সমললৈ যাওক

মানৱ জ্যোতি

ৱিকিউৎসৰ পৰা
[  ]
 

মানৱ জ্যোতি


 
 

শ্ৰীহৰমোহন

মানৱ জ্যোতি ৷

⸻০০⸻

শ্ৰীহৰমোহন দাস বি,এ, এল-টি,


গুৱাহাটী ৷

⸻০০⸻


১১ পুহ, ১৮৫৯ শক

⸻০০⸻

[  ]
 

Published by the Author,

Gauhati Assam

1937


মূল্য—৶০



কলিকতা

৮৫নং অপৰি সাৰকুলাৰ ৰোড,

ভাৰতমিহিৰ প্ৰেচত,

শ্ৰীযুগলচৰণ দাসৰ দ্বাৰা মুদ্ৰিত।

[  ]
 


অসম সাহিত্য সভাৰ সপ্তদশমিক অধিবেশনৰ
উপলক্ষে এই ক্ষুদ্ৰ “মানৱ জ্যোতি” পুথিখনি
সদৌ অসম ৰাইজৰ ওচৰত সৰল
অন্তঃকৰণেৰে অৰ্পণ
কৰা হল।


গুৱাহাটী
১১ পুহ ১৮৫৯ শক।
ৰাইজৰ সেৱক—
শ্ৰীহৰমোহন
 

[  ]
 

সূচী পত্ৰ।

 
১৷ জ্যোতিৰ আভাস
২৷ জ্যোতিৰ স্বৰূপ
৩৷ জ্যোতিৰ প্ৰভাৱ ১৩
৪৷ জ্যোতিৰ প্ৰসাৰণ ১৬
৫৷ জ্যোতি আৰু সাম্যবাদ ১৭
৬৷ জ্যোতি আৰু বিশ্ব ২১
৭৷ জ্যোতি আৰু সাহিত্য ২৪
৮৷ জ্যোতি আৰু মায়া ২৯
৯৷ জ্যোতিৰ অনুশীলন ৩৩
১০৷ সামৰণি ৩৭

[  ]

 

মানৱ জ্যোতি


১। জ্যোতিৰ আভাস।

 বিশ্বজগত প্ৰকৃতিৰ লীলাভূমি। প্ৰকৃতিৰ লীলা সৌন্দৰ্য্যময়। সৌন্দৰ্য্যৰ মাজত অনন্ত ৰূপৰ বিকাশ। বিকাশ চিত্ৰবিচিত্ৰ। চিত্ৰ-বিচিত্ৰতাই জগতৰ বিশেষত্ব। এই বিশেষত্ব সৰ্ব্বব্যাপী। সৰ্ব্বব্যাপী বিশেষত্বই বিশ্ব জগতৰ সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জগত পৰিবেষ্টন কৰি আছে। এই পৰিবেষ্টনৰ ভিতৰত প্ৰকৃতিৰ সৌন্দৰ্য্য পৰিস্ফুৰণ আৰু পৰিস্ফুটিত হৈছে।

 প্ৰকৃতিৰ সকলোৱে বিকাশ হবলৈ প্ৰয়াস কৰাত জগতময় সৌন্দৰ্য্যৰ পৃথক পৃথক ৰূপ প্ৰকাশ হৈছে। প্ৰকৃতিৰ লীলাভূমি বৈষম্য হৈ পৰিছে। কি জড় জগত, কি উদ্ভিদ জগত, কি [  ] প্ৰাণী জগত, কি সৌৰ জগত সকলোতে বৈষম্যৰ ৰূপ বিকাশ হৈছে। এই অনৈক্য আৰু বিচিত্ৰ বিকাশেই মানৱ অন্তৰত বিপুল বিষম আৰু পাৰ্থক্যৰ অনুভূতি জন্মায়।

 প্ৰকৃতিৰ লীলা-খেলা দেখি বৈষম্যৰ অনুভূতি জন্মা স্বাভাবিক। কিন্তু প্ৰকৃতিস্থ হৈ গবেষণা কৰিলে সকলো বৈষম্যৰ মাজত এটি মিলন শক্তিৰো অনুভূতি হয়। জগতৰ কাৰ্য্যকলাপ আৰু প্ৰকৃতিৰ সুনিয়ন্ত্ৰণ আৰু সুশৃঙ্খল দেখিলে সকলো লীলাৰ মাজত এটি মিলনৰ সুৰ উপলব্ধি কৰা যায়৷ এই মিলন সুৰৰ ধ্বনিয়ে অনৈক্যৰ মাজতো ঐক্য, বৈষম্যৰ মাজতো সৌম্য আৰু অশান্তিৰ মাজতো শান্তিৰ অৱতাৰণা কৰিছে। এনেকুৱা অৱতাৰণাৰ ফলত জগত একেটা সুৰে, একেটা তানে আৰু একেটা স্পন্দনে নিয়ন্ত্ৰিত হৈ প্ৰকৃতিৰ সৌন্দৰ্য্য বিকাশ মনোমোহা ৰূপ ধাৰণ কৰিছে।

[ ১০ ]  বিশ্বব্যাপী চিত্ৰ-বিচিত্ৰৰ মাজত সৌম্য মূৰ্ত্তিৰ অনুভূতি, বাস্তৱ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে। জ্ঞানৰ উৎকৰ্ষৰ লগে লগে বাস্তৱ-জ্ঞান ক্ৰমে বিস্তাৰ হয়। বাস্তৱ-জ্ঞানৰ উচ্চতম স্থানত উপনীত হলে বৈষম্যৰ ভাৱ নোহোৱা হয়। সূৰ্য্যৰ ৰশ্মিয়ে অন্ধকাৰ নাশ কৰাৰ দৰে বাস্তৱ জ্ঞানৰ পোহৰে সকলো পাৰ্থক্য নাশ কৰে। এনে বাস্তৱ-জ্ঞানৰ পোহৰ বা দীপ্তি লাভ সাধন-সাপেক্ষ। সাধনা হৈছে গভীৰ চিন্তা, প্ৰকৃত চৰ্চ্চা, আন্তৰিক অনুশীলন আৰু বিবেকৰ আদেশ পালন।

 মানৱ জগত বিশ্বজগতৰ এখনি ক্ষুদ্ৰ জগত। এই ক্ষুদ্ৰ জগত অসংখ্য নৰনাৰীৰে পূৰ্ণ। এখন ক্ষুদ্ৰ নৰনাৰীৰ ৰাজ্য, তাতো দুখন মুখ একে নহয়। এনে আশ্চৰ্য্য অমিলৰ মাজতো সাম্যভাৱ বিৰাজ কৰা বিশ্বাসযোগ্য বুলি ভবা টান। বিশ্ব- জগতৰ বৈষম্যৰ মাজত সাম্যভাৱ বিৰাজ কৰিছে— এই কথাষাৰ সঁচা হলেও বিনা প্ৰমাণে মানিবলৈ [ ১১ ] কোনোৱে ইচ্ছা নকৰে। গতিকে প্ৰমাণৰ চকুৰে এই সত্য বাক্যটি বিচাৰ কৰা প্ৰয়োজন। সত্য কথাৰ প্ৰমাণ— প্ৰত্যক্ষ, পৰোক্ষ, সাক্ষ্য আৰু শাস্ত্ৰাদিৰ দ্বাৰা প্ৰতিফলিত হয়। প্ৰত্যক্ষ প্ৰমাণৰ অভাৱত শাস্ত্ৰাদিৰ প্ৰমাণেৰেও সত্য উপলব্ধি কৰিব পৰা যায়। শাস্ত্ৰৰ উক্তি হৈছে মহাত্মা, আত্মদৰ্শী, মানৱ প্ৰতিনিধি লোক সকলৰ উক্তি। পৰম বহুদশী জ্ঞানীলোক সকলে প্ৰত্যক্ষ উপলব্ধি কৰি ঘোষণা কৰিছে, যে এই বিশ্বজগত বৈষম্যৰে পূৰ্ণ নহয়; ইয়াত সৌম্য, ঐক্য আৰু সামঞ্জস্য ভাৱ বিৰাজ কৰি আছে। বিশ্ব সাহিত্যৰ পাতে পাতে তেওঁলোকে ঘোষণা কৰিছে যে জগত আনন্দময় আৰু ঐক্য সূত্ৰেৰে সকলো একত্ৰ গঁঠা। শাস্ত্ৰক বিশ্বাস কৰিলে এই ঘোষিত কথা নুই বুলিব নোৱাৰি। অৱশ্যে শাস্ত্ৰ-বিশ্বাস নোহোৱা লোকসকলৰ মনত জগত চিত্ৰ-বিচিত্ৰ লগা স্বাভাবিক। প্ৰত্যক্ষ আত্ম-প্ৰমাণ আৰু শাস্ত্ৰ[ ১২ ] বিশ্বাসৰ অভাৱত জগতৰ সৌম্য মূৰ্ত্তি উপলব্ধি কৰা অসম্ভৱ হব পাৰে কিন্তু সেই বুলি জগতত সৌম্যমূৰ্ত্তি নাই বুলি কব নোৱাৰি। আজি পৃথিবীৰ সকলো অন্ধ মানুহে যদি এক বাক্যে কয় যে সূৰ্য্যৰ আলোক শক্তি নাই; এই কথা দৃষ্টিশক্তি থকা মানুহে বিশ্বাস কৰিব নে?

 বৰ্ত্তমান যুগত বৈজ্ঞানিক বস্তুৰ অনুভূতিত আবিষ্কাৰ কৰা কল-কৌশল, যন্ত্ৰপাতিবোৰ অনভিজ্ঞ লোকসকলৰ মনত অতি ভয়াবহ, বৈষম্যপূৰ্ণ আৰু কিম্ভুদাকাৰ যেন লাগে। আকৃতি- প্ৰকৃতিত সেই কল-কৌশলবোৰ সকলো পৃথক পৃথক। গতিকে অনভিজ্ঞ লোকৰ মনত সকলো আচৰিত যেন লাগে। কিন্তু বৈজ্ঞানিক বিজ্ঞলোক সকলৰ পক্ষে সেই বৈষম্যপূৰ্ণ কল-কাৰখানাৰ মাজতো ঐক্যৰ সুৰ এটি আছে। সেইদৰে সাধন মাৰ্গত অগ্ৰসৰ হব নোৱাৰা অনভিজ্ঞ লোকসকলৰ মনত এই বিশ্ব জগত বৈষম্যপূৰ্ণ। কিন্তু প্ৰকৃত [ ১৩ ] তত্ত্বজ্ঞ লোকসকলৰ মনত তেনে নহয়। তেওঁলোকৰ মনত সকলো একে তালে, একে মানে, একে সুৰে চলিব লাগিছে। প্ৰকৃত বিজ্ঞলোক সকলে উপলব্ধি কৰিব পাৰিছে যে জগতত গোলমাল, অভাৱ, অভিযোগ, বিলাই, বিপত্তি আছে আৰু এইবোৰ থকাটোৱেই সৃষ্টি-ৰহস্যৰ বৈশিষ্ট। কিন্তু তেনে অভাৱ অভিযোগ বিপৰ্য্যয় ধ্বংসকাৰী দুৰ্য্যোগেও সেই চিন্তন নীতিৰ তাল মান আৰু ঐক্য সুৰ লঙ্ঘন কৰিব পৰা নাই। নোৱাৰাটোৱেই সেই অজ্ঞেয় শক্তিৰ অজেয় অমূৰত্ব প্ৰমাণ কৰিছে। তাৰ অপূৰ্ব্ব সমন্বয়ৰ কাৰণেই বিশ্বব্ৰহ্মাণ্ড সুনিয়মে নিয়ন্ত্ৰিত হৈ আছে। এনেকুৱা প্ৰকৃত জ্ঞান অনুশীলন কৰি বৈষম্য ভাৱ পূৰ্ণ বিশ্ব ৰাজ্যত সৌম্যমূৰ্ত্তি উপলব্ধি কৰাটোৱেই প্ৰকৃত মানৱত্ব। এই বিশুদ্ধ জ্ঞান অনুশীলন কৰিবলৈ এটি আলম, আৰ্হি বা আশ্ৰয় লাগে। এই আদৰ্শ হৈছে প্ৰকৃতি আৰু পুৰুষ উভয়ৰে নিয়ন্তা বিশ্বখনিকৰ।

[ ১৪ ]  বিশ্বখনিকৰ প্ৰেমময় আৰু আনন্দমৰ। তেখেতৰ আনন্দৰ প্ৰেৰণাত প্ৰকৃতি আৰু পুৰুষৰ আনন্দ লীলাত জগত সৃষ্টি হৈছে। শিশুৰ জন্ম নৌহওঁতেই মাতৃৰ স্তনত আহাৰ স্থাপন কৰা বিশ্বখনিকৰৰ স্নেহৰ পৰিচয়। শিশুৱে মাতৃৰ স্তন পিওঁতে শিশুৰ হাঁহি ওলায়। এয়ে হৈছে বিশ্বখনিকৰৰ আনন্দৰ পৰিচয়।

 এইদৰে প্ৰত্যেক কাৰ্য্যতে বিশ্বখনিকৰৰ স্নেহ আৰু আনন্দৰ পৰিচয় পোৱা যায়। সেই কাৰণে জ্ঞানীলোক সকলে কয় “বিশ্বখনিকৰৰ এই বিনন্দিয়া বিশ্বৰাজ্য আনন্দতে জন্ম, আনন্দতে প্ৰতিপালিত আৰু আনন্দতে ধ্বংস; অৰ্থাৎ সকলোতে আনন্দ পৰিপূৰ্ণ। গতিকে জগতময় আনন্দ বিৰাজমান।

 মানৱ হৃদয়তো আনন্দ বিৰাজমান। আনন্দ আৰু প্ৰেমেই হৈছে মানৱ হৃদয়ৰ মূলমন্ত্ৰ। এই মন্ত্ৰত অনুপ্ৰাণিত হৈ মানৱ মাত্ৰেই নিজৰ প্ৰেম [ ১৫ ] আৰু আনন্দ বিস্তাৰ কৰিব আকাঙক্ষা কৰে। ব্যক্তিগত প্ৰেম আৰু আনন্দ বিশ্বময় আনন্দত লীণ কৰিবলৈ উৎকণ্ঠিত হয়। ভূমা আনন্দৰ আস্বাদ গ্ৰহণ কৰিবলৈ উৎকণ্ঠিত হলে মানৱ অন্তৰত বিশুদ্ধ ভাৱৰ উদ্ৰেক হয়। ভাৱ উদ্ৰেকৰ লগে লগে বিশ্বব্যাপক আনন্দ অনুভূতি কৰে। আনন্দৰ অনুভূতিয়ে মানৱ হদয়ত স্পন্দন কৰায়। এই স্পন্দন ক্ৰমাগত স্থায়ী হৈ এটি স্থীৰ আৰু ধীৰ গতিত পৰিণত হয়। এই স্থীৰ গতিয়ে অন্তৰত এটি ঐশ্বৰিক শক্তি সঞ্চাৰণ কৰি দিয়ে। আকৌ এই ঐশ্বৰিক শক্তিয়ে মানৱক সত্য, সুন্দৰ আৰু মঙ্গলময় পথৰ পথিক কৰি তোলে। এই ত্ৰিগুণ- সম্পন্ন পথত আগুৱাওঁতে আগুৱাওঁতে মানৱ অন্তৰ জগতৰ মঙ্গলাকাঙক্ষী হৈ পৰে। জগতৰ মঙ্গল কামনাত ব্ৰতী হলে ত্যাগৰ ভাৱ জন্মে আৰু ত্যাগেই হৈছে সুখ আৰু শান্তি। ত্যাগৰ গুণত ভাৱ ক্ৰমে ক্ৰমে সূক্ষ্ম হৈ সকলোকে আত্মবৎ দেখে।

[ ১৬ ] তেতিয়া নিজৰ স্বাৰ্থ জগতৰ লগত একে বুলি অনুভুতি কৰে। “আত্মবৎ সৰ্ব্বভূতেষু” বা “যত্ৰ জীৱ তত্ৰ শিৱ” এই ভাৱত ভাৱাপন্ন হৈ সকলোতে সমদৃষ্টি আৰু সমজ্ঞান লাভ কৰে। অৱশেষত অন্তৰত বিশ্ব আনন্দ অনুভূতি, কৰ্ম্মত জগতৰ মঙ্গল কামনা, হৃদয়ত স্বাৰ্থত্যাগ আৰু সমদৃষ্টি ভাৱ প্ৰৱল হয় আৰু সকলোতে সুখশান্তি বিৰাজ কৰা দেখে। জগতময় শান্তি বিস্তাৰৰ উপলব্ধি হলেই মানৱ অন্তৰত বিমল জ্যোতিৰ আভাস পোৱা যায়।

২। জ্যোতিৰ স্বৰূপ।

 মানৱ অন্তৰত জ্যোতিৰ আভাস স্ফুৰণ হলে বিশ্বময় সকলোতে এটি জ্যোতিৰ প্ৰৱল আভা দৰ্শন কৰে। এই জ্যোতিৰ আভা সকলো পদাৰ্থ আৰু প্ৰাণীতে বিৰাজ কৰি আছে। হীৰা এখন আন্ধাৰত ধৰিলে পোহৰ ওলায়। ফুল [ ১৭ ] ফুটিলে পোহৰ ওলায়। জীৱজন্তুৰ চকু আন্ধাৰত জিলিকে। ঘোৰ অন্ধকাৰতো আকাশৰ পোহৰ ওলায়। গতিকে জড় পদাৰ্থ, উদ্ভিদ আৰু প্ৰাণী সকলোৰে গাত অলপ অচৰপ পোহৰ আছে। কাচৰ লণ্ঠন এটাৰ ভিতৰত বন্তি এগছ জ্বলাই দিলে পোহৰ পৰে। সেই দৰে শৰীৰক আশ্ৰয় কৰি থকা জ্যোতিয়েও পোহৰ বিকাশ কৰে। এই পোহৰৰ বিকাশ গোলাকৃতি। এই পোহৰেই হৈছে জ্যোতি। এই জ্যোতিকেই ইংৰাজীত “Aura”, উৰ্দ্দুত “নুৰ” আৰু সংস্কৃতত “ওজঃ” কোৱা হয়। এই জ্যোতি হৈছে অন্তৰৰ দীপ্তি। আৰু দীপ্তি হৈছে চৈতন্যময়। মানৱ অন্তৰত যি দীপ্তি আছে সেয়ে হৈছে মানৱ জ্যোতি।

 মানৱ জ্যোতি দৈহিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক ভাৱে বিকীৰ্ণ হবলৈ প্ৰয়াস কৰে। এই প্ৰয়াসৰ ভিতৰত আধ্যাত্মিক ভাৱে, প্ৰসাৰণ হোৱাটোৱেই জ্যোতিৰ প্ৰৱল শক্তি। সেই [ ১৮ ] কাৰণে মানৱ জ্যোতি বুলিলে পৰমাৰ্থিক জ্যোতিকেই বিশেষকৈ লক্ষ্য কৰা হয়। এই জ্যোতি হীৰা, মাণিক, মুকুতা আদিৰ জ্যোতিৰ দৰে চৰ্ম্ম চকুৰে দেখা নাযায়। ইয়াক সাধনাৰ গুণত লাভ কৰা দিব্য চকুৰে হে দৰ্শন কৰা যায়।

 চাউলটোৱে পতি কণটো; মানুহটোৱে পতি মনটো আৰু মনটোৱে পতি জ্যোতিটো। গতিকে মানুহৰ গুণ অনুসাৰে জ্যোতিৰ গুণ৷ গুণৰ উত্তম, মধ্যম আৰু অধম অনুসাৰে জ্যোতিও উত্তম, মধ্যম আৰু অধম হয়। পাত্ৰ ভেদে জ্যোতিৰ গুণ পৃথক হোৱাৰ লগে লগে জ্যোতিৰ ৰঙো পৃথক পৃথক হয়। বন্তিৰ পোহৰ সদায় উজ্জ্বল আৰু বগা। কিন্তু সেই বন্তি ৰঙা চিমনিৰ ভিতৰত ৰাখিলে পোহৰ ৰঙা হয় আৰু নীলা চিমনিৰ ভিতৰত ৰাখিলে নীলা পোহৰ হয়। সেই দৰে মানৱ প্ৰবৃত্তিৰ গুণাগুণ অনুসাৰে জ্যোতিৰো গুণাগুণ ওলায়। বন্তিয়ে চিম্ নিৰ ভিতৰত [ ১৯ ] সোমাই যেনেকৈ চাৰিওফালে পোহৰ কৰে তেনেকৈ মানৱ জ্যোতিও মানৱ দেহত সোমাই চাৰিওফালে পোহৰ কৰে। আত্মাৰূপী জ্যোতি মানৱ শৰীৰ আৰু মন আশ্ৰয় কৰি নিজৰ পোহৰ বিস্তাৰ কৰে। গতিকে শৰীৰ, মন আৰু অৱস্থা ভেদে জ্যোতিৰ গুণ আৰু ৰঙ পৃথক পৃথক দেখা যায়। ক্ৰোধৰ বশীভূত মন হলে জ্যোতিৰ ৰঙ ৰঙা হয়। কামৰ বশীভূত হলে জ্যোতিৰ ৰং জবা ফুলৰ দৰে হয়। স্বাৰ্থৰ বশীভূত হলে সুমথিৰা টেঙাৰ নিচিনা হয়। আনন্দ আৰু শান্তি ভাৱত থাকিলে জ্যোতিৰ ৰঙ উজ্জ্বল আৰু ধবল বৰ্ণ হয়।

 প্ৰকৃত জ্যোতি সৎ চিৎ আৰু আনন্দময়। এয়ে হৈছে বিশ্ব নিয়ন্তাৰ স্বৰূপ। সূৰ্য্যৰ ৰশ্মি কাচৰ মাজেৰে প্ৰতিফলিত হোৱাৰ দৰে বিশ্ব-নিয়ন্তাৰ স্বৰূপ জ্যোতিভাৱে মানৱ হৃদয়ৰ মাজেৰে প্ৰতি- ফলিত হয়। মানৱ অন্তৰত যি চৈতন্যময় ‘অহং” নিহিত আছে সেই “অহং” চৈতন্যই মানৱ দেহ [ ২০ ] আশ্ৰয় কৰি বিকাশ হয়। এই বিকাশেই আত্ম- বিকাশ আৰু আত্মবিকাশেই মানৱ জ্যোতি। এই মানৱ জ্যোতি, শুদ্ধ, সৎ, স্বপ্ৰকাশ, সদায় পূৰ্ণ আৰু সচ্চিদানন্দ স্বৰূপ বুলি শাস্ত্ৰত ঘোষণা কৰিছে।


৩। জ্যোতিৰ প্ৰভাৱ।

 মানৱ প্ৰবৃত্তি অনুসাৰে জ্যোতিৰ ৰং আৰু গুণ পৃথক পৃথক হয়। জ্যোতিৰ গুণাগুণ অনুসাৰে সকলোৰে ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। দুজন মানুহৰ দেখা দেখি হলে দেহে দেহে মিল নহব পাৰে কিন্তু প্ৰত্যেকৰ জ্যোতিয়ে প্ৰত্যেকৰ ওপৰত ক্ৰিয়া-প্ৰক্ৰিয়া কৰা অৱশ্যম্ভাবী। উভয়ৰ জ্যোতিয়ে উভয়ৰ ওপৰত প্ৰভাৱ নেদেখুৱাই নাথাকে। শান্ত আৰু ক্ৰোধান্বিত দুজন লোকৰ সাক্ষাৎ হলে উভয়ৰে জ্যোতিৰ ক্ৰিয়া-প্ৰক্ৰিয়া [ ২১ ] চলিব ধৰে। এই ক্ৰিয়া-প্ৰক্ৰিয়াৰ গুণত ক্ৰোধী- জনৰ ক্ৰোধ সাম্য হয় আৰু শান্ত জনৰ কিছু পৰিবৰ্ত্তন হয়। ক্ৰোধৰ ৰঙা ৰঙত বগাৰ অলপ চাত পৰে আৰু শান্তিৰ বগা ৰঙত ৰঙচুৱাৰ আভাস পৰে। শান্ত লোক জনৰ জ্যোতি প্ৰৱল হলে খঙী মানুহ জনৰ খঙৰ প্ৰকোপ নিস্তেজ হৈ আহে। আকৌ খঙী মানুহ জনৰ জ্যোতি প্ৰৱল হলে শান্ত লোক জনৰ শান্ত ভাৱ অলপ কমে।এই দৰে প্ৰত্যেক জ্যোতিয়ে পৰস্পৰ আকৰ্ষণ আৰু বিকৰ্ষণ কৰিব ধৰে।

 গৃহস্থাশ্ৰমৰ নায়ক-নায়িকা পতি আৰু পত্নী। এই নায়ক-নায়িকাৰ প্ৰবৃত্তি প্ৰকৃতি, স্বভাৱ চলন ফুৰণ আৰু মনৰ ভাৱ আদিৰ ওপৰত সাংসাৰিক জীৱনৰ সকলো ফলাফল নিৰ্ভৰ কৰে। পিতৃ-মাতৃ যদি ধীৰ আৰু শান্ত স্বভাৱৰ হয় সন্তান-সন্ততিও ধীৰ আৰু শান্ত হোৱাৰ সম্ভৱ। আকৌ তেওঁ- লোকৰ স্বভাৱ যদি ক্ৰোধী হয় তেন্তে সন্তান[ ২২ ] সন্ততিও ক্রোধী স্বভাৱৰ হােৱা সম্ভব। মুঠৰ ওপৰত পিতৃ-মাতৃৰ স্বভাৱে সন্তান-সন্ততিৰ ওপৰত প্ৰভাৱ নেদেখুৱাই নাথাকে। পিতৃ-মাতৃৰ জ্যোতিয়ে কেৱল সন্তান আদিৰ ওপৰত হে প্ৰভাৱ দেখুৱায় এনে নহয় ; তেওঁলােকৰ সম্পৰ্কত থকা, উঠা-বহা, খােৱা-মেলা, চলা-ফুৰা সকলাে মানুহৰ ওপৰতে প্ৰভাৱ দেখুৱায়। গতিকে অজ্ঞাতভাৱে জ্যোতিৰ প্ৰভাৱে মানৱ সমাজৰ উপকাৰ আৰু অপকাৰ উভয়কে কৰে। প্রত্যেক মানুহ মাত্রেই, প্রত্যেক গৃহস্থই, সমাজৰ কাৰ্য্য-কলাপত নিজ নিজ জ্যোতিৰ প্ৰভাৱ বিস্তাৰ কৰে। আকৌ প্রত্যেক সমাজে নিজ নিজ জ্যোতিৰ প্ৰভাৱ জগতময় বিস্তাৰ কৰে। সৎ জ্যোতিৰ প্ৰভাৱে জগত সৎ কৰি তােলে আৰু অসৎ জ্যোতিৰ প্ৰভাৱে জগত অসৎ কৰি তােলে। জগতৰ মঙ্গল কামনা কৰাই হৈছে শ্ৰেয় আৰু প্রেয়। সেই কাৰণে সৎ জ্যোতিৰ প্রভাৱেৰে অসৎ জ্যোতিৰ প্ৰভাৱ আৰু প্রকোপ [ ২৩ ] দমন কৰি জগতত শান্তি বর্ষণ কৰিবলৈ প্রয়াস কৰা প্রয়ােজন।

৪। জ্যোতিৰ প্ৰসাৰণ।

 বন্তিৰ পােহৰ বন্তিৰ ভিতৰত দিয়া শলিতাৰ ওপৰত নিৰ্ভৰ কৰে। শলিতাৰ ডাঙৰ সৰু অনুসাৰে বন্তিৰ পােহৰাে কম বেচি হয়। সেইদৰে মানৱ অন্তৰত আত্ম-অনুভূতি অনুসাৰে জ্যোতিৰ পােহৰ কম বেচি হয়। আত্ম অনুভূতি বঢ়াৰ লগে লগে জ্যোতিৰো শক্তি বাঢ়ে। যিমানেই জ্যোতিৰ শক্তি বাঢ়ে সিমানেই ব্যাপী পৰে। মহাত্মা, ঋষি, মুনি সকলে নিজৰ পৱিত্ৰ জ্যোতিৰ প্ৰভাৱত নিজ নিজ আশ্রম, স্থান আদি পবিত্র আৰু শুদ্ধ কৰি ৰাখে। সেই কাৰণে কোনাে আশ্রম, মঠ, মন্দিৰ, বা নাম ঘৰত সােমালে মনত শান্তি পােৱা যায় । পিতৃপুৰুষ সকলে সন্তানৰ প্ৰতি ধন সম্পত্তি সঞ্চিত কৰাৰ দৰে মহাপুৰুষ মহাত্মা, ঋষি, মুনি, [ ২৪ ] সকলেও নিজৰ জ্যোতিৰ প্ৰভা নদীৰ তীৰ, দেবালয়, তীর্থস্থান, মন্দিৰ, আশ্রম, আৰু গ্রন্থ আদিত গুপ্তভাৱে সঞ্চিত কৰি ৰাখে। সেই কাৰণে কোনাে কোনাে পৱিত্র স্থানত সােমালে অন্তৰত শান্তি পােৱা যায় আৰু লগতে অন্তৰত স্পন্দন হয়। এই স্পন্দনৰ কাৰণ হৈছে সন্তলােক সকলৰ জ্যোতিৰ প্ৰভাৱ আৰু ক্রিয়া-প্রক্রিয়া। এনেকুৱা ক্রিয়া-প্রক্রিয়াৰ ফলত মানৱ সমাজত জ্যোতিৰ প্ৰভাৱ বিস্তাৰ হয়। জ্যোতিৰ প্ৰভাৱ বিস্তাৰেই হৈছে জ্যোতিৰ সম্প্ৰসাৰণ।

৫৷ জ্যোতি আৰু সাম্যবাদ।

 বৰ্ত্তমান জগতত সাম্যবাদৰ প্ৰভাৱ প্ৰৱল হৈ পৰিছে। যাবতীয় সকলো বিষয়তে সমদৃষ্টি বিস্তাৰ কৰা যুগ পৰিছে। জাতি নির্ব্বিশেষে, সমাজ নির্ব্বিশেষে, দেশ কাল পাত্র নির্ব্বিশেষে সকলাে অৱস্থাতে সকলো সময়তে উদাৰতা, সাম্য, সমত্ব, [ ২৫ ] আৰু সমানাধিকাৰিত্ব প্রতিষ্ঠা কৰিবপৰাই বৰ্ত্তমান যুগৰ প্ৰৱল স্রোত। জগতত সাম্যবাদৰ প্রৱল স্রোতপ্রবাহ বোৱাব পৰাটো অতি আনন্দৰ কথা। কিন্তু এই সাম্যবাদৰ ভাৱ বাহ্যিক নহয়; ই আন্তৰিক। বাহিৰত একে লগে খােৱা-লােৱা, উঠা-বহা, আৰু মিলা আদিত সাম্য ভাৱৰ কৃষ্টি নোলায়৷ কিয়নাে এইবােৰ প্রাকৃতিক গুণ। আহাৰ, নিদ্ৰা, মৈথুন আৰু ভয় এইকেইটিপ্রাণী- মাত্ৰৰে স্বাভাৱিক গুণ। এনেকুৱা গুণত সমতা দেখুৱালে মনুষ্যত্ব প্রকাশ নহয়। অন্তৰত হিংসা, দ্বেষ, খেদ, পৰনিন্দা, পৰশ্ৰীকাতৰতা, সৰু ডাঙৰ ভাৱ, কুকথা, কুচিন্তা, সকলো অসৎ প্রবৃত্তি ত্যাগ কৰি অন্তৰৰে সৈতে সকলােকে সমান ভাবি আলিঙ্গন কৰিবলৈ সমর্থ হলে হে সাম্য ভাৱৰ কৃষ্টি ফুটি ওলায়। মনত হিংসা বা শক্ৰভাৱ ৰাখি একেখন পাতত দুজনে ভােজন কৰিলে সাম্যভাৱ নহয়। বৰং সদ্ভাৱ থাকিলে নাখালেও দুজনৰ [ ২৬ ] ভিতৰত মিলা প্রীতি থাকে। নিজৰ আত্মাৰ নিচিনা আনৰ আত্মাও একে বুলি ভাবি নিজে যেনে হলে সুখ অনুভৱ কৰা যায় তেনে সুখ আনকো দিবলৈ চেষ্টা কৰাটোৱেই সাম্যবাদৰ নীতি। মই ৰজা হৈ প্ৰজাৰ লগত বহিএকে লগে খালোঁ গতিকে মােৰ সাম্যভাৱ প্ৰতিষ্ঠা কৰা হল এনে ৰীতি সাম্যবাদৰ নহয়। মই ৰাজসুখত আছোঁ আনকো মােৰ দৰে ৰাজসুখত ৰাখিবলৈ যত্ন কৰিম। এয়ে হৈছে প্রকৃত সাম্যবাদৰ ৰীতি। খােৱা-লােৱাত সাম্যৰ ৰীতি নীতি স্থাপিত নহয়। এই সাম্য ভাৱ অন্তৰৰ সূক্ষ্ম বস্তু। এই সূক্ষ্মবস্তু মানৱজ্যোতিৰ অনুশীলনৰ দ্বাৰা উপলব্ধি কৰা যায়। মানৱ জ্যোতিৰ প্রকৃত উপলব্ধি হলে সকলোকে আত্মবৎ ভাবি জগতময় সাম্যবাদৰ পৰাকাষ্ঠা দেখুৱাবলৈ সমর্থ হােৱা যায়।

 অনুশীলন আৰু সাধনাৰ দ্বাৰা জ্যোতিৰ শক্তি ক্রমে ক্রমে বাঢ়ে। জ্যোতি শক্তিমন্ত হলে [ ২৭ ] ভেদাভেদ জ্ঞান একো নাথাকে। এনেকুৱা শক্তি লাভ কৰিলে খাদ্যাখাদ্য আদিতো বিচাৰ নকৰি সমভাৱ দেখুৱাক পৰা যায়। কিন্তু শক্তি সঞ্চাৰণ নৌহওঁতেই অভেদ জ্ঞান কৰা বিপদজনক। “হৰে” বিষ হজম কৰিব পাৰিছিল গতিকে সকলােৱে বিষ হজম কৰিব পাৰে।” এনে কথা কেতিয়াও হব নােৱাৰে। শিৱৰ নিচিনা আত্ম- জ্যোতি প্ৰৱল কৰিব পাৰিলে ভােজন-বিচাৰ নকৰিলেও একো কথা নাই। কিন্তু ক্ষমতাহীন হৈ শিৱক অনুকৰণ কৰিবলৈ গলে পদে পদে বিপদ। এনেকুৱা বিপদত নপৰিবলৈ নপৰিবলৈ ধ্যান- ধাৰণা আৰু নিষ্কাম ভাৱে জ্যোতিৰ চৰ্চ্চা গবেষণা আৰু অনুশীলন কৰা আবশ্যক। হাতত কাম, মুখত নাম আৰু হৃদয়ত বিশ্বনিয়ন্তাৰ আনন্দৰূপ ধাৰণ কৰি জ্যোতিৰ অনুশীলন কৰিলে দৈহিক মানসিক আৰু নৈতিক শক্তি বাঢ়ে। নৈতিক শক্তিৰ বলত হিতাহিত বিবেচনা প্ৰৱল হয়।

[ ২৮ ] হিতাহিত বিবেচনাৰ প্ৰভাৱত চৈতন্য শক্তি জাগৰণ হয়। চৈতন্যশক্তি জাগৰণ হলে জগতত ভেদাভেদ জ্ঞান নাথাকে। এনে অৱস্থাত পৰিলে জগতময় সাম্যভাৱ কৰি সাধকে জীৱন চৰিতাৰ্থ কৰে। নৈতিক জীৱনৰ পৰাকাষ্ঠাই আধ্যাত্মিক জীৱনৰ সােপান। আধ্যাত্মিক জীৱনৰ ফলত সকলো আত্মবৎ দেখা যায়। তেতিয়া বিশ্বময় আনন্দৰ অনুভূতি হয়। এই বিশ্ব আনন্দ অনুভূতি হলে মানৱ জ্যোতিৰ “শিবম্ সুন্দৰম্ সত্যম্” ৰূপ বিকাশ হয়। জ্যোতিৰ এনেকুৱা বিকাশেই পৰম উজ্জ্বল বিকাশ। এই উজ্জ্বলময় বিকাশতেই জগতত সাম্যবাদ বিস্তাৰ হয়।

৬। জ্যোতি আৰু বিশ্ব।

 অখণ্ড বিশ্ব-জ্যোতিৰ অংশ মানৱ জ্যোতি। অগ্নিৰ স্ফুলিঙ্গ যেনেকৈ অগ্নিৰ পৰা পৃথক নহয় তেনেকৈ মানৱ জ্যোতিও বিশ্বজ্যোতিৰ পৰা পৃথক [ ২৯ ] নহয়। জীৱ মাত্ৰতেই আত্ম-ৰূপে জ্যোতি বিৰাজ কৰিছে। জীৱৰ শক্তি অনুসৰি জ্যোতি প্ৰতিফলিত হয়। সূৰ্য্যৰ ৰশ্মি যেনেকৈ মাটি বা কাঠতলৈ কাচৰ পাত্ৰত বেচি প্ৰতিফলিত হয় তেনেকৈ নিৰ্ম্মক পৱিত্ৰ আৰু শুদ্ধ অন্তৰৰ জীৱত জ্যোতি বেচিকৈ প্ৰতিফলিত হয়। জ্যোতি প্ৰতিফলিত কৰাৰ কষটি পাথৰ (touch stone) হৈছে আত্মা। আত্মা কষটি পাথৰত ঘৰ্ষণ কৰিব পাৰিলে জীৱ উজ্জ্বল হৈ পৰে। অগ্নিৰ সংস্পৰ্শত জড় পদাৰ্থ জ্বলি উঠাৰ দৰে আত্মাৰ সংস্পৰ্শত জীব উজ্জ্বলিত হৈ উঠে। আত্মৰূপী জ্যোতিৰ্ম্ময় চৈতন্যত মানৱ- জীৱনৰ সংশ্ৰব কৰাব পাৰিলেই জ্যোতি প্ৰকাশ হয়। মানৱ দেহ কেৱল জড় পদাৰ্থ নহয়। শৰীৰ মন আৰু আত্মা এই তিনিটিৰ সমষ্টিয়েই মানৱ দেহ। ইয়াৰ ভিতৰত আত্মাক প্ৰকৃত সত্ত্বা (Ego or real self) বুলি কোৱা হয়। এই আত্মা কোনো পৰিবেষ্টনৰ ভিতৰত না থাকে।

[ ৩০ ] মানুহে যেতিয়ালৈ নিজক সময়, স্থান আৰু কাৰ্য্যৰ দ্বাৰা আবদ্ধ থকা বুলি ভাবে তেতিয়ালৈ এই আত্মাৰ সত্ত্বগুণ বিকাশ নহয় । দেহ আৰু মন আবদ্ধ থাকিব পাৰে। কিন্তু আত্মা কেতিয়াও আবদ্ধ না থাকে। এই আত্মচৈতন্যই দেহ আৰু মনক পৰিচালনা কৰি স্বপ্রকাশ হবলৈ প্রয়াস কৰে। আত্মাৰ স্ববিকাশ দৰ্শনৰ উপায় হৈছে আত্মাৰ স্বৰূপ জনা। আত্মাৰ স্বৰূপ জানিবলৈ প্রথম সােপান হৈছে দেহ-বিজ্ঞান। দেহ- বিজ্ঞানে কয় যে দেহই মনুষ্য নহয়। মনােবিজ্ঞানে কয় যে মনেই মনুষ্য নহয়। অৱশেষত বিশ্লেষণ কৰি দেখা যায় যে এই মনুষ্য“অহং” বা “মই”। এই “মই” বিশ্বময়ৰ অংশ। ইয়াৰ আকাৰ আৰু গুণ বৈশিষ্টতা নাই। এই “মই”ক আশ্রয় কৰি জীৱই নিজৰ জীৱ গুণ প্রতিফলিত কৰিছে দেহৰ ভিতৰত। মানৱ অন্তৰত যেতিয়া “মই” “বিশ্ব মই”ৰ অংশ বুলি অনুভূতি হয় তেতিয়া জ্যোতিৰ [ ৩১ ] পূর্ণবিকাশ। চেনি যেয়ে যিমান খায় সিমানে বেচি সােৱাদ পায়। সেই দৰে যেয়ে যিমান বিশ্ব “মই”ৰ লগত নিজৰ “মই” মিলাব পাৰিছে সিমানে জ্যোতিৰ স্বৰূপ বুজিবলৈ সমৰ্থ হৈছে। মুঠৰ ওপৰত “সােহং” অর্থাৎ “তেৱেঁই মই” এই ভাবেই হৈছে জ্যোতিৰ পূর্ণবিকাশ উপলব্ধি কৰাৰ উপায়। এই পৱিত্ৰ ভাৱ যেতিয়া অন্তৰত স্থায়ী হয় তেতিয়া বহির্জগত অন্তর্জগতত দেখা যায় আৰু অন্তর্জগত বহিজগত প্রতিফলিত হােৱা দেখা যায়। অর্থাৎ ময়ে জগত আৰু জগতে মই এনে ভাব হয়।

৭। জ্যোতি আৰু সাহিত্য।

 সাহিত্য আৰু জ্যোতিৰ মাজত অতি ঘনিষ্ঠ সম্বন্ধ। সাহিত্য চিন্তাশীল জ্ঞানী ভাবুক সকলৰ চিন্তাৰসমূহ। চিন্তা মনৰ এটি অঙ্গ। মনৰ প্রবৃত্তি অনুসৰি মনৰ অঙ্গ পৰিপুষ্টি হয়। মানৱ আত্মাৰ স্ফূৰণত মনােবৃত্তি [ ৩২ ] প্রকাশ হয়। এই মনােবৃত্তি প্রকাশেই জ্যোতিৰ প্রকাশ। অকল জ্যোতিৰ প্ৰকাশ নহয় সাহিত্যৰো বিকাশ । এক আত্মত নিহিত মনােবৃত্তিৰ অনুশীলনত জ্যোতি আৰু সাহিত্যৰ স্ফুৰণ। গতিকে সাহিত্যত মানৱ জ্যোতিৰ প্রভাৱ লিপ্ত নাথাকি নােৱাৰে।

 জ্যোতিৰ প্ৰভাৱে কেনেকৈ জগতৰ কল্যাণ সাধন কৰে সাহিত্যয়ো জগতৰ তেনেকৈ কল্যাণ সাধন কৰে। জ্যোতিৰ উৎকৃষ্ট আৰু অপকৃষ্ট অনুসাৰে জগতৰ যেনেকৈ মঙ্গল আৰু অমঙ্গল হয় তেনেকৈ সাহিত্যৰ সৎ আৰু অসৎ ভাৱ আৰু চিন্তা অনুসৰি সমাজৰ উন্নতি আৰু অৱনতি হয়। গতিকে সৎচিন্তাৰ সাহিত্যৰ প্ৰভাৱেৰে জগতত মঙ্গল বিস্তাৰ কৰা সাহিত্যৰ এটি ধৰ্ম্ম। মানৱ জ্যোতিয়ে যেনেকৈ অন্তৰত বিমল আনন্দ আৰু সুখ সঞ্চাৰণ কৰে তেনেকৈ সাহিত্যয়ো মানৱ অন্তৰত বিমল আনন্দ আৰু সুখ-শান্তি জন্মায়।

[ ৩৩ ]  মানৱ জ্যোতি অনুভূতি কৰিবলৈ যেনেকৈ বিশ্ব নিয়ন্তাৰ ৰূপ ধ্যান কৰি শুচি পৱিত্ৰ আৰু একান্ত ব্ৰতী হােৱা আৱশ্যক তেনেকৈ সাহিত্য চৰ্চ্চা আৰু গ্রন্থ প্রণয়ন কৰোতেও শুদ্ধ সৎ পৱিত্র ভাৱ লৈ বিশ্বজগতৰ প্রতিনিধি বুলি ধাৰণা কৰা প্রয়ােজন। বিশ্বজগতৰ প্রতিনিধি বুলি ধাৰণা হলে সাহিত্যিকৰ অন্তৰ শুদ্ধ সৎ আৰু পৱিত্ৰ হৈ আহে আৰু লগে লগে “শিবং সত্যং সুন্দৰং” পথ অনুসৰণ কৰিব সমর্থ হয়। এই ত্রিগুণ সম্পন্ন ভাৱ লৈ সাহিত্য প্রণয়ন হলে সাহিত্য মঙ্গলময় হৈ উঠে। বিশ্বজগতৰ প্রতিনিধি ভাৱ নােহােৱা সাহিত্যিক সাহিত্য শিবহীন যজ্ঞৰ নিচিনা। বিশ্বজগতৰ প্রতিনিধি ধাৰণাতেই পৰম আনন্দ পােৱা যায়। এই আনন্দই সাহিত্যত পৰিস্ফুত হয়। সাহিত্যত যিমানেই আনন্দ ভাৱ সম্প্ৰসাৰণ হয় সিমানেই জগতৰ মঙ্গল হয়৷ জগতৰ মঙ্গল [ ৩৪ ] কামনাত স্নেহ প্ৰেম আৰু ভক্তিৰ উদ্রেক হয়। এনেকুৱা পৱিত্ৰ উদ্রেকত সাহিত্যৰ সুৰ জগতৰ সুৰৰ লগত মিলন হবলৈ প্ৰয়াস কৰে। এই প্রয়াসতেই সাহিত্যই মানৱ সমাজত বিশ্বময় আনন্দৰ পৰিচয় কৰিবলৈ সমর্থ হয়। বিশ্ব আনন্দৰ পৰিচয় কৰি দিয়াই হৈছে সাহিত্যৰ সৌন্দৰ্য্য। এই সৌন্দৰ্য্যই হৈছে জ্যোতিৰাে সৌন্দৰ্য। গতিকে জ্যোতি আৰু সাহিত্য একে বস্তুৰে ইপিঠি আৰু সিপিঠি।

 এক মূল বস্তুৰ অনুভূতিতে জ্যোতি আৰু সাহিত্যৰ ভেটি প্রতিষ্ঠিত। জ্যোতি পূৰ্ণভাৱে বিকশিত হলে নানানৰূপে প্রস্ফুটিত হবলৈ প্রয়াস কৰে। জ্যোতিৰ স্মৰণ সর্ব্বসাধাৰণে জাগতিক কার্য্যকলাপ আৰু সাহিত্যৰ মাজেৰে বিকাশ হােৱা দেখে। জ্যোতি প্ৰকাশৰ এটি প্রধান আশ্রয় হৈছে সাহিত্য। জ্যোতিৰ প্ৰভাৱত সাহিত্য স্তৰে স্তৰে উন্নত হৈ [ ৩৫ ] বিশ্বসাহিত্যৰ লগত মিল হয়। ব্যক্তিগত সাহিত্য বিশ্বসাহিত্যৰ লগত মিল কৰিব পৰাই সাহিত্যৰ সৌন্দৰ্য্য। এই সৌন্দৰ্য্য বিকাশেই সাহিত্যৰ পূৰ্ণবিকাশ । সাহিত্যৰ পূর্ণবিকাশ হলে দেশ কাল পাত্ৰ একোৰে ভেদাভেদ নাথাকে। এনেকুৱা পূর্ণবিকাশ-সাহিত্যই বিশ্ব সাহিত্য। এই বিশ্বসাহিত্যৰ ৰস জগতব্যাপক। ইয়াৰ ক্ষেত্র বিশ্ব-জগত। ইয়াৰ চন্দ্ৰতাপ নিখিল অনন্ত আকাশ। প্রকৃতি ইয়াৰ শােভা। বিশ্ব- সৌন্দৰ্য্য়ই ইয়াৰ সৌন্দৰ্য্য। ইয়াৰ সৌন্দৰ্য্য উপভােগৰ কৰ্ত্তা চৈতন্যময় আত্মা। আনন্দ উপভােগ কৰে মানৱ হৃদয়ে আৰু মানৱ অন্তঃকৰণে। এই আনন্দ বিশ্ব আনন্দৰ লগত মিলন হৈ বিকাশ হয়। বিশ্ব আনন্দ বিকাশেই বিশ্বসাহিত্য। এই বিশ্বসাহিত্যৰ চন্দ্ৰতাপৰ তলত জাতি, ধর্ম্ম, কৰ্ম্ম, কাল, দেশ, পাত্র নির্ব্বিশেষে মানৱ মাত্রই নিজত্ব প্ৰকাশ কৰি নিজৰ জীৱন [ ৩৬ ] চৰিতাৰ্থ কৰিবলৈ সুযােগ পায়। আৰু লগতে জ্যোতিৰ পৰিচয় লাভ কৰি পৰম তৃপ্তিলাভ কৰিবৰ সমর্থ হয়। নিজৰ নিজত্ব, পৰিচয় হােৱাই সাহিত্যৰ পৰিচয়, আৰু সাহিত্যৰ পৰিচয়ে হৈছে জ্যোতিৰ পৰিচয়। এনে পৰিচয় কৰিব পৰা শক্তি মানৱ অন্তৰত নিহিত আছে। এই শক্তি আত্মশক্তি। আত্ম-শক্তি সাধনাৰ দ্বাৰা জাগৰণ কৰি সাহিত্য আৰু জ্যোতিৰ তত্ত্বলাভ কৰাই মানৱৰ মানৱত্ব, মনুষ্যত্ব আৰু পুৰুষত্ব।

৮। জ্যোতি আৰু মায়া।

 মনৰ ভ্ৰমেই মায়া। অসত্যক সত্য বুলি ধাৰণা কৰাই মায়া। মায়াই সত্য বস্তুক সত্যভাৱে প্ৰকাশ হােৱাত বাধা দিয়ে। মায়াৰ বন্ধনত পৰি জ্যোতিও প্রকাশ হােৱাত প্রতিবন্ধক পায়। এই প্রতিবন্ধকত পৰি [ ৩৭ ] জ্যোতিৰ অন্তর্নিহিত সত্ত্বা বস্তু সংসাৰলীলাত স্বৰূপ এৰি নানান লীলাময় হৈ প্রকাশ হয়। নিজৰ নিজত্ব প্রকাশ কৰিবলৈ প্ৰৱল ইচ্ছা হলেও মায়াৰ জালত পৰি নিজৰ ৰূপ লীলাময় কৰি তােলে। এক সত্ত্বাবস্তুই নানান ৰূপ ধৰি জগতত বিকাশ হয়। ৰঙ্গমঞ্চত অভিনয় কৰোঁতে ভাৱৰীয়া সকলে যেনেকৈ ভাওনাৰ চং মতে প্ৰকাশ হৈ নিজত্ব লুকাই ৰাখে তেনেকৈ মানৱৰ মানৱসত্ত্বাও সংসাৰ ৰঙ্গমঞ্চত নিজত্ব আবৰণ কৰি সংসাৰ ৰঙ্গমঞ্চৰ চং মতে প্রকাশ হয়।

 মায়াৰ মােহ নুগুছে মানে মানৱ অন্তৰৰ, সত্ত্বাই সংসাৰত লীলাখেলা কৰিয়েই থাকে। কিন্তু এবাৰ কোনাে যবনিকা পৰিলেই মানৱ অন্তৰ চিন্তিত হয় আৰু নিজৰ সত্ত্বা অনুভৱ কৰে। এই অনুভৱনত মানৱ মায়াৰ পৰা মুক্ত বুলি বিবেচনা কৰে। তেতিয়া অন্তৰ-মানৱে সকলাে ঠেলি অসত্যক সত্য ৰূপে প্রকাশ হবলৈ [ ৩৮ ] বিচাৰে। অন্তৰ-দেৱতাৰ এই নিগুঢ় ভাৱ আহে, দুখ শােক আৰু কষ্টৰ মাজেৰে। একোটি দুখ কষ্টৰ কাৰণেই সংসাৰ ৰঙ্গমঞ্চৰ একোখনি যবনিকা। প্রত্যেকখন যবনিকা পৰা মাত্রকে মানৱ অন্তৰে ভাবে যে মায়া মােহ সকলাে মিছা। তেতিয়া সকলাে প্রতিবন্ধক, সকলাে সঙ্কীর্ণতা, সকলাে বন্ধন ঠেলি অন্তৰ-মানৱে প্রকাশ হবলৈ প্রয়াস কৰে। সত্যৰূপে স্বপ্ৰকাশৰ ভাৱ প্ৰৱল হলে মায়াৰ মৰীচিকা, বিভীষিকা আৰু প্রবঞ্চনাই নানান প্রলােভনত পেলাব যত্ন কৰে। প্রলােভনত পৰি মানৱ অন্তৰ নিস্তেজ আৰু নৈৰাশ হয়।

 কিন্তু ক্ষণজন্মা মহাপুৰুষ মহাত্মা সকলে মায়াৰ তীক্ষ্ণ প্রলােভনত প্রলােভিত নহৈ নিজৰ নিজত্ব বজাই ৰাখি প্রকাশ কৰিবলৈ পথ মুকলি কৰি লয়। চয়তানৰ প্রলােভন ঠেলি মহামানৱ যীশুখৃষ্টই নিজৰ নিজত্ব প্রকাশ কৰিলে। মাৰ [ ৩৯ ] মায়াৰ প্রলােভন ঠেলি মহাপুৰুষৰ বুদ্ধদেৱে নিজৰ নিজত্ব প্ৰকাশ কৰিলে ; অজ্ঞান অন্ধকাৰৰূপ মায়াৰ প্রলােভন ঠেলি হজৰত মহম্মদে নিজৰ নিজত্ব প্রকাশ কৰিলে। এনেকুৱা ক্ষণজন্মা মহালােক সকলে লীলাৰ মাজেৰে মায়াক ঠেলি নিজৰ অন্তৰ-মানৱৰ প্ৰভা প্রকাশ কৰি জগত শান্তিময় কৰি ৰাখিবপাৰিছে। এই অন্তৰ-মানৱৰ প্ৰভা প্রকাশেই জ্যোতিৰ প্রকাশ।

 মায়াক ঠেলি জ্যোতি প্রকাশ হলে মান, অপমান, লাজ, ভয়, দুখ, কষ্ট, শােক, তাপ, একো নােহােৱা হয়। মায়া দূৰতো বিদূৰ হৈ যায়। মায়া দূৰ হলেই মানৱ অৰন্তৰৰ সত্ত্বা বস্তু প্রস্ফুটিত হয়। তেতিয়া মানৱ অন্তৰে নিজৰ দেহতে জগত দেখে আৰু জগততে নিজৰ দেহ দেখে। তেতিয়া মানৱ দেৱতাই কব ধৰে “ময়ে তেওঁ, তেৱেঁই মই” “I am in Him and He is in me."

.

[ ৪০ ] এনেকুৱা সমভাৱ হলে জীৱ মুক্ত হয়। মুক্ত জীৱৰ জ্যোতি পূর্ণবিকাশ হয়। জ্যোতি পূর্ণবিকাশত মানৱ অন্তৰ আনন্দময় হয়। আনন্দৰ উজ্জ্বল প্রভাত মায়াৰ অভিসন্ধি মৰীচিকা সকলো লােপ পায়। মায়া লােপ হলে মানৱৰ মানৱত্ব বিকাশ হয়। মানৱত্ব বিকাশেই জ্যোতিৰ সৌন্দৰ্য্য।

৯। জ্যোতিৰ অনুশীলন।

 মানৱ জ্যোতি শুদ্ধ, সৎ আৰু পৱিত্ৰ। এই শুদ্ধ সৎ পবিত্র জ্যোতি মানৱ দেহ আশ্রয় কৰি বিকাশ হােৱাৰ কাৰণে ৰূপ আৰু গুণত পৃথক পৃথক হৈ পৰে। মনােবৃত্তি, প্রবৃত্তি আৰু মনােময় ৰাজ্যৰ কাৰ্য্য়-কলাপত জ্যোতিৰ সৌন্দৰ্য্য নিৰ্ভৰ কৰে। অনুশীলন আৰু অভ্যাসৰ দ্বাৰা মনােবৃত্তি শুদ্ধ আৰু সৎ কৰি তােলাই জ্যোতিৰ অনুশীলন। শাৰীৰিক, [ ৪১ ] মানসিক, নৈতিক আৰু আধ্যাত্মিক জীৱনৰ উৎকর্ষ সাধনৰ ফলত মনােবৃত্তি শুদ্ধ, সৎ আৰু শান্ত হৈ আহে । বিশুদ্ধ বায়ু সেবন, নিৰ্ম্মল স্থানত বাস, সুনিয়ন্ত্রিত ব্যায়াম আৰু নিৰ্ম্মল আহাৰ ভােজন আদিৰ ফলত শাৰীৰিক কৃষ্টি বাঢ়ে। শাৰীৰিক কৃষ্টিৰ লগে লগে মনৰ কৃষ্টি বাঢ়ে। সুস্থ শৰীৰ হলেই সুস্থ মন হয়। চৈতন্যময় আত্মৰূপী জ্যোতিৰ বাসস্থান দেহৰূপী মন্দিৰ। দেহ-মন্দিৰ শুদ্ধ আৰু পৱিত্র হলে মনাে শুদ্ধ আৰু পবিত্র হয়। দেহ- মন্দিৰৰ গঠন কাৰ্য্য বিশেষকৈ ভােজন বিলাসৰ ওপৰত হে নিৰ্ভৰ কৰে। দৈনিক ভােজনৰ সাৰাংশই দেহ পুষ্টিকৰ বস্তু। সাত্বিক ভােজনত দেহ সাত্বিক হৈ আহে। । দেহ সাত্বিক হলে মনােসাত্বিক হয়। মন সাত্বিক হলে বিবেকৰ বাণীমতে মনে ন্যায় অন্যায় বিচাৰ কৰে। ন্যায় অন্যায় বিচাৰৰ সিদ্ধান্ত [ ৪২ ] নৈতিক কাৰ্য্যত নিৰ্ভৰ কৰে। নৈতিক কাৰ্য্যৰ ফলাফল অনুসাৰে মানৱ চিন্তা আৰু ভাৱ ক্রমশঃ উন্নত হয়। মন উন্নত হলে অধ্যাত্ম ভাৱত উপনীত হয়। অধ্যাত্ম ভাৱত উপনীত হলে জ্যোতিৰ স্বৰূপ উপলব্ধি কৰা যায়। এই দৰে সূক্ষ ভাৱে বিশ্লেষণ কৰি দেখা যায় যে জ্যোতিৰ অনুশীলনত দৈহিক উৎকর্ষ সাধনেই প্রধান। এই দৈহিক কৃষ্টিৰ ওপৰত ভেটি দৃঢ় কৰি লৈ ক্রমে ক্রমে জ্যোতিৰ স্বৰূপ বুজিবলৈ চেষ্টা কৰা প্রয়ােজন।

 জ্যোতিৰ অনুশীলন কৰোঁতে জাগ্ৰত আৰু সুষুপ্ত উভয় অৱস্থাতে সতর্ক থকা প্রয়ােজন। জাগ্ৰত অৱস্থাত ইন্দ্রিয় বিলাকৰ সহায়ত বিশেষ সতর্ক হবলৈ উপায় আছে। কিন্তু সুষুপ্ত অৱস্থাত ইন্দ্রিয় বিলাক নিষ্ক্রিয় হৈ পৰাত বিশেষ সহায় পােৱা নাযায়। সেই কাৰণে সুপ্ত অৱস্থাত পৰাৰ আগেয়ে মন প্রফুল্ল কৰি প্রায় [ ৪৩ ] দয়া আৰু আনন্দৰ ভাৱত একাগ্ৰ হোৱা প্রয়ােজন। দয়া, আনন্দ আৰু অহিংসা ভাৱত তন্ময় হৈ সুপ্ত অবস্থাত পৰিলে বিঘিনিৰ একো আশঙ্কা নাথাকে। দয়া, ক্ষমা, পৰােপকাৰ আৰু অহিংসা এই চাৰিটি জ্যোতিৰ ৰক্ষা-স্তম্ভ। এই চাৰিটি স্তম্ভক আশ্রয় কৰি থাকিলে অনুশীলন পথত একো বিপদ ঘটিবৰ সম্ভৱ না থাকে।

 এই জ্যোতি অনুশীলন কৰিবলৈ শাস্ত্রাদিত কেতবােৰ নিয়ম প্রণালী পােৱা যায় । সেই নিয়ম প্রণালীবােৰ অনুসৰণ কৰিব পাৰিলে বহুত সময়ত সুফল পােৱা যায় । সেই নিয়মবােৰৰ ভিতৰত ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচম, নিন্দ্রিয়-নিগ্রহ, ধী, বিদ্যা, সত্য,আক্ৰোধ অহিংসা, দান, দয়া, ক্ষান্তি, নিৰহঙ্কাৰ, শ্রদ্ধা, প্রেম, ভক্তি আৰু প্রার্থনা ইত্যাদিয়েই প্রধান।

[ ৪৪ ]

 

১০৷ সামৰণি৷

 শুদ্ধ সৎ নিৰ্ম্মল জ্যোতিৰ প্ৰভাৱত জগৎ শান্তিময় হৈ উঠে। সৎ জ্যোতিৰ প্ৰভাৱত অসৎ জ্যোতিৰ প্ৰভাৱ নাশ হয়। সৎ জ্যোতি বঢ়াৰ লগে লগে আনন্দ অনুভৱ শক্তিয়াে বাঢ়ে। ব্যক্তিগত আনন্দ বঢ়াৰ লগে লগে সমাজৰ, মানৱৰ, জগতৰ সকলােৰে আনন্দ বাঢ়ে। ব্যক্তিগত মানবৰ সমষ্টিয়েই মানৱজাতি আৰু ক্ষুদ্র ক্ষুদ্র মানৱ জ্যোতিৰ সমষ্টিয়েই বিশ্বব্যাপক জ্যোতি। গতিকে প্রত্যেক মানৱেই নিজ নিজ , , অসৎ প্রবৃত্তি নাশ কৰি সৎ জ্যোতিৰ সাধনাৰে জগতত আনন্দ বিতৰণ কৰিবলৈ পুৰুষাৰ্থ কৰা প্রয়ােজন। প্রত্যেক হৃদয়ত সৎজ্যোতিৰ প্রভাৱ প্রকাশ হলে জগতৰ অন্ধকাৰ দূৰীভূত হৈ পূর্ণ জ্যোতিৰ শান্তি প্ৰভাৱ বিস্তাৰ হব। এই বিশ্বময় শান্তিয়েই প্রত্যেক অন্তৰ-আনন্দিত। [ ৪৫ ] কৰি তুলিব। এনে বিমল ও আনন্দত আত্ম পৰিচয় পাই জগতময় আনন্দ অনুভৱ কৰিবলৈ সমর্থ হােৱা যায়। এই মহা আনন্দ উপলব্ধি কৰাই মানৱৰ মানৱত্ব। এই মহা উদ্দেশ্য সাধনৰ একমাত্র উপায় হৈছে -শুদ্ধ সৎ নির্ম্মল জ্যোতিৰ অনুশীলন। এই অনুশীলনৰ গুণত মানৱত্ব স্ফূৰণ হৈ বিমল, শান্তি উপভােগ কৰিবলৈ সমৰ্থ হােৱা যায়। সুখ আৰু শান্তি লাভ কৰাই প্রাণী মাত্ৰৰে উদ্দেশ্য। বিশ্ব নিয়ন্তাই যেন আত্মজ্যোতি বিকাশ কৰি সকলো মানৱ অন্তৰ সুখ, শান্তি আৰু আনন্দপূর্ণ কৰি তােলে এয়ে তেখেতৰ ওচৰত সৰল প্রার্থনা।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )