পৃষ্ঠা:কালিকা পুৰাণ.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
কালিকা পুৰাণ


এহিমতে মণি সূৰ্য্যে উছৰ্গিয়া দিলা।
যত আছে ভাগে ভাগে সবে উচৰ্গিলা॥৩৩১
বায়ুৰাজে উছৰ্গিয়া দিলা ভস্মধূলা।
সৰ্পৰাজে ৰত্নহাৰ উছৰ্গিয়া দিলা॥
বিভীষণে উছৰ্গিলা সুৱৰ্ণৰ ভাৰ।
বৰুণ উছৰ্গি দিয়ে মুকুতাৰ হাৰ॥৩৩২
আন আন দেৱগণে সবে উছৰ্গিলা।
যাৰ মনে যিবা ধৰে তাকে উছৰ্গিলা॥
ৰাক্ষস পিশাচ ভূত প্ৰেত আদি কৰি।
উছৰ্গে সবেও নিজ শক্তি অনুসৰি॥৩৩৩
লক্ষ লক্ষ উছৰ্গিয়া দিলা হাতী ঘোড়া।
মহিষ মেথোন গড় নাহিকয় ওৰা॥
দৌল দৌল হুয়া বস্তু সব পৰি ৰৈল।
হেমৱন্ত পুৰীখান ৰত্নময় ভৈল॥৩৩৪
কতো জনে উছৰ্গিলা সুৱৰ্ণ সফুৰা।
কতো উছৰ্গিলা আৰু ভাঙ্গ যে ধতুৰা॥
কতো কতো জনে উছৰ্গিলা আনি ভাঙ্গ।
কতো জনে উছৰ্গিলা ভাঙ্গ খুন্দা ডাঙ্গ॥৩৩৫
পাছে ব্ৰহ্মাদেৱে হোম অগনিত দিলা।
আখৈ পিঠা আছে যত অগ্নিত অৰ্পিলা॥