বাহিৰক।
ধীৰে ধীৰে উপস্থিত হৰৰ পাশক॥১০৯
কহিলন্ত ৰাজা গৈয়া সমস্তৰে আগে।
ধৰিয়োক নিজ ৰূপ দেখিবাক লাগে॥
শুনি চলি গৈলা যত ভিতৰৰ লোক।
মেনকাও চলি যান্ত প্ৰবোধি মনক॥১১০
বুলিয়া আছয় আগে কুবাক্য বচন।
ভয় লাজে সঙ্কুচিয়া কৰন্ত গমন॥
সেহি সময়তে হৰে পূৰ্ব্বৰূপ এৰি।
ভৈলা তেতিক্ষণে চতুৰ্ভুজ ৰূপধাৰী॥১১১

[ ২৬ ]

শঙ্খ চক্ৰ গদা পদ্ম হাতে চাৰি অস্ত্ৰ।
কিৰীটি কুণ্ডল হাৰ গাৱে পীতবস্ত্ৰ॥
আজানুলম্বিত বনমালা জ্বলে গলে।
জ্বলে আতি শ্ৰীবৎস বহুল বক্ষস্থলে॥১১২
হেনয় ৰূপক দেখিলন্ত চমৎকাৰ।
বিস্ময় লাগিল মনে দেখি মেনকাৰ॥
সুনন্দ কুমুদ নন্দ গোপ আদি কৰি।
হেন পাৰিষদগণে আছয় আৱৰি॥১১৩
ভৃঙ্গাৰ ধৰিয়া লক্ষ্মী ধুৱাৱন্ত পাৱ।
ৰাজা মেনকাৰ দেখি শিহৰিল গাৱ॥
আনন্দতে নেত্ৰ হন্তে বহি যাই পানী।
কণ্ঠৰ নোলায় বাক্য গদ গদ বাণী॥১১৪
পৰম ভকতি স্তুতি কৰি মহাভাগে।
কৃতাঞ্জলি স্তুতি কৰি পৰিলন্ত আগে॥
ৰূপ দেখি তধালাগি দুয়ো আছে চাই।
পূৰ্ব্বৰ ৰূপক প্ৰভু হৰিলা দুনাই॥১১৫
হেন দেখি মেনকাই মাতে কৰযুৰি।
শুনিয়োক প্ৰভু মই ভৈলো অথন্তৰী॥
নিচিনি নজানি প্ৰভু বাক্য আছো বুলি।
এতেকে ক্ষমিও প্ৰভু দাসীক সমূলি॥১১৬

[ ২৭ ]

হৰে বোলে বাক্য শুনি আছে ৰঙ্গ পাই।
মোহোৰ ঘৰত মনুষ্যৰ সচ নাই॥
ভূত প্ৰেত পিশাচৰ মই অধিকাৰী।
এতেকেসে খুজি আছো তোমাৰ জীয়াৰী॥১১৭
এহি বুলি সদাশিৱে ৰজাত সুধিলা।
বিবাহৰ ঠিকনাক কোন দিন দিলা॥
আনো দ্ৰব্য বস্তু যত লাগে বিবাহত।
তাহাৰ ঠিকনা আবে কহিয়ো আমাত॥১১৮
শুনি ৰাজা তেতিক্ষণে পুৰোহিত আনি।
কহিলন্ত বিবাহৰ দিন বাৰ গণি॥
আঘোণ মাসৰ দ্বাদশী তিথি বাৰ।
ক্ষণ যোগ নক্ষত্ৰও হোৱে ভাল আৰ॥১১৯
এহি বুলি দিন বাৰ গণিয়া কহিলা৷
বস্তুৰ ঠিকনা ৰাজা কহিবে লাগিলা॥
বোলে মই কত কৈবো যত বস্তু লাগে৷১২০
তথাপিতো অল্প কৰি কহিবাক লাগে॥
প্ৰথমতে তামোল লাগয় দুই লক্ষ।
পাণক লাগিবে আৰু গুচি চাৰি লক্ষ॥
গাখীৰ লাগিবে আৰু পাঞ্চ শত ঘট॥
চুৰা লাগিবেক তাৰ অৰ্দ্ধ যত ঘট॥১২১

[ ২৮ ]

চাউল লাগিবে মাত্ৰ দুই লক্ষ মোণ।
তাহাৰ লগত ৰাগিবেক অনুপান॥
পিঠা ছিৰা আখৈ লাৰু আৰু ভাল চেনি।
সন্দেশ বাতাসা লাগিবেক জেল্পী ফেনী॥১২২
আৰু কন্যাদান বাবে ভোজ লাগিবেক।
তাহাৰ ঠিকনা মই কহিবো কতেক॥
চাউল লাগিবে তিনি লক্ষ মোণ মান।
দালি লাগিবেক ভাল তাৰ অৰ্দ্ধখান॥১২৩
সেহি চাউল জোখাৰে লাগিবে মাছ কাছ॥
হৰিণ বৰাহ হংস আৰু ছাগ মাংস।
তেল লোণ মছলা লাগিবে দধি দুধ।
লাগিবেক বিবাহে সকলো বিধে বিধ॥১২৪
আৰু লাগিবেক ভাল বস্ত্ৰ অলঙ্কাৰ।
বিবাহত আসিব অনেক পৰিবাৰ॥
যদিবা বিবাহে সিটো নপাৱয় মান।
অৱশ্যে লাগিবে তাসম্বাৰ অপমান॥১২৫
দ্ৰব্য যত লাগে আমি কহিলো বুজাই।
নিদিলে তেতিয়া হইবে সমাজে বেজাই॥
এহিমতে হেমৱন্তে কহিলা বুজাই।
শুনি শলাগিয়া হৰে কৰিলা বিদায়॥১২৬

[ ২৯ ]

হৰে গৈয়া কৈলাশত বহিলন্ত যাই।
হেমৱন্তে বিবাহৰ কৰিলা উপায়॥
পৰ্ব্বত পাসন্দে দূত পাঞ্চিলা অনেক।
বংশ পৰিয়াল তাৰ আছিল যতেক॥ ১২৭
সবাকো আনিলা ৰাজা কৰি নিমন্ত্ৰণ।
দূত দুখে শুনি আসিলন্ত সৰ্ব্বজন॥
পৰ্ব্বতৰ বিশ্বকৰ্মা আৰু শিল্পীগণ।
বিবাহৰ সভাখান কৰিলা নিৰ্ম্মাণ॥ ১২৮
দীৰ্ঘে প্ৰস্থে এক যোজনৰ সভাখান।
খাল বাম সম কৰি কৰিলা নিৰ্ম্মাণ॥
ঘাট বাট পদূলিক সাৰি মাজি আতি।
পদূলি পদূলি দিব্য ঘট থৈলা পাতি॥১২৯
মাটি খানি আনিয়া তাৰ ভেটি পাটি।
সাৰি সাৰি স্ফটিকৰ স্তম্ভ আনি পুতি॥
মাৰলি সাজিয়া দেই শুদ্ধ সুৱৰ্ণৰ।
সাৰি সাৰি ৰুৱা কামি ৰত্ন মাণিকৰ॥১৩০
সুৱৰ্ণৰ গুণা টানি চাল গাঠিয়াই।
নিৰ্ম্মাণ কৰিলা শুক্ল চামৰে বিচাই॥
স্ফটিকে নিৰ্ম্মাণ কৰি কৰিবেক ঘৰ।
ইদ্ৰকান্ত ৰন্তে দিলা থানে থানে দ্বাৰ॥১৩১

[ ৩০ ]

ওপৰত দিল লক্ষ সুৱৰ্ণ ঘটক।
প্ৰকাশ কৰন্ত চন্দ্ৰ সূৰ্য্যতো অধিক॥
এহিমতে সভাখান নিৰ্ম্মাণ কৰিলা।
তাহাৰ মাজত হোম ঘৰক সাজিলা॥১৩২
প্ৰৱালৰ স্তম্ভ দিলা মাণিকে ৰচিত।
শুদ্ধ সুৱৰ্ণৰ চাল সূৰ্য্যসম জ্যোতি।
সুৱৰ্ণমু কুতা মণি আৰিলা চৌপাশে।
জিলি মিলি কৰে যেন হীৰাৰ প্ৰকাশে॥১৩৩
এহিমতে সভাখান কৰিলা নিৰ্ম্মাণ।
স্থানে স্থানে স্থাপিলন্ত সুৱৰ্ণ আসন॥
যাক যেনমতে লাগে বসিবাৰ স্থান।
ভাগে ভাগে থৈলম্ভ কৰিয়া অনুমান॥১৩৪
তাত পাছে সাজিলন্ত নোৱনী ঘৰক।
তাৰ পটন্তৰ দিবে আমি অপাৰগ॥
চাৰি খুৰা বান্ধি আছে পোৱাল বাখৰে।
নিৰ্ম্মিলাহা দুই চাল শুদ্ধ সুৱৰ্ণৰে॥১৩৫
মানিকৰ ৰুৱা কামি ৰজতৰ চৌতি।
প্ৰকাশ কৰন্ত হেন আদিত্যৰ জ্যোতি॥
চিত্ৰ বিচিত্ৰ যে চন্দ্ৰতাপ আছে আৰি।
চাৰিফালে ইন্দ্ৰজালে আছন্ত আৱৰি॥১৩৬

[ ৩১ ]

সুৱৰ্ণ কদলি ৰুইলন্ত চাৰিপাশে।
ৰত্নময় পিৰা পাৰি ৰাখিল মাজে॥
এহিমতে সভাখান কৰিয়া সম্পূৰ্ণ।
যাক যিবা কৰিবাক লাগয় অৰ্চ্চন॥১৩৭
যোগ্য অনুসাৰে তাক বিধি ব্যৱহাৰে।
কতো লোকাচাৰে যিটো নিজ ব্যৱহাৰে॥
কৰিয়া আছন্ত ৰাজা বিবাহৰ কৰ্ম্ম।
শাস্ত্ৰ অনুসাৰে সিটো কন্যাদান ধৰ্ম্ম॥১৩৮
আত অনন্তৰে শুনিয়োক সভাসদ।
দূত মুখে বাৰ্ত্তা পাই যতেক পৰ্ব্বত॥
যুবা বাল বৃদ্ধ আদি আসিল সমস্ত।
কোনে লেখা কৰিবেক আসিলেক যত॥১৩৯
তথাপিতো অল্প কৰি কহো কিছুমান।
শুনিয়োক তাসম্বাৰ মুখ্য মুখ্য নাম॥
হিমাদ্ৰি কৈলাশ আদি যত গিৰিবৰ।
হেমকুট হেমগিৰি সুমেৰু মন্দৰ॥১৪০
নামগিৰি চিত্ৰকূট গোৱৰ্দ্ধন গিৰি।
চিত্ৰাচল চিত্ৰগিৰি আৰু গন্ধগিৰি॥
ঋষ্যশৃঙ্গ মদ্ৰশৃঙ্গ মহেন্দ্ৰ ধৱল।
ৰৈবতক জয়গিৰি গিৰি সুনিৰ্ম্মল॥১৪১

[ ৩২ ]

কুম্ভগিৰি কামগিৰি মাজাগিৰি নীল॥
জটাগিৰি বাৰ্ত্তা পায়া আসিল সকল॥
লক্ষ লক্ষ পৰ্ব্বত মনুষ্য ৰূপ ধৰি।
নাথাকিল বাকী আসিলন্ত মেৰুগিৰি॥১৪২
ব্ৰহ্মাণ্ড ভিতৰে যত আছিল পৰ্ব্বত।
বিবাহ দেখিতে লাগি আসি সমস্ত॥
লাখুটি এৰিয়া আসিলন্ত বুঢ়াবুঢ়ী।
জুৰিল আসিয়া সবে হেমৱন্ত পুৰী॥১৪৩
সবেও বসিলা পাৰ্ব্বতীৰ সমীপত।
তাত পাছে আসিলন্ত কন্যাগণ যত॥
সবে কন্যাগণে পাছে হুয়া এক ঠাই।
পাৰ্ব্বতীক নোৱাইলন্ত মঙ্গল কৰাই॥১৪৪
সুৱৰ্ণৰ গৃহে পাৰি ৰত্নৰ পিৰাক।
বসুৱাইলা নিয়া তাত আনন্দে দেৱীক॥
আয়তী সকলে আশীৰ্ব্বাদ তৈল দিলা।
মঙ্গলৰ ধ্বনি আৰু উৰুলি পাৰিলা॥১৪৫
সেহি সময়তে হেমৱন্ত পুৰী খান।
টলবল ভৈল আতি প্ৰজাৰ নিদান॥
উকলি জোকাৰ আৰু উচ্চধ্বনি শুনি।
ধ্যান ভঙ্গ ভৈল অৰণ্যৰ ঋষি মুনি॥১৪৬

[ ৩৩ ]

হেন মহোৎসৱ ভৈল হেমৱন্ত ঘৰে।
নুহিব নুহিব আৰু সংসাৰ ভিতৰে॥
এহিমতে আনন্দিত নাৰীগণ যত।
মেনকাও বসে গৈয়া সবাৰো মাজত॥১৪৭
লক্ষ লক্ষ বাদ্য বাজে সেহি সময়ত।
মেনকা সুন্দৰী ধৰে সুৱৰ্ণৰ ঘট।
পৰ্ব্বতীয়া বাজনা বজাৱে ঠাৱে ঠাৱে।
নাৰীগণে নাম গাই বাজনাৰ চেৱে॥১৪৮
পৰ্ব্বতীয়া নাচনীয়ে নাচে ঘূৰি ঘূৰি।
হাতত কাচুটি ধৰি নাচিলন্ত বুঢ়ী॥
আনিলন্ত আকাশী গঙ্গা জল ভৰি।
নোৱনী ঘৰত সুৱৰ্ণৰ পিৰা পাৰি॥১৪৯
এহিমতে বুঢ়ী-নাৰী কৰন্ত ধেমালি॥
পাৰ্ব্বতীক স্নান কৰাইলন্ত জল ধালি॥
নোৱাই ধুৱাই নিয়া নবীন আসনে।
সুমঙ্গল কৰি বসুৱাইলা নাৰীগণে॥১৫০
বসুৱাই হাতে ফল-কটাৰিক দিলা।
পৰ্ব্বতীয়া নাৰীগণে সেন্দূৰ পিন্ধাইলা॥
উৰুলি মঙ্গল কৰি আনন্দ কৰন্ত।
ঋষি পত্নীগণে বেঢ়ি সুমঙ্গল গান্ত॥১৫১

[ ৩৪ ]

ভিতৰৰ কথা আবে এহিমানে থওঁ।
বাহিৰত যেন ভৈল তাৰ কথা কওঁ॥
বিবাহক লাগি সবে পৰ্ব্বত আসিলা।
লিখিতে নপাৰি সবে পৃথিবী ভৰিলা॥ ১৫২
তাসম্বাক সমাদৰ কৈলা বিধিমতে।
বসিবাক থান দিলা সবাৰ মাজতে॥
চৰ্ব্ব্য চুষ্য লেহ্য পেয় আনিয়া দিলন্ত।
খায় দায় ৰঙ্গমনে সবে বহিলন্ত॥ ১৫৩
একাদশ দিন মধ্যে বিবাহ পাতিছে।
এহি দিন মধ্যে দ্ৰব্য যত আনি দিছে॥
লাগে একগুণ দিয়ে দশ দশ গুণ।
আনন্দ ভৈলেক যত পৰ্ব্বতীয়া জন॥১৫৪
বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।
আত অনন্তৰে কথা শুনা আতপৰ॥
বিবাহৰ ব্যৱস্থাক সমন্তে কহিল।
শুনি মহাদেৱে বুলিলন্ত ভাল ভাল॥১৫৫
শুনি হৰে তেতিক্ষণে ঘৰে চলি যায়।
দেখিলা ঘৰত আৰু একো বস্তু নাই॥
কি কৰিবো কি মেলিবো মনে উতপাত।
ভাবিয়া বহুত চিন্তা লাগিল মনত॥ ১৫৬

[ ৩৫ ]

দেখা সৰ্ব্বজন কেনে ঈশ্বৰৰ দুখ।
সামান্য নৰৰ তেবে কেনে হৈব সুখ॥
জগতৰ গুৰু শিৱ জগত কাৰণ।
তেওঁ চিন্তা সাগৰত হোৱন্ত মগন॥১৫৭
হেন জানি সৰ্ব্বজনে এৰা আন কাম।
পাতক ছাৰোক ডাকি বোলা ৰাম ৰাম॥

⸺⸺⸺

ঝুনা।

শুনা সৰ্ব্বজন শিৱৰ ঝুনা।
আপোনাক চাই কৰিছে ঘৃণা॥
কিদিবো মই কৰো কোন কৰ্ম্ম।
গাৱত বস্ত্ৰ সিয়ো ব্যাঘ্ৰচৰ্ম্ম॥১৫৮
হাতে লৈয়া ফুৰো শূল ডম্বৰু।
ঘৰে বাজে মোৰ একেটি গৰু॥
সৰ্পৰ কিঞ্চিণী সৰ্পৰ হাৰ।
সৰ্ব্ব শৰীৰত সৰ্প অলঙ্কাৰ॥১৫৯
কপালে জ্বলে অৰ্দ্ধচন্দ্ৰ কলা।
মনুষ্যৰ মুণ্ডে গাণ্ঠিছো মালা॥

[ ৩৬ ]

ভূষণ্ডিত আছে ভস্মৰ ধূলি।
তাক দিলে লঘু হৈবো সমূলি॥১৬০
ইহাৰ বাজে বস্তু নাহি আন।
ধতুৰা ভাঙ্গ আছে কিছুমান॥
সিয়ো জানে লোকে সোতৰ আহুদি॥
কিবা কৰো আবে কোনবা বুদ্ধি॥১৬১
কোনে দিব বস্তু কৈতবা পাম।
কাৰ ঘৰে মই খুজিবে যাম॥
যদি কোনোমতে ধাৰ কৰিম।
পাছে কেনমতে ধাৰ সুজিম॥১৬২
নিদিলে বস্তু পাইবো লাজ।
কেনমতে যাইবো সভাৰ মাজ॥
জানিলো মোহোৰ নভৈল কাজ।
কন্যাক খুজিয়া পৰিলো লাজ॥১৬৩
এৰিবোহো মই হেমন্ত জীক।
যাকে দিব খোজে দিয়োক তাক॥
হেন দেখি কন্যা নোখোজো মই।
ব্ৰহ্মা বাক্যে নাৰদে খুজিল গৈ॥১৬৪
কহিলন্ত আৰু দেৱতাগণে।
ব্ৰহ্মায়ে লঘু কৰিবাক মনে॥

[ ৩৭ ]

ভৈলোহোঁ লঘু তাসম্বাৰ বোলে।
ধনহীন নাহি মোহোত পৰে॥১৬৫
মই বৰদিয়া কৰো অচলা।
তথাপিতো মই হওঁ নিচলা॥
ধন লাগে বুলি মনত নাই।
ভাঙ্গ খাই ফুৰো ৰাগি বঢ়াই॥১৬৬
এতিয়াহে জানো ধনেহে বল।
ধনেহে নভৈলে জীৱন নিস্ফল॥
শুনা সৰ্ব্বজন শিৱৰ ঝুনা।
সমস্ত লোকে কাণ পাতি শুনা॥১৬৭
জগতৰ গুৰু শিৱ ঈশ্বৰ।
দেখা ধনহীন কেন লোকৰ॥
আন সামান্যৰ কি কৈবো লেখা।
ধনহীন ভৈলে জীৱন বৃথা॥১৬৮
হেন জানি নৰ ধন আৰ্জ্জিবা।
তেবেসে কন্যাক বিহা কৰিবা॥
যদিহে নোৱাৰা ঘটিবে ধন।
গৃহবাস সুখে নেদিবা মন॥১৬৯
সন্যাসীৰ ভাৱ ধৰি ফুৰিবা।
ঈশ্বৰ চিন্তি তৰিয়া যাইবা॥

[ ৩৮ ]

এহিমানে থওঁ শিৱৰ ঝুনা।
হৰি হৰি বুলি সমন্তে শুনা ১৭০॥

⸻⸻⸻

পদ

বৈশম্পায়ন বদতি শুনিয়ো ৰাজা পাছে॥
এহিমতে মহাদেৱে চিন্তা কৰি আছে॥
পাছে গুণি মহাদেৱে কৰিলা উপায়।
ব্ৰহ্মাৰ পাশক দূত দিলন্ত পঠাই॥১৭১
নালাগে কন্যাক মোক মন মোৰ নাই।
কেনমতে কৈত ধন পাম মই যাই॥
কহিয়োক নন্দী যাই ব্ৰহ্মাৰ পাশক।
আসিয়োক ব্ৰহ্মা শীঘ্ৰে আমাৰ কাষক॥১৭২
তাত গৈয়া কহিবাহা তুমি বিষ্ণু আগে।
বিবাহক লাগি শীঘ্ৰে আসিবাক লাগে॥
ভৃঙ্গী চলি যোৱা তুমি দশদিগপাল।
মাতা যাই মোক লাগি আসোক সকল॥১৭৩
সেই পথে যাইবা তুমি পাতালপুৰক।
সৰ্পৰাজ বাসুকীয়ো অসোক বিহাক॥
এহিমতে দূত পাঞ্চি দিলা ভাগে ভাগে।
কহিলন্ত দূত গৈয়া তাসম্বাৰ আগে॥১৭৪

[ ৩৯ ]

প্ৰথমতে ব্ৰহ্মা গৈয়া পাইলা শিৱ পুৰি।
দেখে শিৱ বসি আছে অসন্তোষ কৰি॥
ব্ৰহ্মা বোলে আজিৰ সময়ে কিবা দুখ।
আনন্দ সময়ে কিবা দেখো অসন্তোষ॥১৭৫
মহাদেৱে বোলে ব্ৰহ্মা শুনা অভিপ্ৰায়।
তোমাৰ নিমিত্তে মোৰ এনুৱা বিলায়॥
খুজিলাহা কন্যা তুমি যেহি লাগে কৰা।
হেনয় অৱস্থা মোৰ ভৈল তাৰ পৰা॥১৭৬
তোমাৰ কথাত হেমৱন্ত ঘৰে যাই।
কি কহিবো যেন মই আছো লাজ পাই॥
যিহোক সিহোক তাৰ এৰি আছো দায়।
যত বস্তু খুজি আছে মোৰ ঘৰে নাই॥১৭৭
নিদিলেও বস্তু মোৰ লাগিবেক লাজ।
হেন জানি ছোৱালীৰ এৰি আছো কাজ।
ব্ৰহ্মা বোলে স্ৰজি আছো ব্ৰহ্মাণ্ড চৈধ্যই।
ইটো কোন ক্ষুদ্ৰ দ্ৰব্য বিবাহে লাগয়॥১৭৮
হেমৱন্তে বস্তু খুজি আছে যত গুণ।
দিবোহো তাহাত কৰি আৰু দশ গুণ॥
তাক লাগি খেদ তুমি নকৰা মনত।
এতিক্ষণে আনি দিব বস্তু লাগে যত॥১৭৯

[ ৪০ ]

এহি বুলি ব্ৰহ্মাদেৱে কহিলা হৰত।
তেবেসে সন্তোষ তৈল হৰৰ মনত॥
আসিলন্ত দেৱগণে নিমন্ত্ৰণ পাই।
বিষ্ণু সমম্বিতে আসি ভৈলা এক ঠাই॥১৮০
ইন্দ্ৰ চন্দ্ৰ বায়ু বহ্ণি কুবেৰ বৰুণ।
দশ দিগপাল যম আসিল তেখন॥
যক্ষ ৰক্ষ পিশাচ দানৱ ভূত প্ৰেত।
পাতালৰ নাগগণ আৰু সৰ্প যত॥১৮১
বিভীষণ আসিলন্ত ৰাক্ষসৰ ৰাজা।
লগে লৈয়া ৰক্ষ লক্ষ লক্ষ কোটি প্ৰজা॥
যেই মনুষ্যক পাইলে ৰাক্ষসে খাৱয়।
সেহি মনুষ্যৰ সঙ্গে ভৈলা এক ঠাই॥১৮২
এহিমতে সবে আসি একস্থান ভৈল।
সবাকো সম্বোধি ব্ৰহ্মা বুলিবে লাগিল॥
সবে দেৱগণে বিবাহৰ বস্তু দিয়া।
তেবেসে হইবেক জানা মহেশৰ বিয়া॥১৮৩
শুনি তেতিক্ষণে দেৱগণে আজ্ঞা পাই।
আনিলা বস্তুক সবে দূতক পঠাই॥
প্ৰথমতে বিষ্ণুৱে দিলন্ত গুৱা-পাণ।
ব্ৰহ্মা দান কৰিলন্ত চাউল লক্ষ মোণ॥১৮৪

[ ৪১ ]

ইন্দ্ৰে দিলা দধি দুগ্ধ আৰু ঘৃত চিনি।
যতেক লাগিল গুৰ চন্দ্ৰে দিলা আনি॥
সূৰ্য্যে দিল চিৰা-পিঠা সন্দেহ কড়াই।
আউৰ সম্ভাৰ দিল অনেক দমাই॥১৮৫
কুবেৰ দিলেক কিছু সুৱৰ্ণ ৰতন।
মাছ কাছ পহু আদি দিলেক বৰুণ॥
সৰ্পৰাজে দিলা আনি বস্ত্ৰ অলঙ্কাৰ।
বিভীষণে দিলে বহু প্ৰবালৰ ভাৰ॥১৮৬
যমৰাজে দিলে মুণ্ডমালা সাত ধাৰ।
বিশ্বকৰ্ম্মাই বিচাৰিয়া দিলে বাঘছাল॥
এহিমতে গাৱে গাৱে দিলা আগে যাই।
যতেক দিলেক বস্তু লেখন নযায়॥১৮৭
হেমৱন্তে বস্তু খুজি আছে যতমন।
শিৱৰ প্ৰসাদে বলে ভৈল শতগুণ॥
হাতী ঘোৰা ৰথ আদি আনিলন্ত যাই।
তাহাত তুলিয়া বস্তু দিলেক পঠাই॥১৮৮
বস্তুক সজায় লগে দিলন্ত বায়ুক।
বোলন্ত গটায় তুমি দিবাহা ৰাজাক॥
শুনি বায়ু সেহি বস্তু সঙ্গে চলি গৈলা।
সব দ্ৰব্য হেমৱন্তক গটাইয়া দিলা॥১৮৯

[ ৪২ ]

ভৰিল হেমৱন্ত পুৰি দেখিয়া বিস্ময়।
জোৱাৰৰ জল যেন দেখি লাগে ভয়॥
পথতে চলিছে কতো ৰথত তুলিছে।
দমাই দমাই দ্ৰব্য আনিব লাগিছে॥১৯০
হিমালয় পৰ্ব্বতত হেমৱন্ত পুৰী।
তহিলৈকে লানি যেন পৰুৱাৰ শাৰি॥
যেন নদী স্ৰোত বহে নাহিকয় ছেদ।
সেহিমতে নাহিকয় ৰাতি দিন ভেদ॥১৯১
হেমৱন্তে বোলে বস্তু থৈবে নাহি ঠাই।
বাকী যত আছে মানে নিয়ে ওলোটাই॥
এহিমতে হেমৱন্তে আমনিক পাই।
যাৰ মনে যেই কৰে উলটি নাচাই॥১৯২
এহিমতে বিবাহৰ বস্তু দিয়া আছে।
আত অনন্তৰে কহ যেন ভৈল পাছে॥
ব্ৰহ্মাদেৱে বোলে বায়ু বচন শুনিয়ো।
খোৱা লোৱা দ্ৰব্য বস্তু সম্ভাৰ আনিয়ো॥১৯৩
যি যত আসিয়াছে ভাল মন্দ লোক।
সমস্তকে নিয়া আবে ভোজন কৰোক॥
সম্প্ৰতি আসন্ত বিভীষণ মহাৰাজা।
লগত আসয় তান বহু লক্ষ প্ৰজা॥১৯৪

[ ৪৩ ]

জানিবাহা তাসম্বাৰ যিবা লক্ষ কিছু।
হেন জানি ৰাক্ষসক ভক্ষ্য দিয়া কিছু॥
বৰাহ, হৰিণ, ছাগ, কাছ, মাছ, মাংস।
ইসবক ভুঞ্জি তাৰা পাওক সন্তোষ॥১৯৫
সৰ্পৰাজ অনন্তও আছন্ত আসিয়া।
সন্তোষ কৰিয়ো তাসম্বাক ভক্ষ্য দিয়া॥
ৰাজৰ্ষি ব্ৰহ্মৰ্ষি আৰু মুনি আছে যত।
দিয়া সমস্তকে দধি দুগ্ধ মধু ঘৃত॥১৯৬
শুনি বায়ু তেতিক্ষণে দ্ৰব্য বস্তু আনি।
যাৰ যেন যোগ্য তাঙ্ক দিলা ভিন্নে ভিন্নি॥
ৰাক্ষস পিশাচ ভূত প্ৰেত আদি কৰি।
খাই বই সবাৰো নচলে হাত ভৰি॥১৯৭
এহিমতে সমস্তকে ভুঞ্জায়া আটাইল।
তাত পাছে ঋষিপত্নীগণক খুৱাইল॥
তাত পাছে সমস্তকে গুৱা পাণ দিলা।
এহিমতে ভোজনক সমাপন কৈলা॥১৯৮
পানী তুলিবাক পাছে উদ্যোগ কৰিলা।
যতেক আছিল নাৰী সবেও লৰিলা॥
ষাঠি লক্ষ বাজনাক নিয়োজন কৰি।
ঢাক ঢোল মৃদঙ্গ গোমুখ শঙ্খ ভেৰী॥১৯৯

[ ৪৪ ]

বীণা বেণু দবা কাঁহ তবলা মন্দিৰা।
তানপুৰা ক্ষেমা আদি বাদ্য সুধাধাৰা॥
স্বৰ্গ মৰ্ত্ত্য পৃথিবীত যতেক আছয়।
সমস্তকে একঠাই কৰিয়া বজায়॥২০০
ঋষি মুনি-পত্নী আৰু অপেস্বৰা যত।
গন্ধৰ্ব্ব ৰাক্ষস অসুৰৰ ভাৰ্য্যা যত॥
লক্ষ্মী সৰস্বতী দুয়ো গৈলন্ত মধ্যত।
লক্ষ্মী দেবী লৈলা কাষে সুৱৰ্ণৰ ঘট॥২০১
ডুনৰীক লৈলা মাথে দেৱী সৰস্বতী।
ধূপ দীপ লগান্ত সুগন্ধি তৈল বাতি॥
এহিমতে সবে যেবে এক ঠান কৰি।
উৰুলি জোকাৰ দিলা হৰিধ্বনি পাৰি॥২০২
বজাইলন্ত বাদ্য ভণ্ড ভৈলন্ত তাৰাস।
টলবল ভৈল শব্দে পূৰিল আকাশ॥
এহিমতে বাদ্য ভণ্ড সুমঙ্গল গাই।
আকাশী গঙ্গাৰ জল আনিলন্ত যাই॥২০৩
নাৰী সমস্তৰ আনন্দৰ সীমা নাই।
কতো হাততালি বাই কতো নাচি যাই॥
হাতত কাচুতি ধৰি নাচি যান্ত বুঢ়ী।
কতো পিশাচৰ নাৰী নাচে ঘূৰি ঘূৰি॥২০৪

[ ৪৫ ]

সুৱৰ্ণৰ পিড়া পাৰে নোৱনী ঘৰত।
মহেক বহুৱাইলা সেহিসে পিড়াত॥
মাথে তেল পানী দিলা সৰস্বতী আই।
সুৱৰ্ণৰ ফণি লৈয়া কেশক মেলাই॥২০৫
নাৰীগণে বেঢ়ি সুমঙ্গল নাম গাই।
সুমঙ্গল গীত গাই জলক ধালয়॥
উৰুলি দিলেক বেঢ়ি সুন্দৰীসকল।
নানা বাদ্য শব্দে বসুমতী টলবল॥২০৬
বাহু বাদ্য বজাৱয় গন্ধৰ্ব্ব কিন্নৰ।
ঘূৰি ঘূৰি নাচে আৰু অপ্সৰী অপ্সৰ॥
বাদ্যৰ শৱদে পূৰিলন্ত দশো দিশ।
নানা ভাৱ ভঙ্গী কৰি কৰন্ত হৰিষ॥২০৭
স্নান অৱসান কৰি বস্ত্ৰ আনি দিলা।
দেৱ যোগ্য অলঙ্কাৰ যোগান ধৰিলা॥
সেহি বস্ত্ৰ অলঙ্কাৰ দৰাক পিন্ধাইলা।
বিচিত্ৰ আসন পাতি তাতে বসুৱাইলা॥২০৮
মহেশৰ হাতে ফল-কটাৰিক দিলা।
তাত পাছে বাদ্য ভণ্ড অনেক বজাইলা॥
একাদশ দিন সেহিমতে সুমঙ্গল।
মহামহোৎসৱ কৰি তুলিলন্ত জল॥২০৯

[ ৪৬ ]

নোৱাই ধুৱাই কৰ্ম্ম কৰি সমাপতি।
নান্দীমুখ শ্ৰাদ্ধ আদি পাতিলা সম্প্ৰতি॥
পিতৃ মাতৃ আদি যত বিষ্ণু চৰণত।
সবাকো অৰ্পণ কৰি দিলা বিধিমত॥২১০
সবাকো সন্তুষ্ট কৰিলন্ত ব্ৰহ্মাদেৱে।
চৰণত পৰি সেৱা কৰিলন্ত শিৱে॥
এহিমতে শিৱকৰ্ম্ম কৰি সমাপন।
সবাকো আনিয়া কৰাইলন্ত জলপান॥২১১
কতো কতো ৰন্ধন কতোহো পৰমান্ন।
কতো ফলাহাৰ কতো কৰয় ভোজন॥
এহিমতে খোৱা দাৱা কৰি সমাপন।
যাইবাক লাগি সবে কৰিলা যতন॥২১২
শুনা সৰ্ব্বজন ইটো লীলা শঙ্কৰৰ।
জগত ঈশ্বৰে কৰে কৰ্ম্ম মনুষ্যৰ॥
হেন জানি বুদ্ধজন এৰা আন কাম।
পাতক ছাৰোক ডাকি বোলা ৰাম ৰাম॥২১৩


দুলড়ী।

আত অনন্তৰে   শুনা জন্মেজয়
 পাছে যেন কথা ভৈলা।

[ ৪৭ ]

যত দৈত্য দেৱ   হুয়া এক সাজু
  সবেও কাচিবে লৈলা॥ ২১৪
ভাল ভাল বস্ত্ৰ   হাতে ধৰি অস্ত্ৰ
  সবে সাজু হুয়া ৰৈলা।
তাত পাছে হৰ   বৰৰ সাজক
  কাচিবাক আৰম্ভিলা॥২১৫
সৰ্পৰাজ যিটো   অলঙ্কাৰ দিলা
  তাহাক কণ্ঠে পিন্ধিলা।
নানা বৰণৰ   সৰ্পগণ যত
  সুবৰ্ণ জটে আৰিলা॥২১৬
কতো কতো সৰ্প   দেখি মনোহৰ
  মাণিকৰ জ্বলে কান্তি।
কতো ৰক্তবৰ্ণ   হিঙ্গুল সদৃশ
  নীলকান্তৰ কতো কান্তি॥২১৭
কতো শ্যাম বৰ্ণ   কতোহো হৰিদ্ৰা
  কতো হোৱে গৌৰ বৰ্ণ।
সুৱৰ্ণৰ কতো   বৰণ ধৰয়
 কতো মাণিকৰ বৰ্ণ॥২১৮
পোৱাল বাখৰ   মুকুতাৰ হাৰ
 কতো বৰ্ণ ফটিকৰ।

[ ৪৮ ]

হেন সৰ্পগণ   অলঙ্কাৰ কৰি
  পিন্ধাইলন্ত দুই কৰ॥২১৯
শিৰত কীৰিটি   কৰ্ণত কুণ্ডল
  গলপতা দিলা গলে।
কেয়ূৰ কঙ্কণ   কৰে সুশোভন
  হৃদয়ত হাৰ জ্বলে॥২২০
দশো আঙ্গুলিত   আঙ্গঠি পিন্ধিলা
  নূপুৰ পিন্ধিলা তাঙ্কি।
পিন্ধিলন্ত ধাকি,   নাথাকিল বাকি,
  দেখি আতি চিকি মিকি॥২২১
শৰীৰৰ কান্তি,   প্ৰকাশয় আতি,
  যেহেন সূৰ্য্যৰ জ্যোতি।
নাহি সৰিবৰি,   দেখিতে সুন্দৰ,
  যেহেন মণিৰ জ্যোতি॥২২২
আয়োজন কৰি,   বিশ্বকৰ্ম্মা গঢ়ি,
  দিলা এক বাঘছাল।
চাৰিও কাষৰে,  পোৱাল বাখৰে,
  দেখিবাক আতি ভাল॥২২৩
সেহি ছাল খানি,   বান্ধিলন্ত আনি,
  আপোন শৰীৰে ধৰি।

[ ৪৯ ]

দেখিতে সুন্দৰ,   অতি মনোহৰ,
  পিন্ধিলা আনন্দ কৰি॥২২৪
এহিমতে কাচি,   সাজি পাৰি হৰে,
  পৰম আনন্দ ভৈলা।
তাহাৰ বাহন,   বৃষভক আনি,
  যতেক সজাবে লৈলা॥২২৫
সুৱৰ্ণৰ ঘণ্টা,   গলত আৰিলা,
  পাৱত নূপুৰ জ্বলে।
কপালত দিলা,   মাণিকৰ ফোঁট,
  গলত গলপতা জ্বলে॥২২৬
সুৱৰ্ণ কিঙ্কিণী,   কৰে ৰুণ জুনি,
  গাদিক বান্ধিলা টানি।
সৰ্ব্বাঙ্গ সুন্দৰে,   সজায় পৰায়া,
  আগতে দিলন্ত আনি॥২২৭
শুনা সৰ্ব্বজন,   থিৰ কৰি মন,
  শিৱ-পাৰ্ব্বতীৰ কথা।
ঈশ্বৰ-ঈশ্বৰী,   হুয়া অৱতাৰ,
  ধৰন্ত মনুষ্য প্ৰথা॥২২৮
পাতিলন্ত বিয়া,   ৰাখিলন্ত চিয়া,
  কৰিলা গুণ প্ৰকাশ।

[ ৫০ ]

ইহাৰ যি সবে,   এক চিত্তে শুনে,
  পায় শিৱলোকে বাস॥২২৯
হেন জানি নৰ,   এক চিত্ত ধৰ,
  আন সৰ কাম এৰি।
আপুনিও তৰা,   পুৰুষ উদ্ধাৰ,
  ডাকি বোলা হৰি হৰি॥২৩০

⸺⸺⸺

 

পদ

বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।
কাচি পাৰি সাজু ভৈলা যেবে মহেশ্বৰ॥
নিশান কোবায় জান দিলা সমস্তকে।
শুনি কাচি পাৰি লাগ লৈলা সৰ্ব্বলোকে॥২৩
ৰথে গজে সম্ভাৰক তুলিয়া যোগাই।
আগ কৰি পঠাই দিলা হেমৱন্তৰ ঠাই॥
পাছতে লৰিলা শুভক্ষণে যাত্ৰা কৰি।
যত দেৱ মহেশক চলিলা আৱৰি॥২৩২
যক্ষ বক্ষ পিশাচ আছয় যত মান।
চলিবে লাগিলে সবে নিজ নিজ স্থান॥
গৰুড়ৰ স্কন্ধে বিষ্ণু ব্ৰহ্মা হংস যানে।
ঐৰাৱত স্কন্ধে ইন্দ্ৰদেৱ বিদ্যমানে॥২৩৩

[ ৫১ ]

পাৰাবতে লক্ষ্মী চেলা যানে সৰস্বতী।
পুষ্পক ৰথত চড়ি যান্ত শচী সতী॥
শশা স্কন্ধে চন্দ্ৰ যাই মহানন্দ কৰি।
হৰিণ স্কন্ধত যাই বায়ুৰাজ চৰি॥২৩৪
ছাগলত অগ্নি যায় বৰুণ মগৰে।
মহিষত যম যাই মনুষ্যে কুবেৰে॥
এহিমতে নিজ নিজ যানে দেৱযত।
ৰাক্ষস অসুৰ যাই শুনা যেন মত॥২৩৫
দশগোটা দন্তালে বহয় ৰথখান।
সেহি ৰথে চলি যাই ৰাজা বিভীষণ॥
তান লগে আছে মুখ্য সেনাপতি যত।
কতো জন যাই বৰাহৰ ওপৰত॥২৩৬
বিড়ালত যেবে কতো কতো শৃগালত।
কুকুৰত যাই কতো কতোহো নেউলত॥
কেৰ্কেটুৱাৰ স্কন্ধে যাই কতোজন।
চিলা ফেঁচা শগুনত কৰয় গমন॥২৩৭
কাউৰীত যাই কতো কতে বগলিত।
তেলিয়া সাৰেঙ্গে যাই কতো বাদুলিত॥
উইচিৰিঙাত কতো কতো ফৰিঙত।
পশু-পক্ষী কীট-পতঙ্গত চৰে কত।২৩৮

[ ৫২ ]

এহিমতে সৰ্ব্বলোকে হুয়া একঠাই।
চলিবে কৰিলা যুক্তি শুভক্ষণ চাই॥
বৃষভত উঠি শিৱে কৰিলন্ত যাত্ৰা।
লক্ষ লক্ষ গীত গাই বজালেক ঘণ্টা॥২৩৯
সেহি শব্দ শুনি আতি গজ থমকিলা।
টল বল কৰি কিছু মন্দৰ লৰিলা॥
কতো কতো লোকে বোলে ভূমিকম্প যাই।
ধ্যান ভাঙ্গি যোগী ঋষি চকু মেলি চাই॥২৪০
কেহো বোলে কৈত বা পৰিল বজ্ৰপাত।
কেহো বোলে পৃথিবীয়ে মেলিলন্ত ফাট॥
এহি বুলি সবেও কৰিলন্ত গলাগপা।
কাণ ফাটে বুলি কেহো কাণে লন্ত সোপা॥২৪১
এহিমতে গাই বাই হৰ চলি যাই।
কত প্ৰজা চলে তাৰ কোনে অন্ত পাই॥
দীৰ্ঘ দশ ক্ৰোশ পথালি পঞ্চ ক্ৰোশ।
কোনে কহিবাক পাবে প্ৰজাৰ যে ঘোষ॥২৪২
অনেক বছৰ লেখি কোনে অনন্ত পাই।
গায়ক বায়ন সাত লক্ষ যোৰা যাই॥
নট ভাট নত্তক নৰ্ত্তকী অপৰ্য্যাপ্ত।
ভূত প্ৰেত পিশ্োচয়ো নাচি বাগি যান্ত॥২৪৩

[ ৫৩ ]

বাদ্যৰ শবদে ধৰা কৰে টলবল।
তাহান শৱদে মেৰু মন্দৰ লৰিল॥
সীমা সংখ্যা নাহি সঙ্গে চলে যত ঘোৰা।
যত গজ পদাতিৰ নাহিকয় ওৰা॥২৪৪
কৰ্ণে তাল লাগে গজ ঘণ্টাৰ আস্ফাল।
প্ৰজাৰ ভিৰত যেন যাই ভূমি তল॥
এহিমতে পাইলা যাই হেমৱন্ত পুৰা।
শৱদ শুনিয়া লগাইলেক হুৰাহুৰি॥২৪৫
গলা গপা কৰে সবে কৰে উষমিশ।
কি কৰিবো কৈক যাইবো নাহি পান্ত দিশ॥
নাৰীসকলৰ শুনি পৰম উৎসৱ।
জোৱাই সাজেৰে আজি দেখিবোহো শিৱ॥২৪৬
যোগীগণে ধ্যান কৰি নাপাৱয় যাক।
সাক্ষাতে দেখিবো আজি হেন মহেশক॥
এহিমতে পৰ্ব্বতীয়া নাৰীগণ যত।
বাৰ্ত্তা শুনি সবেও ভৈলেক উনমত॥২৪৭
আসা আই বাই সবে পদুলিক যাওঁ।
শিৱ বিষ্ণু আসিয়াছে নেত্ৰ ভৰি চাওঁ॥
কৃষ্ণক দেখিবে সবে আকুল স্বভাবে।
লৰালৰি কৰি সবে গৃহক সজাৱে॥২৪৮

[ ৫৪ ]

পিন্ধিলা অঞ্জন মাত্ৰ এগোটা নয়নে।
নূপুৰ আৰিলা নিয়া এগোটা চৰণে॥
আৰে সাতসৰী হাৰ দিয়া কঙ্কালত।
হাতৰ ভূষণ নিয়া বান্ধয় মূৰত॥২৪৯
কণ্ঠৰ ভূষণ নিয়া কৰ্ণত আৰিলা।
বৰক দেখিবে লাগি আথে বেথে গৈলা॥
পিন্ধিবাক বস্ত্ৰ আনে উলিয়াই।
গাৱৰ বস্তু পিন্ধি থৱে সোলোকাই॥২৫০
এহিমতে অন্যো অন্যে শুনি যাই কথা॥
উল্লাসিত হুয়া সবে লৰিলন্ত তথা॥
কতো জনী সুখে গৈয়া শুতিয়া আছিলা।
খক মক কৰি উঠি লৱৰিয়া গৈলা॥২৫১
হল ফল কৰে স্তন চুলিও মুকলি।
কঙ্কালৰ বস্ত্ৰ পৰে বাটতে সুলকি॥
এহিমতে উলাহতে আনন্দিত গাৱ।
কৈত শিৱ বুলি সবে আনন্দিত ভাও॥২৫২
কেহো জনী দেখাৱে আঙ্গুলি ঠিয় কৰি।
দেখিয়ো আসিছে সিটো গৰুড়ত চৰি॥
দেখিয়োক আই কেনে নয়নৰ সুখ।
পূৰ্ণিমাৰ চন্দ্ৰ যেন হাসো হাসো মুখ॥২৫৩

[ ৫৫ ]

ভালেতো মোহিলে গোকুলৰ গোপীগণ।
ইহাঙ্ক দেখিয়া কোনে তাপৰিবে মন॥
কৃষ্ণৰ কথাক পূৰ্ব্বে কৰ্ণে আছো শুনি।
হেন মাধৱক আজি দেখোহো আপুনি॥২৫৪
কৃষ্ণৰ কটাক্ষ হাস্যে বৰষে অমৃত।
আঙ্ক পাই নাৰীসবে ভৈলন্ত তৃপিত॥
মহেশৰ ৰূপক দেখও আই বাই।
এনুৱা ৰূপক আমি কৈতে দেখা নাই॥২৫৫
হেমৱন্ত ৰাজাৰ দুই চকু খাই।
জীয়েকক দিলা ৰাজা ভাল দৰা চাই॥
কৃষ্ণৰ যেবে জোৱাই হুই পৰ্ব্বতৰ জায়া।
ইহাঙ্ক নিদিয়া দিয়ে মহেশক বিয়া॥২৫৬
আপোনাৰ চক্ষু থাকি কণা হেন হই।
নেদেখই বাট পথ ফুৰে খপিয়াই॥
হেনয় লিখিত কপালত পাৰ্ব্বতীৰ।
নিচিনি নজানি স্থিৰ কৰিলেক বৰ॥২৫৭
এহিমতে গলাগলী কৰে নাৰীগণ।
গাই বাই চলি যাই সবে দেৱগণ॥
পথৰ ব্যৱস্থা আবে এহিমানে থওঁ।
হেমৱন্তৰ কাহিনীক কিছুমান কওঁ॥২৫৮

[ ৫৬ ]

শিৱ বিষ্ণু আসিবাৰ শুনি হেমৱন্ত।
উগুল থুগুল চিত্ত নাহিকয় শান্ত॥
কি কৰিবো কৈক যাইবো নাপাৱন্ত দিশ।
হেমৱন্ত পুৰী গোট ভৈল উষমিশ॥২৫৯
ব্ৰহ্মা বিষ্ণু হৰ আসিয়াছে যে ৰথত।
আগবঢ়াইবাক লাগি কৰিলা যুগুত॥
বাহিৰৰ কথা আবে এহিমানে থওঁ।
ভিতৰৰ কথা শুনা কিছুমান কওঁ॥২৬০
সেহি বেলা মেনকা ৰাজাৰ মহাদই।
কিঙ্কৰীসবক আবে মাতিয়া আনই॥
পাৰ্ব্বতীৰ গাৱত ঘঁসিও তেলকুড়।
আনিও পঞ্চাশ ঘট সুবিমল জল॥২৬১
সুৱৰ্ণৰ ভৃঙ্গাৰ ধৰি সধৱা সকলে।
পাৰ্ব্বতীক নোৱাইলন্ত আতি কৌতূহলে॥
গাৱ মচি দিব্য পীত বস্ত্ৰ দিলা আনি।
প্ৰৱন্ধে পিন্ধিলা তাক আপুনি গোসানী॥২৬২
ৰত্নৰ মেখলা আনি বান্ধিলা কঁকালে।
মুঠিতে লুকাই হেন বতাহত হালে॥
আপুনি বান্ধিলা দেৱী উচ্চ কৰি খোপা।
মালতী ফুলৰ ভিতৰত দিলা থোপা॥২৬৩

[ ৫৭ ]

শিৰত সিন্দূৰ অগৰুৰ দিলা ফোট।
কৰ্ণত কুণ্ডল মাথে পিন্ধিলা মুকুট॥
লব্ধ চাকি শলা জ্বলে ওপৰত কৰ্ণত।
ৰত্নময় গলপতা জ্বলয় গলত॥২৬৪
হৃদয়ত জ্বলে জিলিমিলি পেচন্দাৰ।
বাহুত সুৱৰ্ণ বাজু কঁকালত হাৰ॥
কপালে মাণিক জ্বলে অতিশয় জ্যোতি।
দশো আঙ্গুলিত জ্বলে ৰত্নৰ আঙুঠি॥২৬৫
ৰত্নৰ নূপুৰ পাৱে ৰুণ ঝুণ বাজে।
প্ৰয়াণক লাগি যেন কামদেৱ সাজে॥
এহিমতে দেৱীক সাজায়া ৰঙ্গমনে।
অনেক মঙ্গল গীত গাইলা নাৰীগণে॥২৬৬
তাত পাছে সূৰ্য্য অস্ত হুইয়া গইলা।
হৰ বিষ্ণু আহি কলা গুৰিত ৰহিলা॥
বিধিৰ নিয়ম মান ধৰিবাক পাই।
সোহ হেতু তহিতে আছয় বাটচাই।২৬৭
শুনি হেমৱন্তে পাদ্য অৰ্ঘ্য ধূপ দিলা।
বস্ত্ৰ অঙ্কাৰে সবে যুগুত কৰিলা॥
চলি যান্ত হেমৱন্ত দৰা আদৰিবাক।
লগতে চলিয়া যান্ত যতেক পৰ্ব্বত॥২৬৮

[ ৫৮ ]

পৰ্বতীয়া বাদ্যক বজাৱে শত শত।
সীমা সংখ্যা নাহি তাৰ বাদ্য বাজে কত॥
পাইলা গৈয়া পাছে শিৱৰ সমীপক।
বিষ্ণুক কৰিলা পূজা ৰজা প্ৰথমত॥২৬৯
আত অনন্তৰে পূজা কৰিলা শিৱক।
পৰে ব্ৰহ্মা আদি কৰি সমস্ত দেৱক॥
এহিমতে পূজা কৰিলন্ত হেমৱন্ত।
তাত পাছে মেনকায়ো আদৰিলন্ত॥২৭০
মান সতকাৰ সবে কৰিলন্ত যাই।
বসিলন্ত শিৱ বিষ্ণু সভা ঘৰ পাই॥
বসিবাক লাগি সবাকো আসন দিয়াছে।
যথাযোগ্য আসনত বসিলন্ত পাছে॥২৭১
পূৰ্ব্বদিশে ব্ৰহ্মা বিষ্ণু আদি দেৱ যত।
পশ্চিমত বসিবন্ত যতেক পৰ্ব্বত॥
উত্তৰত বসিলন্ত যত ৰাজা প্ৰজা।
দক্ষিণত বসিলন্ত বিভীষণ ৰাজা॥২৭২
ব্ৰহ্মৰ্ষি দেবৰ্ষি আৰু ৰাজৰ্ষি যত যত।
সকলে বসিলা পাৰ্বতীৰ ওচৰত॥
লক্ষ্মী সৰস্বতী বসে পাৰ্বতীৰ সঙ্গে।
কথা পাতিবাক লৈলা মনে আতি ৰঙ্গে॥২৭৩

[ ৫৯ ]

হাসে হসুৱাই কতো জনী নচুৱাই।
পাৰ্বতীৰ মুখ চাই ওৰণি গুচাই॥
জোৰা নাম গাই শিৱ পাৰ্ব্বতীক জুৰি।
কৰতালী বাই নচুবাই যত বুঢ়ী॥২৭৪
এহিমতে নানা ভাৱে কৰিয়া হৰিষ।
নাৰীগণে নাম গাই কৰিয়া বিশেষ॥
ভিতৰৰ কথা আবে এহিমানে থওঁ।
আত অনন্তৰে বাহিৰৰ কথা কওঁ॥২৭৫
বিবাহৰ কৰ্ম্ম ব্ৰহ্মাদেৱে কৰিলন্ত।
বিবাহৰ মণ্ডপক পাতিয়া থৈলন্ত॥
তাহাতে পাতিল আনি গণপতি ঘট।
তাহাতে লগাইলা আনি ধূপ দীপ যত॥২৭৬
গৰ্গমুনি আসিলন্ত হাতে বিধি লই।
বসিলন্ত সভামাজে সাৱধান হুই॥
ব্ৰহ্মাদেৱে কুশাঙ্গুষ্ঠি আপুনি পিন্ধিলা।
পাদ্য অৰ্ঘে মধুপৰ্কে কৃষ্ণক পূজিলা॥২৭৭
হেমৱন্তে গৈয়া কুশ হস্তত পিন্ধিলা।
আচমন কৰি বিষ্ণু স্মৰি শুদ্ধ ভৈলা॥
ব্ৰহ্ম মন্ত্ৰ পঢ়ি শিৱ হাতে পাদ্য দিলা।
মধুপৰ্ক দিয়া পাছে হৰক বৰিলা॥২৭৮

[ ৬০ ]

ব্ৰহ্মায়ে বোলন্ত আবে মেনকা শুনিয়ো।
শীঘ্ৰ কৰি যোৱা তুমি কন্যাক আনিয়ো॥
শুনিয়া মেনকা তেতিক্ষণে চলি যাই।
কন্যাক আনিলা গৈয়া বিবাহৰ ঠাই॥২৭৯
সেহি সময়ত বৰ শবদ উঠিল।
বাদ্যৰ শবদে গৈয়া আকাশ চুইল॥
অসংখ্য নটুৱা নাচে আৰু অপেশ্বৰী।
হৰিধ্বনি দেন্ত সবে আৰম্ভ উৰুলি॥২৮০
বীণা বাদ্য বাজে কতো নাহি লেখ জোখা।
একেবাৰে উঠে সবে লক্ষ লক্ষ ওজা॥
কতো স্থানে গাৱে সৱে কৃষ্ণৰ কীৰ্ত্তন।
শিৱ নাম কতো স্থান পৰশে গগন॥২৮১
যতেক আসয় আৰু পৰ্ব্বতীয়া সকল।
আপোনাৰ সবে মিলি গাৱে সুমঙ্গল॥
ভূত প্ৰেত পিশাচেও নাচে আনন্দত।
অপ্সৰ কিন্নৰো মত্ত সবে উল্লাসিত॥২৮২
বৈশম্পায়ন বদতি শুনিয়ো নৰপতি।
সভাত প্ৰবেশ যেবে ভৈলন্ত পাৰ্বতী
বেদ বিধি মতে নিয়া মাথে ফুল দেন্ত।
আনিয়া পিতৃৰ সমীপত বসাইলন্ত॥২৮৩

[ ৬১ ]

ব্ৰহ্মায়ে বোলন্ত শুনা শিৱ মোৰ বাক।
আত অনন্তৰে শুনিয়োক সভাৰাজ॥
হেন কথা ভৈল যেবে সভাৰ মাজত॥
তেতিক্ষণে আনি বসুৱাইল পাৰ্ব্বতীক॥২৮৪
পাৰ্ব্বতীৰ ৰূপে শোভা কৰে চতুৰ্দিশি।
শৰত কালত যেন পূৰ্ণিমাৰ শশী॥
ঋষি মুনি তপস্বী আছিল মানে যত।
দেৱীৰ ৰূপক দেখি ভৈলা চমকিত॥২৮৫
বিষ্ণু মুগ্ধ ভৈলা আন কাৰেই বা লেখা।
দেখা সভাজনৰ ভৈল যিমত অৱস্থা॥
কাম লোভ সাৰিবৰ নাহিকে শকতি।
সবেও ভৈলন্ত যেন মৰাৰ প্ৰকৃতি॥২৮৬
হেন জানি কামক্ৰোধ আদি পৰিহৰি।
সমস্তে সমাজে ডাকি বোলা হৰি হৰি॥২৮৭

ঝুমুৰি।

পাৰ্বতীৰ ৰূপ দেখি।
বিস্ময় ভৈলেক আখি॥
হৰিলেক শ্ৰুতি জ্ঞান।
বাতুলৰ যেন থান॥২৮৮

[ ৬২ ]

এৰিলেক লাজ যত।
কতো ভৈল উনমত্ত॥
কতো চাৱে চক্ষু ঠাৰে।
জানো মোত দৃষ্টি পৰে॥২৮৯
কতো বোলে দেখো মুখ।
নলাগয় স্বৰ্গ সুখ॥
কতো চাৱে ভৰিলৈকে।
জানো দেখো আঙ্গুলিকে॥২৯০
আক দেখি ত্ৰাণ পাবো।
নেদেখিলে মৰি যাইবো॥
দাস কৰি লৈছে মোক।
দূৰ হোক দুখ শোক॥২৯১
এহিমতে সভাখান।
ভৈল আতি অন্তৰ্ধ্যান॥
সৰ্প সব জৰ্জ্জৰিত।
সবে তুলিলেক ফেট॥২৯২
ৰাক্ষস পিশাচ যত।
সিও ভৈল উনমত্ত॥
যোগী মুনি ঋষি যত।
সবেও এৰিলে তত্ত্ব॥২৯৩

[ ৬৩ ]

কামবাণ লাগি গাত।
গাৱে কৰে যাত যাত॥
লাজ জ্ঞান ভৈলা বাজ।
এৰিলেক লাজ কাজ॥২৯৪
কপিঙ্গ গৈলেক খসি।
ৰৈলা মনে বিমৰিষি॥
ব্ৰহ্মাও গৈলেক ভোল।
এৰিলেক মাত বোল॥২৯৫
এৰিলেক স্ৰুৱ স্ৰুচ।
কামবাণে মুচ কচ॥
কথমপি ধৈৰ্য্য ধৰি।
স্ৰুৱ লৈলা বিষ্ণু স্মৰি॥২৯৬
শুনিয়োক সভাসদ।
দেখা কেনে অদভুত॥
ঈশ্বৰ-ঈশ্বৰী হুই।
আসি আছে সাজু হুই॥২৯৭
তাহাৰ পাতিছে বিয়া।
সংসাৰে ৰাখিছে চিয়া॥
পৰবস্তু পৰধন।
তাহাতে যাহাৰ মন॥২৯৮

[ ৬৪ ]

ইহলোকে দুখ পায়।
মৰিলে নৰকে যায়॥
হেন জানি বুদ্ধজন।
তাহাত নিদিবা মন॥২৯৯
এৰিয়োক পৰ আশ।
নামত লৈয়োক বাস॥
তৰিবাৰ কৰা কাম।
ডাকি বোলা ৰাম ৰাম॥৩০০

পদ

ঋষিয়ে বোলন্ত ৰাজা শুনা সাৱধানে।
হৰ-গৌৰী দুহান্তক কৰি এক থানে॥
উৰুলিক দিয়া লগ্নগ্ৰন্থি বান্ধিলন্ত।
সেহিবেলা ব্ৰহ্মা হেমন্তক পুছিলন্ত॥৩০১
তোমাৰ কহিবে লাগে যদি কথা থাকে।
এহি সময়ত তাক কহিবাক লাগে॥
শুনি হেমৱন্তে কথা কহিলন্ত পাছে।
মোৰ বংশ পৰিবাৰ যত আসি আছে॥৩০২

[ ৬৫ ]

সমস্তকে লাগে মান দান ধৰিবাক।
এহি কথা পূৰ্ব্বে মই কহিলো হৰক॥
শুনি ব্ৰহ্মা তেতিক্ষণে বায়ুত কহিলা।
বস্ত্ৰ অলঙ্কাৰ আনি সমস্তকে দিলা॥৩০৩
হেমৱন্তে পুনৰপি ব্ৰহ্মাক বদতি।
শুনিয়োক ব্ৰহ্মাদেৱ মোহোৰ মিনতি॥
আমাৰ মেনকা ভাৰ্য্যা অতি কুপ্ৰকৃতি।
শিৱৰ ৰূপক দেখি হইছে বিচুৰ্ত্তি॥৩০৪
অনেক প্ৰকাৰে বুজাই কৰিলোহো শান্ত।
তথাপি তাহাত মনে নভৈলেক ক্ষান্ত॥
এতেকে ভৰষা মই কৰিলো তোমাত।
ভালকৈ বুজুওৱা যেন তুমিও শিৱক॥৩০৫
অল্প বছৰীয়া মোৰ পাৰ্ব্বতী জীয়াই।
নাজানে নুশুনে একো দেখাওতা নাই॥
এহি বুলি ব্ৰহ্মা আগে কহিলা বুজাই।
শুনিয়া মেনকা মাতিলন্ত থেহেৰাই॥৩০৬
জীয়েকক পালিবন্ত শিৱক বুজাই॥
যদি ফেটি সাপে খোঁট মাৰিয়া নেখাই॥
সুৱৰ্ণ মাণিক মণি তেজিয়া পোৱাল।
সি সবক এৰি লৈল সৰ্প বাঘছাল॥৩০৭

[ ৬৬ ]

ঈশ্বৰ বুলিয়া ভাষ ধৰি ফুৰে হৰে।
ভাঙ্গ খুন্দা খাই ঈশ্বৰৰ লীলা কৰে॥
হৰে যে এনুৱা ভাষ ধৰি ফুৰয়।
ব্ৰহ্মা বিষ্ণু দুয়োজনে কিয় নধৰয়॥৩০৮
মায়াৰূপ দৰশাই মোক ভাণ্ডিলেক।
শুনি তেতিক্ষণে সৰ্পে খোট মাৰিলেক॥
বিনাই কান্দন্ত দেৱী সমাজত পৰি।
দেখি সভাসদে বোলে হৰ বিষ্ণু হৰি॥৩০৯

⸻⸻

লেচাৰি

মহেশক নিন্দা কৰিলেক,   সৰ্পে আসি খোট মাৰিলেক
  বিষে জৰ্জ্জৰিত চেতন নাহিকে গাত।
গাৱে একো তত্ত্ব নাহিকয়,   মেনকা সুন্দৰী বিনাৱয়
  ধৰিলন্ত আসি জোঁৱাই শাহুৰ মান॥৩১০
দেখা সৰ্ব্বলোক কি কৰিলে, সৰ্প মেলি খুৱাই মোক মাৰিলে
  অকাৰণে শিৱে বধিলে মোৰ পৰাণ।
মাতিয়া জোঁৱাই আনিলোহো, বিস্ময় মানিয়া বুলিলোহো
  সেহি বচনক পেটে লোৱা কোপ কৰি॥৩১১

[ ৬৭ ]

নেদেখিলো অলঙ্কাৰ ভাল,   গলে মুণ্ডমালা বাঘছাল,
  ৰূপ দেখি মই বুলিলোহো নিন্দা কৰি।
ভূত প্ৰেত সঙ্গৰ শিৱক, নিদিও বোলা কন্যা হেন বাক
  বুলিলোহো হেনয় বচন শিৱ আগে॥৩১২
হেন বচনক ধৰি মনে,   কৰিলে কপট অকাৰণে
  সেহিসে কাৰণে মোক খুৱাইলেক সাপে।
শুনা সৰ্ব্বজন এক মনে, হেয় কথাক নকয় কোনে,
  মায়া বদ্ধ কৰি বিবাহক কৰে জীক॥৩১৩
হেনয় কৰিয়া কৰে বিয়া,   সংসাৰ যুৰিয়া ৰাখে চিয়া,
  শিৱক প্ৰশংসা কৰিবেক সৰ্ব্বলোক।
যিহোক সিহোক কপালত,   বিধিয়ে লিখিলে যেনমত,
  পাৰ্ব্বতী জীৰ গতি কি হৈবে পাছে॥৩১৪
আই হেৰ পাৰ্ব্বতী সুচৰিতা,   মোৰ কেনে বিপৰীতা,
  সমস্ত সমাজে চাহি আছে নেত্ৰ ভৰি।
হে মোৰ আই সৰ্পে খাই,  বিষে কণ্ঠ প্ৰাণে ধাতু যাই,
  জানিলোহো মই চলি যাওঁ যমপুৰী॥৩১৫
আহা মোৰ আই কোলে লওঁ,   হৃদয়ৰ জুই পলুৱাও,
  কেতিক্ষণে জানো মই যাইবোহো মৰি।
বিষদুখে কান্দে মেনকাই,   পাৰ্বতীক স্মৰি কৰে হাই
  দেখি গৌৰী মনে অনেক দুখ কৰি॥৩১৬

[ ৬৮ ]

পদ

বৈশম্পায়ন বদতি শুনিয়ো ৰাজা পাছে।
সৰ্প বিষে মেনকায়ো কান্দি কান্দি আছে॥
শুনিয়া পাৰ্ব্বতী দেবী মনে পাই ত্ৰাস।
লাজত থাকিয়া দেৱী নকৰে প্ৰকাশ॥৩১৭
তথাপি মনত কৰি আছয় বিষাদ।
ব্ৰহ্মাদেৱে জানিলন্ত পাৰ্ব্বতী বিষাদ॥
ধন্বন্তৰী পাঞ্চিলন্ত মেনকাৰ ঠাই।
তান দেখা মাত্ৰে বিষ দূৰে চলি যাই॥৩১৮
ব্ৰহ্মায়ে বোলন্ত মেনকা শুনিয়োক।
যাৰ যিবা লাগে মানে তাক বুলিয়োক॥
শিৱ পাৰ্ব্বতীৰ আবে লাগি আছে যোৰা।
অকাৰণে কিয় তাত হকা বাধা কৰা॥৩১৯
সেহিসে কাৰণে তুমি পাইলা এত দুখ।
ক্ষমিয়োক জোৱাইৰ বঢ়া টুটা দোষ॥
বিধিৰ লিখন আছে পূৰ্ব্বে কপালত।
অৱশ্যে তোমাৰ কন্যা পৰিবে হৰত॥৩২০
মেনকা বোলয় প্ৰভু তুমিয়েছে বিধি।
তোমাৰ নিমিত্তে হোৱে সৰ্ব্ব কাৰ্য্য সিদ্ধি॥

[ ৬৯ ]

তোমাৰ বুদ্ধিয়ে ভুলাইলেক হেমৱন্তক।
তোমাৰ বুদ্ধিয়ে হৰে পাইলেক পাৰ্ব্বতীক॥৩২১
তোমাৰ বুদ্ধিয়ে হৰ সৰ্পে মোক খাই।
তোমাৰ বুদ্ধিয়ে গৌৰী মনে দুখ পাই॥
ইসব গুণিয়া ব্ৰহ্মা নেদন্ত সিদ্ধান্ত।
পুনঃ পুনঃ বোলে তুমি হয়ো মন শান্ত॥৩২২
সৰ্ব্ব সিদ্ধি লৈ গৌৰীৰ শিৱ ভৈল বৰ।
তোমাৰেসে জী-জোৱাই তোমাৰেসে ঘৰ॥
অনেক বুজায়া ব্ৰহ্মা মৌন হই ৰৈল।
হোম দিবে লাগি তান সাৰোগত ভৈলা॥৩২৩
গৰ্গমুনি পুছিলন্ত সম্প্ৰদান কালে।
পিতৃ পিতামহ নাম কোৱা বাচা ভালে॥
শুনি ব্ৰহ্মা বুলিলন্ত শুনা মুনিবৰ।
শঙ্কৰ পিতাৰ নাম পিতামহ হৰ॥৩২৪
প্ৰপিতামহৰ নাম দেৱ পুৰন্দৰ।
শিৱগোত্ৰে কন্যাদান কৰা গিৰিবৰ॥
এহি কথা শুনি শিৱ আনন্দিত মন।
হেমৱন্তে পাৰ্ব্বতীক কৰে সমৰ্পণ॥৩২৫
দুই জন মাথাত দিলন্ত দূৰ্ব্বাক্ষত
নাৰীগণে হুৰাহুৰি দেন্ত উৰুলিত॥

[ ৭০ ]

কন্যা সম্প্ৰদান কৰি লগ্ন গাণ্ঠি দিলা।
মন্ত্ৰ অভিষেক কৰি ঘৃতক ঢালিলা॥৩২৬
যৌতুকৰ বস্তু আনি দিলা হেমৱন্তে।
সবাকো উছৰ্গি দিলা কন্যাৰ লগতে॥
বিষ্ণুৱে উছৰ্গে দুই সাজ অলঙ্কাৰ।
কিঙ্কিণী বলয় আদি আৰু হেমহাৰ॥৩২৭
উছৰ্গিলা ব্ৰহ্মায়ে কপিলা দশ গোট।
সবাৰো কপালে জ্বলে মাণিকৰ ফোট॥
ইন্দ্ৰে উছৰ্গিলা পাছে কুণ্ডল সুৱৰ্ণ।
শচী উছৰ্গিলা আনি দেৱাঙ্গ ভূষণ॥৩২৮
চন্দ্ৰে উছৰ্গিলা শিলা সাত খান হীৰা।
বসিবাক শুতিবাক দিল ছালপিৰা॥
সূৰ্য্যে উছৰ্গিলা আৰু মণি সূৰ্য্যপট।
সূৰ্য্যসম জ্বলে আনি দেখি ফট ফট॥৩২৯
একগোটা মণি আছে নেলাগে অগনি।
মাগিলে সুৱৰ্ণ বৰিষয় এক মণি॥
আউৰ মণি আছয় ৰাত্ৰিক দিন কৰে।
আউৰ মণি গোট ক্ষুধা পিপাসাক হৰে॥৩৩০
আউৰ মণি গোটে কৰে সংগ্ৰামত জয়।
আউৰ মণি লৈলে নাহি কৈতে হন্তে ভয়॥

[ ৭১ ]

এহিমতে মণি সূৰ্য্যে উছৰ্গিয়া দিলা।
যত আছে ভাগে ভাগে সবে উচৰ্গিলা॥৩৩১
বায়ুৰাজে উছৰ্গিয়া দিলা ভস্মধূলা।
সৰ্পৰাজে ৰত্নহাৰ উছৰ্গিয়া দিলা॥
বিভীষণে উছৰ্গিলা সুৱৰ্ণৰ ভাৰ।
বৰুণ উছৰ্গি দিয়ে মুকুতাৰ হাৰ॥৩৩২
আন আন দেৱগণে সবে উছৰ্গিলা।
যাৰ মনে যিবা ধৰে তাকে উছৰ্গিলা॥
ৰাক্ষস পিশাচ ভূত প্ৰেত আদি কৰি।
উছৰ্গে সবেও নিজ শক্তি অনুসৰি॥৩৩৩
লক্ষ লক্ষ উছৰ্গিয়া দিলা হাতী ঘোড়া।
মহিষ মেথোন গড় নাহিকয় ওৰা॥
দৌল দৌল হুয়া বস্তু সব পৰি ৰৈল।
হেমৱন্ত পুৰীখান ৰত্নময় ভৈল॥৩৩৪
কতো জনে উছৰ্গিলা সুৱৰ্ণ সফুৰা।
কতো উছৰ্গিলা আৰু ভাঙ্গ যে ধতুৰা॥
কতো কতো জনে উছৰ্গিলা আনি ভাঙ্গ।
কতো জনে উছৰ্গিলা ভাঙ্গ খুন্দা ডাঙ্গ॥৩৩৫
পাছে ব্ৰহ্মাদেৱে হোম অগনিত দিলা।
আখৈ পিঠা আছে যত অগ্নিত অৰ্পিলা॥

[ ৭২ ]

বিবাহৰ অন্ত ভৈলে দক্ষিণাক দেই।
পূৰ্ণাহুতি কৰে ব্ৰহ্মা বিধিখান চাই॥৩৩৬
অনন্তৰে বৰ কন্যা ভিতৰক যান্ত।
বাতি ভৰা পৰমান্ন ভোজন কৰন্ত॥
এহিমতে ব্ৰহ্মা কৰিলন্ত বিধিমত।
হৰগৌৰী বিবাহক যেন সমাপত॥৩৩৭
এহিমতে হৰগৌৰী বিয়া কৰি পাছে।
হৈক চলিবে লাগি কাছি পাৰি আছে॥
শাশুৰী শশুৰে পাছে মেলানি মাগিয়া।
গৃহে চলি গৈয়া পৰিষদ সঙ্গে লৈয়া॥৩৩৮
অনন্তৰে পাইলা যাই কৈলাস শিখৰ।
মহানন্দে গৌৰী সঙ্গে থাকে দেৱ হৰ॥
পাতক নাশন ইটো ঈশ্বৰৰ লীলা।
স্মৰণ কীৰ্ত্তন কৰি বৈকুণ্ঠ চলা॥৩৩৯
হৰগৌৰী স্মৰণত জীৱ ধন্য হয়॥
অশেষ আপদ তৰি দিব্য গতি হয়॥
হেন জানি নিৰন্তৰে আন কাম এৰি।
পাতক ছাৰোক ডাকি শিৱ শিৱ স্মৰি॥৩৪০


[ হৰগৌৰী বিবাহ সমাপ্ত ]

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )