পৃষ্ঠা:মানৱ জ্যোতি.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
৩০

জ্যোতিৰ অন্তর্নিহিত সত্ত্বা বস্তু সংসাৰলীলাত স্বৰূপ এৰি নানান লীলাময় হৈ প্রকাশ হয়। নিজৰ নিজত্ব প্রকাশ কৰিবলৈ প্ৰৱল ইচ্ছা হলেও মায়াৰ জালত পৰি নিজৰ ৰূপ লীলাময় কৰি তােলে। এক সত্ত্বাবস্তুই নানান ৰূপ ধৰি জগতত বিকাশ হয়। ৰঙ্গমঞ্চত অভিনয় কৰোঁতে ভাৱৰীয়া সকলে যেনেকৈ ভাওনাৰ চং মতে প্ৰকাশ হৈ নিজত্ব লুকাই ৰাখে তেনেকৈ মানৱৰ মানৱসত্ত্বাও সংসাৰ ৰঙ্গমঞ্চত নিজত্ব আবৰণ কৰি সংসাৰ ৰঙ্গমঞ্চৰ চং মতে প্রকাশ হয়।

 মায়াৰ মােহ নুগুছে মানে মানৱ অন্তৰৰ, সত্ত্বাই সংসাৰত লীলাখেলা কৰিয়েই থাকে। কিন্তু এবাৰ কোনাে যবনিকা পৰিলেই মানৱ অন্তৰ চিন্তিত হয় আৰু নিজৰ সত্ত্বা অনুভৱ কৰে। এই অনুভৱনত মানৱ মায়াৰ পৰা মুক্ত বুলি বিবেচনা কৰে। তেতিয়া অন্তৰ-মানৱে সকলাে ঠেলি অসত্যক সত্য ৰূপে প্রকাশ হবলৈ