পৃষ্ঠা:কালিকা পুৰাণ.djvu/২৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
কালিকা পুৰাণ

বিবাহ দিৱয় যদি মেনকাই জীক।
তেতিয়া কৰিয়া দিম বস্তু-বাৰি ঠিক॥
এহি বুলি পাছে ৰাজা উঠি সমাজৰ।
মনে গুণি চিন্তি গই পশিলা ভিতৰ॥১০২
ওচৰ চপিয়া ৰাজা লগাইলেক মাত।
মেনকাৰ গাৱে পৰে যেন বজ্ৰপাত॥
জানিয়াছো বাপে জীয়ে যিবা লাগে কৰা।
হেন বুলি হেমৱন্তক মাৰিলা জোকোৰা॥১০৩
তুমিও পাইলা খুজি পগলা জোৱাই।
জীয়েও যাবৰ মনে আছে বাট চাই॥
বাপে জীয়ে আলচিয়া কৰা যেই ইচ্ছা।
মই হিয়া ধাকুৰোহো অকাৰণ মিছা॥১০৪
হেমৱন্তে বোলে সতী কোৱা অকাৰণ।
ঈশ্বৰক কৰা তুমি মনুষ্যৰ জ্ঞান॥
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি অৱতাৰ।
হৰিবাক লাগি পৃথিবীৰ মহাভাৰ॥১০৫
ব্ৰহ্মাই সৃজন কৰে বিষ্ণুয়ে পালয়।
ৰুদ্ৰ ৰূপ ধৰি শিৱে সংহাৰ কৰয়॥
হেন ঈশ্বৰক কৰা মনুষ্যৰ জ্ঞান।
নাহিকয় দুষ্টা তিৰী তোমাৰ সমান॥১৬০