পৃষ্ঠা:মানৱ জ্যোতি.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
২১

হিতাহিত বিবেচনাৰ প্ৰভাৱত চৈতন্য শক্তি জাগৰণ হয়। চৈতন্যশক্তি জাগৰণ হলে জগতত ভেদাভেদ জ্ঞান নাথাকে। এনে অৱস্থাত পৰিলে জগতময় সাম্যভাৱ কৰি সাধকে জীৱন চৰিতাৰ্থ কৰে। নৈতিক জীৱনৰ পৰাকাষ্ঠাই আধ্যাত্মিক জীৱনৰ সােপান। আধ্যাত্মিক জীৱনৰ ফলত সকলো আত্মবৎ দেখা যায়। তেতিয়া বিশ্বময় আনন্দৰ অনুভূতি হয়। এই বিশ্ব আনন্দ অনুভূতি হলে মানৱ জ্যোতিৰ “শিবম্ সুন্দৰম্ সত্যম্” ৰূপ বিকাশ হয়। জ্যোতিৰ এনেকুৱা বিকাশেই পৰম উজ্জ্বল বিকাশ। এই উজ্জ্বলময় বিকাশতেই জগতত সাম্যবাদ বিস্তাৰ হয়।

৬। জ্যোতি আৰু বিশ্ব।

 অখণ্ড বিশ্ব-জ্যোতিৰ অংশ মানৱ জ্যোতি। অগ্নিৰ স্ফুলিঙ্গ যেনেকৈ অগ্নিৰ পৰা পৃথক নহয় তেনেকৈ মানৱ জ্যোতিও বিশ্বজ্যোতিৰ পৰা পৃথক