সমললৈ যাওক

পৃষ্ঠা:কালিকা পুৰাণ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
কালিকা পুৰাণ

হেন মহোৎসৱ ভৈল হেমৱন্ত ঘৰে।
নুহিব নুহিব আৰু সংসাৰ ভিতৰে॥
এহিমতে আনন্দিত নাৰীগণ যত।
মেনকাও বসে গৈয়া সবাৰো মাজত॥১৪৭
লক্ষ লক্ষ বাদ্য বাজে সেহি সময়ত।
মেনকা সুন্দৰী ধৰে সুৱৰ্ণৰ ঘট।
পৰ্ব্বতীয়া বাজনা বজাৱে ঠাৱে ঠাৱে।
নাৰীগণে নাম গাই বাজনাৰ চেৱে॥১৪৮
পৰ্ব্বতীয়া নাচনীয়ে নাচে ঘূৰি ঘূৰি।
হাতত কাচুটি ধৰি নাচিলন্ত বুঢ়ী॥
আনিলন্ত আকাশী গঙ্গা জল ভৰি।
নোৱনী ঘৰত সুৱৰ্ণৰ পিৰা পাৰি॥১৪৯
এহিমতে বুঢ়ী-নাৰী কৰন্ত ধেমালি॥
পাৰ্ব্বতীক স্নান কৰাইলন্ত জল ধালি॥
নোৱাই ধুৱাই নিয়া নবীন আসনে।
সুমঙ্গল কৰি বসুৱাইলা নাৰীগণে॥১৫০
বসুৱাই হাতে ফল-কটাৰিক দিলা।
পৰ্ব্বতীয়া নাৰীগণে সেন্দূৰ পিন্ধাইলা॥
উৰুলি মঙ্গল কৰি আনন্দ কৰন্ত।
ঋষি পত্নীগণে বেঢ়ি সুমঙ্গল গান্ত॥১৫১