পৃষ্ঠা:কালিকা পুৰাণ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
কালিকা পুৰাণ


বীণা বেণু দবা কাঁহ তবলা মন্দিৰা।
তানপুৰা ক্ষেমা আদি বাদ্য সুধাধাৰা॥
স্বৰ্গ মৰ্ত্ত্য পৃথিবীত যতেক আছয়।
সমস্তকে একঠাই কৰিয়া বজায়॥২০০
ঋষি মুনি-পত্নী আৰু অপেস্বৰা যত।
গন্ধৰ্ব্ব ৰাক্ষস অসুৰৰ ভাৰ্য্যা যত॥
লক্ষ্মী সৰস্বতী দুয়ো গৈলন্ত মধ্যত।
লক্ষ্মী দেবী লৈলা কাষে সুৱৰ্ণৰ ঘট॥২০১
ডুনৰীক লৈলা মাথে দেৱী সৰস্বতী।
ধূপ দীপ লগান্ত সুগন্ধি তৈল বাতি॥
এহিমতে সবে যেবে এক ঠান কৰি।
উৰুলি জোকাৰ দিলা হৰিধ্বনি পাৰি॥২০২
বজাইলন্ত বাদ্য ভণ্ড ভৈলন্ত তাৰাস।
টলবল ভৈল শব্দে পূৰিল আকাশ॥
এহিমতে বাদ্য ভণ্ড সুমঙ্গল গাই।
আকাশী গঙ্গাৰ জল আনিলন্ত যাই॥২০৩
নাৰী সমস্তৰ আনন্দৰ সীমা নাই।
কতো হাততালি বাই কতো নাচি যাই॥
হাতত কাচুতি ধৰি নাচি যান্ত বুঢ়ী।
কতো পিশাচৰ নাৰী নাচে ঘূৰি ঘূৰি॥২০৪