পৃষ্ঠা:কালিকা পুৰাণ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কালিকা পুৰাণ


ঐ আই মই কিবা শুনিলোহো কাণে।
দৰিদ্ৰ গোটৰ সিটো ৰাখে গুৱা-পাণে॥ ৩৩
ত্ৰিভুৱন মাজে সিটো জোৱাই নাপাই।
নাঙ্গঠাক দেই জীক দুই চক্ষু খাই॥
এহি বুলি মেনকাই পিতিলা ধপলা।
ছিৰাছিৰ হুই গৈল কটিৰ মেখলা॥ ৩৪
শুনিয়ো কুটিয়া বুঢ়া কি কাজ কৰিলি।
পাৰ্ব্বতী জীক তই জুইত পুৰি খালি॥
নাই খেতি বাতি সিটো সদা মাগি খায়।
শুনিয়াছো পগলাৰ ঘৰ বাৰী নাই॥ ৩৫
চাউল ভাতৰ তাৰ নাই ব্যৱহাৰ।
সদায় কৰয ভাঙ্গ ধতুৰা আহাৰ॥
নাহিকয় সোণ ৰূপ বস্তু নাহি ভাল।
গলত মুণ্ডৰ মালা কটিত বাঘছাল॥ ৩৬
নাহিকে মনুষ্য সঙ্গ ভূত প্ৰেতগণ।
শ্মশানশালাত নিতে কৰয ভ্ৰমণ॥
নাহি তান পিতল কাহৰ লোটা বাটি।
শুতিবাক নাহিকে তাহাৰ খাট পাটি॥ ৩৭
নাঙ্গঠা ভাঙ্গুৱা তাৰ নাহি লাজ কাজ
নাঙ্গঠে আসিব সিটো আমাৰ সমাজ॥