পৃষ্ঠা:মানৱ জ্যোতি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি

 বিশ্বখনিকৰ প্ৰেমময় আৰু আনন্দমৰ। তেখেতৰ আনন্দৰ প্ৰেৰণাত প্ৰকৃতি আৰু পুৰুষৰ আনন্দ লীলাত জগত সৃষ্টি হৈছে। শিশুৰ জন্ম নৌহওঁতেই মাতৃৰ স্তনত আহাৰ স্থাপন কৰা বিশ্বখনিকৰৰ স্নেহৰ পৰিচয়। শিশুৱে মাতৃৰ স্তন পিওঁতে শিশুৰ হাঁহি ওলায়। এয়ে হৈছে বিশ্বখনিকৰৰ আনন্দৰ পৰিচয়।

 এইদৰে প্ৰত্যেক কাৰ্য্যতে বিশ্বখনিকৰৰ স্নেহ আৰু আনন্দৰ পৰিচয় পোৱা যায়। সেই কাৰণে জ্ঞানীলোক সকলে কয় “বিশ্বখনিকৰৰ এই বিনন্দিয়া বিশ্বৰাজ্য আনন্দতে জন্ম, আনন্দতে প্ৰতিপালিত আৰু আনন্দতে ধ্বংস; অৰ্থাৎ সকলোতে আনন্দ পৰিপূৰ্ণ। গতিকে জগতময় আনন্দ বিৰাজমান।

 মানৱ হৃদয়তো আনন্দ বিৰাজমান। আনন্দ আৰু প্ৰেমেই হৈছে মানৱ হৃদয়ৰ মূলমন্ত্ৰ। এই মন্ত্ৰত অনুপ্ৰাণিত হৈ মানৱ মাত্ৰেই নিজৰ প্ৰেম