পৃষ্ঠা:কালিকা পুৰাণ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
কালিকা পুৰাণ

হৰে গৈয়া কৈলাশত বহিলন্ত যাই।
হেমৱন্তে বিবাহৰ কৰিলা উপায়॥
পৰ্ব্বত পাসন্দে দূত পাঞ্চিলা অনেক।
বংশ পৰিয়াল তাৰ আছিল যতেক॥ ১২৭
সবাকো আনিলা ৰাজা কৰি নিমন্ত্ৰণ।
দূত দুখে শুনি আসিলন্ত সৰ্ব্বজন॥
পৰ্ব্বতৰ বিশ্বকৰ্মা আৰু শিল্পীগণ।
বিবাহৰ সভাখান কৰিলা নিৰ্ম্মাণ॥ ১২৮
দীৰ্ঘে প্ৰস্থে এক যোজনৰ সভাখান।
খাল বাম সম কৰি কৰিলা নিৰ্ম্মাণ॥
ঘাট বাট পদূলিক সাৰি মাজি আতি।
পদূলি পদূলি দিব্য ঘট থৈলা পাতি॥১২৯
মাটি খানি আনিয়া তাৰ ভেটি পাটি।
সাৰি সাৰি স্ফটিকৰ স্তম্ভ আনি পুতি॥
মাৰলি সাজিয়া দেই শুদ্ধ সুৱৰ্ণৰ।
সাৰি সাৰি ৰুৱা কামি ৰত্ন মাণিকৰ॥১৩০
সুৱৰ্ণৰ গুণা টানি চাল গাঠিয়াই।
নিৰ্ম্মাণ কৰিলা শুক্ল চামৰে বিচাই॥
স্ফটিকে নিৰ্ম্মাণ কৰি কৰিবেক ঘৰ।
ইদ্ৰকান্ত ৰন্তে দিলা থানে থানে দ্বাৰ॥১৩১