পৃষ্ঠা:কালিকা পুৰাণ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
কালিকা পুৰাণ


পদ

বৈশম্পায়ন বদতি শুনিয়ো ৰাজা পাছে।
সৰ্প বিষে মেনকায়ো কান্দি কান্দি আছে॥
শুনিয়া পাৰ্ব্বতী দেবী মনে পাই ত্ৰাস।
লাজত থাকিয়া দেৱী নকৰে প্ৰকাশ॥৩১৭
তথাপি মনত কৰি আছয় বিষাদ।
ব্ৰহ্মাদেৱে জানিলন্ত পাৰ্ব্বতী বিষাদ॥
ধন্বন্তৰী পাঞ্চিলন্ত মেনকাৰ ঠাই।
তান দেখা মাত্ৰে বিষ দূৰে চলি যাই॥৩১৮
ব্ৰহ্মায়ে বোলন্ত মেনকা শুনিয়োক।
যাৰ যিবা লাগে মানে তাক বুলিয়োক॥
শিৱ পাৰ্ব্বতীৰ আবে লাগি আছে যোৰা।
অকাৰণে কিয় তাত হকা বাধা কৰা॥৩১৯
সেহিসে কাৰণে তুমি পাইলা এত দুখ।
ক্ষমিয়োক জোৱাইৰ বঢ়া টুটা দোষ॥
বিধিৰ লিখন আছে পূৰ্ব্বে কপালত।
অৱশ্যে তোমাৰ কন্যা পৰিবে হৰত॥৩২০
মেনকা বোলয় প্ৰভু তুমিয়েছে বিধি।
তোমাৰ নিমিত্তে হোৱে সৰ্ব্ব কাৰ্য্য সিদ্ধি॥