পৃষ্ঠা:কালিকা পুৰাণ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
কালিকা পুৰাণ


স্ফটিক পৰ্ব্বত যেন কাজলৰ ফোঁট।
কণ্ঠত প্ৰকাশে বিষ নামে কালকূট॥৫৮
বৃষভক পিন্ধাইলা বহু অলঙ্কাৰ।
গলে শোভে সৰ্পময় মুকুতাৰ হাৰ॥
সুৱৰ্ণৰ ঘণ্টাচয় আৰিলা গলত।
ৰুণঝুন ৰাৱ কৰে নূপুৰ পাৱত॥৫৯
পিঠিত তুলিয়া তান গাদিক বান্ধিলা।
নানা অস্ত্ৰ শস্ত্ৰ আনি তহিতে ৰাখিলা॥
এহিমতে বৃষভক সজাই আনি লৈলা।
আগে পাছে যাই ভূতে যোগান ধৰিলা॥৬০
আকাশত দেৱগণে পুষ্পবৃষ্টি কৰে।
মহা ভয়ঙ্কৰ বেশ ধৰিলা শঙ্কৰে॥
অনন্তৰে শিৱে পাইলা হেমৱন্ত ৰাজ্য।
আসিলন্ত জোঁৱাই জানিলন্ত গিৰিৰাজ॥৬১
পূজিলন্ত ৰাজা পাছে বিধি ব্যৱহাৰে।
পূজা অন্তে দণ্ডৱত ভৈলা বাৰে বাৰে॥
শুনা সভাসদ ইটো কিনো অদভুত।
জগতৰ গুৰু শিৱ তান হেন ৰূপ॥৬২
অভেদ শৰীৰ হোৱা ব্ৰহ্মা বিষ্ণু হৰ।
তথাপিও ভিন্ন ভাৱ কৰে অজ্ঞানৰ॥