পৃষ্ঠা:মানৱ জ্যোতি.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
৩৫

নৈতিক কাৰ্য্যত নিৰ্ভৰ কৰে। নৈতিক কাৰ্য্যৰ ফলাফল অনুসাৰে মানৱ চিন্তা আৰু ভাৱ ক্রমশঃ উন্নত হয়। মন উন্নত হলে অধ্যাত্ম ভাৱত উপনীত হয়। অধ্যাত্ম ভাৱত উপনীত হলে জ্যোতিৰ স্বৰূপ উপলব্ধি কৰা যায়। এই দৰে সূক্ষ ভাৱে বিশ্লেষণ কৰি দেখা যায় যে জ্যোতিৰ অনুশীলনত দৈহিক উৎকর্ষ সাধনেই প্রধান। এই দৈহিক কৃষ্টিৰ ওপৰত ভেটি দৃঢ় কৰি লৈ ক্রমে ক্রমে জ্যোতিৰ স্বৰূপ বুজিবলৈ চেষ্টা কৰা প্রয়ােজন।

 জ্যোতিৰ অনুশীলন কৰোঁতে জাগ্ৰত আৰু সুষুপ্ত উভয় অৱস্থাতে সতর্ক থকা প্রয়ােজন। জাগ্ৰত অৱস্থাত ইন্দ্রিয় বিলাকৰ সহায়ত বিশেষ সতর্ক হবলৈ উপায় আছে। কিন্তু সুষুপ্ত অৱস্থাত ইন্দ্রিয় বিলাক নিষ্ক্রিয় হৈ পৰাত বিশেষ সহায় পােৱা নাযায়। সেই কাৰণে সুপ্ত অৱস্থাত পৰাৰ আগেয়ে মন প্রফুল্ল কৰি প্রায়