পৃষ্ঠা:কালিকা পুৰাণ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
কালিকা পুৰাণ

পিন্ধিলা অঞ্জন মাত্ৰ এগোটা নয়নে।
নূপুৰ আৰিলা নিয়া এগোটা চৰণে॥
আৰে সাতসৰী হাৰ দিয়া কঙ্কালত।
হাতৰ ভূষণ নিয়া বান্ধয় মূৰত॥২৪৯
কণ্ঠৰ ভূষণ নিয়া কৰ্ণত আৰিলা।
বৰক দেখিবে লাগি আথে বেথে গৈলা॥
পিন্ধিবাক বস্ত্ৰ আনে উলিয়াই।
গাৱৰ বস্তু পিন্ধি থৱে সোলোকাই॥২৫০
এহিমতে অন্যো অন্যে শুনি যাই কথা॥
উল্লাসিত হুয়া সবে লৰিলন্ত তথা॥
কতো জনী সুখে গৈয়া শুতিয়া আছিলা।
খক মক কৰি উঠি লৱৰিয়া গৈলা॥২৫১
হল ফল কৰে স্তন চুলিও মুকলি।
কঙ্কালৰ বস্ত্ৰ পৰে বাটতে সুলকি॥
এহিমতে উলাহতে আনন্দিত গাৱ।
কৈত শিৱ বুলি সবে আনন্দিত ভাও॥২৫২
কেহো জনী দেখাৱে আঙ্গুলি ঠিয় কৰি।
দেখিয়ো আসিছে সিটো গৰুড়ত চৰি॥
দেখিয়োক আই কেনে নয়নৰ সুখ।
পূৰ্ণিমাৰ চন্দ্ৰ যেন হাসো হাসো মুখ॥২৫৩