পৃষ্ঠা:কালিকা পুৰাণ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কালিকা পুৰাণ


শিৱৰ বৰত বল বাঢ়িল অশেষ।
সেহিসে কাৰণে সবে পাই আছো ক্লেশ॥ ৩
শিৱৰ পুত্ৰৰ হাতে আছয় মৰণ।
হেন জানি লৈয়ো সবে শিৱত শৰণ॥
সমস্তে বৃত্তান্ত শিৱস্থানে কহিযোক।
পুত্ৰ জন্ম হৌক শিৱে কন্যা বিবাহোক॥ ৪
তেবেসে তাৰকা তান হাতে যাইবো মৰি।
এহিসে কহিলে মই নিষ্ঠে নিষ্ঠ কৰি॥
কহিলো সমস্তে কথা আবে তোমাসাত।
শীঘ্ৰে কহিযোক যাই শিৱৰ আগত॥ ৫
হেন শুনি দেৱগণ শিৱত কহিলা।
তান বাক্য শুনি শিৱে বচন বুলিলা॥
শুনা দেৱগণ মই কন্যা কৈত পাম।
নাই ভাই বন্ধু মোৰ কাহাক পঠাম॥ ৬
হেন জানি মই এৰি আছো গৃহবাস।
নকৰো বিবাহ মই থাকিবো উদাস॥
হেন শুনি দেৱগণে বোলে স্তুতি বাণী।
ব্ৰহ্মাৰ আদেশে প্ৰভু আসিয়াছো আমি॥ ৭
ভাল চাই এক গুটি কন্যা বিবাহোক।
তিনিও লোকত অতি যশস্য ৰহোক॥