পৃষ্ঠা:কালিকা পুৰাণ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
কালিকা পুৰাণ

এহি বুলি ব্ৰহ্মাদেৱে কহিলা হৰত।
তেবেসে সন্তোষ তৈল হৰৰ মনত॥
আসিলন্ত দেৱগণে নিমন্ত্ৰণ পাই।
বিষ্ণু সমম্বিতে আসি ভৈলা এক ঠাই॥১৮০
ইন্দ্ৰ চন্দ্ৰ বায়ু বহ্ণি কুবেৰ বৰুণ।
দশ দিগপাল যম আসিল তেখন॥
যক্ষ ৰক্ষ পিশাচ দানৱ ভূত প্ৰেত।
পাতালৰ নাগগণ আৰু সৰ্প যত॥১৮১
বিভীষণ আসিলন্ত ৰাক্ষসৰ ৰাজা।
লগে লৈয়া ৰক্ষ লক্ষ লক্ষ কোটি প্ৰজা॥
যেই মনুষ্যক পাইলে ৰাক্ষসে খাৱয়।
সেহি মনুষ্যৰ সঙ্গে ভৈলা এক ঠাই॥১৮২
এহিমতে সবে আসি একস্থান ভৈল।
সবাকো সম্বোধি ব্ৰহ্মা বুলিবে লাগিল॥
সবে দেৱগণে বিবাহৰ বস্তু দিয়া।
তেবেসে হইবেক জানা মহেশৰ বিয়া॥১৮৩
শুনি তেতিক্ষণে দেৱগণে আজ্ঞা পাই।
আনিলা বস্তুক সবে দূতক পঠাই॥
প্ৰথমতে বিষ্ণুৱে দিলন্ত গুৱা-পাণ।
ব্ৰহ্মা দান কৰিলন্ত চাউল লক্ষ মোণ॥১৮৪