পৃষ্ঠা:মানৱ জ্যোতি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি

 বিশ্বব্যাপী চিত্ৰ-বিচিত্ৰৰ মাজত সৌম্য মূৰ্ত্তিৰ অনুভূতি, বাস্তৱ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে। জ্ঞানৰ উৎকৰ্ষৰ লগে লগে বাস্তৱ-জ্ঞান ক্ৰমে বিস্তাৰ হয়। বাস্তৱ-জ্ঞানৰ উচ্চতম স্থানত উপনীত হলে বৈষম্যৰ ভাৱ নোহোৱা হয়। সূৰ্য্যৰ ৰশ্মিয়ে অন্ধকাৰ নাশ কৰাৰ দৰে বাস্তৱ জ্ঞানৰ পোহৰে সকলো পাৰ্থক্য নাশ কৰে। এনে বাস্তৱ-জ্ঞানৰ পোহৰ বা দীপ্তি লাভ সাধন-সাপেক্ষ। সাধনা হৈছে গভীৰ চিন্তা, প্ৰকৃত চৰ্চ্চা, আন্তৰিক অনুশীলন আৰু বিবেকৰ আদেশ পালন।

 মানৱ জগত বিশ্বজগতৰ এখনি ক্ষুদ্ৰ জগত। এই ক্ষুদ্ৰ জগত অসংখ্য নৰনাৰীৰে পূৰ্ণ। এখন ক্ষুদ্ৰ নৰনাৰীৰ ৰাজ্য, তাতো দুখন মুখ একে নহয়। এনে আশ্চৰ্য্য অমিলৰ মাজতো সাম্যভাৱ বিৰাজ কৰা বিশ্বাসযোগ্য বুলি ভবা টান। বিশ্ব- জগতৰ বৈষম্যৰ মাজত সাম্যভাৱ বিৰাজ কৰিছে— এই কথাষাৰ সঁচা হলেও বিনা প্ৰমাণে মানিবলৈ